নৌ-পৰিবহন মন্ত্ৰালয়
‘এনএইচএলএমএল’ আৰু ‘আইডব্লিউএআই’য়ে বাৰাণসীৰ অত্যাধুনিক ‘মাল্টি-মডেল লজিষ্টিক পাৰ্কৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে
Posted On:
11 MAR 2025 1:37PM by PIB Guwahati
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতিন গাড়কাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি ‘ৰাষ্ট্ৰীয় ঘাইপথ লজিষ্টিক মেনেজমেণ্ট লিমিটেড’ (এনএইচএলএমএল) আৰু ‘ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ’ (আইডব্লিউএআই)ৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
এই বুজাবুজি চুক্তিৰ অৰ্থ হৈছে উত্তৰ প্ৰদেশৰ বাৰাণসীত এক অত্যাধুনিক ‘মাল্টি-মোডেল লজিষ্টিক পাৰ্ক’ (এমএমএলপি) বিকশিত কৰা।
‘এমএমএলপি’ৰ উল্লেখনীয় দিশসমূহ
১৫০ একৰৰ উদ্যানখন কৌশলগতভাৱে ৬৫০ মিটাৰ প্ৰৱেশ পথৰ জৰিয়তে ‘ৰাষ্ট্ৰীয় ঘাইপথ ৭;-ৰ সৈতে সংযোজিত আৰু ‘ৰাষ্ট্ৰীয় ঘাইপথ ৭-এনএইচ২ জংচন’ৰ পৰা মাত্ৰ ১.৫ কিলোমিটাৰ দূৰত।
ইয়াক জিঅ’নাথপুৰ ষ্টেশ্যন আৰু ‘ৰাষ্ট্ৰীয় জলপথ-১’ৰ পৰা ৫.১ কিলোমিটাৰ ৰে'লপথৰ জৰিয়তে ‘ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ’-ৰ সৈতে সংলগ্ন কৰা হ'ব আৰু ‘লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰ’ৰ পৰা ৩০ কিলোমিটাৰ দূৰত অৱস্থিত।
এই প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ বিনিয়োগ আৰু নিযুক্তিৰ সুযোগ, ভাৰতৰ লজিষ্টিক খণ্ড শক্তিশালী কৰা, বাণিজ্য দক্ষতা বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশৰ প্ৰতিশ্ৰুতি দিয়ে।
এই পদক্ষেপটো হৈছে লজিষ্টিক খণ্ডৰ বিকাশ আৰু গোলকীয় অৰ্থনৈতিক শক্তিক্ষেত্ৰ হিচাপে ইয়াৰ স্থিতি শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ এক প্ৰমাণ।

***
GDH/HR/SJ/KB
(Release ID: 2110231)
Visitor Counter : 35