নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় চৌহদত ৬৭.৭ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ; কোচিৰ গাৰ্লছ হোষ্টেলৰ আধাৰশিলা স্থাপন

“২০৩০ চনৰ ভিতৰত ভাৰতে ৫ লাখ নাবিক সৃষ্টিৰ লক্ষ্য স্থিৰ কৰিছে , ভাৰত বিশ্বৰ শীৰ্ষ সামুদ্ৰিক ৰাষ্ট্ৰ হিচাবে পৰিগণিত হ’বলৈ অগ্ৰসৰ হৈছে”: সৰ্বানন্দ সোণোৱাল


“ নাৰী শক্তি আৰু যুৱ শক্তিয়ে ভাৰতক বিকশিত ভাৰতৰ দিশে আগুৱাই নিয়াত সহায় কৰিব:” সৰ্বানন্দ সোণোৱাল

Posted On: 08 APR 2025 8:39PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে দেশজুৰি থকা ছটা ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আই এম ইউ) চৌহদত ৬৭.৭৭ কোটি টকাৰ ২৬টা প্ৰকল্প উদ্বোধন কৰে। যিয়ে সামুদ্ৰিক শিক্ষা শক্তিশালী কৰাৰ দিশত আৰু এই খণ্ডত মহিলাসকলক সবলীকৰণৰ দিশত এক উল্লেখযোগ্য ভূমিকা পালন কৰিব। এই অনুষ্ঠানতে আই এম ইউৰ কোচি কেম্পাছত এটা গাৰ্লছ হোষ্টেল আৰু পুথিভঁৰাল ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়।

 

এই অনুষ্ঠানটোক “অতি বিশেষ অনুষ্ঠান” বুলি অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা সামুদ্ৰিক শিক্ষাৰ পৰিৱৰ্তনৰ বাবে চৰকাৰৰ সামূহিক প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰা হৈছে। "সামুদ্ৰিক খণ্ড হৈছে বিশ্ব বাণিজ্য আৰু অৰ্থনৈতিক বিকাশৰ মেৰুদণ্ড।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে বিশ্বৰ সামুদ্ৰিক শক্তি কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশৰ বাবে দ্ৰুত অগ্ৰগতি লাভ কৰিছে।এই ১৭ টা প্ৰকল্পই ভাৰতৰ সামুদ্ৰিক শিক্ষাৰ পৰিৱেশ শক্তিশালী কৰাৰ লগতে আমাৰ এই অভিযানত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।আধুনিক আন্তঃগাঁথনি আৰু উন্নত সুবিধাৰ দ্বাৰা আমি ছাত্ৰ-ছাত্ৰীসকলক বিশ্ব সামুদ্ৰিক মানৰ উৎকৃষ্টতা পূৰণ কৰিবলৈ সক্ষম কৰিছো।" সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

 

 

শ্ৰী সোণোৱালে চেন্নাই, কলকাতা, নভি মুম্বাই, মুম্বাই বন্দৰ আৰু বিশাখাপট্টনমৰ আইএমইউৰ চৌহদত ১৭টা মূল আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে, য’ত উন্নত চিমুলেটৰ, সৌৰশক্তি কেন্দ্ৰ, উন্নত ক্ৰীড়াৰ সুবিধা আৰু হোষ্টেল উন্নীতকৰণকে ধৰি—শৈক্ষিক তথা চৌহদৰ  পৰিবেশ অধিক সুন্দৰ কৰি তোলাৰ লক্ষ্যও স্থিৰ কৰা হৈছে। আই এম ইউ কোচিৰ ১৩.১১ কোটি টকাৰ গাৰ্লছ হোষ্টেলে  ছাত্ৰীসকলৰ বাবে আৱাসিক সুবিধা বৃদ্ধি কৰিব, যাৰ ফলত সামুদ্ৰিক শিক্ষাত লিংগ অন্তৰ্ভুক্তিৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা আৰু অধিক শক্তিশালী হৈ পৰিব।

 

