কেবিনেট
azadi ka amrit mahotsav

‘স্কিল ইণ্ডিয়া কাৰ্যক্ৰম’ অব্যাহত ৰখাৰ লগতে পুনৰ্গঠনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেবিনেটে

কৰ্মবাহিনীৰ বিকাশ শক্তিশালী কৰা আৰু দেশৰ অৰ্থনৈতিক বিকাশৰ মেৰুদণ্ড গঢ়াৰ কাৰ্যক্ৰম

Posted On: 07 FEB 2025 8:39PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ৮,৮০০ কোটি টকাৰ ব্যয়ৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি 'স্কিল ইণ্ডিয়া কাৰ্যক্ৰম' (এছআইপি)ক ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ অব্যাহত ৰখাৰ লগতে পুনৰ্গঠনৰ প্ৰস্তাৱলৈ অনুমোদন জনায়। এই অনুমোদনে সমগ্ৰ দেশতে চাহিদা-সঞ্চালিত, প্ৰযুক্তি-সক্ষম আৰু উদ্যোগ-সংৰেখিত প্ৰশিক্ষণৰ সংহতকৰণৰ জৰিয়তে এক দক্ষ, ভৱিষ্যৰ বাবে সাজু কৰ্মবাহিনী গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰে। ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০’ (পিএমকেভিৱাই ৪.০), ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ উত্সাহিতকৰণ আঁচনি’ (পিএম-এনএপিএছ), আৰু ‘জন শিক্ষণ সংস্থান’ (জেএছএছ) আঁচনি – তিনিটা মুখ্য উপাদান এতিয়াৰে পৰা "স্কিল ইণ্ডিয়া কাৰ্যক্ৰম"ৰ যৌগিক কেন্দ্ৰীয় খণ্ড আঁচনি-ৰ অধীনত একত্ৰিত কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে সংগঠিত ৰূপত দক্ষতা বিকাশ, কৰ্মভিত্তিক প্ৰশিক্ষণ, আৰু সম্প্ৰদায়-আধাৰিত শিক্ষা প্ৰদান কৰা, যাতে বঞ্চিত শ্ৰেণীসমূহকে ধৰি নগৰ আৰু গাঁৱৰ উভয় সমাজেই উচ্চ মানৰ বৃত্তিমূলক শিক্ষা লাভ কৰিব পাৰে। দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ তিনিখন ধ্বজাবাহী আঁচনিৰ অধীনত এই পৰ্যন্ত ২২.৭ নিযুতৰো অধিক হিতাধিকাৰী আছে। ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০’: ‘পিএমকেভিওৱাই ৪.০ আঁচনি’য়ে বিশেষ প্ৰকল্প (এছপি) সহ হ্ৰস্বম্যাদী প্ৰশিক্ষণ (এছটিটি)ৰ জৰিয়তে ‘এনএছকিউএফ’ সংৰেখিত দক্ষতা বিকাশ প্ৰশিক্ষণ প্ৰদান কৰে আৰু ই ১৫-৫৯ বছৰ বয়সসীমাৰ হতাধিকাৰীসকলক লক্ষ্য হিচাপে গ্ৰহণ কৰে। ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০’ (পিএমকেভিওৱাই ৪.০)ত বৰ্ধিত অভিগম্যতাৰ সৈতে ৰাষ্ট্ৰীয় প্ৰাথমিকতাসমূহক সংযোজিত কৰি দক্ষতা বিকাশ প্ৰশিক্ষণক উদ্যোগমুখী কৰাৰ বাবে ৰূপান্তৰণশীল পৰিৱৰ্তন কৰা হৈছে। আঁচনিখনৰ অধীনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে হ্ৰস্বম্যাদী দক্ষতা কাৰ্যসূচী-ৰ ভিতৰত ‘অন-দ্য-জব’ প্ৰশিক্ষণ (অ’জেটি)ৰ একত্ৰীকৰণ, যাতে প্ৰশিক্ষাৰ্থীসকলে বিশ্বৰ বাস্তৱ পৰিস্থিতিৰ শুদ্ধ বিশ্লেষণ তথা উদ্যোগৰ অভিজ্ঞতা লাভ কৰিব পাৰে। বিকশিত উদ্যোগৰ চাহিদা আৰু নতুন যুগৰ প্ৰযুক্তিৰ আগমনৰ সৈতে তাল মিলাবলৈ উদীয়মান প্ৰযুক্তি আৰু ভৱিষ্যতৰ দক্ষতাত গুৰুত্ব দি ‘এআই’, ‘৫জি প্ৰযুক্তি’, ‘চাইবাৰ সুৰক্ষা’, ‘সেউজ হাইড্ৰজেন’ আৰু ‘ড্ৰোন প্ৰযুক্তি’ সন্দৰ্ভত ৪০০ ৰো অধিক নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। মিশ্ৰিত আৰু নমনীয় শিক্ষণ আৰ্হিটোৱে এতিয়া ‘ডিজিটেল ডেলিভাৰী’ক অন্তৰ্ভুক্ত কৰিছে, যাৰ ফলত প্ৰশিক্ষণ অধিক নমনীয় আৰু পৰিমাপযোগ্য হৈছে। লক্ষ্যযুক্ত, উদ্যোগ-প্ৰাসঙ্গিক দক্ষতা প্ৰদান কৰিবলৈ শিক্ষাৰ্থীসকলক উচ্চ চাহিদাৰ চাকৰিৰ ভূমিকাত নিয়োগযোগ্যতা বৃদ্ধি কৰিবলৈ সক্ষম কৰা কাৰ্যক্ৰমটোৱে ৭.৫ ৰ পৰা ৩০ ঘণ্টালৈকে ‘মাইক্ৰ'-ক্ৰেডেন্সিয়েল আৰু নেশ্যনেল অকুপেশনেল ষ্টেণ্ডাৰ্ড’ (এনঅএছ) আধাৰিত পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছে। বৰ্তমানে থকা আন্তঃগাঁথনিৰ ব্যৱহাৰ সৰ্বাধিক কৰা আৰু মানসম্পন্ন প্ৰশিক্ষণৰ প্ৰৱেশানুকূলতা সম্প্ৰসাৰিত কৰা, আইআইটি, এনআইটি, আৰু জৱাহৰ নবোদয় বিদ্যালয় (জেএনভি), কেন্দ্ৰীয় বিদ্যালয়, সৈনিক বিদ্যালয়, একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (ইএমআৰএছ), প্ৰধানমন্ত্ৰী শ্ৰী বিদ্যালয়, ‘টুলৰুম’, ‘নাইলকোঠা’, ‘চিআইপিইটি’ ইত্যাদিকে ধৰি মুখ্য শৈক্ষিক প্ৰতিষ্ঠানসমূহত দক্ষতা কেন্দ্ৰ স্থাপন কৰা হৈছে,  যিয়ে একাধিক আঞ্চলিক ভাষাত উপলব্ধ প্ৰশিক্ষণৰ সৈতে উদ্যোগ-সংৰেখিত কৰাটো নিশ্চিত কৰি দক্ষতাক অধিক সামগ্ৰিক আৰু সুলভ কৰি তুলিছে। শিকনৰ ফলাফল বৃদ্ধি কৰিবলৈ ৬০০তকৈয়ো অধিক প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকৰ হেণ্ডবুক আঠটা আঞ্চলিক ভাষালৈ অনুবাদ কৰা হৈছে। মানসম্পন্ন প্ৰশিক্ষণ আৰু মূল্যাঙ্কন শক্তিশালী কৰাৰ বাবে এক লাখ মূল্যায়নকাৰী আৰু প্ৰশিক্ষকৰ এক ৰাষ্ট্ৰীয় ‘পুল’ বিকশিত কৰা হৈছে, যি প্ৰশিক্ষণ কেন্দ্ৰসমূহত মানককৰণ আৰু দক্ষতা নিশ্চিত কৰিছে। উদ্যোগৰ অংশীদাৰিত্বৰে ‘ৰিক্ৰুইট ট্ৰেইন ডিপ্লয়’ (আৰটিডি) প্ৰশিক্ষণৰ জৰিয়তে নিযুক্তিৰ সুযোগ প্ৰদান কৰাটো নিশ্চিত কৰা হৈছে।

