নৌ-পৰিবহন মন্ত্ৰালয়
ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ (এছ এম ডব্লিউ)ত গ্ল’বেল মেৰিটাইম নেতৃত্বৰ সৈতে যোগদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
দ্বিপাক্ষিক সামুদ্ৰিক আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰিবলৈ ছিংগাপুৰৰ মন্ত্ৰীক সাক্ষাৎ সোণোৱালৰ
গ্ল'বেল মেৰিটাইমৰ ধাৰা অন্বেষণ কৰাৰ ক্ষেত্ৰত ফ্ৰান্স, নেদাৰলেণ্ড, নৰৱে আৰু পৰ্তুগালৰ মন্ত্ৰীৰ সৈতে আলোচনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ
प्रविष्टि तिथि:
24 MAR 2025 6:59PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ(এছ এম ডব্লিউ)ত গ্ল’বেল মেৰিটাইম নেতৃত্বৰ সৈতে যোগদান কৰি সুৰক্ষিত, বহনক্ষম আৰু সমৃদ্ধিশালী সামুদ্ৰিক ভৱিষ্যতৰ বাবে আলোচনা কৰে। এই বিষয়ত সুসহংহত কৌশল উদ্ভাৱনৰ বিষয়ত শ্ৰী সোণোৱালে গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে সামুদ্ৰিক ক্ষেত্ৰৰ প্ৰত্যাহ্বানসমূহ আৰু তাৰ সমান্তৰালভাবে সামুদ্ৰিক খণ্ডৰ বিকাশৰ পথসমূহ উন্মোচন কৰাৰ বিষয়ত আলোকপাত কৰে। শ্ৰী সোণোৱালে সামুদ্ৰিক সংযোগ আৰু যোগান শৃংখল শক্তিশালী কৰাৰ লগতে সেউজ বহনক্ষম সামুদ্ৰিক ভৱিষ্যতৰ দিশত সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।
ডিজিটেলাইজেচন আৰু ভৱিষ্যতৰ ৰেডি শ্বিপিং সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ই কেনেকৈ ভাৰতৰ সামুদ্ৰিক নীতিৰ মূল কৌশল হিচাবে বিবেচিত হৈছে সেই বিষয়ত মন্তব্য কৰে। শ্ৰী সোণোৱালে কয় যে ভাৰতৰ অ’এনঅ’পি, এনএলপি (মেৰিন), আৰু মৈত্ৰীৰ দৰে সামুদ্ৰিক নীতিয়ে বন্দৰ সেৱাসমূহ সুশৃংখলিত কৰিছে, লেনদেনৰ সময় কৰ্তন কৰিছে, আৰু বাস্তৱ সময়ৰ তথ্য সক্ষম কৰিছে। ভাৰতে ইউ এ ই আৰু ছিংগাপুৰৰ সৈতেও অংশীদাৰিত্ব কৰি নিৰৱচ্ছিন্ন কাৰ্গো চলাচলৰ বাবে ভাৰ্চুৱেল ট্ৰেড কৰিডৰ সৃষ্টি কৰিছে।
এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘বসুধৈৱ কুটুম্বকম’ৰ ভাৱনা শিপাই থকা ভাৰতৰ সামুদ্ৰিক দৃষ্টিভংগীয়ে সহযোগিতা আৰু ভাগ-বতৰাৰ মাজেৰে সমৃদ্ধিৰ প্ৰসাৰ ঘটায়।এক নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে ভাৰতে এক সেউজ, সুৰক্ষিত, আৰু সৰ্বাংগীন সামুদ্ৰিক ভৱিষ্যত গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।ছিংগাপুৰ আৰু বিশ্ব অংশীদাৰসকলৰ সমান্তৰালভাৱে আমি এক স্থিতিস্থাপকতা উদ্ভাৱন আৰু সামূহিক কাৰ্য্যৰে সামুদ্ৰিক পৰিৱেশ তন্ত্ৰক আগুৱাই নিয়াৰ লক্ষ্য ৰাখিছো ।”
শ্ৰী সোণোৱালে এই সন্মিলনৰ সময়তে ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা প্ৰাক্তন পি এম লি ছিয়েন লুঙক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ আইন মন্ত্ৰালয় আৰু পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী মুৰালী পিল্লাইৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনশক্তি মন্ত্ৰী তথা ছিংগাপুৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী ড০ টান ছি লেংকেকে ধৰি চৰকাৰৰ অন্যান্য জ্যেষ্ঠ সদস্যসকলৰ সৈতেও বৈঠকত মিলিত হয়। ছিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালকৃষ্ণনৰ সৈতেো তেওঁ মত বিনিময় কৰে। সোণোৱালে কয় যে ভাৰতে বাণিজ্যিক পথ সুৰক্ষিত কৰিবলৈ আই এম ই ই চি, ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰ, আৰু উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ দৰে মূল কৰিডৰ বিকশিত কৰি যোগান শৃংখলৰ আঁসোৱাহসমূহ দূৰ কৰিছে। ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগে লজিষ্টিক, বন্দৰ সংযোগ, আৰু বাণিজ্যৰ সুবিধা বৃদ্ধি কৰিব। ভাৰতে নীতি সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে ২০৪৭ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ পাঁচটা জাহাজ নিৰ্মাণৰ স্থান লাভ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। বন্দৰসমূহে ২০৪৭ চনৰ ভিতৰত তেওঁলোকৰ বিশ্বব্যাপী মালবাহী অংশীদাৰিত্ব ৬%ৰ পৰা ১৫%লৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে, যিটো বহৰ আৰু জাহাজ নিৰ্মাণ কাৰখানা সম্প্ৰসাৰণৰ বাবে সামুদ্ৰিক উন্নয়ন পুঁজিৰ দ্বাৰা সমৰ্থিত। জিফ্ট চিটিয়ে সামুদ্ৰিক বিত্ত আৰু জাহাজ লিজিঙৰ বাবেও বিশ্বব্যাপী কেন্দ্ৰ হিচাপে উত্থান ঘটিছে, যিয়ে বিশ্ব পুঁজিলৈ প্ৰতিযোগিতামূলক প্ৰৱেশদ্বাৰ প্ৰদান কৰিছে, এছএমডব্লিউত শ্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “জলবায়ু পৰিৱৰ্তন আৰু ভূ-ৰাজনীতিৰ পৰা আৰম্ভ কৰি ডিজিটেল বিঘিনি আৰু পৰিৱৰ্তনশীল বাণিজ্যিক আৰ্হিলৈকে সামুদ্ৰিক খণ্ডই প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাৰে সন্মুখীন হৈছে ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত, ভাৰতে আধুনিক, আত্মনিৰ্ভৰশীল, আৰু বিশ্বব্যাপী সংযুক্ত অৰ্থনীতি হিচাপে আগবাঢ়িছে।
সামৰণি ভাষণত শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ভাৰতৰ সামুদ্ৰিক কৌশলৰ বহনক্ষমতা কেন্দ্ৰীয় গুৰুত্বৰ বিষয়। আমি সেউজ বন্দৰৰ আন্তঃগাঁথনি আগবঢ়াই নিছো, কম নিৰ্গমনযুক্ত জাহাজৰ পৰিবহণক প্ৰসাৰিত কৰিছো আৰু কম কাৰ্বনযুক্ত জাহাজ উদ্ভাৱনক সমৰ্থন কৰিছো।তিনিটা সেউজ হাইড্ৰ'জেন হাব বন্দৰ— কান্দলা, টুটিক'ৰিন, আৰু পাৰাদিপ—ই বিকল্প ইন্ধন গ্ৰহণ আৰু সেউজ হাইড্ৰ'জেন উৎপাদনক আগুৱাই নিব। ভাৰতে এতিয়া আইএমঅ'ৰ সেউজ হাইড্ৰ'জেন উৎপাদনৰ নেতৃত্ব দি আছে। প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নশীল ৰাষ্ট্ৰসমূহক তেওঁলোকৰ শক্তি পৰিৱৰ্তনত সহায় কৰা আমাৰ প্ৰতিশ্ৰুতি বাস্তৱ কৰাৰ কাম চলি আছে। স্বচ্ছ শক্তি আৰু স্মাৰ্ট লজিষ্টিকছৰ ওপৰত গুৰুত্ব আৰোপ কৰা সেউজ জাহাজ কৰিডৰ বিকাশৰ ক্ষেত্ৰতো বিস্তৃত সুযোগৰ সৃষ্টি কৰা হৈছে।" সৰ্বানন্দ সোণোৱালে এপিএম টাৰ্মিনেল, গেটৱে টাৰ্মিনেলকে ধৰি সামুদ্ৰিক খণ্ডৰ অন্যান্য কৰ্প’ৰেট নেতাৰ লগতে অ’এনৰ গ্ল’বেল চিইঅ’ জেৰেমি নিক্সন আৰু মাছাছি হামাদাকে ধৰি উদ্যোগৰ বিশিষ্ট ব্যক্তিসকলকো সাক্ষাৎ কৰে।
(रिलीज़ आईडी: 2114637)
आगंतुक पटल : 48