পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প

प्रविष्टि तिथि: 27 MAR 2025 2:56PM by PIB Guwahati

বড়োলেণ্ডকে প্ৰমুখ্য কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাত ৰাষ্ট্ৰীয় ঘাইপথ (NH) প্ৰকল্প (নিৰ্মীয়মান, ২০২৪-২৫ত সম্পূৰ্ণ হোৱা, অনুমোদিত কিন্তু এতিয়াও আৰম্ভ হোৱা নাই)ৰ ৰাজ্য-ভিত্তিক বিৱৰণ তলত উল্লেখ কৰা হৈছেঃ

https://static.pib.gov.in/WriteReadData/userfiles/image/image001UKMJ.png

নিৰ্মীয়মান কাম, সম্পূৰ্ণ হোৱা কাম আৰু অনুমোদিত কিন্তু এতিয়াও আৰম্ভ নোহোৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ব্যয় পূৰণৰ বাবে প্ৰকল্প-ভিত্তিক নহয়, ৰাজ্য-ভিত্তিকভাৱে পুঁজি আবন্টন জনোৱা হয়। ২০২৪-২৫ত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ কামৰ বাবে আবন্টিত পুঁজিৰ পৰিমাণ তলত উল্লেখ কৰা হৈছেঃ

https://static.pib.gov.in/WriteReadData/userfiles/image/image0021E4Y.png

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সম্পূৰ্ণ হোৱাটো বাধা-মুক্ত ভূমিৰ উপলব্ধতা, ফৰেষ্ট ক্লিয়াৰেন্স, পাৰিপাৰ্শ্বিক ক্লিয়াৰেন্স, উপযোগিতা স্থানান্তৰ, কামৰ বতৰ, ঠিকাদাৰৰ আৰ্থিক অৱস্থা আদিৰ ওপৰত নিৰ্ভৰশীল। অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ নিৰ্মীয়মান সকলো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প ২০২৮ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।

উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা আৰু পলম ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ সম্পৰ্কে তলত উল্লেখ কৰা হৈছেঃ

(i) ভূমি অধিগ্ৰহণৰ ব্যৱস্থাক সুশৃংখলিতকৰণ

(ii) বিবাদ নিষ্পত্তি ব্যৱস্থাৰ সংস্কাৰ সাধন

(iii) ভূমি অধিগ্ৰহণ, ক্লিয়াৰেন্স আদিৰ ক্ষেত্ৰত পৰ্য্যাপ্ত প্ৰস্তুতিৰ পিছত প্ৰকল্পসমূহ প্ৰদান কৰা।

(iv) সঠিকভাৱে যুগুত কৰা উপযোগিতা প্ৰাক্কলন এলাইনমেন্ট চূড়ান্তকৰণৰ লগে-লগে যুগুত কৰিব লাগে আৰু মূল্যায়ন প্ৰস্তাৱৰ অংশ হ’ব।

(v) ৰাজ্য চৰকাৰকে প্ৰমুখ্য কৰি সকলো অংশীদাৰৰ সৈতে ঘনিষ্ঠ সমন্বয়

(vi) ভিন্ন স্তৰত নিয়মীয়াকৈ পৰ্য্যালোচনা কৰা

(vii) পৰিসৰ পৰিৱৰ্তন আৰু সময় বৃদ্ধিৰ প্ৰস্তাৱৰ অনুমোদন ক্ষীপ্ৰ কৰা

(viii) কামৰ অনুমোদনৰ পূৰ্বে নেটৱৰ্ক পৰিকল্পনা গোটৰ মূল্যায়ন কৰা যাতে ক্লিয়াৰেন্স সম্পৰ্কীয় বিষয়সমূহৰ সৈতে আগতীয়াকৈ মোকাবিলা কৰিব পৰা যায় আৰু সমাধান সূত্ৰ আগতীয়াকৈ উলিয়াব পৰা যায়।

(ix) দুৰ্গম আৰু প্ৰত্যাহ্বানমূলক ভূখণ্ডত সুৰক্ষা কামৰ যথাযথ ব্যৱস্থা বিশদ প্ৰকল্প প্ৰতিবেদনত অন্তৰ্ভুক্তকৰণ।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে লোকসভাত এটি তৰাবিহীন প্ৰশ্নৰ লিখিত বিবৃতি যোগে এই তথ্য সদৰী কৰে।

***

GDH/HR/SB
 


(रिलीज़ आईडी: 2115784) आगंतुक पटल : 62
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Tamil