প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানিত
পোষ্ট কৰা হৈছে:
05 APR 2025 2:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ৰাষ্ট্ৰপতি দিছানায়কে ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানিত কৰে। ইয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে ই ভাৰত আৰু শ্ৰীলংকাৰ জনগণৰ মাজত গভীৰভাৱে শিপাই থকা বন্ধুত্ব আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰতীক।
এক্সৰ বিভিন্ন পোষ্টত তেওঁ লিখিছে, ‘আজি ৰাষ্ট্ৰপতি দিছানায়কে ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ সন্মান প্ৰদান কৰাটো মোৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। এই সন্মান অকল মোৰ নহয় - ই ভাৰতৰ ১৪ কোটি জনসাধাৰণৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। ই ভাৰত আৰু শ্ৰীলংকাৰ জনগণৰ মাজত গভীৰভাৱে শিপাই থকা বন্ধুত্ব আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰতীক। এই সন্মানৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
******
MJPS/SR/SKS/MS
(ৰিলিজ আই ডি : 2119465)
অতিথি কক্ষ : 37
ত এই ৰিলিজটো পঢ়ক:
Odia
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada