প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জয়ন্তী উপলক্ষে পৰম পূজ্য ড° শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 APR 2025 9:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰম পূজ্য ড° শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুৰ জয়ন্তী উপলক্ষে  তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ অসাধাৰণ প্ৰচেষ্টাৱলীৰ শলাগ লৈ শ্ৰী মোদীয়ে তেওঁক মমতা আৰু অক্লান্ত সেৱাৰ প্ৰতিমূৰ্তি হিচাপে প্ৰশংসা কৰে, যিয়ে নিস্বাৰ্থ কামে সমাজখনক কেনেদৰে ৰূপান্তৰিত কৰিব পাৰে তাক দেখুৱাইছিল।

এক্সৰ পৃথক পোষ্টত তেওঁ লিখে-"পৰম পূজ্য ড° শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁক মমতা আৰু অক্লান্ত সেৱাৰ প্ৰতিমূৰ্তি হিচাপে স্মৰণ কৰা হয়। তেওঁ নিস্বাৰ্থ কামে সমাজক কেনেদৰে ৰূপান্তৰিত কৰিব পাৰে তাক দেখুৱাইছিল।বিভিন্ন ক্ষেত্ৰত তেওঁৰ অসাধাৰণ প্ৰচেষ্টাই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।"

******

MJPS/SR/DB


(रिलीज़ आईडी: 2117130) आगंतुक पटल : 46
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam