দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগী মহিলাৰ বাবে স্বাৱলম্বিনী কাৰ্যসূচী শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে
‘স্বাৱলম্বিনী’: উচ্চ শিক্ষা প্ৰতিষ্ঠানত উদ্যোগী মহিলাসকলৰ আকাংক্ষাক বাস্তৱ ৰূপ প্ৰদানৰ এক পদক্ষেপ
Posted On:
07 FEB 2025 6:27PM by PIB Guwahati
উত্তৰ-পূবত মহিলা উদ্যোগী সৃষ্টিৰ প্ৰক্ৰিয়াক প্ৰসাৰিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে নিটি আয়োগৰ সহযোগত অসম, মেঘালয় তথা মিজোৰামত স্বাৱলম্বিনী - মহিলা উদ্যোগী কাৰ্যসূচী আৰম্ভ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে উত্তৰ-পূবৰ নিৰ্বাচিত উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ ছাত্ৰীসকলক তেওঁলোকৰ উদ্যোগী হিচাবে প্ৰতিষ্ঠিত হোৱাৰ যাত্ৰাত সফল হ’বলৈ প্ৰয়োজনীয় তথা অত্যাৱশ্যকীয় উদ্যোগীৰ মানসিকতা, সম্পদ, আৰু মেণ্টৰশ্বিপেৰে সজ্জিত কৰি তেওঁলোকক শক্তিশালী কৰি তোলা ৷
![](https://static.pib.gov.in/WriteReadData/userfiles/image/IMG-20250207-WA00077W25NGSE.jpg)
প্ৰথমবাৰৰ বাবে নিটি আয়োগৰ সহযোগত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেনিউৰশ্বিপ (আই আই ই)ৰ জৰিয়তে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে এই কাৰ্যসূচী প্ৰৱৰ্তন কৰিছে৷ এই কাৰ্যসূচীয়ে উদ্যোগী সৃষ্টিৰ দিশত এক পৰ্যায়ভিত্তিক গাঁথনিগত প্ৰক্ৰিয়াক আগুৱাই নিব —সজাগতাৰ পৰা আৰম্ভ কৰি উন্নয়ন, মেণ্টৰশ্বিপ, আৰু পুঁজিৰ সহায়লৈকে সকলো দিশ এই কাৰ্যসূচীয়ে সামৰি ল'ব৷ । যিসকলে সফলতাৰে নিজৰ উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হয় তেওঁলোকক স্বীকৃতি আৰু বঁটা প্ৰদান কৰা হ’ব৷ ইয়াৰ ফলত তেওঁলোকৰ সফলতাৰ কাহিনীয়ে আনকো অনুপ্ৰাণিত কৰিবলৈ সক্ষম হ'ব৷ এই পদক্ষেপে ভাৰতত মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ বিকাশ আৰু এনে উদ্যোগৰ পৰিসৰ বৃদ্ধি ৰ বাবে এক স্পষ্ট প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিব।
![](https://static.pib.gov.in/WriteReadData/userfiles/image/IMG-20250207-WA000206UI591S.jpg)
এই কাৰ্যসূচী উদ্বোধনৰ ভাৰ্চুৱেল অনুষ্ঠানৰ জৰিয়তে ৯খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এই পদক্ষেপ উদ্বোধন কৰে ৰাজ্যিক মন্ত্ৰী (আই/চি), দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয় (এম এছ ডি ই) আৰু ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত জয়ন্ত চৌধুৰীয়ে। এই কাৰ্যসূচী মুকলি কৰাৰ সময়ত দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী অতুল কুমাৰ তিৱাৰীৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।
