তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ মিডিয়া পঞ্জীয়নৰ চূড়ান্ত কাউণ্টডাউন আৰম্ভঃ আবেদন জমা দিয়াৰ বুটাম টিপিবলৈ আৰু আছে মাত্ৰ ৫ দিন বাকী

Posted On: 11 APR 2025 5:19PM by PIB Guwahati

 

আমি জানো আপুনি আবেদন কৰিবলৈ আৰম্ভ কৰিছে... আৰু তাৰ পিছত আহিব সেই বৰ্ণিল মুহূৰ্তটো। আমি  ইয়াৰ বাবে ৰৈ আছো ইয়াত ভাল খবৰ আছে — আমি নিজেই চেষ্টা কৰিলোঁ আৰু অনুমান কৰিলোঁ কি ঘটিল? সেই “ছবমিট” বুটামটো টিপিবলৈ মাত্ৰ ১০ মিনিট সময় লাগিল!

 

 

গতিকে আপুনি আৰম্ভ কৰাৰ আগতে প্ৰস্তুতি চলোৱাত সহায়ক হোৱাকৈ এখন তালিকা ইয়াত দিয়া হৈছে। এই পাঁচটা বস্তু সাজু কৰি ৰাখক। ক্লিক কৰক, আপলোড কৰক, আৰু লগে লগে সম্পূৰ্ণ হৈ পৰিব। কাৰণ মুখ খুলি কওঁ... যদি আমাৰ মনোযোগৰ বিঘ্নিত হয়,  তেন্তে বিলম্বৰ বাবে পিছত দুখ নকৰিব!

 

আপুনি আৰম্ভ  কৰাৰ আগতে.... ইয়াত আপোনাৰ বাবে প্ৰয়োজনীয়  তালিকাখন দিয়া হৈছে

✅ চৰকাৰে প্ৰদান কৰা আইডি (ড্ৰাইভিং লাইচেন্স, আধাৰ, পেন, পাছপ'ৰ্ট ইত্যাদি)

✅ পাছপ'ৰ্ট আকাৰৰ ফটো

 

✅ কামৰ নমুনা (লিংক, স্ক্ৰীণশ্বট, বা ক্লিপিং – ১০ টা খণ্ড)

 

✅ ভিছা ডকুমেণ্ট (কেৱল আন্তঃৰাষ্ট্ৰীয় আবেদনকাৰীৰ বাবে)

 

  • ✅ মিডিয়া এফিলিয়েচনৰ প্ৰমাণ

 

  • যদি কৰ্মৰত হৈ আছে: প্ৰতিষ্ঠানৰ আইডি + সম্পাদকৰ পত্ৰ / পিআইবি বা ৰাজ্যিক স্বীকৃতি কাৰ্ড

 

যদি ফ্ৰীলান্সাৰ হয়: স্ব-ঘোষণা পত্ৰ (যদি আছে তেন্তে পিআইবি/ৰাজ্যিক স্বীকৃতি কাৰ্ডো সংলগ্ন কৰক।

 

*অতিৰিক্ত  নথিপত্ৰসমূহ, যেনে পিআইবি বা ৰাজ্যিক স্বীকৃতিৰ কাৰ্ড প্ৰদান কৰিলে আপোনাৰ আবেদন শক্তিশালী হ'ব পাৰে আৰু দ্ৰুত পৰীক্ষণত সহায়ক হ'ব পাৰে।

 

 

এই সকলোবোৰ সাজু হ’লেই https://app.wavesindia.org/register/media লৈ যাওক আৰু আবেদন কৰাৰ বাবে সাজু হওঁক।

 

হয়, আমি এই এতিয়া প্ৰতিটো  শব্দই হিচাপ কৰি কৰিছো — কেৱল যাতে আপুনি ইয়াক পঢ়ি শেষ কৰিব পাৰে আৰু আপোনাৰ আবেদন  ১০ মিনিটৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰে। যদি আপুনি ইমানৰ পিছতোকিবা অসুবিধা পাইছে তেন্তে চিন্তা নকৰিব। এনে পৰিস্থিতিত আমাক pibwaves.media[at]gmail[dot]com (বিষয়: "WAVES মিডিয়া স্বীকৃতি প্ৰশ্ন")লৈ লিখক আৰু আমি আপোনাক ইয়াৰ জৰিয়তে সহায় কৰিম।

 

আপুনি এতিয়াও যদি  নিশ্চিত নহয় যে আপুনি যোগ্যতা অৰ্জন কৰিব নে  নাই? তেন্তে আমি আপোনাৰ বাবে মিডিয়া স্বীকৃতি বিষয়ক নীতি ইয়াত  দিছো৷ ইয়াত অলপ চকু ফুৰালেই প্ৰয়োজনীয় যোগ্যতাৰ বিষয়ে আপুনি জানিব পাৰিব।

 

 

I) কোনে পঞ্জীয়ন কৰিব পাৰে?

 

  • যদি আপুনি এজন:

 

  • · সাংবাদিক (প্ৰিণ্ট, টিভি, ৰেডিঅ')

 

  • · ফটোগ্ৰাফাৰ / কেমেৰাপাৰ্চন

 

  • ফ্ৰীলান্স মিডিয়া পেছাদাৰী

 

ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ (ইউটিউবাৰ, ইনষ্টাগ্ৰাম ইত্যাদি)

 

হয়!ৱেভছৰ বাবে আপুনি মিডিয়া প্ৰতিনিধি হিচাপে আবেদন কৰিবলৈ যোগ্য!

