গৃহ মন্ত্ৰালয়
শিক্ষাৰ্থীসকলৰ মাজত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ
Posted On:
25 MAR 2025 1:40PM by PIB Guwahati
ভাৰতত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় জৰীপৰ অংশ হিচাপে সমগ্ৰ দেশৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ মাজত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ আৰ্হি আৰু পৰিমাপৰ সমীক্ষা কৰিবলৈ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়-য়ে ২০১৮-১৯ বৰ্ষত "শিক্ষাৰ্থীসকলৰ মাজত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ" শীৰ্ষক এক গুৰুত্বপূৰ্ণ বিষয়ভিত্তিক অধ্যয়ন হিচাপে এক বহু-স্থানিক জৰীপ চলাইছিল। এই কেন্দ্ৰীভূত বিষয়ভিত্তিক অধ্যয়নত সমগ্ৰ দেশৰ দহটা পৃথক স্থানক জৰীপ স্থান হিচাপে বাছনি কৰা হৈছিল।
বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ নমুনাত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ হাৰ (নমুনাৰ সংখ্যা- ৫৯২০)
নিচাযুক্ত দ্ৰব্যৰ শ্ৰেণী
|
যোৱা ১২ মাহত ব্যৱহাৰ কৰা নমুনাৰ সংখ্যা (আৰু শতাংশ হাৰ)
|
গাঁজা
|
১২০ (২.০)
|
শান্তিপ্ৰদায়ক ঔষধী দ্ৰব্য (ছেডাটিভছ)
|
৩৮ (০.৬)
|
আফিংযুক্ত ঔষধী দ্ৰব্য
|
১৬৩ (২.৮)
|
মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ নমুনাত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ হাৰ (এন-২৫৩৩)
দ্ৰব্য
|
যোৱা ১২ মাহত ব্যৱহাৰ কৰা নমুনাৰ সংখ্যা (আৰু শতাংশ হাৰ)
|
চৰছ, গাঁজা
|
১৫৯ (৬.৩)
|
আফিংযুক্ত ঔষধী দ্ৰব্য(অপিয়ড): কানি
|
৯ (০.৪)
|
আফিংযুক্ত ঔষধী দ্ৰব্য(অপিয়ড): হেৰইন
|
৬ (০.২)
|
পিএইচ অপিয়ড
|
৪০ (১.৬)
|
শান্তিপ্ৰদায়ক ঔষধী দ্ৰব্য (ছেডাটিভছ)
|
৩৭ (১.৫)
|
কোকেইন
|
১২ (০.৫)
|
এমফেটামাইন
|
৪ (০.২)
|
হেলুচিনোজেন
|
৯ (০.৪)
|
সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ হৈছে দেশত নিচাযুক্ত ঔষধৰ চাহিদা হ্ৰাস কৰাৰ দায়িত্ববাহী নোডেল বিভাগ। নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ সমস্যাৰে মোকাবিলা কৰিবলৈ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে ‘ৰাষ্ট্ৰীয় নিচাযুক্ত ঔষধৰ চাহিদা হ্ৰাসকৰণ সম্পৰ্কীয় কাৰ্য পৰিকল্পনা’ (এনএপিডিডিআৰ) ৰূপায়ণ কৰি আছে, যি হৈছে এক কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰা আঁচনি যাৰ অধীনত বিদ্যালয়ৰ শিশু আৰু নাবালক যুৱক-যুৱতীসকলৰ পুনৰ্সংস্থাপন আৰু সজাগতাৰ বাবে নিম্নলিখিত পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে:
- চিনাক্তকৃত ২৭২ খন দুৰ্বলস্থিতিৰ জিলাত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে ১৫ আগষ্ট ২০২০ তাৰিখে ‘নিচা মুক্তি ভাৰত অভিযান’ (এনএমবিএ) আৰম্ভ কৰিছিল আৰু এতিয়া সমগ্ৰ দেশৰ সকলো জিলালৈ ইয়াক সম্প্ৰসাৰিত কৰা হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে উচ্চ শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয় চৌহদ আৰু বিদ্যালয়সমূহত বিশেষ গুৰুত্ব প্ৰদান কৰি নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। ই নিৰ্ভৰশীল ব্যক্তিসকলক চিনাক্ত কৰা, চিকিৎসালয় আৰু পুনৰ্সংস্থাপন কেন্দ্ৰত পৰামৰ্শ আৰু চিকিৎসাৰ সুবিধা প্ৰদান কৰা আৰু সেৱা প্ৰদানকাৰীসকলৰ বাবে সামৰ্থ্য নিৰ্মাণ কাৰ্যসূচী পৰিচালনা কৰাতো গুৰুত্ব আৰোপ কৰে।
- ‘এনএমবিএ’-ৰ অধীনত এই পৰ্যন্ত বিভিন্ন ভূমিগত কাৰ্যকলাপে ১৪.৭৯ কোটিৰো অধিক লোকক সজাগ কৰি তুলিছে, যাৰ ভিতৰত আছে ৪.৯৬কোটি যুৱক আৰু ২.৯৭ কোটি মহিলা। এই অভিযানত ৪.১৬ লাখতকৈয়ো অধিক শিক্ষানুষ্ঠান জড়িত হৈ আছে, যাতে ইয়াৰ বাৰ্তা সমগ্ৰ দেশৰ শিশু আৰু যুৱ প্ৰজন্মৰ ওচৰলৈ যায়। ইয়াৰ উপৰিও আন্দোলনটো অধিক শক্তিশালী কৰাৰ বাবে ১০,০০০ ৰো অধিক সমৰ্পিত ‘বিশিষ্ট স্বেচ্ছাসেৱক’ (এমভি) বাচি উলিওৱাৰ লগতে প্ৰশিক্ষণ দিয়া হৈছে।
- ‘বিকশিত নৱচেতনা মডিউল’ (স্কুলীয়া শিশুৰ বাবে জীৱন দক্ষতা আৰু ঔষধ সম্পৰ্কীয় শিক্ষাৰ সন্দৰ্ভত এক নতুন চেতনা)- ‘শিক্ষক প্ৰশিক্ষণ মডিউল’। ‘নৱচেতনা মডিউল’-ৰ লক্ষ্য হৈছে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰা আৰু বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ মাজত জীৱন দক্ষতা সম্পৰ্কীয় শিক্ষাৰ প্ৰচাৰ কৰা।
- ৪৬ টা সম্প্ৰদায় আধাৰিত ‘পীৰ লেড ইণ্টাৰভেশ্যন’ (চিপিএলআই) কেন্দ্ৰবোৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়-ৰ দ্বাৰা সমৰ্থিত। এই ‘চিপিএলআই’সমূহে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ আৰু জীৱনৰ দক্ষতা শিকোৱাৰ বাবে দুৰ্বল আৰু বিপদাশংকাত থকা শিশু আৰু কিশোৰসকলক গুৰুত্ব দিয়ে।
- আসক্তি মুক্ত কৰাৰ বাবে এটা টোল-ফ্ৰী নং, ১৪৪৪৬ হেল্পলাইনৰ জৰিয়তে সহায় বিচৰা ব্যক্তিসকলক প্ৰাথমিক পৰামৰ্শ আৰু তাৎক্ষণিক ৰেফাৰেল সেৱা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই কথা জানিবলৈ দিয়ে।
***
RK/VV/ASH/RR/PR/PS/KB
(Release ID: 2114883)
Visitor Counter : 24