সাংস্কৃতিক মন্ত্ৰালয়
আন্তৰ্জাতিক বৌদ্ধ সন্মিলনৰ উদ্যোগত তথা অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন
বৌদ্ধ ঐতিহ্যৰে সমৃদ্ধ নামছাই: উত্তৰ- পূৰ্বাঞ্চলত বৌদ্ধ সংস্কৃতিৰ আদৰ্শ কেন্দ্ৰ: শ্ৰী চৌনা মেই, উপ-মুখ্যমন্ত্ৰী
আলোচনা চক্ৰত অংশগ্ৰহণ কৰে সংঘৰ মুৰব্বী, ভিক্ষু, ভিক্ষুনী, শিক্ষাবিদ তথা ভূটান, ম্যানমাৰ, কম্বোডিয়াৰ প্ৰতিনিধিকে ধৰি ৩০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে
प्रविष्टि तिथि:
21 APR 2025 5:18PM by PIB Guwahati
শতিকা প্ৰাচীন বৌদ্ধ সংস্কৃতি আৰু পৰম্পৰা শিপাই থকা অৰুণাচল প্ৰদেশৰ এখন প্ৰান্তীয় জিলা নামছাইত আজিও বৌদ্ধ সংস্কৃতিৰ পৰম্পৰা জীপাল হৈ আছে। ইয়াৰ এক অনন্য উদাহৰণ বৌদ্ধ ধৰ্ম আৰু উত্তৰ-পূব ভাৰতৰ সংস্কৃতি সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত দেখিবলৈ পোৱা গ'ল। অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইয়ে উক্ত সন্মিলনতে বৌদ্ধ ধৰ্মৰ তাৎপৰ্য ব্যাখ্যা কৰে।
ৰাজ্যখনত বৌদ্ধ পৰ্যটন চাৰ্কিট আৰম্ভ কৰাৰ বাবে শক্তিশালী যুক্তি দাঙি ধৰি তেওঁ কয় “আমাৰ সংস্কৃতি সামাজিক-ধৰ্মীয় উৎসৱৰ মাজত গভীৰভাৱে শিপাই আছে, শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ খামতি জনগোষ্ঠীয়ে বিশেষভাৱে নামছাই আৰু চাংলাং তথা ইটানগৰৰ দৰে অন্যান্য অঞ্চলত উদযাপন কৰা বৌদ্ধ উৎসৱ ছংপা জল উৎসৱ ব্যাপক সঁহাৰি লাভ কৰিছে, য’ত বহিঃৰাজ্যৰ পৰা বহু দৰ্শনাৰ্থীক আমন্ত্ৰণ জনোৱা হৈছিল ৷ তেওঁ লগতে কয় যে ৰাজ্যখনত বৌদ্ধ ধৰ্মৰ সৈতে জড়িত বহু কেইখন গুৰুত্বপূৰ্ণ প্ৰাচীন তীৰ্থস্থান আছে।
আচলতে তেওঁৰ নিজৰ জনগোষ্ঠী টাই খামতিসকলেই প্ৰথমে ১৮৩৯ চনত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম স্বাধীনতা যুদ্ধত অৱতীৰ্ণ হৈছিল বুলি মেই কয়৷ তেওঁ লগতে উল্লেখ কৰে “আমি এংলো-খামতি যুদ্ধত ইংৰাজক পৰাস্ত কৰিছিলো আৰু ইয়াৰ ফলত পৰৱৰ্তী সময়ত ব্ৰিটিছে আমাৰ গাঁওবোৰ জ্বলাই আমাৰ জনগোষ্ঠীটোক উত্তৰ-পূবৰ কেইবাটাও অঞ্চলত সিঁচৰতি হৈ পৰিবলৈ বাধ্য কৰিছিল।”
শ্ৰীমান মেইৰ মতে তেওঁলোকে নিজৰ খামতি লিপিৰ জৰিয়তে পালি ভাষা সংৰক্ষণ কৰি ৰাখিছে। আচলতে ৰাজ্যখনত মাত্ৰ দুটা প্ৰাচীন লিপি আছে: তেওঁলোকৰ (লিক টাই) আৰু ভোটি। আনকি ৰামায়ণ আৰু মহাভাৰতো খামতি লিপিত (লিক টাই) লিখা হৈছে।
উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবোধী সমাজে অঞ্চলটোত গ্ৰহণ কৰা “ভাল কাম”সমূহৰ বিষয়েও ব্যাখ্যা কৰি অঞ্চলটোৰ যুৱক-যুৱতীসকলে সবলীকৰণৰ বাবে দক্ষতা বিকাশৰ কেন্দ্ৰ এটা লাভ কৰিব বুলি কয়।
আন্তৰ্জাতিক বৌদ্ধ সংঘৰ উদ্যোগত আৰু অৰুণাচলৰ সাংস্কৃতিক মন্ত্ৰালয়,অৰুণাচল প্ৰদেশ চৰকাৰ আৰু নামছাই মহাবোধী ছ’চাইটিৰ সহযোগত আয়োজিত ২ দিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত মেই এই মন্তব্য কৰে। সংঘৰ মুৰব্বী, ভিক্ষু আৰু ভিক্ষুনী, সমাজৰ বিশিষ্ট সদস্য, উত্তৰ-পূব আৰু অন্যান্য অঞ্চলৰ ৰাজনৈতিক প্ৰতিনিধি, অধ্যাপক, শিক্ষাবিদকে ধৰি তিনি শতাধিক অংশগ্ৰহণকাৰীয়ে _অনুষ্ঠানত অংশগ্ৰহণ কৰে। আলোচনা চক্ৰত ভূটান, ম্যানমাৰ, কম্বোডিয়াৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰাৰ বিপৰীতে গুৱাহাটীস্থ ভূটানৰ কনছুল জেনেৰেল জিগমে থিনলি নামগিয়ালে উদ্বোধনী অধিবেশনত সমবেত লোকসকলক সম্বোধন কৰে।
“আমাৰ ধৰ্ম হৈছে আমাৰ সংস্কৃতি;যিটো আমাৰ জীৱনশৈলী,” নামছাইৰ বিধায়ক জিংনু নামচূমে কয়৷ তেওঁ লগতে কয় যে আমাৰ বিয়াতো বুদ্ধৰ শিক্ষা দিয়া হয় যাতে সমাজত আমাৰ বিবাহিত জীৱন কেনেকৈ চলিব লাগে সেয়া মানুহে জানিব পাৰে। বৌদ্ধ ধৰ্ম আমাৰ তেজৰ সোঁতত প্ৰাৱাহিত হৈ আছে বুলিও তেওঁ কয়। ধৰ্ম সন্মিলন সম্বোধন কৰে অগধম্মা ভদ্দান্ত, নামছাইৰ পৰিয়াট্টি শাসন বুদ্ধ বিহাৰৰ মুখ্য মঠৰ মষ্ট ভেনে।
আই বি চিৰ সচিব প্ৰধান শ্বাৰ্টছে খেনছুৰ জাংচুপ চোয়েডেন ৰিনপোচে অতিথিসকলক আদৰণি জনায় আৰু আই বি চিৰ সঞ্চালক প্ৰধান অভিজিৎ হালদাৰে অনুষ্ঠানৰ সবিশেষ ব্যাখ্যা কৰি সামৰণি ভাষণ আগবঢ়ায়। কাইলৈৰ অধিবেশনসমূহত তলত উল্লেখ কৰা বিষয়সমূহক লৈ আলোচনা কৰা হ’ব: ভাৰতৰ উত্তৰ-পূবত বুদ্ধ ধৰ্মৰ ঐতিহাসিক প্ৰাসংগিকতা, বৌদ্ধ সম্প্ৰদায়ৰ কলা, সংস্কৃতি আৰু ঐতিহ্য আৰু অঞ্চলটোৰ বৌদ্ধসকলৰ ওপৰত ইয়াৰ সাংস্কৃতিক প্ৰভাৱ আদি৷
শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডত সংঘটিত হোৱা ভূমিকম্পত নিহতসকলৰ স্মৃতিত কাইলৈ গোল্ডেন পেগোডাত বিশেষ প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হ’ব। ইয়াৰ পিছতে বিপাসনা বিষয়ত অধিৱেশন অনুষ্ঠিত হ’ব।
Sunil Kumar Tiwari/DM
(रिलीज़ आईडी: 2123353)
आगंतुक पटल : 22