ইয়াৰ উপৰিও, আঁচনিখনে আন্তৰ্জাতিক গতিশীলতাত গুৰুত্ব আৰোপ কৰে, যাতে ভাৰতীয় শ্ৰমিকসকল বিশ্বজোৰা স্বীকৃত দক্ষতাৰে সজ্জিত হ’ব পাৰে। বিভিন্ন দেশৰ সৈতে মন্ত্ৰালয়টোৰ গতিশীলতা অংশীদাৰিত্বমূলক চুক্তি (এমএমপিএ) আৰু বুজাবুজিচুক্তি আছে আৰু ই প্ৰয়োজনীয় খণ্ডগত দক্ষতাৰ ব্যৱধান অধ্যয়ন কৰিছে। আঁচনিখনৰ অধীনত আমাৰ কৰ্মবাহিনীৰ বাবে আন্তৰ্জাতিক গতিশীলতাৰ সুযোগ বৃদ্ধি কৰাৰ বাবে ক্ষেত্ৰভিত্তিক দক্ষতা, যুটীয়া প্ৰমাণপত্ৰ, ভাষাৰ দক্ষতা আৰু ‘ছফ্ট’ দক্ষতাৰ প্ৰশিক্ষণৰ সক্ষমতা আৰম্ভ কৰা হৈছে। ‘পিএমকেভিওৱাই ৪.০’-ৰ অধীনত আন্তঃ-মন্ত্ৰালয় সন্মিলন সম্ভৱ কৰাৰ বাবে এক সম্পূৰ্ণ চৰকাৰী পদ্ধতি গ্ৰহণ কৰা হৈছে, যাৰ দ্বাৰা বিভিন্ন খণ্ডত দক্ষতামূলক পদক্ষেপৰ নিৰৱচ্ছিন্ন কাৰ্যকৰীকৰণ নিশ্চিত কৰা হৈছে। এই আঁচনিখনে বিভিন্ন দক্ষতা বিকাশ আৰু উদ্যোগী আঁচনিৰ দক্ষতা উপাদানসমূহ পূৰণ কৰে, সৰ্বাধিক প্ৰভাৱ আৰু সম্পদ দক্ষতা প্ৰদান কৰে। মুখ্য সহযোগিতাসমূহৰ ভিতৰত আছে ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনি, আৰু নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছন, এনএএল জেএএল মিত্ৰ ইত্যাদি। দক্ষতা বৃদ্ধি কৰিবলৈ প্ৰক্ৰিয়াগত পৰিৱৰ্তন আৰম্ভ কৰা হৈছে, যাৰ ভিতৰত আছে খণ্ডগত দক্ষতাৰ ব্যৱধান আৰু উদ্যোগৰ প্ৰয়োজনীয়তা ভালদৰে চিনাক্ত কৰাৰ বাবে চাহিদা মূল্যায়ন ৰণনীতিৰ পুনৰ সংৰেখন। ‘পিএমকেভিওৱাই ৪.০’-ত এক গুৰুত্বপূৰ্ণ সংস্কাৰ হৈছে "স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰা"ৰ পদ্ধতি, যিয়ে অনুপালনৰ বোজা যথেষ্ট হ্ৰাস কৰিছে, আঁচনিখনত অংশগ্ৰহণ অধিক সুশৃংখল আৰু দক্ষ কৰি তুলিছে।

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ উত্সাহিতকৰণ আঁচনি (পিএম-এনএপিএছ):

