উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

কলকাতাত ড’নাৰ মন্ত্ৰালয়ৰ ৰোডশ্ব', ৭ মাৰ্চ, ২০২৫

Posted On: 07 MAR 2025 6:29PM by PIB Guwahati

উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত আজি কলকাতাত উত্তৰ পূৰ্বাঞ্চল বাণিজ্য আৰু বিনিয়োগ ৰোডশ্ব'ৰ আয়োজন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সুযোগ বিচাৰি উলিয়াবলৈ আগ্ৰহী সম্ভাৱ্য বিনিয়োগকাৰীৰ এই ৰোডশ্ব’ই আগ্ৰহ জগাই তোলে। অনুষ্ঠানত ড’নাৰ মন্ত্ৰী তথা শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰৰ লগতে ড’নাৰ মন্ত্ৰালয়, উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। সমগ্ৰ ভাৰতবৰ্ষত ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা ৰোডশ্ব’ৰ আন এক মাইলৰ খুঁটি হিচাপে এই অনুষ্ঠানটোৱে উত্তৰ-পূব ভাৰতৰ এতিয়ালৈকে অনাবৃত সম্ভাৱনাক প্ৰদৰ্শন কৰে।

ড’নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কলকাতা ৰোডশ্ব’ত আগবঢ়োৱা ভাষণত উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনাৰ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী শ্বেয়াৰ কৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে বিনিয়োগৰ সুযোগ আৰু একেলগে “বিকশিত ভাৰত” গঢ়ি তোলাৰ বাবে কেনেকৈ উল্লেখযোগ্য সহায় আগবঢ়াইছে সেই বিষয়ে ব্যাখ্যা কৰে।

তেওঁ বিগত ১০ বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত বিমান, পথ আৰু ৰে’ল সংযোগ, জলপথ আদিৰ সম্প্ৰসাৰণকে ধৰি আন্তঃগাঁথনি খণ্ডত সম্পাদন কৰা বৃহৎ উন্নয়নমূলক পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে এই কথাও আলোকপাত কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ প্ৰতিখন ৰাজ্যই অনন্য শক্তি, সম্পদ আৰু সুযোগসমূহ সন্নিৱিষ্ট কৰি অঞ্চলটোক ভাৰতৰ বিকাশৰ এক অমূল্য সম্পদ হিচাপে গঢ়ি তুলিছে। চহকী সাংস্কৃতিক বৈচিত্ৰ্যৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক সৌন্দৰ্য্য আৰু কৌশলগত অৱস্থানলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ দেশৰ অন্যতম আগশাৰীৰ অৰ্থনৈতিক শক্তিশালী দেশ হিচাপে আত্মপ্ৰকাশ কৰাৰ অপৰিসীম সম্ভাৱনা আছে। দক্ষিণ-পূব এছিয়াৰ সৈতে ইয়াৰ সান্নিধ্যই উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ প্ৰৱেশদ্বাৰ হিচাপেও স্থান দিছে, যিটো  ভাৰতৰ এক্ট ইষ্ট পলিচিৰ সৈতে নিখুঁতভাৱে মিলি গৈছে।

