বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
বাংলাদেশৰ পৰা ভাৰতলৈ কেতবোৰ সামগ্ৰী আমদানিত বন্দৰ নিষেধাজ্ঞা
प्रविष्टि तिथि:
17 MAY 2025 9:13PM by PIB Guwahati
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বৈদেশিক বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ ৰেডিমেড সাজ-পাৰ, সংসাধিত খাদ্যকে ধৰি কেতবোৰ সামগ্ৰী আমদানি কৰাৰ ক্ষেত্ৰত বন্দৰ নিষেধাজ্ঞা আৰোপ কৰি এক অধিসূচনা জাৰি কৰিছে। অৱশ্যে ভাৰতৰ মাজেৰে নেপাল আৰু ভূটানলৈ পৰিবহণ কৰা বাংলাদেশী সামগ্ৰীৰ ক্ষেত্ৰত এই বন্দৰ নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব।
১৭ মে’, ২০২৫ৰ অধিসূচনা নং০৭/২০২৫-২৬ৰ ভিত্তিত জাৰি কৰা নিৰ্দেশনাটো তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে, য’ত তলত উল্লেখ কৰা বন্দৰ নিষেধাজ্ঞাসমূহৰ বিশদ বিৱৰণ দিয়া হৈছে।
১৷ বাংলাদেশৰ পৰা সকলো ধৰণৰ ৰেডিমেড সাজ-পাৰ কোনো স্থল বন্দৰৰ জৰিয়তে আমদানি কৰিব নোৱাৰিব, কিন্তু নাহাভা শ্বেভা আৰু কলকাতা সাগৰীয় বন্দৰৰ জৰিয়তে আমদানি কৰিবলৈ অনুমতি দিয়া হৈছে।
২৷ ফলমূল/ফলৰ সোৱাদযুক্ত আৰু কাৰ্বনেটেড পানীয়; সংসাধিত খাদ্য সামগ্ৰী, কঁপাহ আৰু কঁপাহী সূতাৰ আৱৰ্জনা; ৰং, প্লাষ্টিচাইজাৰ আৰু গ্ৰেনুল বাদ দি প্লাষ্টিক আৰু পিভিচিৰে নিৰ্মিত সামগ্ৰী, যিবোৰ সংশ্লিষ্টৰ উদ্যোগসমূহৰ ইনপুট; আৰু অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ কোনো ভূমি শুল্ক ষ্টেচন (এলচিএছ)/সংহত তালাচী চকী (আই চি পি)ৰ জৰিয়তে আৰু পশ্চিমবংগৰ এলচিএছ চাংৰাবন্ধা আৰু ফুলবাৰীৰ জৰিয়তে কাঠৰ আচবাব আমদানিৰ অনুমতি দিয়া নহ’ব।
৩৷ এই বন্দৰ নিষেধাজ্ঞা বাংলাদেশৰ পৰা মাছ, এলপিজি, ভোজ্য তেল আৰু ভগা শিল আমদানিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
এই সবিশেষ অধিসূচনা ডিজিএফটি ৱেবছাইট https://dgft.gov.inত চাব পাৰিব৷
***
Abhishek Dayal/Abhijith Narayanan/DB
(रिलीज़ आईडी: 2130482)
आगंतुक पटल : 22