বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশৰ টাৱাঙত কৃষি-সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষ (APEDA) আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় কনক্লেভ আৰু ক্ৰেতা-বিক্ৰেতা বৈঠক সম্পন্ন

ইয়াত ৩ দেশৰ ১১ ক্ৰেতা, ৭ ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৭ ভাৰতীয় ৰপ্তানিকাৰী আৰু ২০০ৰো অধিক কৃষকে অংশগ্ৰহণ কৰে

Posted On: 12 APR 2025 11:44AM by PIB Guwahati

কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই (APEDA) অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগত অৰুণাচল প্ৰদেশ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ (NER) কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰীৰ ৰপ্তানিৰ প্ৰচাৰৰ বাবে অৰুণাচল প্ৰদেশৰ টাৱাঙস্থিত কালাৱাংপো কনভেনচন হলত আন্তঃৰাষ্ট্ৰীয় কনক্লেভ আৰু ক্ৰেতা-বিক্ৰেতা বৈঠক (IBSM) অনুষ্ঠিত কৰে।

ইয়াত ভাষণ প্ৰদানেৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহৰ উন্নয়ন সাধন, কৃষকৰ জীৱিকাৰ সম্প্ৰসাৰণ, আত্ম-সহায়ক গোটসমূহক সবলীকৰণ আৰু মহিলা নেতৃত্বাধীন উন্নয়নক উৎসাহিতকৰণৰ অংগীকাৰ কৰে। তেওঁ জিআই টেগ সম্পন্ন খাও টাই চাউল (খামটি চাউল নামেৰে জনাজাত), মেণ্ডেৰিন কমলা, কিৱি, আপেল, পাৰ্চিমন, য়াক চিজ (চুৰ্পি) আদিৰ কৃষি-ৰপ্তানি দক্ষিণ-পূব এছিয়া আৰু আছিয়ান দেশসমূহলৈ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কথা সদৰী কৰে। তেওঁ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰেতাসকলক ৰাজ্যখনৰ বাবে আশীৰ্বাদ হ’বলৈ আৰু ৰাজ্যখনৰ অনাবৃত সম্ভাৱনাৰাজিত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰে।

উক্ত অনুষ্ঠানত অৰুণাচল প্ৰদেশ চৰকাৰৰ কৃষি মন্ত্ৰী শ্ৰী গেব্ৰিয়েল ডেনৱাং ৱাংছুৱে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহত কৃষিজাত সামগ্ৰীৰ উচিত মূল্য নিশ্চিত কৰিবলৈ ৰাজ্যখনৰ কৃষকসকলৰ মাজত সজাগতা সৃষ্টি আৰু তেওঁলোকৰ সামৰ্থ্য বিকাশৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ অঞ্চলটোৰ কৃষকসকলৰ ৰাজ্যখনৰ উন্নতমানৰ কিৱি, মেণ্ডেৰিন কমলা, আপেল, আখৰুট আৰু ৱাইনৰ দৰে মূল্য-সংযোজিত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অটল দায়বদ্ধতাৰ শলাগ লয়।

এই আন্তঃৰাষ্ট্ৰীয় কনক্লেভ আৰু ক্ৰেতা-বিক্ৰেতা বৈঠকত (BSM)ত অৰুণাচল প্ৰদেশ চৰকাৰৰ মুখ্য সচিব (CS) শ্ৰী মণীষ গুপ্তা, ভাৰত চৰকাৰৰ প্ৰাক্তন কেন্দ্ৰীয় সচিব শ্ৰী চিৰাজ হুছেইন আৰু এপেডাৰ অধ্যক্ষ শ্ৰী অভিষেক দেৱকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাজনো বিষয়াই অংশগ্ৰহণ কৰে।