‘দক্ষতা বিকাশ আৰু উদ্যোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি, ২০১৫’-ত ভাৰতত দক্ষ জনশক্তি সৃষ্টিৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে ‘এপ্ৰেণ্টিছশ্বিপ’ত গুৰুত্ব দিয়া হৈছে। এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণে কামৰ সময়ত বৃত্তিমূলক প্ৰশিক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে য'ত যুৱসকলে প্ৰকৃত কৰ্মক্ষেত্ৰত কাম কৰি দক্ষতা অৰ্জন কৰিব পাৰে আৰু একে সময়তে আৰ্থিকভাৱে নিজৰ ভৰণপোষণৰ বাবে কিছু বৃত্তিও অৰ্জন কৰিব পাৰে। ‘এপ্ৰেণ্টিছশ্বিপ’ক গোলকীয় প্ৰেক্ষাপটত দক্ষতা আহৰণ আৰু শিকাৰ সময়ত উপাৰ্জনৰ বাবে সৰ্বশ্ৰেষ্ঠ আৰ্হি হিচাপে বিবেচনা কৰা হয়। ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ উত্সাহিতকৰণ আঁচনি’ (পিএম-এনএপিএছ)য়ে শিক্ষাৰ পৰা কামলৈ অবিৰত ৰূপান্তৰক সমৰ্থন কৰে, যাতে শিক্ষাৰ্থীসকলে বাস্তৱ-বিশ্ব পৰিস্থিতিৰ বিশ্লেষণৰ জৰিয়তে উদ্যোগ-নিৰ্দিষ্ট দক্ষতা আহৰণ কৰাটো নিশ্চিত কৰিব পাৰে। ভাৰতত শিক্ষানবিশী আৰু প্ৰতিষ্ঠান দুয়োকে সমৰ্থন কৰিবলৈ প্ৰশিক্ষণ ম্যাদত প্ৰতি ‘এপ্ৰেণ্টিছ’ৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে ১,৫০০ টকালৈকে ২৫% বৃত্তি প্ৰদান কৰিব। আঁচনিখন ১৪ ৰ পৰা ৩৫ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে যুগুতোৱা হৈছে, যি বিভিন্ন জনগাঁথনিত দক্ষতা বিকাশৰ সুযোগৰ সামগ্ৰিক প্ৰৱেশানুকূলতা নিশ্চিত কৰে। ‘এনএপিএছ’-য়ে ‘এআই’, ‘ৰব'টিক্স’, ‘ব্লকচেইন’, ‘সেউজ শক্তি’, আৰু ‘উদ্যোগ ৪.০’ প্ৰযুক্তিৰ দৰে উদীয়মান ক্ষেত্ৰসমূহকে ধৰি প্ৰচলিত উৎপাদনত ‘এপ্ৰেণ্টিছশ্বিপ’ৰ সুযোগত উদগনি দিয়ে। এইটোৱে দক্ষতা প্ৰচেষ্টাক ভৱিষ্যতৰ চাকৰিবজাৰ আৰু উদ্যোগৰ প্ৰৱণতাৰ সৈতে সংৰেখিত কৰে। এই আঁচনিখনে ক্ষুদ্ৰ প্ৰতিষ্ঠান, বিশেষকৈ ‘ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ’ (এমএছএমই) আৰু উচ্চাকাংক্ষী জিলা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে কম সেৱা লাভ কৰা এলেকাসমূহৰ শিক্ষাৰ্থীসকলৰ নাম ভৰ্তি কৰাত উদগনি দিয়ে।

জন শিক্ষা সংস্থান (জেএছএছ) আঁচনি:

‘জন শিক্ষা সংস্থান’ (জেএছএছ) আঁচনি হৈছে বৃত্তিমূলক প্ৰশিক্ষণক সুলভ, নমনীয় আৰু সামগ্ৰিক কৰি তোলাৰ বাবে, বিশেষকৈ মহিলা, গ্ৰাম্য যুৱ, আৰু অৰ্থনৈতিকভাৱে সুবিধা বঞ্চিত গোট আৰু ১৫-৪৫ বছৰ বয়সসীমাৰ লোকসকলৰ বাবে যুগুতোৱা এক সম্প্ৰদায়-কেন্দ্ৰিক দক্ষতা প্ৰয়াস। নমনীয় অনুসূচীৰ সৈতে কম ব্যয়ৰ, দুৱাৰমুখতে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰি  জেএছএছ-য়ে আটাইতকৈ বেছি প্ৰয়োজন থকা সকলক দক্ষতাৰ সুযোগ উপলব্ধ কৰাই স্ব-নিয়োজন আৰু মজুৰী-আধাৰিত জীৱিকা দুয়োটাৰ সম্ভাৱনাকে বৃদ্ধি কৰাটো নিশ্চিত কৰে। দক্ষতা বিকাশৰ উপৰিও এই কাৰ্যসূচীয়ে সামাজিক সৱলীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, স্বাস্থ্য, পৰিচ্ছন্নতা, বিত্তীয় সাক্ষৰতা, লিংগ সমতা, আৰু সম্প্ৰদায়ৰ ভিতৰত শিক্ষাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰে। ‘জেএছএছ’-ক চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ যেনে: ‘প্ৰধানমন্ত্ৰী জনমন’, সমাজত সকলোৰে বাবে জীৱনজোৰা শিক্ষণৰ বুজাবুজি আদিৰ সৈতে সামগ্ৰিক দক্ষতাক উত্সাহিত কৰাৰ বাবে সংযুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় পৰিকাঠামোৰ সৈতে সংগতি ৰাখি, ‘স্কিল ইণ্ডিয়া কাৰ্যক্ৰম’ৰ অধীনত সকলো প্ৰমাণপত্ৰ ‘ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা ফ্ৰেমৱৰ্ক’ (এনএছকিউএফ)ৰ জৰিয়তে নিশ্চিত কৰা হয় আৰু ‘ডিজিলকাৰ’ আৰু ‘নেশ্যনেল ক্ৰেডিট ফ্ৰেমৱৰ্ক (এনচিআৰএফ)ৰ সৈতে মসৃণৰূপত একত্ৰিত কৰা, দক্ষতাৰ আনুষ্ঠানিক স্বীকৃতি নিশ্চিত কৰা আৰু নিযুক্তি আৰু উচ্চ শিক্ষালৈ মসৃণ ৰূপান্তৰ সক্ষম কৰা  হয়।

