নৌ-পৰিবহন মন্ত্ৰালয়
“উত্থানশীল উত্তৰ-পূবে সূচনা কৰিব এখনি নব ভাৰতৰ”— সৰ্বানন্দ সোণোৱাল
— কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূব ভাৰতৰ পৰিৱৰ্তনশীল সুযোগক আজুৰি ল’বলৈ বিনিয়োগকাৰীক আহ্বান জনায়৷
— মেডিকেল ট্ৰেভেল টুৰিজিমৰ ক্ষেত্ৰত থকা প্ৰচণ্ড সম্ভাৱনা, “হিল ইন ইণ্ডিয়া”ৰ এটি বৃহৎ কেন্দ্ৰ হোৱাৰ সম্ভাৱনাক কাৰ্য্যক্ষম কৰাৰ বাবে বিনিয়োগকাৰী সকলক আহ্বান জনায় সৰ্বানন্দ সোণোৱালে৷
— সোণোৱালে আজি আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বিনিয়োগকাৰীক উত্তৰ-পূব ভাৰতৰ অভূতপূৰ্ব বিকাশৰ সম্ভাৱনাক অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়।
— উত্থানশীল উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলনত জলপথে সজীৱ আৰু অধিক পৰিৱৰ্তনশীল কৰি তুলিছে বুলি মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে
Posted On:
23 MAY 2025 8:41PM by PIB Guwahati
নতুন দিল্লীত অনুষ্ঠিত ৰাইডিং নৰ্থ-ইষ্ট ইনভেষ্টৰ ছামিট – ভাৰত মাণ্ডপামত ভাষণ দি সোণোৱালে জোৰ দি কয় যে এটা “নতুন ভাৰতৰ বুকুত আজি কম্পিত হৈছে উত্থানশীল উত্তৰ-পূব।”
শীৰ্ষ সন্মিলনৰ বিষয়ভিত্তিক আলোচনাৰ বিষয় “উত্তৰ পূব আন্তঃগাঁথনিৰ বাবে সম্ভাৱনীয়তা মুকলিকৰণ”ত ভাষণ দি সোণোৱালে যোৱা দশকত উত্তৰ-পূব অঞ্চলৰ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি এই পুনৰুত্থানৰ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্থায়ী নেতৃত্ব বুলি কয়।
সোণোৱালে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত যুগান্তকাৰী পৰিৱৰ্তন সম্ভৱ হৈছে।এসময়ত যিটো অঞ্চলত দূৰৈৰ আৰু বিচ্ছিন্ন বুলি ধৰা হৈছিল, সেয়া এতিয়া দ্ৰুতগতিত ভাৰতৰ বাবে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰত পৰিণত হৈছে। “এই অঞ্চলটো কেৱল ভাৰতৰ বিকাশৰ গাঁথৰ এটে অংশ নহয়—এতিয়া ই ইয়াৰ এক বৃহৎ অধ্যায়।”
সোণোৱালে এটা মাইলৰ খুটি সম পৰিসংখ্যাৰ কথা আঙুলিয়াই দি কয়—যোৱা দশকত কেবিনেট মন্ত্ৰীসকলে উত্তৰ-পূবলৈ ৭০০ৰো অধিক বাৰ ভ্ৰমণ কৰিছে—অঞ্চলটোৰ উন্নয়নৰ ওপৰত চৰকাৰে স্থায়ীভাৱে মনোনিৱেশ কৰাৰ ই এক জলন্ত প্ৰমাণ। সোণোৱালে বিশেষকৈ সামুদ্ৰিক আৰু অভ্যন্তৰীণ জলপথৰ ক্ষেত্ৰত সৰ্বাংগীন আন্তঃগাঁথনিৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে অঞ্চলটোৰ অৰ্থনৈতিক পৰিৱেশক নতুন ৰূপ দিছে।