 

II) বহুত নহয়! মাত্ৰ এই ৫খন নথি

 

মিডিয়াৰ ধৰণ

প্ৰয়োজনীয় নথিপত্ৰসমূহ

স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যম সংস্থাসমূহৰ সৈতে নিয়োজিত (সংবাদদাতা/ৰিপ'ৰ্টাৰ/

ফটোগ্ৰাফাৰ/কেমেৰাপাৰ্চন) )

✅  সাংগঠনিক আইডি আৰু সম্পাদকৰ পত্ৰ

অথবা  পিআইবি বা ৰাজ্যিক স্বীকৃতি কাৰ্ড


 ✅ চৰকাৰী  আইডি


 ✅ ১০ টা কামৰ নমুনা (আপোনাৰ নিজৰ নামত থকা কাম বা লিংক)


 ✅ ফটো

✅ বৈধ ভিছাৰ নথি (কেৱল আন্তঃৰাষ্ট্ৰীয় আবেদনকাৰীৰ বাবে)

ফ্ৰীলান্সাৰ

✅ আত্মঘোষণা পত্ৰ


 ✅ পিআইবি বা ৰাজ্যিক স্বীকৃতি কাৰ্ড (ঐচ্ছিক)


 ✅ ১০ টা কামৰ নমুনা (আপোনাৰ নিজৰ নামত থকা কাম বা লিংক)


 ✅ চৰকাৰী আইডি

 

✅ ফটো


 ✅ বৈধ ভিছাৰ নথি (কেৱল আন্তঃৰাষ্ট্ৰীয় আবেদনকাৰীৰ বাবে)

 

*অতিৰিক্ত সমৰ্থনকাৰী নথিপত্ৰসমূহ, যেনে পিআইবি বা ৰাজ্যিক স্বীকৃতি কাৰ্ড প্ৰদান কৰিলে আপোনাৰ আবেদন শক্তিশালী হ'ব পাৰে আৰু দ্ৰুত পৰীক্ষণত সহায়ক হ'ব পাৰে।

 

 

 

III) পঞ্জীয়নৰ সময়সীমা

 

২০২৫ চনৰ ১৫ এপ্ৰিল তাৰিখে: নিশা ১১:৫৯ বজাত (ভাৰতীয় মান সময় )ৰ আগতে আবেদন কৰক


অনুমোদিত প্ৰতিনিধিসকলক ইমেইলযোগে অৱগত কৰা হ’ব আৰু বাস্তৱ সময়ৰ আপডেটৰ বাবে এটা নিৰ্দিষ্ট হোৱাটছএপ গ্ৰুপত যোগ কৰা হ’ব।

❌ দ্বৈত পঞ্জীয়নৰ অনুমতি নাই। আপোনাৰ প্ৰাথমিক কাৰ্য্য আলেখ্যনৰ ওপৰত ভিত্তি কৰি কেৱল এটা শ্ৰেণীহে নিৰ্বাচন কৰক।

 

  • · বাস্তৱ সময়ৰ আপডেটৰ বাবে স্বীকৃতিৰ পিছৰ হোৱাটছএপ গ্ৰুপত যোগদান কৰক।

 

  • · কিছুমান অনুষ্ঠান চৰকাৰী কৰ্মীৰ মাজত সীমাবদ্ধ থাকিব পাৰে বা একচেটিয়া অধিকাৰ বহন কৰিব পাৰে। আগতীয়াকৈ তথ্য ভাগ-বতৰা কৰা হ’ব

 

  • · সংবাদমেল আৰু প্ৰদৰ্শনী সকলো স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ বাবে মুকলি থাকিব।

 

· প্ৰত্যাখ্যানৰ পৰা হাত সাৰিবলৈ সকলো তথ্য সঠিক আৰু সম্পূৰ্ণ হ’ব লাগিব।

ৱেভছত যোগদানৰ সুযোগ নেহেৰুৱাব !!!

 

 

ৱেভছৰ  বিষয়ে

 

ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ মে’ৰ পৰা মে’লৈ আয়োজন কৰিব মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ  অনুষ্ঠান (WAVES)।আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সমল সৃষ্টিকৰ্তা বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু এম এণ্ড খণ্ডত  অৰিহণা যোগাবলৈ বিশ্বব্যাপী মঞ্চ এখন  প্ৰদান কৰিছে।ৱেভছে  ভাৰতৰ সৃষ্টিশীল শক্তিৰ বিকাশ সাধন কৰিবলৈ সাজু হৈছে, কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি, আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থান বৃদ্ধি কৰিব। এই অনুষ্ঠানত গুৰুত্ব দিয়া উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি (এ আৰ),ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)।Have কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক

আহক, আমাৰ সৈতে একেলগে এই মহাযাত্ৰাৰ সহযোগী হওঁক! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন  কৰক (অতিশীঘ্ৰে আহি আছে!)।

পিআইবি টীম ৱেভছৰ  শেহতীয়া ঘোষণাৰ বিষয়ে অৱগত হৈ থাকক

আহক, আমাৰ যাত্ৰাৰ সংগী হওঁক!ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক***

PIB TEAM WAVES 2025 | Nikita/Dhanalakshmi/Parshuram | 91


(Release ID: 2121296) Visitor Counter : 11