 

‘স্কিল ইণ্ডিয়া কাৰ্যসূচী’ অব্যাহত ৰখাৰ জৰিয়তে চৰকাৰে আজিৰ দ্ৰুত পৰিৱৰ্তনশীল নিযুক্তিৰ দৃশ্যপটত নিৰন্তৰ উত্থান-পতন আৰু পুনৰ্দক্ষতাৰ গুৰুত্বক স্বীকাৰ কৰি জীৱনজোৰা শিক্ষাৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাক শক্তিশালী কৰিব বিচাৰিছে। এই পদক্ষেপে ‘সাময়িক শ্ৰমিকবাহিনী জৰীপ’ (পিএলএফএছ)ৰ তথ্যত পোনপটীয়াকৈ অৰিহণা যোগাব, যাতে কৰ্মবাহিনী বিকাশ নীতিবোৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক প্ৰৱণতাৰ সৈতে সংযোজিত হৈ থাকে। ‘স্কিল ইণ্ডিয়া কাৰ্যক্ৰম’-য়ে দ্ৰুতগতিত বিকশিত হোৱা গোলকীয় অৰ্থনীতিত বিকাশৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে ভাৰতৰ কৰ্মবাহিনীক সজ্জিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদ্যোগ-প্ৰাসংগিক প্ৰশিক্ষণ, উদীয়মান প্ৰযুক্তি, আৰু আন্তৰ্জাতিক গতিশীলতা প্ৰচেষ্টাক একত্ৰিত কৰা এই কাৰ্যসূচীৰ লক্ষ্য হৈছে এক উচ্চ দক্ষ আৰু প্ৰতিযোগিতামূলক কৰ্মশক্তি সৃষ্টি কৰা। অৰ্থনৈতিক সৱলীকৰণৰ এক মুখ্য চালক হিচাপে ‘স্কিল ইণ্ডিয়া’-ই বিভিন্ন খণ্ডত নিযুক্তি সৃষ্টি, উদ্যোগ আৰু উৎপাদনশীলতা বৃদ্ধিত অৰিহণা যোগায়। দক্ষতা বিকাশ আৰু উদ্যোগমন্ত্ৰালয়ে বৃত্তিমূলক শিক্ষা শক্তিশালী কৰা, শিক্ষানবিশীৰ সুযোগ সম্প্ৰসাৰিত কৰা, আৰু জীৱনজোৰা শিক্ষাৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে, যাতে ভাৰতৰ কৰ্মবাহিনী ভৱিষ্যতৰ বাবে সাজু হৈ উঠাৰ লগতে দক্ষতা-আধাৰিত নিযুক্তিৰ ক্ষেত্ৰত গোলকীয় নেতা হিচাপে পৰিগণিত হয়।

 (বিস্তৃত তথ্যৰ বাবে চাওক: https://www.skillindiadigital.gov.in/home)

*****

MJPS/BM/KB


(Release ID: 2104753) Visitor Counter : 34