বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

‘ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ’ (ইউপিআই) য়ে আন দেশসমূহক ভাৰতীয় অভিজ্ঞতাৰ পৰা শিকাৰ সুযোগ প্ৰদান কৰে - অধ্যাপক কাৰ্লোচ মণ্টেছ, কেমব্ৰিজ বিজনেছ স্কুল

২০২৫-ৰ জানুৱাৰী মাহত ‘ইউপিআই’ লেনদেনে ১৬.৯৯ বিলিয়নৰ ঘৰ অতিক্ৰম কৰে আৰু মূল্যমানে ২৩.৪৮ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰে, যিটো হৈছে যিকোনো মাহৰ সৰ্বাধিক সংখ্যাৰ অভিলেখ

Posted On: 27 FEB 2025 11:01PM by PIB Guwahati

 

‘ভাৰত মণ্ডপম’ত কাইলৈ অনুষ্ঠিত হ’ব লগা ‘এনএক্সটি’ অনুষ্ঠানত অংশগ্ৰহণ আৰু ভাষণ দিয়াৰ বাবে ভাৰত ভ্ৰমণলৈ অহা অধ্যাপক কাৰ্লোছ মণ্টেছক আজি ‘ইউপিআই’ প্ৰণালীৰ কাম আৰু সাফল্যৰ বিষয়ে অৱগত কৰা হয়।


কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ‘বিজনেছ স্কুল’ত ‘ইনভেশ্যন হাব ফৰ প্ৰ’ছপাৰেটী’ৰ নেতৃত্বত আছে অধ্যাপক কাৰ্লোছ।

 

‘ডিএফএছ’ আৰু ‘এনপিচিআই’-ৰ দলে অধ্যাপক কাৰ্লোছ মণ্টেছৰ আগত ভাৰতত ‘ইউপিআই’-ৰ কাৰ্যকলাপ, সফলতা আৰু প্ৰৱণতা সন্দৰ্ভত যুগুতোৱা এক ব্যাখ্যা দাঙি ধৰে। এই ব্যাখ্যাত শ্ৰী সুধীৰ শ্যাম (অৰ্থনৈতিক উপদেষ্টা) আৰু শ্ৰী জিগনেশ চোলাঙ্কি (সঞ্চালক)কে ধৰি ‘বিত্তীয় সেৱা বিভাগ’ (ডিএফএছ)ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।


‘ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচে’ (ইউপিআই) আন দেশসমূহক ভাৰতীয় অভিজ্ঞতাৰ পৰা শিকিবলৈ আৰু তেওঁলোকৰ নিজৰ দেশত ইয়াক কেনেদৰে অভিগ্ৰহণ কৰিব লাগে তাৰ ধাৰণা আহৰণ কৰাৰ সুযোগ প্ৰদান কৰে, কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ বিজনেছ স্কুলৰ ‘ইনোভেশ্যন হাব’ৰ দায়িত্ববাহী অধ্যাপক কাৰ্লোছ মণ্টেছে কয়।

প্ৰথমবাৰৰ বাবে, ২০২৫ৰ জানুৱাৰী মাহত ইউপিআই-ৰ লেনদেনে ১৬.৯৯ বিলিয়নৰ ঘৰ অতিক্ৰম কৰে আৰু মূল্যমানে ২৩.৪৮ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰে, যিটো পৰিমাণ হৈছে যিকোনো মাহত সৰ্বাধিক সংখ্যাৰ অভিলেখ।


প্ৰদৰ্শনৰ পিছত অধ্যাপক মণ্টেছে কয় যে ইউপিআই পৰিশোধ প্ৰণালীৰ সফলতা দেখি তেওঁ আনন্দিত হৈছে। ইউপিআই-ৰ বিকাশে দেখুৱাইছে যে চৰকাৰে নিশ্চিত কৰি আছে যে তেওঁলোকে বিকশিত কৰা প্ৰযুক্তিটো নাগৰিকসকলৰ বাবে ব্যৱহাৰকাৰী অনুকূল, আৰু ইয়াত এক নিয়মীয়া আৰু নিৰন্তৰ উদ্ভাৱন আছে যি ভাৰতত ইউপিআই-ৰ উচ্চ অভিগ্ৰহণৰ হাৰক ব্যাখ্যা কৰিছে বুলি অধ্যাপক মণ্টেছে লগতে কয়। তেওঁ আৰু কয় যে আন দেশসমূহেও এই অভিজ্ঞতাৰ পৰা শিকিব আৰু তেওঁলোকৰ নিজৰ দেশত ইয়াক কেনেদৰে গ্ৰহণ কৰিব লাগে তাৰ ধাৰণা লাভ কৰাৰ সম্ভাৱনা আছে।

 

২০২৩-২৪ বিত্তীয় বৰ্ষৰ ডিজিটেল পৰিশোধৰ দৃশ্যপটে উল্লেখনীয় সম্প্ৰসাৰণৰ তথ্য প্ৰদৰ্শিত কৰিছে। ইউপিআই হৈছে ভাৰতৰ ডিজিটেল পৰিশোধ পৰিস্থিতিতন্ত্ৰৰ আধাৰশিলা, যি সমগ্ৰ দেশত ৮০% খুচুৰা পৰিশোধত অৰিহণা যোগায়। মুঠ লেনদেনৰ পৰিমাণে ১৩১ বিলিয়ন অতিক্ৰম কৰিছে আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে মূল্যমানে ২০০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। অংশগ্ৰহণকাৰী বেংক আৰু ফিনটেক প্লেটফৰ্মসমূহৰ বৰ্ধিত নেটৱৰ্কৰ সৈতে ইয়াৰ ব্যৱহাৰৰ সহজতাই ইউপিআই-ক সমগ্ৰ দেশৰ লাখ লাখ ব্যৱহাৰকাৰীৰ বাবে বাস্তৱ-সময়ৰ পৰিশোধৰ পছন্দৰ মাধ্যম কৰি তুলিছে।

  

২০২৫ৰ জানুৱাৰী মাহ পৰ্যন্ত ৮০+ ইউপিআই এপ্ (বেঙ্ক এপ্ আৰু তৃতীয় পক্ষৰ এপ্লিকেশ্যন প্ৰদানকাৰী), ৬৪১ টা বেঙ্ক বৰ্তমান ইউপিআই পৰিস্থিতিতন্ত্ৰত সক্ৰীয় হৈ আছে। ২৪-২৫ বিত্তীয় বৰ্ষত (জানুৱাৰী, ২০২৫ পৰ্যন্ত), পি-টু-এম লেনদেনে ৬২.৩৫% অৰিহণা যোগায় আৰু পি-টু-পি লেনদেনে সামগ্ৰিক ইউপিআই পৰিমাণৰ ৩৭.৬৫% অৰিহণা যোগায়। জানুৱাৰী, ২০২৫-ত পি-টু-এম লেনদেনৰ অৱদান ৬২.৩৫% ত উপনীত হৈছিল য'ত ইয়াৰে ৮৬% লেনদেন ৫০০ টকা লৈকে হয়। এইটোৱে কম মূল্যৰ পৰিশোধ কৰাৰ বাবে নাগৰিকসকলৰ মাজত ইউপিআইয়ে উপভোগ কৰা বিশ্বাসকে সূচিত কৰে।

UPI: Transactions (by Volume in mn) for Jan’2025

 

 A diagram of a pie chart

ইউপিআই-ৰ গোলকীয় সম্প্ৰসাৰণ:


বিত্তীয় সেৱা বিভাগ (ডিএফএছ)ৰ অৰ্থনৈতিক উপদেষ্টা শ্ৰী সুধীৰ শ্যামে কয় যে ভাৰতৰ ডিজিটেল পৰিশোধ বিপ্লৱ ইয়াৰ সীমাৰ বাহিৰত বিস্তাৰিত হৈ আছে। ইউপিআই গোলকীয় দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে, যাৰ ফলত বিদেশ ভ্ৰমণ কৰা ভাৰতীয়সকলৰ বাবে সীমাপাৰত অবিৰাম লেনদেন সক্ষম হৈছে। বৰ্তমানে, ইউপিআই ৭ খনতকৈয়ো অধিক দেশত চলি আছে, যাৰ ভিতৰত আছে [ইউএই, ছিংগাপুৰ, ভূটান, নেপাল, শ্ৰীলংকা, ফ্ৰান্স, মৰিচাছ]ৰ দৰে মুখ্য বজাৰ, যাৰ দ্বাৰা ভাৰতীয়সকলে আন্তৰ্জাতিক ভাৱে পৰিশোধ কৰিব পাৰে। এই সম্প্ৰসাৰণে প্ৰেৰণ প্ৰবাহক অধিক শক্তিশালী কৰিব, বিত্তীয় অন্তৰ্ভুক্তি উন্নত কৰিব, আৰু গোলকীয় বিত্তীয় দৃশ্যপটত ভাৰতৰ মৰ্যাদা উন্নত কৰিব।


শ্ৰীসুন্দৰে লগতে কয় যে আন কিছুমান দেশেও ইউপিআইৰ প্ৰতি আগ্ৰহ দেখুৱাইছে।

 

 

ইউপিআই-ৰ প্ৰদৰ্শন


শ্ৰী জিগনেশ চোলাঙ্কীয়ে লগতে কয় যে যদিও বিগত বছৰবোৰত মুঠ অনলাইন লেনদেনৰ পৰিমাণ ব্যাপকভাৱে বৃদ্ধি পাইছে, মুখ্যতঃ লেনদেনৰ সহজতা আৰু কম ব্যয়ৰ বাবে ইউপিআই-য়ে অধিক অংশ লাভ কৰি আহিছে। চৰকাৰে নতুন উদ্ভাৱন অনাত গুৰুত্ব দিছে যিয়ে ইউপিআইক অনাবৃত এলেকাবোৰতো সম্প্ৰসাৰিত কৰাত সহায় কৰিব।


অধিৱেশনটো প্ৰতিনিধি দলসমূহৰ সন্মুখত ইউপিআইৰ কাম সম্পৰ্কীয় এক সৰু প্ৰদৰ্শনেৰে সামৰণি পৰিছিল।

******

NB/AD/KB


(Release ID: 2107413) Visitor Counter : 26