নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

নদী ক্ৰুজ পৰ্যটন বৃদ্ধিৰ বাবে জম্মু আৰু কাশ্মীৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ আইডব্লিউএআইৰ

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত শ্ৰীনগৰত অনুষ্ঠিত চিন্তন শিৱিৰৰ সমান্তৰালভাৱে স্বাক্ষৰিত বুজাবুজি চুক্তি

Posted On: 06 MAR 2025 4:29PM by PIB Guwahati

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে জম্মু-কাশ্মীৰ চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে, যাতে জম্মু আৰু কাশ্মীৰৰ তিনিটা ৰাষ্ট্ৰীয় জলপথত নদী ক্ৰুজ পৰ্যটন বৃদ্ধি পায়।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰৰ উপস্থিতিত শ্ৰীনগৰত অনুষ্ঠিত চিন্তন শিৱিৰৰ সমান্তৰালভাৱে বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত জম্মু-কাশ্মীৰ চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পৰিবহণ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, যুৱ সেৱা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী সতীশ শৰ্মা; বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি. ৰামচন্দ্ৰন, আইডব্লিউআইৰ অধ্যক্ষ শ্ৰী বিজয় কুমাৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ভাৰতত ক্ৰুজ পৰ্যটনক সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আহিছে আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ সৈতে হোৱা চুক্তিৰ লক্ষ্য হৈছে পৰ্যটনক আৰু অধিক উন্নীত কৰা, কৰ্মসংস্থাপন সৃষ্টি কৰা, অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰা আৰু জম্মু-কাশ্মীৰৰ নদীসমূহত অৱসৰ/বাজেট অনুকূল পৰ্যটনৰ এক নতুন ধৰণ প্ৰদান কৰা।

দেশৰ ১১১টা ৰাষ্ট্ৰীয় জলপথৰ ভিতৰত জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত তিনিটা ঘোষিত ৰাষ্ট্ৰীয় জলপথ আছে। সেইকেইটা হৈছে চেনাব নৈ (NW-26), ঝেলুম নৈ (NW-49) আৰু ৰবি নৈ (NW-84)। সদ্য সমাপ্ত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ (আই ডব্লিউ ডি চি) দ্বিতীয়খন বৈঠকত নদী ক্ৰুজ পৰ্যটনক প্ৰসাৰিত কৰাৰ দৃষ্টিভংগীৰে উন্নয়নৰ বাবে কাশ্মীৰৰ পৰা কেৰালা আৰু অসমৰ পৰা গুজৰাটলৈকে বিভিন্ন ক্ৰুজ চাৰ্কিট ঘোষণা কৰা হৈছিল। দুমাহৰ ভিতৰত আইডব্লিউএআইয়ে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত নদী ক্ৰুজ পৰ্যটনৰ বিকাশৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে যাৰ বাবে আনুমানিক ১০০ কোটি টকা ব্যয় কৰিব।

বুজাবুজি চুক্তিৰ কাঠামোৰ অধীনত আইডব্লিউএআইয়ে নদী কাষৰীয়া আন্তঃগাঁথনি, অৰ্থাৎ দহটা ভাসমান জেটি আৰু ক্ৰুজ যাত্ৰীসকলৰ বাবে প্ৰেক্ষাগৃহ আৰু অন্যান্য সা-সুবিধাৰে গঠিত আন্তঃগাঁথনি প্ৰদান কৰিব। দহখনৰ ভিতৰত দুখন ভাসমান জেটি আখনূৰ আৰু চেনাব নৈৰ ঘোষিত অংশ (NW-26) ৰিয়াচী (জম্মুৰ ওচৰত); পন্থা চক, শূন্য দলং, আমিৰা কাদল, শ্বাহ-ই-হামদান, ছাফা কাদল/চট্টাবল মন্দিৰ, চুম্বল দলং আৰু গুণ্ড প্ৰাং (শ্ৰীনগৰ আৰু বান্দীপোৰাত) নদী ঝেলুম (NW-49)ত সাতটা ভাসমান জেটি আৰু ৰবি নৈৰ সোহৰত এটা জেটি (NW-84) স্থাপন কৰা হ’ব। তদুপৰি আইডব্লিউএআইয়ে য’তেই প্ৰয়োজন হয় তাতেই খনন কৰি প্ৰয়োজনমতে বিকশিত কৰিব, নেভিগেচনেল সাহায্য প্ৰদান কৰিব আৰু এই জলপথসমূহত জাহাজসমূহ নিৰাপদভাৱে চলাচলৰ বাবে নিয়মীয়া হাইড্ৰ’গ্ৰাফিক জৰীপ চলাব।

জম্মু আৰু কাশ্মীৰ চৰকাৰে এই প্ৰস্তাৱিত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰিব, সকলো বিধিগত অনুমতিৰ সুবিধা প্ৰদান কৰিব আৰু তিনিটা ৰাষ্ট্ৰীয় জলপথৰ চিনাক্তকৃত খণ্ডত ক্ৰুজ অপাৰেটৰ নিযুক্তি দিব। আইডব্লিউএআইয়ে জম্মু আৰু কাশ্মীৰ চৰকাৰৰ প্ৰয়োজনীয় যিকোনো কাৰিকৰী সাহায্যও আগবঢ়াব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সক্ষম নিৰ্দেশনাত আইডব্লিউএআইয়ে জলপথক বিকাশৰ শক্তিশালী ইঞ্জিন হিচাপে গঢ়ি তোলাৰ বাবে কেইবাটাও আন্তঃগাঁথনিগত পদক্ষেপ গ্ৰহণ কৰি আহিছে। আইডব্লিউএআইয়ে নিজৰ সংহত প্ৰচেষ্টাৰে সমগ্ৰ দেশতে নিজৰ পদাংক প্ৰসাৰ কৰি আছে আৰু বৰ্তমান আইডব্লিউটি টাৰ্মিনেল, এণ্ড টু এণ্ড ড্ৰেজিং চুক্তিৰ জৰিয়তে ফেয়াৰৱে, নাইট নেভিগেচন ফেচিলিটি, নেভিগেচনেল লক আদিৰ দৰে নেভিগেচনেল সহায়ক উন্নয়নৰ জৰিয়তে অন্যান্য জলপথৰ লগতে এন ডব্লিউ ১, এন ডব্লিউ ২, এন ডব্লিউ ৩ আৰু এন ডব্লিউ ১৬ৰ ক্ষমতা বৃদ্ধিৰ দিশত কাম কৰি আছে।

ক্ৰুজ টাৰ্মিনেল আৰু আনুষংগিক আন্তঃগাঁথনি উন্নয়নৰ দৰে সক্ৰিয় পদক্ষেপৰ জৰিয়তে আইডব্লিউএআইয়ে দেশৰ নদীৰ অপৰিসীম সম্ভাৱনাক ব্যৱহাৰ কৰি নদী ক্ৰুজ পৰ্যটনক প্ৰসাৰিত কৰাৰ দিশত কাম কৰি আছে। গংগা নৈ আৰু ব্ৰহ্মপুত্ৰ নদীত ক্ৰুজ পৰ্যটন বৃদ্ধিৰ বাবে প্ৰাধিকৰণে পদক্ষেপ গ্ৰহণ কৰিছে। বিশ্বৰ আটাইতকৈ দীঘলীয়া ক্ৰুজ এমভি গংগা বিলাসৰ সফলতাই একে কথাকে আলোকপাত কৰিছে। আইডব্লিউএআই আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ মাজৰ অংশীদাৰিত্ব হৈছে এক ৰোমাঞ্চকৰ পদক্ষেপ, যিয়ে স্থানীয় অৰ্থনৈতিক বিকাশৰ উদ্দীপনা আৰু পৰ্যটন অভিজ্ঞতা বৃদ্ধি কৰাৰ লগতে বহনক্ষম পৰ্যটন পদ্ধতিক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

***

G.D. Hallikeri / Henry/DB


(Release ID: 2108851) Visitor Counter : 55
Read this release in: English , Urdu , Hindi , Tamil