প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
10 MAR 2025 7:56PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ হৃদয়স্পৰ্শী পৰিবেশনে আমাৰ চহকী আধ্যাত্মিক আৰু সংগীত ঐতিহ্যক সংৰক্ষণ কৰাৰ লগতে গভীৰ সন্মান প্ৰদৰ্শনেৰে অগণন হৃদয়ক স্পৰ্শ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স হেণ্ডেলত এই সন্দৰ্ভত এটা পোষ্টত উল্লেখ কৰিছে -
"গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ মৃত্যুত গভীৰভাৱে ব্যথিত হৈছো। গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ হৃদয়স্পৰ্শী পৰিবেশনে আমাৰ চহকী আধ্যাত্মিক আৰু সংগীত ঐতিহ্যক সংৰক্ষণ কৰাৰ লগতে গভীৰ সন্মান প্ৰদৰ্শনেৰে অগণন হৃদয়ক স্পৰ্শ কৰিছে। তেওঁক সদায় এজন গুণী সংগীতজ্ঞ আৰু সুৰকাৰ হিচাপে যুগে যুগে স্মৰণ কৰা হ'ব। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা। ঔঁম শান্তি। – প্ৰধানমন্ত্ৰী @narendramodi"
***
MJPS/VJ
(ৰিলিজ আই ডি : 2110098)
অতিথি কক্ষ : 49
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam