তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

এনিমেচন চলচ্চিত্ৰ নিৰ্মাতা প্ৰতিযোগিতা

এনিমেচনৰ জড়িয়তে সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ বহিঃপ্ৰকাশ ঘটাওক

Posted On: 09 MAR 2025 12:05PM by PIB Guwahati

পাতনি

 

এনিমেচন চলচ্চিত্ৰ নিৰ্মাতা প্ৰতিযোগিতা হৈছে এনিমেচনৰ ক্ষেত্ৰত ভাৰতৰ  কাহিনী বৰ্ণনাকৰাসকলক উদ্ভাসিত কৰি তোলা আৰু তেওঁলোকৰ সবলীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা  এক অগ্ৰণী পদক্ষেপ। দেশজুৰি অনুষ্ঠিত হ'বলগীয়া এই এই প্ৰতিযোগিতালৈ চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ সৃষ্টিশীলতা আৰু উদ্ভাৱন প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ই তেওঁলোকক দৰ্শকৰ মাজত ভাবৰ উদ্ৰেক ঘটাব পৰা  মৌলিক এনিমেটেড ছবি উপস্থাপন কৰাৰ এক মঞ্চ প্ৰদান কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (আই এণ্ড বি) এনিমেচনৰ অগ্ৰণী প্ৰতিষ্ঠান  ডান্সিং এটমছৰ সৈতে মিলি বিশ্ব অডিঅ’ ভিজুৱেল আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলনৰ (WAVES) অংশ হিচাপে এই প্ৰতিযোগিতা আৰম্ভ কৰিছে।

 বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES)ৰ প্ৰথম সংস্কৰণ হৈছে সমগ্ৰ মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ অভিসৰণৰ বাবে সাজু হৈ উঠা  এক অনন্য হাব আৰু বিশেষ প্লেটফৰ্ম। গ্লোবেল মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট উদ্যোগৰ কেন্দ্ৰবিন্দু হিচাবে  ভাৰতক প্ৰতিষ্ঠা কৰা আৰু ভাৰতীয় মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট খণ্ডৰ সৈতে  তেওঁলোকৰ প্ৰতিভাৰ   সংযোগ ঘটোৱাৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানটো হৈছে এক অগ্ৰণী বিশ্বজনীন অনুষ্ঠান।

২০২৫ চনৰ ১-৪ মে’লৈ মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ এণ্ড জিঅ’ ৱৰ্ল্ড গাৰ্ডেনত অনুষ্ঠিত হ’ব এই সন্মিলন। এই সন্মিলনৰ  চাৰিটা মূল স্তম্ভ—ব্ৰডকাষ্টিং এণ্ড ইনফ’টেনমেণ্ট, এভিজিচি-এক্সআৰ, ডিজিটেল মিডিয়া এণ্ড ইনোভেচন, আৰু ফিল্মছ-ৱেভছে ভাৰতৰ মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যতক অধিক উজলাই তুলিবলৈ উদ্যোগটোৰ শীৰ্ষ ব্যক্তি , সমল সৃষ্টিকৰ্তা আৰু প্ৰযুক্তিবিদসকলক একত্ৰিত কৰিব।

 

এনিমেচন ফিল্মমেকাৰ প্ৰতিযোগিতাখন ৱেভছ এভিজিচি-এক্সআৰ (এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক্স, এক্সটেণ্ডেড ৰিয়েলিটি) কাঠামোৰ স্তম্ভ ২ৰ অধীনত গ্ৰহণ কৰা এক মূল পদক্ষেপ। এতিয়া প্ৰত্যাহ্বানৰ বাবে পঞ্জীয়ন বন্ধ  হৈছে আৰু  ১৯ গৰাকী আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীকে ধৰি উল্লেখযোগ্যভাবে ১২৯০গৰাকী অংশগ্ৰহণকাৰীয়ে এই প্ৰতিযোগিতাৰ বাবে নিজৰ প্ৰৱেশৰ  আবেদন পত্ৰ দাখিল কৰিছে। প্ৰতিযোগীসকলৰ এনে শক্তিশালী সঁহাৰিয়ে প্ৰতিযোগিতাখনৰ প্ৰতি মানুহৰ  ক্ৰমবৰ্ধমান আগ্ৰহ আৰু বিশ্বব্যাপী অনুভূত হোৱা আবেদনক উজ্জ্বল কৰি তুলিছে।

 

যোগ্যতাৰ মাপকাঠী

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আবেদনকাৰীয়ে আবেদন দাখিলৰ সময়সীমাৰ উল্লেখিত  যোগ্যতাৰ মাপকাঠীসমূহ পূৰণ কৰিব লগীয়া হৈছিল

 

এই মাপকাঠীসমূহে বিভিন্ন পটভূমিৰ পৰা অহা বৃহৎ সংখ্যক অংশগ্ৰহণকাৰীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিছিল।

 

আবেদন জমা দিয়া সন্দৰ্ভত নিৰ্দেশনা

 

পঞ্জীয়নৰ সময়ত অংশগ্ৰহণকাৰীসকলে আদেদন দাখিলৰ  সময়সীমাৰ পূৰ্বে তলত উল্লেখ কৰা সামগ্ৰীসমূহ জমা দিব লাগিছিল:

 

• তেওঁলোকৰ ছবিৰ ধাৰণাটোৰ এক সাৰাংশ দাঙি ধৰা এটা লগোলাইন।

• তেওঁলোকৰ ছবিখনৰ ধাৰণা আৰু কাহিনীৰ ৰূপৰেখা দাঙি ধৰা ২ পৃষ্ঠাৰ সাৰাংশ।

• তেওঁলোকৰ ধাৰণাটোৰ সাৰমৰ্মক দৃশ্যগতভাৱে প্ৰতিফলিত কৰিব পৰাকৈ এখন পোষ্টাৰ।

 

 

এই প্ৰতিযোগিতাৰ বাবে যিকোনো ভাষাতে ছবি নিৰ্মাণ কৰিব পৰা যাব যদিও অংশগ্ৰহণকাৰীসকলক আবেদন জমা দিয়াৰ প্ৰ-পত্ৰ ইংৰাজী ভাষাত পূৰণ কৰাটো নিশ্চিত কৰিবলৈ কোৱা হৈছিল। কিয়নো প্ৰতিযোগিতাখনত জুৰিৰ আন্তঃৰাষ্ট্ৰীয় পেনেল অন্তৰ্ভুক্ত কৰা হৈছে।

 

নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে বিশেষ  মাষ্টাৰক্লাছ আৰু উদ্যোগ বিশেষজ্ঞৰ  মেণ্টৰশ্বিপৰ জৰিয়তে নিজৰ চলচ্চিত্ৰৰ ধাৰণাসমূহ পৰিশোধন কৰাৰ সুযোগ পাব। প্ৰতিযোগিতাখন একাধিক পৰ্যায়ত আয়োজন  কৰা হৈছে, যাৰ লক্ষ্য হৈছে আটাইতকৈ আশাব্যঞ্জক ধাৰণাসমূহক উপযুক্তভাবে  উন্নীত কৰা।

 

গুৰুত্বপূৰ্ণ সময়সীমা

 

প্ৰতিযোগিতাখনৰ বাবে আবেদন  জমা দিয়াৰ সময়সীমা ২০২৪ চনৰ ১০ ছেপ্টেম্বৰত আৰম্ভ হৈছিল আৰু ২০২৪ চনৰ ৩০ নৱেম্বৰত বন্ধ হৈছিল।ইয়াৰ পিছত নিৰ্বাচন আৰু মেণ্টৰশ্বিপৰ ৰাউণ্ড চলি আছে, চূড়ান্ত নিৰ্বাচনৰ বিষয়ে ২০২৫ চনৰ এপ্ৰিল মাহত ঘোষণা কৰা হ’ব।

 

