গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে নিৰ্মম আক্ৰমণৰে ড্ৰাগছ উত্পাদনকাৰী-সৰবৰাহকাৰীক মোক্ষম আঘাত হানিছে
‘এনচিবি’-ৰ অমৃতসৰ মাণ্ডলিক গোটে ৪ খন ৰাজ্যত ৪ মাহ ধৰি চলোৱা অভিযানেৰে অসদ্ব্যৱহাৰৰ বাবে ঔষধৰ বেহা কৰা এটা শৃংখলা ধৰা পেলায়, ৫৪৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ১৫ জনক গ্ৰেপ্তাৰ কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দৃষ্টিভংগীৰ আধাৰত ‘ড্ৰাগ-মুক্ত ভাৰত’ গঢ়ি তোলাৰ দিশত ই হৈছে এক বিশাল পদক্ষেপ, ‘এনচিবি’ দলক অভিনন্দন
Posted On:
02 MAY 2025 9:14PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে নিৰ্মম আক্ৰমণেৰে ড্ৰাগছ উত্পাদনকাৰী-সৰবৰাহকাৰীক মোক্ষম আঘাত হানিছে।
‘এক্স’ প্লেটফৰ্মত প্ৰেৰণ কৰা এক ‘পোষ্ট’ত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "এনচিবি-ৰ অমৃতসৰ মাণ্ডলিক গোটে ৪ খন ৰাজ্যত ৪ মাহ ধৰি চলোৱা অভিযানেৰে অসদ্ব্যৱহাৰৰ বাবে ঔষধৰ বেহা কৰা এটা শৃংখলা ধৰা পেলায়, ৫৪৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ১৫ জনক গ্ৰেপ্তাৰ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দৃষ্টিভংগীৰ অধীনত ড্ৰাগ-মুক্ত ভাৰত গঢ়ি তোলাৰ দিশত ই হৈছে এক বিশাল পদক্ষেপ। এনচিবি-ৰ দলটোক অভিনন্দন জনাইছোঁ।"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ শূণ্য সহনশীলতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ‘নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো’ (এনচিবি)য়ে হিমাচল প্ৰদেশ আৰু দিল্লীৰ এজন বিতৰকৰ পৰা মানসিক ৰোগত ব্যৱহৃত ১.৩৬ কোটি টেবলেট জব্দ কৰে। ‘এনচিবি’-য়ে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ এটা উত্পাদন-কেন্দ্ৰৰ পৰা ১১,৬৯৩ টা ‘চিবিচিএছ বটল’ আৰু ২.৯ কিলোগ্ৰাম ‘ট্ৰামাডল পাউডাৰ’ জব্দ কৰিছে। জব্দ কৰা ঔষধখিনিৰ মুঠ মূল্য প্ৰায় ৫৪৭ কোটি টকা।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নিচামুক্ত ভাৰত’-ৰ দৃষ্টিভংগী অনুসৰি ‘এনচিবি’-ৰ অমৃতসৰ মাণ্ডলিক গোটে পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু দিল্লীত অসদ্ব্যৱহাৰৰ বাবে ঔষধৰ বেহা আৰু বিতৰণৰ সৈতে জড়িত মুখ্য নেটৱৰ্কসমূহ উদ্ঘাটন কৰিছে।
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত ডিচেম্বৰ ২০২৪ ৰ পৰা এপ্ৰিল ২০২৫ লৈ চলি অহা কাণ্ডবোৰৰ তদন্তৰ বাবে এক নিৰন্তৰ চোৰাংচোৱা সঞ্চালিত অভিযান আৰু ওপৰৰ পৰা তললৈকে অনুসন্ধানৰ পদ্ধতি গ্ৰহণ কৰাৰ ফলত গুৰুত্বপূৰ্ণ জব্দ আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়, যাৰ ফলত উত্পাদক, পাইকাৰী বিতৰক আৰু প্ৰচালকৰ মাজত থকা এক জটিল সম্পৰ্ক উন্মোচিত হয়।
