প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এইটো মোৰ বাবে এক অপৰিসীম সন্তুষ্টি আৰু গৌৰৱৰ বিষয় যে এতিয়ালৈকে প্ৰায় ৩.৫ লাখ কোটি টকা কৃষকৰ একাউণ্টত জমা হৈছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ৬ বছৰ উপলক্ষে প্ৰধানমন্ত্ৰী

Posted On: 24 FEB 2025 9:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কৃষকসকলৰ উন্নয়নৰ বাবে উৎসর্গীকৃত এক যুগান্তকাৰী পদক্ষেপ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ষষ্ঠ বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশৰ কৃষক ভাই-ভনীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে এতিয়ালৈকে প্ৰায় ৩ লাখ ৫০ হাজাৰ কোটি টকা তেওঁলোকৰ একাউণ্টত জমা হৈছে।

তেওঁ এক্স-ৰ এটা পোষ্টত লিখিছেঃ

"পিএম-কিষাণৰ ৬ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে সমগ্ৰ দেশৰ আমাৰ কৃষক ভাই-ভনীসকলক বহুত বহুত অভিনন্দন। এইটো মোৰ বাবে অতি সন্তুষ্টি আৰু গৌৰৱৰ বিষয় যে এতিয়ালৈকে তেওঁলোকৰ একাউণ্টত প্ৰায় ৩ লাখ ৫০ হাজাৰ কোটি টকা জমা হৈছে। আমাৰ এই প্ৰচেষ্টাই অন্নদাতাসকলক সন্মান, সমৃদ্ধি আৰু নতুন শক্তি প্ৰদান কৰিছে।

#PMKisan”

MJPS/SR/SKS/HS


(Release ID: 2105720) Visitor Counter : 37