তেওঁ লগতে কয় যে এই ৰোডশ্ব’ই উদ্যোগসমূহক শক্তিশালী কৰা, বিনিয়োগক আকৰ্ষণ কৰা আৰু বহনক্ষম বৃদ্ধিৰ বাবে অনুকূল পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰা নীতিসমূহক লালন-পালনৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰে, য’ত আইটি আৰু আইটিইএছ, স্বাস্থ্যসেৱা, কৃষি আৰু সংশ্লিষ্ট, শিক্ষা আৰু দক্ষতা বিকাশ, ক্ৰীড়া আৰু মনোৰঞ্জন, পৰ্যটন আৰু আতিথ্য, আন্তঃগাঁথনি, বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প আৰু শক্তি আৰু লজিষ্টিকছৰ দৰে ক্ষেত্ৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। কলকাতা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্য হৈছে দুয়োটা অঞ্চলৰ শক্তিক লাভৱান কৰি পাৰস্পৰিক বৃদ্ধি আৰু সমৃদ্ধিৰ পোষকতা কৰা এক সহযোগিতা সৃষ্টি কৰা। তেওঁ কলকাতাৰ গতিশীল ব্যৱসায়ী সমাজক উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাক অন্বেষণ কৰিবলৈ আৰু উত্তৰ-পূৰ্বাঞ্চলক কেৱল বিনিয়োগৰ গন্তব্যস্থান হিচাপেই নহয়, এক অনন্য কাহিনী আৰু সীমাহীন সম্ভাৱনা থকা অঞ্চল হিচাপেও বিবেচনা কৰিবলৈ আমন্ত্ৰণ জনায়। ভাষণৰ সামৰণিত তেওঁ উত্তৰ-পূৰ্বাঞ্চললৈ বিনিয়োগকাৰীক আমন্ত্ৰণ জনায়, যাতে অঞ্চলটোৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ড’নাৰ মন্ত্ৰালয়ৰ পৰিসংখ্যা উপদেষ্টা শ্ৰী ধৰমবীৰ ঝাই উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগ আৰু বাণিজ্যৰ সুযোগ সম্পৰ্কে ভাষণ দি উত্তৰ পূৰ্বাঞ্চলৰ চহকী অনাবৃত সম্ভাৱনা থকা বুলি গুৰুত্ব আৰোপ কৰে। তেওঁ জনোৱা মতে, যোৱা ১০ বছৰৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে বিমান, ৰে’ল, পথ বা জলপথকে ধৰি সকলো সংযোগৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি হৈছে। তেওঁ কয় যে একাধিক খণ্ডত যথেষ্ট সুযোগ থকাৰ বাবে উত্তৰ-পূব ভাৰতে বিনিয়োগকাৰীক নিজৰ বিশাল সম্ভাৱনাক অন্বেষণ কৰিবলৈ আৰু ইয়াৰ বিকাশৰ যাত্ৰাৰ অংশ হ’বলৈ আদৰণি জনায়।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ (ডিপিআইআইটি) প্ৰতিনিধিয়ে ইউএনএটিআই আঁচনিৰ ওপৰত বিশদ উপস্থাপন কৰি উপস্থিত লোকসকলক ইয়াৰ সুবিধা আৰু ইয়াৰ লগত জড়িত উদগনিৰ বিষয়ে বিস্তৃত তথ্য প্ৰদান কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ইউএনএটিআই আঁচনিখনে বিনিয়োগকাৰী আৰু উৎপাদন কোম্পানীসমূহক আকৰ্ষণ কৰিবলৈ উদগনি প্ৰদান, ‘এক্ট ইষ্ট পলিচি’ক সমৰ্থন আৰু আমদানি নিৰ্ভৰশীলতা হ্ৰাস আৰু ৰপ্তানি বৃদ্ধিৰ বাবে ঘৰুৱা উৎপাদন আৰু সেৱাসমূহক প্ৰসাৰিত কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ বিষয়াসকলে বিভিন্ন খণ্ডৰ সম্ভাৱনাপূৰ্ণ সুযোগসমূহৰ বিষয়ে ফলপ্ৰসূ অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰে। কলকাতা ৰোডশ্ব’ত উদ্যোগৰ নেতাসকলৰ  অংশগ্ৰহণক আকৰ্ষণ কৰি উত্তৰ-পূব ভাৰতত বিনিয়োগত অধিক শক্তি প্ৰদান তোলে। এই অনুষ্ঠানত কেইবাখনো বি টু জি বৈঠকৰো আয়োজন কৰা হয়, য’ত বিনিয়োগকাৰীসকলে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰাৰ এক মঞ্চ প্ৰদান কৰে। ৰোডশ্ব’ৰ সময়ত ১২,৫১৬ কোটি টকাৰ বিনিয়োগৰ সুত উদ্দেশ্য/ বুজাবুজিৰ চুক্তিৰ ৰূপত লাভ কৰা হয়।

কলকাতা ৰোডশ্ব’ৰ ইতিবাচক সঁহাৰিৰে সামৰণি পৰে। ৰোডশ্ব’ত অংশগ্ৰহণকাৰীসকলে উত্তৰ-পূৰ্বাঞ্চলত সহযোগিতামূলক উদ্যোগসমূহৰ সন্ধানৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰে। এই অনুষ্ঠানে কেৱল অৰ্থপূৰ্ণ আলোচনাৰ পোষকতা কৰাই নহয়, ভৱিষ্যতৰ অংশীদাৰিত্বৰ আধাৰো স্থাপন কৰে, যিয়ে অঞ্চলটোৰ অৰ্থনৈতিক বৃদ্ধি আৰু বহনক্ষম উন্নয়নক আগুৱাই লৈ যাব।

 

*****

Samrat/Dheeraj/Allein/DB


(Release ID: 2109316) Visitor Counter : 11


Read this release in: Urdu , Hindi , English , Bengali