২০২৫ চনৰ ২০-২১ এপ্ৰিল তাৰিখে উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু দিল্লীত অভিযান চলোৱা হৈছিল। উত্তৰাখণ্ডত চলোৱা অনুসন্ধানৰ ফলত ‘জে আৰ ফাৰ্মাচিউটিকেলছ’ৰ পৰা ১১,৬৯৩টা ‘চিবিচিএছ বটল’ আৰু ২.৯ কিলোগ্ৰাম ‘ট্ৰামাডল পাউডাৰ’ জব্দ কৰা হয়। হিমাচল প্ৰদেশৰ ‘এম্বিট বায়ো মেডিক্স’ নামৰ মুখ্য বিতৰকৰ চৌহদত তালাচীৰ ফলত ১৯,২৫,২০০ টা টেবলেট জব্দ কৰা হয় আৰু দিল্লীৰ বাৱানাৰ ‘আশী ফাৰ্মাচিউটিকেল’ৰ চৌহদত চলোৱা তালাচীত ‘ট্ৰামাডল’ আৰু ‘আলপ্ৰাজোলাম’ৰ ১.১৭ কোটি টেবলেট জব্দ কৰা হয়, যি বৃহৎ পৰিমাণে ৰখা অকৃৰ্তত্বশীল ফাৰ্মাচিউটিকেল ঔষধৰ অবৈধ বিতৰণকে সূচায়। ইয়াৰ আগতে, ভিয়েটনামলৈ পলাই যাবলৈ চেষ্টা কৰি থকা অৱস্থাত ‘এম্বিট বায়ো মেডিক্স’ৰ স্বত্বাধিকাৰীক যোৱা ১৮ এপ্ৰিলত দিল্লীৰ ‘ইন্দিৰা গান্ধী বিমানবন্দৰ’ত গ্ৰেপ্তাৰ কৰা হৈছিল।
অনুসন্ধানত প্ৰকাশ পাইছে যে হিমাচল প্ৰদেশৰ ‘এম্বিট বায়ো মেডিক্স’ৰ স্বত্বাধিকাৰীয়ে আগতে দিল্লীত কাম কৰিছিল, য'ত ২০২২ চনৰ ডিচেম্বৰত তেওঁৰ ‘ড্ৰাগৰ অনুজ্ঞাপত্ৰ’ বাতিল কৰা হৈছিল। এই কথা লুকুৱাই তেওঁ হিমাচল প্ৰদেশত এখন নতুন অনুজ্ঞাপত্ৰ লাভ কৰাৰ লগতে এগৰাকী সহযোগীৰ ‘আশী ফাৰ্মাচিউটিকেল’ৰ অধীনত পঞ্জীয়ন কৰি দিল্লীত আন এটা প্ৰতিষ্ঠান মুকলি কৰে।
এই তদন্ত চাৰি মাহ আগতে আৰম্ভ হৈছিল, যেতিয়া এজন চিকিৎসা পেছাদাৰীৰ ছদ্মবেশ ধাৰণ কৰা এজন ব্যক্তিক অমৃতসৰত ২,২৮০ ‘আলপ্ৰাজোলাম’ আৰু ১,২২০ ‘ট্ৰামাডল টেবলেট’ৰ সৈতে ধৰা পেলোৱা হৈছিল। পৰৱৰ্তী অনুসন্ধানত এটা স্থানীয় বিতৰণ শৃংখলা উদ্ঘাটন কৰা হয়, যাৰ ফলত কেইবাটাও গ্ৰেপ্তাৰ আৰু অনুসৰণ অনুসন্ধান কৰা হয় যাৰ ফলত ২১,৪০০ৰো অধিক ‘ট্ৰামাডল টেবলেট’ আৰু ৪৩,০০০ ‘আলপ্ৰাজোলাম টেবলেট’ উদ্ধাৰ হয়।
ফেব্ৰুৱাৰী ২০২৫-ত আন এটা ঘটনাত অমৃতসৰত ৫,০০০ ‘ট্ৰামাডল হাইড্ৰক্লৰাইড’ (ট্ৰেকম-১০০) টেবলেট পৃথকে জব্দ কৰাৰ ফলত অনুসন্ধানকাৰীসকলে তৰ্ণ তাৰণ, ডেৰাডুন আৰু মানাৱালালৈ বিস্তাৰিত এটা শৃংখলা ধৰা পৰে। এই অনুসন্ধানত জালি চিকিত্সা প্ৰতিষ্ঠানৰ সমৰ্থনৰে বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈয়ে কাম কৰা ব্যক্তিসকলে চলাই থকা ফাৰ্মাচিউটিকেল ঔষধৰ অবৈধ যোগানৰ তথ্য উন্মোচিত হয়।
দুয়োটা ক্ষেত্ৰতে কৰা অনুসন্ধানত উত্তৰাখণ্ডৰ হৰিদ্বাৰত অৱস্থিত ‘জে আৰ ফাৰ্মাচিউটিকেল কোম্পানী’ জড়িত থকাৰ কথা প্ৰকাশ পাইছিল, যাৰ ফলত সন্দেহৰ সৃষ্টি হৈছিল আৰু এতিয়ালৈকে কৰা অনুসন্ধানৰ জৰিয়তে ‘মেচাৰ্ছ জে আৰ ফাৰ্মাচিউটিকেলছ’, হৰিদ্বাৰ আৰু অন্যান্যৰ দ্বাৰা ফাৰ্মাচিউটিকেল ঔষধৰ বৃহৎ পৰিমাণৰ পৰিৱৰ্তনৰ কথা প্ৰকাশ পাইছে।