ইয়াত এপেডাৰ অধ্যক্ষ শ্ৰী অভিষেক দেৱে বজাৰ প্ৰৱেশ, উৎসাহ আৰু প্ৰচাৰৰ বাবে প্ৰধান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাসমূহত অংশগ্ৰহণৰ অৰ্থে অৰুণাচল প্ৰদেশৰ কৃষক উৎপাদক সংস্থা (FPO)/ কৃষক উৎপাদক কোম্পানীক (FPC) চিনাক্ত কৰিবলৈ কয়। তেওঁ আশ্বাস প্ৰদানেৰে কয় যে অৰুণাচল প্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহলৈ ৰপ্তানিৰ বাবে মূল কৃষিজাত সামগ্ৰীৰ চিনাক্তকৰণ আৰু বিকাশ, আন্তঃগাঁথনি উন্নয়ন, অঞ্চলটোৰ কৃষক, কৃষক উৎপাদক সংস্থা (FPO), কৃষক উৎপাদক কোম্পানী (FPC), মহিলাৰ আত্মসহায়ক গোট (SHG), ষ্টাৰ্ট-আপ আৰু ৰপ্তানিকাৰীসকলৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ লগতে ৰাজ্যখনৰ কৃষি উৎপাদিত সামগ্ৰী আৰু মূল্য সংযোজিত সামগ্ৰীৰ ব্ৰেণ্ডিং আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে কাম কৰিবলৈ এপেডা আৰু অৰুণাচল প্ৰদেশ চৰকাৰ অংগীকাৰবদ্ধ।

আন্তঃৰাষ্ট্ৰীয় কনক্লেভ আৰু ক্ৰেতা-বিক্ৰেতা বৈঠকত ইউএই, নেপাল আৰু ভূটানকে প্ৰমুখ্য কৰি ৩ খন দেশৰ ১১ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা তথা অসম, মহাৰাষ্ট্ৰ, দিল্লী, হায়দৰাবাদ, কৰ্ণাটক, গুজৰাট আৰু পশ্চিম বংগকে প্ৰমুখ্য কৰি ৭ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ (UT) ১৭ ভাৰতীয় ৰপ্তানিকাৰীৰ মাজত পোনপটীয়া মত-বিনিময় সম্পন্ন হয়। সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ ৰপ্তানিকাৰীসকলে কৃষি উৎপাদিত সামগ্ৰীৰ মানদণ্ড, উপলব্ধতা আৰু উৎপাদনৰ পৰিমাণ সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ ৫০ৰো অধিক এফপিঅ’ আৰু ২০০ জন কৃষকৰ সৈতেও মত-বিনিময় কৰে।

এপেডাই অৰুণাচল প্ৰদেশৰ কৃষি-বাণিজ্য আৰু সংসাধিত খাদ্য ৰপ্তানি খণ্ডৰ সম্ভাৱনাক বাস্তৱায়িতকৰণৰ লক্ষ্যৰে জৈৱিক উৎপাদিত সামগ্ৰী, বাজৰা, মৌ, সতেজ ফল-মূল আৰু শাক-পাচলি, সংসাধিত খাদ্য, মচলা আৰু চাহৰ দৰে প্ৰধান খণ্ডসমূহৰ নীতি নিৰ্ধাৰক, ক্ৰেতা, ৰপ্তানিকাৰী, প্ৰদৰ্শক, উদ্যোগৰ নেতা আৰু বিশেষজ্ঞসকলৰ মাজত অৰ্থপূৰ্ণ বাণিজ্যিক আলোচনাৰ সুবিধা প্ৰশস্ত কৰিছে।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এখনি “বিকশিত উত্তৰ-পূব”ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ ভাৰত চৰকাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়, অৰুণাচল প্ৰদেশ চৰকাৰ আৰু এপেডাৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি আছে।

পটভূমিঃ

কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষ (APEDA) হৈছে ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ এটা সংবিধিবদ্ধ সংস্থা। কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি, প্ৰশস্তকৰণ আৰু প্ৰচাৰৰ বাবে এপেডাই কাম কৰি কৃষক উৎপাদক সংস্থা (FPO), কৃষক উৎপাদক কোম্পানী আৰু ভাৰতীয় ৰপ্তানিকাৰীসকল আন্তঃৰাষ্ট্ৰীয় বজাৰত উপনীত হোৱাত সহায় আগবঢ়ায়।

***

Abhishek Dayal/Nihi Sharma/SB


(Release ID: 2121240) Visitor Counter : 19


Read this release in: English , Urdu , Hindi , Tamil