মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
অসমৰ ডিব্ৰুগড় ভ্ৰমণ কৰিলে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে
চলিত বছৰৰ বাজেটত মহিলাৰ উন্নয়নৰ বাবে ৪.৪৯ লাখ কোটি টকা আবণ্টন দিয়া হৈছে , যাৰ পৰিমাণ পূৰ্বৰ বছৰৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে
মহিলা শ্ৰমিক শক্তিৰ অংশগ্ৰহণ ২০১৭-১৮ চনত ২৩.৩%ৰ পৰা ২০২৩-২৪ চনত ৪১.৭%লৈ উৰ্ধগামী হৈছে
Posted On:
16 FEB 2025 7:22PM by PIB Guwahati
কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী ড. অন্নপূৰ্ণা দেৱীয়ে অসমৰ উদ্যোগিক ৰাজধানী ডিব্ৰুগড় ভ্ৰমণ কৰি ৰাজ্যখনৰ নাৰী আৰু শিশু কল্যাণমূলক বিভিন্ন পদক্ষেপৰ অগ্ৰগতিৰ মূল্যায়ন তথা পৰ্যালোচনা কৰে। এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত গ্ৰহণ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰে।
শ্ৰীমতী ড. অন্নপূৰ্ণা দেৱীয়ে মহিলাসকলৰ বাবে বহনক্ষম জীৱিকা আৰু অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰত সমাজৰ অংশগ্ৰহণক উৎসাহিত কৰে। তৃণমূল পৰ্যায়ৰ শ্ৰমিকসকলৰ অদম্য প্ৰচেষ্টাৰ শলাগ লৈ দক্ষতা বিকাশ তথা আৰ্থিক স্বাধীনতাৰ সুযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত চৰকাৰী সমৰ্থন অব্যাহত ৰখাৰো তেওঁ আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰৰ আৰ্হিৰ অধীনত অসমৰ অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে বাল্যবিবাহ ৰোধ, মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱা শক্তিশালী কৰা, দক্ষতা বিকাশ আৰু উদ্যোগী সৃষ্টিকৰণ কাৰ্যসূচীৰ জৰিয়তে মহিলা সবলীকৰণৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজ্যৰ উল্লেখযোগ্য প্ৰচেষ্টাক প্ৰশংসা কৰে।
সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত উল্লেখযোগ্য কৃতিত্ব
মহিলা শ্ৰমিক শক্তিৰ অংশগ্ৰহণ: চৰকাৰৰ নেতৃত্বত নিয়োগ কাৰ্যসূচীৰ দ্বাৰা পৰিচালিত, ২০১৭-১৮ চনত ২৩.৩%ৰ পৰা ২০২৩-২৪ চনত ৪১.৭%লৈ বৃদ্ধি পাইছে।
শক্তিশালী পুষ্টি কাৰ্যসূচী: পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ এছ এন পি (পৰিপূৰক পুষ্টি কাৰ্যসূচী) আৰু মিছন পোষণ ২.০ৰ দৰে শিশুৰ প্ৰাথমিক পুষ্টি কাৰ্যসূচীত বিনিয়োগ বৃদ্ধি কৰা হৈছে।
মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰি কেন্দ্ৰীয় বাজেট ২০২৪-২৫ত মহিলাসকলৰ সবলীকৰণ, শিশুসকলক সহায় কৰা আৰু পৰিয়াল কল্যাণমূলক কাৰ্যসূচীসমূহ শক্তিশালী কৰাৰ বাবে যথেষ্ট সম্পদ আবণ্টন দিয়া হৈছে। শ্ৰীমতী ড. অন্নপূৰ্ণা দেৱীয়ে তলত উল্লেখ কৰা মূল বাজেট আবণ্টনসমূহৰ ওপৰত আলোকপাত কৰে:
লিংগ বাজেট: এই বছৰৰ বাজেটত মহিলাৰ উন্নয়নৰ বাবে ৪.৪৯ লাখ কোটি টকা আবণ্টন দিয়া হৈছে , যিটো পূৰ্বৰ বছৰৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে।
