বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
মিজোৰামৰ পৰা ছিংগাপুৰলৈ প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰা হ'ল এন্থুৰিয়াম ফুল , ভাৰতত ফুলৰ খেতিয়ে কঢ়িয়াইছে সম্ভাৱনাৰ ৰেঙনি
ৰপ্তানিৰ দুৱাৰ মুকলি কৰিছে এপেডাই , ভাৰতৰ ফুল ৰপ্তানিত উত্তৰ-পূব অঞ্চলৰ ভূমিকা হৈছে শক্তিশালী
Posted On:
22 MAR 2025 12:14PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ভাৰতৰ ফুল ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই মিজোৰাম চৰকাৰৰ উদ্যান শস্য বিভাগৰ সহযোগত মিজোৰামৰ আইজলৰ পৰা ছিংগাপুৰলৈ প্ৰথমবাৰৰ বাবে এন্থুৰিয়াম ফুলৰ ৰপ্তানি আৰম্ভ কৰিছে। হাইব্ৰিড (ফিজিটেল) ফৰ্মেটত অনুষ্ঠিত ফুল ৰপ্তানিৰ এই অনুষ্ঠানটো ২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় ।এপেডাৰ অধ্যক্ষ শ্ৰী অভিষেক দেৱ আৰু উদ্যান শস্য বিভাগৰ বিশেষ সচিব, চৰকাৰী ড. মিজোৰামৰ শ্ৰীমতী ড. ৰামদিনলিয়ানীয়ে মিজোৰামৰ পৰা ছিংগাপুৰলৈ প্ৰথমটো এন্থুৰিয়াম ফুলৰ ৰপ্তানিৰ ফ্লেগ অফ কৰে। উদ্যান শস্য বিভাগৰ লগতে এপেডাৰ বিষয়াসকল, মিজোৰামৰ জো এন্থুৰিয়াম গ্ৰ’ৱাৰ্ছ সমবায় সমিতি, আইভিচি এগ্ৰ’ভেট প্ৰাইভেট লিমিটেড, আৰু ভেজ প্ৰ’ ছিংগাপুৰ প্ৰাইভেট লিমিটেডৰ কাৰ্যকৰ্তাসকলে এই আনুষ্ঠানিক ফ্লেগ অফত অনুষ্ঠানত অংশগ্ৰহণ কৰে।
৫০টা বাকচত ভৰাই ১০২৪টা এন্থুৰিয়াম ফুল (৭০ কিলোগ্ৰাম ওজন) আইভিচি এগ্ৰ’ভেট প্ৰাইভেট লিমিটেডে ৰপ্তানি কৰে। মিজোৰামৰ আইজলৰ পৰা কলকাতা হৈ ছিংগাপুৰলৈ এই ফুল ৰপ্তানি কৰা হয়। মিজোৰামৰ আইজলৰ জো এন্থুৰিয়াম গ্ৰ’ৱাৰ্ছ কোঅপাৰেটিভ ছ’চাইটিৰ পৰা এই ফুল আমদানি কৰিছিল ভেজ প্ৰ’ ছিংগাপুৰ প্ৰাইভেটে। এই ৰপ্তানিয়ে অঞ্চলটোৰ ফুলৰ খেতিৰ বিশ্বমুখী যাত্ৰাত এক মাইলৰ খুঁটি হিচাবে চিহ্নিত কৰিছে।
মিজোৰামত এন্থুৰিয়াম হৈছে এক অন্যতম গুৰুত্বপূৰ্ণ ফুল। এই ফুলৰ খেতিয়ে স্থানীয় অৰ্থনৈতিক কাৰ্যকলাপক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ মহিলাকে ধৰি কৃষকসকল এই ফুলৰ খেতি কৰি উপকৃত হৈছে। এই ফুলৰ খেতি স্থানীয় জনগোষ্ঠীসমূহৰ জীৱিকা আৰু সবলীকৰণৰ উৎস হৈ পৰিছে। মিজোৰামে প্ৰতি বছৰে “এন্থুৰিয়াম উৎসৱ”ৰো আয়োজন কৰি আহিছে। যি উৎসৱে পৰ্যটনক প্ৰসাৰিত কৰি আহিছে আৰু ফুলবিধৰ সৌন্দৰ্য্য তথা অলংকাৰিক মূল্যক উজ্জ্বল কৰি তুলিছে। ২০২৪ চনৰ ৬ ডিচেম্বৰত আইজলত মিজোৰাম চৰকাৰৰ সহযোগত এপেডাৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় কনক্লেভ আৰু ক্ৰেতা-বিক্ৰেতা সন্মিলন (আই বি এছ এম)ৰ সফলতাৰ পিছতে মিজোৰামৰ পৰা ছিংগাপুৰলৈ প্ৰথমবাৰৰ বাবে এন্থুৰিয়াম ফুল ৰপ্তানি কৰা হয়। আই বি এছ এমত ছিংগাপুৰ, ইউ এ ই, নেপাল, জৰ্ডান, ওমান, আজাৰবাইজান, ৰাছিয়া, ইথিওপিয়াৰ দৰে দেশৰ ৯ গৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাৰ লগতে ২৪ টা ঘৰুৱা ৰপ্তানিকাৰী প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানে মিজোৰামৰ ফুলৰ খেতিৰ বাবে গুৰুত্বপূৰ্ণ বাণিজ্যিক সংযোগ আৰু বজাৰৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিছে।
ভাৰতৰ ফুলৰ খেতিৰ ৰপ্তানি ২০২৩-২০২৪ বিত্তীয় বৰ্ষত ৮৬.৬২ মিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছিল । মিজোৰামৰ পৰা ছিংগাপুৰলৈ এন্থুৰিয়াম ফুলৰ এই প্ৰথম ৰপ্তানিয়ে বিশেষকৈ উত্তৰ-পূব অঞ্চলৰ পৰা ফুলৰ খেতিৰ ৰপ্তানি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। উদ্যান আৰু ফুল সম্পৰ্কীয় সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছে। ৰপ্তানিসম্পৰ্কীয় প্ৰচাৰমূলক কাৰ্য্যকলাপ আৰু অঞ্চলটোৰ বিভিন্ন অংশীদাৰৰ সৈতে সহযোগিতাৰ জৰিয়তে এই সম্ভাৱনাক অধিক উজ্জ্বল কৰি তুলিবলৈ এপেডাই প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষ (APEDA) ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ এক সংস্থা। এপেডাৰ লক্ষ্য হৈছে ভাৰতৰ পৰা কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰীৰ ৰপ্তানিৰ বিকাশ, এই সম্পৰ্কীয় সুবিধা তথা সুযোগৰ প্ৰসাৰ, বিশ্বৰ খাদ্য আৰু পানীয় উদ্যোগত দেশৰ স্থিতি শক্তিশালী কৰা।
(Release ID: 2114099)
Visitor Counter : 31