‘জে আৰ ফাৰ্মাচিউটিকেলছ’ত ফেব্ৰুৱাৰী, ২০২৫ মাহত চলোৱা অনুসৰণ অভিযানৰ ফলত ড্ৰামত লুকুৱাই থোৱা ১৬,৮৬০ টা ‘ট্ৰামাডল টেবলেট’, ৩২৭ বটল ‘কোডিন’-আধাৰিত ‘কাফ চিৰাপ’ আৰু ২.৫৫ লাখ খোলা ‘ট্ৰামাডল টেবলেট’ (৮০.৭ কিলোগ্ৰাম) জব্দ কৰা হৈছিল। একে মাহত চলোৱা অধিক অভিযান, জেৰাৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত বিচ্যুতিৰ বাবে বৈধ নথিপত্ৰ অবিহনে ৰখা ৮,৮৯,০৬৪ টা চিবিচিএছ বটল জব্দ কৰা হয়।
অনুসন্ধানত আৰু প্ৰকাশ পাইছিল যে কেবাখনো পাইকাৰী বিতৰক ভুৱা বা ইতমধ্যে বন্ধ হৈ যোৱা বুলি তথ্য পোৱা গৈছিল আৰু সেইবোৰকে ব্যৱহাৰ কৰি ঔষধবোৰ পৰিৱৰ্তন কৰা হৈছিল। এনে এটা প্ৰতিষ্ঠান ‘মেচাৰ্ছ তিৱাৰী মেডিকেল এজেন্সী, ডেৰাডুন’ক এখন মিঠাই/দৰ্জীৰ দোকান বুলিহে প্ৰমাণিত হৈছিল আৰু ফাৰ্মখনৰ স্বত্বাধিকাৰীয়ে দাসী হিচাপেহে কাম কৰি থকা দেখা গৈছিল, আনহাতে আন এটা প্ৰতিষ্ঠান, ‘মেচাৰ্ছ কাৱতী হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড, ডেৰাডুন’, আৰু ‘মেচাৰ্ছ লাইফ কেয়াৰ ফাৰ্মা, কলকাতা’ই ঘোষণা কৰা ঠিকনা দৰাচলতে অস্তিত্বহীন বুলিহে পোৱা গৈছিল। জালি পাইকাৰী বিতৰক ‘মেচাৰ্ছ তিৱাৰী মেডিকেল এজেন্সী’ৰ আঁৰৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে, অনুসন্ধানটোত ডেৰাডুনৰ ৰাস্তাৰ কাষৰ ধাবাৰ পৰা ১.২৪ লাখ টা ‘আলপ্ৰাজোলাম’ টেবলেট জব্দ কৰা হৈছিল। তেওঁ আন প্ৰতিষ্ঠানৰ পৰাও ফাৰ্মাচিউটিকেল ঔষধ লাভ কৰিছিল বুলি তথ্য প্ৰকাশিত হৈছে।
‘এনচিবি’-য়ে অদব্যৱহাৰৰ বাবে ঔষধৰ বেহা কৰা নেটৱৰ্কৰ সম্পূৰ্ণৰূপে উন্মোচন কৰিবলৈ জিএছটি বিভাগ, ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক, আয়কৰ কৰ্তৃপক্ষ, চিবিএন আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে সক্ৰিয়ভাৱে সমন্বয় স্থাপন কৰি থকা হৈছে।
এই পৰ্যন্ত চলোৱা অনুসন্ধানৰ ফলত ‘ট্ৰামাডল’ আৰু ‘আলপ্ৰাজোলাম’ৰ ১.৪২ কোটিৰো অধিক টেবলেট, ২.৯ কিলোগ্ৰাম ‘ট্ৰামাডল পাউডাৰ’, আৰু ৯,০১,০৮৪টা চিবিচিএছ বটল (প্ৰায় ১৩৫ টন) জব্দ কৰা হৈছে, আৰু যোৱা চাৰি মাহত ৪ খন বিভিন্ন ৰাজ্যৰ পৰা ১৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ সৈতে জড়িতসকল আন বহুসংখ্যকৰে তথ্য লাভ কৰা হৈছে আৰু পৰৱৰ্তী কেইসপ্তাহমানৰ ভিতৰতে অধিক জব্দৰ সম্ভাৱনা আছে।
এই বিশাল জব্দই এনচিবিয়ে প্ৰদান কৰি অহা ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিপন্ন কৰে। ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিবলৈ এনচিবিয়ে নাগৰিকসকলৰ সমৰ্থন বিচাৰে। যিকোনো ব্যক্তিয়ে ‘মানস- নেশ্যনেল নাৰ্কোটিক্স হেল্পলাইন টোল ফ্ৰী নম্বৰ-১৯৩৩’-ত ফোন কৰি নিচাজাতীয় সামগ্ৰী বিক্ৰী সম্পৰ্কীয় তথ্য সহভাগ কৰিব পাৰে।
*****
RK/VV/RR/PS/KB
(Release ID: 2126655)
Visitor Counter : 7