আবেদন দাখিলৰ মুকলিৰ দিন : ১০ ছেপ্টেম্বৰ, ২০২৪

আবেদন জমা দিয়া বন্ধৰ দিন: ৩০ নৱেম্বৰ, ২০২৪

মেণ্টৰশ্বিপ পৰ্যায় ১: ডিচেম্বৰ ২০২৪

বাছনি ৰাউণ্ড ১: ডিচেম্বৰ ২০২৪

মেণ্টৰশ্বিপ পৰ্যায় ২: জানুৱাৰী ২০২৫

নিৰ্বাচনৰ দ্বিতীয় ৰাউণ্ড: জানুৱাৰী ২০২৫

মেণ্টৰশ্বিপ আৰু মাষ্টাৰক্লাছ: ফেব্ৰুৱাৰী - মাৰ্চ ২০২৫

বাছনি ৰাউণ্ড তিনি: ফেব্ৰুৱাৰী ২০২৫

চূড়ান্ত নিৰ্বাচন: এপ্ৰিল ২০২৫

ৱেভছত ব্যক্তিগতভাৱে উপস্থিত থকাৰ সময়ত ২০২৫ চনৰ মে’ মাহত

 

মূল্যায়নৰ মাপকাঠী

 

 

 

বিচাৰকসকলে  উল্লেখিত  মূল মাপকাঠীৰ ভিত্তিত দাখিল কৰা তথ্যৰ মূল্যায়ন কৰিব:

 

 

 

পুৰষ্কাৰ

 

 

 

 

এনিমেচন চলচ্চিত্ৰ নিৰ্মাতা প্ৰতিযোগিতাই অপেছাদাৰী আৰু পেছাদাৰী উভয়ৰে বাবে নিজৰ সৃষ্টিশীল ধাৰণা প্ৰদৰ্শনৰ এক অনন্য সুযোগ প্ৰদান কৰিব। অংশগ্ৰহণকাৰীসকলে বিশেষজ্ঞ মেণ্টৰশ্বিপ, মাষ্টাৰক্লাছ আৰু উদ্যোগৰ শীৰ্ষ ব্যক্তিসকলৰ আগত নিজৰ প্ৰকল্পসমূহ উপস্থাপন কৰাৰ সুযোগ লাভ কৰিব আৰু ইয়াৰ দ্বাৰা তেওঁলোক উপকৃত হ’ব।  বিজয়ীসকলৰ বাবে অপেক্ষা কৰি আছে ৰোমাঞ্চকৰ পুৰস্কাৰ আৰু বিশ্বব্যাপী প্ৰতিষ্ঠাৰ সুযোগ।

 

উপসংহাৰ

 

এনিমেচন চলচ্চিত্ৰ নিৰ্মাতা প্ৰতিযোগিতাই সমল সৃষ্টিকৰ্তাসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক অনন্য মঞ্চ প্ৰদান কৰিব। মেণ্টৰশ্বিপ, মাষ্টাৰক্লাছ  আৰু উদ্যোগৰ শীৰ্ষ ব্যক্তিসকলৰ নিজৰ প্ৰতিভাক উজলাই তোলাৰ সুযোগ প্ৰদান কৰিব। চূড়ান্ত নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে এই প্ৰতিযোগিতাই ভাৰতৰ এনিমেচন খণ্ডত সৃষ্টিশীলতা আৰু উদ্ভাৱনক নতুন ৰূপত  অনুপ্ৰাণিত কৰিছে।

 

তথ্যসূত্ৰসমূহ

https://wavesindia.org/challenges-2025

https://waves.dancingatoms.com/wafc

পিডিএফ চাবলৈ ইয়াত ক্লিক কৰক

 

 

ৱেভছৰ বিষয়ে

 

ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ আয়োজন কৰিব মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ  অনুষ্ঠান (WAVES)।

আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সমল সৃষ্টিকৰ্তা বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু এম এণ্ড ই খণ্ডত  অৰিহণা যোগাবলৈ বিশ্বব্যাপী মঞ্চ এখন  প্ৰদান কৰিছে।

ৱেভছে  ভাৰতৰ সৃষ্টিশীল শক্তিৰ বিকাশ সাধন কৰিবলৈ সাজু হৈছে, কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি, আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থান বৃদ্ধি কৰিব। এই অনুষ্ঠানত গুৰুত্ব দিয়া উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি (এ আৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)।

কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক

আহক, আমাৰ সৈতে একেলগে এই মহাযাত্ৰাৰ সহযোগী হওঁক! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক (অতিশীঘ্ৰে আহি আছে!)।


(Release ID: 2110349) Visitor Counter : 7