তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মালদ্বীপৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ ভাৰত ভ্ৰমণ (২৫-২৭ মে’, ২০২৫)
Posted On:
26 MAY 2025 6:59PM by PIB Guwahati
মালদ্বীপৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ আব্দুল্লা খলিল ২৫-২৭ মে’ত ভাৰত ভ্ৰমণলৈ আহিছে।
২) ২৬ মে’ত বৈদেশিক মন্ত্ৰী ডঃ খলিলে ২য় ভাৰত-মালদ্বীপ উচ্চ স্তৰীয় ক’ৰ গ্ৰুপৰ (HLCG) বৈঠকত মালদ্বীপক নেতৃত্ব প্ৰদানেৰে বিস্তৃত অৰ্থনৈতিক আৰু সামুদ্ৰিক নিৰাপত্তা অংশীদাৰিত্ব সন্দৰ্ভত ভাৰত-মালদ্বীপ ভিজন ডকুমেন্টৰ ৰূপায়ণৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতি সম্পৰ্কে বুজ লয়। এই বৈঠকত ৰাজনৈতিক বিনিময়, প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা, উন্নয়ন অংশীদাৰিত্ব, বাণিজ্য, অৰ্থনীতি, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজৰ সংযোগক গভীৰকৰণেৰে যৌথ দৃষ্টিভংগী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়।
৩) বৈদেশিক মন্ত্ৰী ডঃ খলিলে ২০২৫-ৰ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। তেওঁ ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি মালদ্বীপৰ সংহতিৰ মনোভাৱ প্ৰকাশেৰে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনত ভাৰতলৈ দৃঢ় সমৰ্থন আগবঢ়োৱাৰ কথা ব্যক্ত কৰে। বৈদেশিক মন্ত্ৰী ডঃ খলিলে মালদ্বীপলৈ সময়োচিত জৰুৰীকালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনায়, যি সাহায্যই মালদ্বীপৰ দৈনন্দিন জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে।
৪) এই ভ্ৰমণকালতে বৈদেশিক মন্ত্ৰী ডঃ খলিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ. জয়শংকৰৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হয়, ইয়াত দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থজনিত বিষয়সমূহত আলোচনা কৰে।
৫) পাৰস্পৰিক সুবিধাজনক সময়ত মালদ্বীপৰ মালেত তৃতীয় এইচএলচিজি বৈঠকৰ আয়োজন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।
৬) মালদ্বীপ হৈছে ভাৰতৰ মূল সামুদ্ৰিক প্ৰতিবেশী আৰু ভাৰতৰ ‘চুবুৰীয়া প্ৰথম’ নীতি তথা “ভিজন মহাসাগৰ”ৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। এই দৃষ্টিয়ে সমগ্ৰ অঞ্চলসমূহত নিৰাপত্তা আৰু বিকাশৰ বাবে পাৰস্পৰিক আৰু সামগ্ৰিক অগ্ৰগতি সাধন কাৰ্য্যক সূচিত কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বক সুদৃঢ় কৰিছে।
****
Vivek Vaibhav/SB
(Release ID: 2131608)