ষ্টেণ্ড-আপ ইণ্ডিয়া আঁচনি: প্ৰথমবাৰৰ বাবে মহিলা উদ্যোগীসকলৰ বাবে টাৰ্ম লোনৰ বাবে চিলিং লিমিট ২কোটি টকালৈ বৃদ্ধি কৰা হৈছে।
আন্তঃগাঁথনিৰ উন্নয়নঃ দুৰ্গম অঞ্চলৰ মহিলাসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে গ্ৰাম্য বৈদ্যুতিকৰণ আৰু আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ত বিশেষ গুৰুত্ব দিয়া হৈছে।
বগীবিল দলং আৰু ভাৰত-পূব এছিয়া সংযোগৰ পদক্ষেপৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ জৰিয়তে অসমে অৰ্থনৈতিক কাৰ্যকলাপ আৰু উদ্যোগিক সম্প্ৰসাৰণৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। এইমছ গুৱাহাটী আৰু প্ৰযুক্তি উদ্যান স্থাপনৰ ফলত অঞ্চলটোত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা আৰু চাকৰিৰ সুবিধাৰ পথ প্ৰশস্ত হৈছে।
আন্তঃগাঁথনি উন্নয়নৰ মাইলৰ খুঁটিসমূহ:
২০২৪ চনৰ পৰা উত্তৰ-পূব আৰু পূব অঞ্চলত পূৰ্বৰ মাইলৰ খুঁটি অতিক্ৰম কৰি ১১,৮২৪ কিলোমিটাৰ নতুন ৰে'লপথ নিৰ্মাণ কৰা হৈছে।
ৰে'লৱে বাজেট: ২০০৯-১৪ চনত ২,১২২ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ১০,৪৪০ কোটি টকালৈ পাঁচগুণ বৃদ্ধি হৈছে।
অন্নপূৰ্ণা দেৱীয়ে মন্তব্য কৰে "যোৱা এটা দশকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে লক্ষ্যণীয় আন্তঃগাঁথনি বৃদ্ধিৰ সাক্ষী হৈ আহিছে, যাৰ ফলত ইয়াৰ জনসাধাৰণৰ বাবে উন্নত সংযোগ, স্বাস্থ্যসেৱাৰ সুবিধা, আৰু কৰ্মসংস্থাপনৰ সুযোগ নিশ্চিত হৈছে।"
ৰাজ্যৰ অৰ্থনৈতিক আৰু সামাজিক পৰিৱেশ গঢ় দিয়াত অসমৰ মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চৰকাৰৰ এই পদক্ষেপে উদ্যোগী সৃষ্টিৰ পৰা আৰম্ভ কৰি শাসন ব্যৱস্থালৈকে বিভিন্ন খণ্ডত নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিবলৈ মহিলাসকলক ক্ষমতা প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতিগৰাকী মহিলা আৰু শিশুৱে শিক্ষা, স্বাস্থ্যসেৱা, অৰ্থনৈতিক সুবিধা লাভ কৰাটো নিশ্চিত কৰি মহিলা নেতৃত্বাধীন উন্নয়নৰ মিছন অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে৷
মহিলা সবলীকৰণ পদক্ষেপ সন্দৰ্ভত আলোকপাত:
মূল ঔদ্যোগিক অঞ্চলত কৰ্মৰত মহিলাৰ বাবে হোষ্টেল স্থাপনৰ অৰ্থে ৫,০০০ কোটি টকা আবণ্টন দিয়া হৈছে।
বিগত ১০ বছৰত ১২ কোটি শৌচাগাৰ আৰু ১২ কোটি পানীৰ নল সংযোগৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত অনাময় ব্যৱস্থা আৰু বিশুদ্ধ পানীৰ সুলভতা উন্নত হৈছে।
অসমৰ আৰ্থ-সামাজিক পৰিৱেশ শক্তিশালী কৰাৰ বাবে চৰকাৰৰ নিষ্ঠাক পুনৰ দৃঢ়তাৰে দোহাৰি মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে। ৰাইজৰ অবিৰত সমৰ্থন আৰু চৰকাৰৰ শক্তিশালী নীতিৰ দ্বাৰা অসমে উন্নয়ন তথা সমৃদ্ধিৰ ক্ষেত্ৰত নতুন উচ্চতা অৰ্জন কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
SS/MS/DM
(Release ID: 2103869)
Visitor Counter : 36