সোণোৱালে কয়, ‘অভ্যন্তৰীণ জলপথ উত্তৰ-পূবৰ বাবে উন্নয়নৰ অন্যতম আশাব্যঞ্জক বতৰা। "আমাৰ হাতত এতিয়া অঞ্চলটোত ২০টাতকৈও অধিক অধিসূচিত ৰাষ্ট্ৰীয় জলপথ আছে। মাল্টি-মডাল সংযোগক অনুঘটক হিচাপে গঢ়ি তুলিবলৈ, লজিষ্টিক হাব সৃষ্টি কৰিবলৈ, আৰু মালবাহী চলাচল বৃদ্ধি কৰিবলৈ জালবাহক আঁচনিখনক প্ৰসাৰিত কৰা হৈছে। এই জলপথসমূহৰ লগত জড়িত আন্তঃগাঁথনি উন্নয়নে অৰ্থনৈতিক কাৰ্যকলাপৰ নিমিত্তে নতুন বাট মুকলি কৰিব আৰু বৃহৎ পৰিসৰৰ নিয়োগ সৃষ্টি কৰিব।"
ভাৰতৰ লজিষ্টিক সুবিধাৰ ওপৰত আলোকপাত কৰি সোণোৱালে উল্লেখ কৰে যে দেশৰ বাণিজ্য পৰিমাণৰ হিচাপত ৯০% আৰু মূল্য অনুসৰি ৭০% জাহাজৰ জৰিয়তে তৰান্বিত হয়, আই বি পি আৰ (ইণ্ডো-বাংলাদেশ প্ৰট’কল ৰুট)ৰ অধীনত আভ্যন্তৰীণ জলপথ আৰু ম্যানমাৰৰ চিট্টৱে বন্দৰে এক নতুন বাট মুকলি কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা লব৷
অঞ্চলটোৰ নৱপ্ৰজন্মৰ চহকী প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি সোণোৱালে উত্তৰ-পূবৰ যুৱক-যুৱতীসকলক লক্ষ্য কৰি সামুদ্ৰিক দক্ষতা বিকাশৰ নতুন পদক্ষেপৰ বিশদ বিৱৰণ দিয়ে, তেওঁলোকক বন্দৰ পৰিচালনা, জাহাজ পৰিচালনা, আৰু লজিষ্টিকছৰ কেৰিয়াৰৰ বাবে উদ্বুদ্ধ কৰে। সোণোৱালে অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ, সুস্থ পৰম্পৰা, আৰু বৰ্ধিত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ সহায় লৈ এন ই আৰত “হিল ইন ইণ্ডিয়া” চিকিৎসা পৰ্যটনৰ অপৰিসীম সম্ভাৱনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
সোণোৱালে কয়, ‘উত্তৰ-পূবৰ বজাৰ সম্ভাৱনা কেৱল ঘৰুৱা ব্যৱহাৰতে সীমাবদ্ধ নহয়। “ই আছিয়ান আৰু বিবিআইএন ৰাষ্ট্ৰৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰে, বিনিয়োগকাৰীসকলক চুবুৰীয়া অৰ্থনীতিৰ ৬০ কোটিতকৈ অধিক গ্ৰাহকৰ এক অতুলনীয় প্ৰৱেশৰ সুযোগ প্ৰদান কৰে।”
এই সন্মিলনত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰধান বিনিয়োগকাৰী, উন্নয়ন সংস্থা, নীতি নেতাসকলে অংশগ্ৰহণ কৰে। সোণোৱালৰ এই ভাষণ দৰাচলতে জলপথ, লজিষ্টিক, পৰ্যটন, সুস্থতা আৰু স্বাস্থ্যসেৱাৰ দৰে খণ্ডত চৰকাৰৰ আন্তঃগাঁথনিৰ বিকাশৰ সৈতে বিনিয়োগক একাকাৰ কৰিবলৈ এক দৃঢ় আহ্বান৷
নতুনকৈ পোৱা সংযোগ, প্ৰচুৰ প্ৰাকৃতিক সম্পদ, আৰু যুৱ জনগাঁথনিৰ সৈতে উত্তৰ-পূব ভাৰত এতিয়া ভাৰতৰ বিকাশ গাঁতাৰ এক মূল চালিকাশক্তি হ’বলৈ সাজু হৈছে—প্ৰকৃত অৰ্থত এক সৰ্বাংগীন আৰু সংহত নতুন ভাৰতৰ সূচনা কৰিছে।



GDH/HR
(Release ID: 2130913)