শ্ৰী সৰ্বানন্দ সোণোৱালে মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০, সাগৰমালা কাৰ্যসূচী আৰু ‘মেৰিটাইম অমৃতকাল ভিজন ২০৪৭’ৰ দৰে ফ্লেগশ্বিপ পদক্ষেপসমূহৰ বিষয়ত আলোকপাত কৰি বন্দৰসমূহৰ আধুনিকীকৰণ আৰু বহনক্ষম আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ২০১৪-১৫ চনৰ পৰা ২০২৩-২৪ চনৰ ভিতৰত ভাৰতৰ প্ৰধান বন্দৰসমূহে সামগ্ৰী পৰিচালনাৰ ক্ষমতা দুগুণলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

 

ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বৃদ্ধিৰ বিষয়ত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, “এতিয়া ভাৰতৰ ৯টা বন্দৰ বিশ্বজুৰি শীৰ্ষ ১০০ টাৰ ভিতৰত স্থান লাভ কৰিছে”। তেওঁ সামুদ্ৰিক ক্ষেত্ৰত নিয়োগ বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে বিগত দশকত ভাৰতীয় নাবিকৰ সংখ্যা ১৭০% বৃদ্ধি পাইছে — ২০১৪ চনত ১.১৭ লাখৰ পৰা ২০২৪ চনত ৩.১৭ লাখৰো অধিক হৈছে।

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  সামুদ্ৰিক কেৰিয়াৰত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিক প্ৰশংসা কৰি মহিলা নাবিকৰ সংখ্যা ৭০০% বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। তেওঁ কয় ২০১৪ চনত ১,৬৯৯ৰ পৰা ২০২৪ চনত ১৩,৭৫৬লৈ শক্তি আমাৰ জাতিৰ মেৰুদণ্ডৰ লগতে আমি বিশ্বব্যাপী সামুদ্ৰিক নেতৃত্ব বহনকাৰী দেশ  হোৱাৰ আকাংক্ষাকো আগুৱাই নিছে। তেওঁলোকৰ সক্ৰিয় ভূমিকাই আমাৰ দেশক ‘বিকশিত ভাৰত’ লক্ষ্য পূৰণৰ দিশে আগুৱাই নিব।’

 

ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আই এম ইউ)য়ে কৰ্মশক্তি বিকাশৰ ক্ষেত্ৰত সম্প্ৰসাৰণ আৰু অৱদান আগবঢ়োৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে  প্ৰশংসা কৰে।কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়- 'বৰ্তমান ৭,১৫৬ গৰাকী  ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ  কৰিছে  আৰু ২০০৮ চনত আৰম্ভ হোৱাৰে পৰা ২১,০০০ৰো অধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰিছে। আই এম ইউত বিগত দশকত নামভৰ্তিৰ হাৰ ৮০% বৃদ্ধি পাইছে। এই কথাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ সপোন পূৰণ কৰিছে।’

 

নতুনকৈ উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে বান প্ৰশমন কাঠামো, আৰ এফ আই ডি সক্ষম পুথিভঁৰাল, সৌৰশক্তিৰ সংস্থাপন আৰু চৌহদত চিমুলেটৰ। এই উন্নীতকৰণৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক এক সামগ্ৰিক, পৰিৱেশগতভাৱে বহনক্ষম তথা প্ৰযুক্তিগতভাৱে উন্নত শিক্ষণৰ পৰিৱেশ প্ৰদান কৰা। আই এম ইউত অনুষ্ঠিত অনুষ্ঠানত  শ্ৰী সোণোৱালে পৰামৰ্শ দিয়ে যে, "গোলকীয় জাহাজ পৰিচালনাৰ ভৱিষ্যত অটোমেচন, কৃত্ৰিম বুদ্ধিমত্তা আৰু সেউজ প্ৰযুক্তিৰ সৈতে নিহিত হৈ আছে। আই এম ইউয়ে এনে উদ্ভাৱনসমূহ নিজৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব যাতে আমাৰ যুৱক-যুৱতীসকলক দ্ৰুতগতিত বিকশিত হোৱা উদ্যোগৰ বাবে প্ৰস্তুত কৰিব পৰা যায়।" তেওঁ আইএমইউক জাহাজ নিৰ্মাণ, জাহাজৰ পুনঃব্যৱহাৰ, আভ্যন্তৰীণ জল পৰিবহণ আৰু হাইড্ৰ’ফ’ইলৰ দৰে উন্নত  প্ৰযুক্তিৰ দৰে উদীয়মান ক্ষেত্ৰসমূহক ইয়াৰ প্ৰশিক্ষণ কাৰ্যসূচীত অন্তৰ্ভুক্ত  কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, ‘ভাৰতৰ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰক আগুৱাই নিবলৈ আমি নিষ্ঠাবান, পেছাদাৰী মানৱ সম্পদ বিচাৰো।আই এম ইউয়ে এই ৰূপান্তৰৰ নেতৃত্ব দিব লাগিব।

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আই এম ইউৰ অধ্যাপক আৰু কৰ্মচাৰীসকলকো তেওঁলোকৰ কৰ্মনিষ্ঠা আৰু দায়বদ্ধতাৰ বাবে প্ৰশংসা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘ভাৰতৰ সামুদ্ৰিক খণ্ডৰ ভৱিষ্যত গঢ় দিয়াত আৰু আমি বিশ্বৰ সামুদ্ৰিক শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা হোৱাটো নিশ্চিত কৰাত আপোনালোকৰ প্ৰচেষ্টা অমূল্য। ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ কৰা বাৰ্তাত শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘আপোনালোক ভাৰতৰ সামুদ্ৰিক দৃষ্টিভংগীৰ ভৱিষ্যত।ইয়াত আপোনালোকে লাভ কৰা জ্ঞান আৰু দক্ষতাই আপোনালোকৰ কেৰিয়াৰ গঢ় দিয়াই নহয়, জাতিটোৰ বৃদ্ধি আৰু সমৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা যোগাব।আমাৰ শিক্ষাবিদসকলৰ নিৰ্দেশনা আৰু অভিজ্ঞতাৰে আমাৰ যুৱ প্ৰজন্মৰ আবেগ আৰু নিষ্ঠাৰ সৈতে সংযুক্ত ভাৰতে এতিয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত কেৱল উন্নয়নৰ  গতিপথেৰে আগবাঢ়িছে। এনেদৰেই ভাৰত ২০৩০ চনৰ ভিতৰত বিশ্বৰ আগশাৰীৰ সামুদ্ৰিক শক্তি হিচাপে পৰিগণিত হ’ব।’-এইদৰে কয় সৰ্বানন্দ সোণোৱালে।

 

নতুনকৈ উদ্বোধন কৰা আন্তঃগাঁথনিয়ে প্ৰশিক্ষণ, গৱেষণা আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত অধিক উৎকৃষ্টতাৰ অনুঘটক হিচাপে কাম কৰিব বুলি আশা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰেষ সামৰণিত তেওঁ কয় “এয়া মাত্ৰ আৰম্ভণিহে, এই মাইলৰ খুঁটিটোৱে ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে আৰু বহু কৃতিত্বৰ সূচনা কৰিব”।

 

অনুষ্ঠানত এৰ্নাকুলামৰ সংসদ সদস্য (লোকসভা) হিবি ইডেন, ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মালিনী ভি শংকৰকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি  উপস্থিত থাকে। অনুষ্ঠানটোৰ সামৰণি পৰে এক আকৰ্ষণীয় পাৰস্পৰিক মত-বিনিময়  অধিৱেশনৰ জৰিয়তে।এই অধিৱেশনত বিশেষজ্ঞ, অধ্যাপক, আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰি সামুদ্ৰিক শিক্ষাৰ ভৱিষ্যত, নাবিক প্ৰশিক্ষণ, উদ্ভাৱন আৰু সমগ্ৰ আইএমইউ চৌহদসমূহত বহনক্ষম আন্তঃগাঁথনিৰ বিকাশ সম্পৰ্কীয় বিভিন্ন দিশৰ  অন্বেষণ কৰা হয়।

 

GDH/HR/DM


(Release ID: 2120287) Visitor Counter : 13


Read this release in: English , Urdu , Hindi , Malayalam