প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত ৰত্ন বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 14 APR 2025 8:14AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ৰত্ন বাবাচাহেব আম্বেদকাৰৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে বাবাচাহেবৰ নীতি আৰু আদৰ্শৰাজিয়ে এখনি আত্ম-নিৰ্ভৰ আৰু উন্নত ভাৰত গঢ়াৰ অৰ্থে শক্তি আৰু গতি প্ৰদান কৰিব বুলি কয়।

এক্সৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

“মই ভাৰতৰত্ন পূজ্য বাবাচাহেবৰ জয়ন্তী উপলক্ষে প্ৰতিগৰাকী দেশবাসীৰ হৈ তেওঁলৈ প্ৰণাম জনাইছোঁ। তেওঁৰ প্ৰেৰণাৰে আজি দেশখন সামাজিক ন্যায়ৰ সপোন বাস্তৱায়িতকৰণত নিষ্ঠা সহকাৰে নিয়োজিত হৈছে। তেওঁৰ নীতি আৰু আদৰ্শৰাজিয়ে এখনি আত্ম-নিৰ্ভৰ আৰু উন্নত ভাৰত গঢ়াৰ অৰ্থে শক্তি আৰু গতি প্ৰদান কৰিব।”

MJPS/SR/SB


(रिलीज़ आईडी: 2121790) आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam