মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
আই আই টি দিল্লী ভ্ৰমণ কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে বিখ্যাত মাৰ্কিন পদাৰ্থবিজ্ঞানী আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ গণিত তথা পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ব্রায়ান গ্ৰীণে
বৈজ্ঞানিক উদ্ভাৱনৰ দ্ৰুত অগ্ৰগতিয়ে ভাৰতক বিজ্ঞান- প্ৰযুক্তিৰ বিশ্বৰ ভতৰতে আগশাৰীৰ দেশ হিচাপে স্থান দিব - অধ্যাপক ব্রায়ান গ্ৰীণ
Posted On:
28 FEB 2025 5:34PM by PIB Guwahati
কলম্বিয়া বিশ্ববিদ্যালয়ৰ বিখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী, লেখক, গণিত আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ব্রায়ান গ্ৰীণে আজি ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) দিল্লী ভ্ৰমণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানত আই আই টি দিল্লীৰ সঞ্চালক ড০ ৰংগন বেনাৰ্জী, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। অধ্যাপক গ্ৰীণে প্ৰতিষ্ঠানটোৰ ৰিচাৰ্চ এণ্ড ইনোভেচন পাৰ্কো পৰিদৰ্শন কৰি তাত থকা সুবিধাসমূহৰ শলাগ লয়।
ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত অধ্যাপক গ্ৰীণে তেওঁৰ এই সুন্দৰ ভ্ৰমণ আৰু অধ্যাপক তথা ছাত্ৰ-ছাত্ৰী উভয়ৰে সৈতে হোৱা আকৰ্ষণীয় মত বিনিময়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। শিক্ষাৰ্থীসকলৰ মানসিক শক্তি, সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ প্ৰতি থকা উদ্যমৰো তেওঁ শলাগ লয়। তেওঁ লগতে কয় যে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত বিকাশৰ প্ৰতি তেওঁলোকৰ তীব্ৰ আগ্ৰহ থকাৰ কথাটো অতি তাৎপৰ্যপূৰ্ণ, কিয়নো ই এক উন্নত ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব।
বৈজ্ঞানিক উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ দ্ৰুত অগ্ৰগতিক স্বীকাৰ কৰি অধ্যাপক গ্ৰীণে আশা প্ৰকাশ কৰে যে এই অগ্ৰগতিৰ ফলত দেশখনে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে স্থান লাভ কৰিব। ভাৰতৰ সৃষ্টিশীল মনসমূহক লালন-পালন কৰাৰ বাবে উৎসৰ্গিত উল্লেখযোগ্য অনুষদৰসকলৰ প্ৰসংগ উল্লেখ কৰি তেওঁ আই আই টিক এখন বিশ্বমানৰ প্ৰতিষ্ঠান হিচাপে অভিহিত কৰে৷

বাৰ্তালাপৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে তেওঁক পদাৰ্থ বিজ্ঞান আৰু গণিতৰ দৰে বিষয়সমূহ ক’ত বিচ্ছিন্ন আৰু অভিসৰণ হয়, লগতে ষ্ট্ৰিং তত্ত্বৰ বিষয়েওগুৰুত্বপূৰ্ণ প্ৰশ্ন সোধে। ইয়াৰ উত্তৰত তেওঁ ষ্ট্ৰিং থিয়ৰী কিদৰে গণিতৰ সৈতে জড়িত আৰু এই বিষয়ত তেওঁ কৰা কামৰ বিষয়ে বিশদভাৱে কয়।
অধ্যাপক গ্ৰীণে আই আই টি দিল্লীৰ ৰিচাৰ্চ এণ্ড ইনোভেচন পাৰ্ক পৰিদৰ্শন কৰে। প্ৰতিষ্ঠাটো উদ্বোধন কৰিছিল ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰতিষ্ঠানটোৰ হীৰক জয়ন্তী উদযাপনৰ সময়ত উদ্বোধন কৰিছিল।এই প্ৰতিষ্ঠানে উদ্ভাৱন আৰু পণ্য বিকাশৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে, য’ত আই আই টি দিল্লীৰ লগতে উদ্যোগী আৰু চৰকাৰী সংস্থাসমূহে উন্নত প্ৰযুক্তিগত সমাধান সৃষ্টি কৰিবলৈ সক্ষম হৈছে। উদ্যানখনে গৱেষণাক ত্বৰান্বিত কৰাৰ দিশত কাম কৰি আহিছে৷ ই আই আই টি দিল্লীৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক উদ্যোগৰ সৈতে অধিক ঘনিষ্ঠভাৱে যোগাযোগ স্থাপনৰ পথ প্ৰশস্ত কৰিছে আৰু ইনকিউবেচনৰ জৰিয়তে প্ৰযুক্তিগত অগ্ৰগতিসমূহ বজাৰলৈ উলিয়াই আনিব পাৰিছে৷ প্ৰতিষ্ঠান খনে অনুসন্ধান আৰু বিকাশৰ দিশত প্ৰযুক্তিগত তথা সামাজিক ভাৱ বৃদ্ধি কৰিছে আৰু উদ্যোগীকৰণৰ আকাংক্ষাক প্ৰেৰণা যোগাই আহিছে। ইয়াত ষ্টাৰ্ট-আপৰ বাবে লেব, ব’ৰ্ড ৰুম, কনফাৰেন্স হল, সভাগৃহ আৰু প্ৰশিক্ষণ গৃহ আদিকে ধৰি নানান সুবিধা আছে।
MV/AK/DM
(Release ID: 2107331)
Visitor Counter : 18