তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাকুম্ভ ২০২৫: চৰকাৰৰ বিশেষ পদক্ষেপৰ অধীনত ত্ৰিবেণী সংগমত এতিয়ালৈকে ৬০০ৰো অধিক নিঃস্ব বৃদ্ধ তীৰ্থযাত্ৰীয়ে পবিত্ৰ স্নান কৰিছে

Posted On: 13 FEB 2025 7:26PM by PIB Guwahati

 

প্ৰশাসনৰ এক বিশেষ পদক্ষেপৰ অধীনত প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত ২০০০ নিঃস্ব বৃদ্ধ ব্যক্তিক পবিত্ৰ স্নান কৰাৰ  ব্যৱস্থা কৰা হৈছে। এতিয়ালৈকে ৬০০ৰো অধিক জ্যেষ্ঠ নাগৰিকক এই পবিত্ৰ অনুষ্ঠানত স্নানৰ সুবিধা প্ৰদান কৰা হৈছে। এই পদক্ষেপে অৱহেলিত হৈ থকা বৃদ্ধলোকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন  কৰাই নহয় সমাজত সেৱা আৰু সম্প্ৰীতিৰ নিদৰ্শনো দাঙি ধৰিছে।

 

উত্তৰ প্ৰদেশৰ সমাজ কল্যাণ দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অসীম অৰুণৰ নিৰ্দেশ অনুসৰি বিগত দুদিনত দেওৰিয়া, বাহৰৈচ, আমৰোহা, আৰু বিজনোৰ জিলাৰ বৃদ্ধাশ্ৰমৰ পৰা ১০০ৰো অধিক জ্যেষ্ঠ নাগৰিকক প্ৰয়াগৰাজলৈ অনা হৈছে। প্ৰথমবাৰৰ বাবে সমাজ কল্যাণ বিভাগে মহাকুম্ভত এটা বিশেষ শিবিৰ স্থাপন কৰিছে, য’ত ১০০খন বিছনাৰে সৈতে এটা আশ্ৰম আছে। এই শিবিৰত বৃদ্ধসকলৰ বাবে বিনামূলীয়া খাদ্য, থকাৰ ব্যৱস্থা, চিকিৎসাৰ সুবিধাও উপলব্ধ কৰা হৈছে । মহাকুম্ভ ২০২৫ত চৰকাৰৰ এই অভিনৱ প্ৰচেষ্টাই নিঃস্ব জ্যেষ্ঠ নাগৰিকসকলক আধ্যাত্মিক আৰু মানসিক শান্তি প্ৰদান কৰিছে।

 

এই শিবিৰত বৃদ্ধসকলৰ মানসিক আৰু আধ্যাত্মিক মংগলৰ বিষয়তো  গুৰুত্ব আৰোপ কৰা  হৈছে। তেওঁলোকৰ দৈনন্দিন কাম-কাজ আৰম্ভ হয় যোগ আৰু ধ্যানৰ দ্বাৰা, যিয়ে তেওঁলোকৰ  মানসিক শান্তি আৰু স্বাস্থ্যৰ উপকাৰ সাধন কৰে।  সন্ধিয়া ভজন-কীৰ্তনৰ আয়োজন কৰা হয়, যাৰ ফলত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় আৰু বৃদ্ধসকলে অকলশৰীয়া অনুভৱ নকৰে। এই পদক্ষেপৰ জৰিয়তে সমাজক বৃদ্ধসকলৰ প্ৰতি সন্মান আৰু যত্নৰ ভাৱ গঢ়ি তুলিবলৈ প্ৰয়াস  কৰা হৈছে।

 

মহাকুম্ভ অঞ্চলত স্থাপন কৰা আশ্ৰমত  সপ্তাহৰ সাতোটা দিনতেই ২৪ ঘণ্টাই  এটা চিকিৎসৰ  দল উপলব্ধ, যাতে কোনো বৃদ্ধ ব্যক্তিয়ে  স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন নহয়। এই ঐতিহাসিক অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকসকলক আধ্যাত্মিক আৰু আৱেগিক দুয়ো প্ৰকাৰৰ  শান্তি প্ৰদানৰ ক্ষেত্ৰত প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে। মহাকুম্ভত চৰকাৰৰ এই বিশেষ পদক্ষেপে বয়োজ্যেষ্ঠসকলৰ বিশ্বাসক সন্মান জনোৱাই নহয়, শাসন ব্যৱস্থাৰ অৰ্থ  যে কেৱল উন্নয়নেই নহয়, সেৱা আৰু সন্মানৰ বিষয়ো, সেই সন্দৰ্ভতো  এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।


(Release ID: 2104019) Visitor Counter : 11