গুৱাহাটী বিশ্ববিদ্যালয়, নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি (এন ই এইচ ইউ), কিয়াং নাংবা চৰকাৰী মহাবিদ্যালয়, ৰিভয় মহাবিদ্যালয়, মিজোৰাম বিশ্ববিদ্যালয়, চৰকাৰী চম্পাই মহাবিদ্যালয়, লুংলেই চৰকাৰী মহাবিদ্যালয়, সন্দিকৈ কন্যা মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়কে ধৰি কেইবাখনো উল্লেখনীয় শিক্ষানুষ্ঠানত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
![](https://static.pib.gov.in/WriteReadData/userfiles/image/IMG-20250207-WA0004TTRSDK5D.jpg)
এই কাৰ্যসূচী মুকলি কৰি মন্ত্ৰী শ্ৰী জয়ন্ত চৌধাৰীয়ে পৰিৱৰ্তনশীল পদক্ষেপৰ বিষয়ত আলোকপাত কৰি কয়: "স্বাৱলম্বিনী মহিলা উদ্যোগীকৰণ কাৰ্যসূচী হৈছে যুৱতীসকলক কাইলৈৰ চাকৰি সৃষ্টি কৰিব পৰা আৰু নেতৃত্ব প্ৰদান কৰিব পৰাকৈ সবলীকৰণ, সক্ষম আৰু উন্নীত কৰাৰ প্ৰতিশ্ৰুতি।
"আমাৰ চৰকাৰে ষ্টাৰ্ট-আপ ইণ্ডিয়া, ষ্টেণ্ড-আপ ইণ্ডিয়া, পিএম মুদ্ৰা যোজনা, আৰু মহিলা উদ্যোগীকৰণ মঞ্চৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ জৰিয়তে মহিলা নেতৃত্বাধীন ঔদ্যোগীকৰণক ধাৰাবাহিকভাৱে পৃষ্ঠপোষকতা কৰি আহিছে৷ ষ্টাৰ্ট-আপৰ লাভৰ ওপৰত আৰু পাঁচ বছৰৰ বাবে ১০০% কৰ ৰেহাইৰ লক্ষ্য নিৰ্ধাৰণ কৰি সহায় আগবঢ়োৱাৰ লগতে মেণ্টৰশ্বিপ আৰু পুঁজি প্ৰদান কৰি স্বাৱলম্বিনীয়ে মহিলা নেতৃত্বাধীন উদ্যোগীকৰণৰ দিশত আমাৰ যাত্ৰাৰ এক নতুন অধ্যায়ক প্ৰতিনিধিত্ব কৰিছে, যিটো ভাৰতৰ ৰূপান্তৰৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা।’
![](https://static.pib.gov.in/WriteReadData/userfiles/image/IMG-20250207-WA0009LWE0RII9.jpg)
এই পদক্ষেপৰ লক্ষ্য হৈছে উদ্যোগী সৃষ্টি সম্পৰ্কীয় সজাগতা কাৰ্যসূচী (ইএপি)ৰ জৰিয়তে গাঁথনিগত প্ৰশিক্ষণ প্ৰদান কৰা৷ যিয়ে ৬০০ গৰাকী ছাত্ৰীক উদ্যোগী হিচাবে নিজকে সক্ষম কৰি তুলি ইয়াক এক কাৰ্য্যকৰী কেৰিয়াৰ বিকল্প হিচাপে পৰিচয় কৰাই দিব পাৰিব। ৩০০ গৰাকী নিৰ্বাচিত ছাত্ৰীৰ বাবে মহিলা উদ্যোগীকৰণ উন্নয়ন কাৰ্যসূচী (ইডিপি)-এ প্ৰশিক্ষণ আৰু দক্ষতা, বিত্ত, বজাৰ সংযোগ, অনুসৰণ আৰু আইনী সমৰ্থন, ব্যৱসায়িক সেৱা আৰু নেটৱৰ্কিঙৰ সুযোগ আদি গুৰুত্বপূৰ্ণ ব্যৱসায়িক দিশসমূহ সামৰি ৪০ ঘণ্টীয়া এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ প্ৰদান কৰিব। ইয়াৰ পিছত এনে প্ৰশিক্ষণ লাভ কৰাসকলক ছমাহৰ বাবে মেণ্টৰশ্বিপ আৰু সহায় আগবঢ়োৱা হ’ব যাতে অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ ধাৰণাসমূহক বহনক্ষম সম্ভাৱনালৈ ৰূপান্তৰিত কৰিব পাৰে৷
ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০য়ে দক্ষতা বিকাশ , উদ্যোগৰ সহযোগিতা আৰু হাতে কামে কৰা অভিজ্ঞতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি উদ্যোগী সম্পৰ্কীয় পাঠ্যক্ৰমৰ ভেটি স্থাপন কৰিছে। স্বাৱলম্বিনীক এই কাঠামোৰ ভিত্তিতে প্ৰস্তুত কৰা হৈছে , বিশেষকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ যুৱতীসকলে তেওঁলোকৰ ধাৰণাসমূহক ব্যৱসায়লৈ ৰূপান্তৰিত কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশনা আৰু আৰ্থিক সমৰ্থন লাভ কৰাটো এই কাৰ্যসূচীয়ে নিশ্চিত কৰিব৷ যাৰ ফলত এই অঞ্চলসমূহৰ মহিলাসকলৰ অপৰিসীম উদ্যোগী হৈ উঠাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব।
উদ্যোগী হিচাবে নিজকে প্ৰস্তুত কৰাৰ মানসিকতাক প্ৰসাৰিত কৰাত শিক্ষাবিদসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি এই কাৰ্যসূচীয়ে ৫ দিনীয়া অনুষদ উন্নয়ন কাৰ্যসূচী (এফডিপি)ৰ দ্বাৰা উচ্চ শিক্ষানুষ্ঠানসমূহত অধ্যাপকসকলৰ উন্নীতকৰণৰ বিষয়তো গুৰুত্ব আৰোপ কৰিব৷ ফলত তেওঁলোকে উদ্যোগী হিচাবে সাজু কৰি তোলাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক ফলপ্ৰসূভাৱে প্ৰশিক্ষণ আৰু মেণ্টৰ কৰিবলৈ সক্ষম হ’ব। অনুষদৰ সদস্যসকলে তেওঁলোকক শেহতীয়া উদ্যোগৰ অন্তৰ্দৃষ্টি, ব্যৱসায়িক কৌশল আৰু হাতে-কামে প্ৰশিক্ষণ কৌশল প্ৰদান কৰিবলৈ আৰ্হি প্ৰস্তুত কৰা বিশেষ প্ৰশিক্ষণ আৰ্হিৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰিব৷
এই কাৰ্যসূচীৰ এটা অনন্য দিশ হ’ল এৱাৰ্ড টু ৰিৱাৰ্ডছ ইনিচিয়েটিভ, যিয়ে স্বাৱলম্বিনীৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি সফল মহিলা উদ্যোগী হিচাবে প্ৰতিষ্ঠিত হ'ব পাৰে তেওঁলোকক পুৰস্কাৰ আৰু স্বীকৃতি প্ৰদান কৰা হ'ব। ই পৰৱৰ্তী প্ৰজন্মৰ মহিলা ব্যৱসায়ী নেত্ৰীসকলৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব, মহিলা নেতৃত্বাধীন উদ্যোগসমূহে ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যত গঢ় দিয়াত সহায়ক হৈ উঠা বাৰ্তাক শক্তিশালী কৰিব। এই কাৰ্যসূচীত কৰ্মশালা, মেণ্টৰিং সমৰ্থন, আৰু পুঁজিৰ সহায়ত মহিলাৰ নেতৃত্বত বহনক্ষম উদ্যোগ সৃষ্টি কৰা হ’ব।
স্বাৱলম্বিনী কাৰ্যসূচীয়ে ইডিপিৰ ১০% প্ৰশিক্ষাৰ্থীৰে সফল উদ্যোগ আৰম্ভ কৰাৰ আকাংক্ষাৰে ব্যৱসায়ত মহিলাসকলৰ বাবে নতুন পথ মুকলি কৰিব । উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত উদ্যোগী মনোভাৱৰ সংস্কৃতি গঢ়ি তুলি এই পদক্ষেপ পৰৱৰ্তী প্ৰজন্মৰ মহিলা নেত্ৰীসকলক নিজকে উন্নীত কৰাৰ পদক্ষেপ হিচাবে বিবেচিত হ'ব৷
(Release ID: 2100834)
Visitor Counter : 35