ৰেচম মন্ত্ৰালয়
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে নতুন দিল্লীৰ জনপথৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত হস্ততাঁত কনক্লেভ –মন্থন উদ্বোধন কৰে
হস্ততাঁত খণ্ডই পৰম্পৰা, উদ্ভাৱনীমূলক ডিজাইন আৰু কেন্দ্ৰীভূত বজাৰ কৌশলৰ সৈতে আধুনিকতাৰ সংগমৰ জৰিয়তে প্ৰিমিয়াম নিচ বজাৰক লক্ষ্য কৰি ল’ব লাগে: শ্ৰী গিৰিৰাজ সিং, কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰীয়ে “হস্ততাঁত কনক্লেভ: মন্থন”ত সকলো অংশীদাৰক আহ্বান জনায় যে গতানুগতিক মানসিকতা সলনি কৰি হস্ততাঁত খণ্ডক ‘আত্মনিৰ্ভৰ’ কৰি অভিনৱ প্ৰযুক্তিগত সমাধানৰ জৰিয়তে হস্ততাঁত বয়নক স্বাৱলম্বী কৰি তুলিব লাগে আৰু বিশ্বব্যাপী হস্ততাঁত সামগ্ৰীৰ বাবে ব্ৰেণ্ড ইমেজ সৃষ্টি কৰিব লাগে বজাৰ
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰীয়ে আলোকপাত কৰে যে বস্ত্ৰ মন্ত্ৰালয় প্ৰধানমন্ত্ৰী মোদীৰ মহিলা সৱলীকৰণৰ দৃষ্টিভংগীৰ এক নিখুঁত উদাহৰণ কাৰণ মন্ত্ৰালয়ৰ সকলো মূল কৰ্মী মহিলা আৰু বস্ত্ৰ উদ্যোগত নিয়োজিত শিল্পী/তাঁতীসকলৰ অধিকাংশই মহিলা
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে হস্ততাঁত বয়নকাৰীৰ ই-পেহচান পৰ্টেল আৰু হস্ততাঁত বঁটাৰ বাবে অনলাইন মডিউল মুকলি কৰে
পোষ্ট কৰা হৈছে:
29 JAN 2025 11:30AM by PIB Guwahati

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে জোৰ দি কয় যে উদীয়মান ই-কমাৰ্চ বজাৰক লক্ষ্য কৰি হস্ততাঁত সামগ্ৰীৰ বহনক্ষম আৰু পৰিৱেশ-অনুকূল প্ৰকৃতি, প্ৰাকৃতিক ৰং, জৈৱিক আঁহৰ সুবিধা আৰু হস্ততাঁতৰ সামগ্ৰীৰ ডিজাইনৰ স্বকীয়তা সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টি কৰাৰ প্ৰবল প্ৰয়োজনীয়তা আছে , যিটো ২০৩০ চনৰ ভিতৰত ৩২৫ বিলিয়ন ডলাৰৰ বজাৰত পৰিণত হোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰীয়ে সংগঠিত, কৰ্পৰেট খণ্ডৰ কাম কৰা বস্ত্ৰ উদ্যোগক হস্ততাঁত শিপিনীসকলৰ বাবে সামাজিক সুৰক্ষা আৰু ন্যায্য পাৰিতোষিক নিশ্চিত কৰি বহনক্ষম জীৱিকা প্ৰদানৰ বাবে এটা আৰ্হি প্ৰস্তুত কৰিবলৈও আহ্বান জনায়। কৰ্পৰেট, উৎপাদক কোম্পানী, ষ্টাৰ্ট-আপৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে এটা বঁটা আৰম্ভ কৰিব, যিয়ে হস্ততাঁত উদ্যোগৰ বাবে এনে এক আৰ্হি সৃষ্টি কৰিব আৰু বছৰি নূন্যতম ৩০০ দিনৰ বাবে হস্ততাঁতৰ কাম কৰাসকলক বহনক্ষম কৰ্মসংস্থাপন প্ৰদান কৰিব।
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অনুষ্ঠানত ভাষণ দি হস্ততাঁতৰ সামগ্ৰী আমাৰ দেশৰ সাংস্কৃতিক ঐতিহ্যৰ জীৱন্ত প্ৰমাণ বুলি জোৰ দিয়ে। তেওঁ হস্ততাঁত উদ্যোগক এক সজীৱ খণ্ড হিচাপে উজ্জীৱিত কৰি তোলাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে, যিয়ে নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ ন্যায্য উপাৰ্জন প্ৰদান কৰে।
বস্ত্ৰ বিভাগৰ সচিবে অনুষ্ঠানত ভাষণ দিওঁতে আলোকপাত কৰে যে ‘কনক্লেভ-মন্থন’ হৈছে এক ‘চিন্তন শিৱিৰ’, যিটো হৈছে অংশীদাৰসকলৰ সৈতে “সংবাদ’ স্থাপনৰ বাবে মন্ত্ৰালয়ৰ প্ৰচেষ্টা যাতে বিপণন পথৰ উপলব্ধতা আৰু হস্ততাঁত বোৱাৰ পৰা যুৱক-যুৱতীসকলৰ ক্ষয়-ক্ষতিৰ সন্দৰ্ভত উদ্বেগসমূহ সমাধান কৰিব পৰা যায়। তেওঁ আধুনিক শিক্ষা আৰু পৰম্পৰাগত জ্ঞানৰ মাজত এক সহযোগিতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানৰ মূল বৈশিষ্ঠসমূহ:
কনক্লেভত ০৩টা কাৰিকৰী অধিবেশনৰ আয়োজন কৰা হৈছিল:
১/ হস্ততাঁত খণ্ডত ষ্টাৰ্ট-আপ ইক' চিষ্টেমৰ বাবে সমৰ্থন।
২/ হস্ততাঁত বিপণনৰ পথ আৰু কৌশল।
৩/ যুৱ শিপিনীৰ বাবে হস্ততাঁত খণ্ডৰ মডেলিং: পদ্ধতি আৰু কৌশল।
কাৰিকৰী অধিবেশনৰ মূল ফলাফলসমূহ হ’ল:
১/ নিচ প্ৰডাক্টৰ ওপৰত গুৰুত্ব দিয়া।
২/ গুৰুত্বপূৰ্ণ মূল্য প্ৰস্তাৱ হিচাপে আকৰ্ষণীয় পেকেজিং।
৩/ যুৱক-যুৱতীসকলক আকৰ্ষণ কৰিবলৈ হস্ততাঁত খণ্ডত কাৰ্য্যকৰী নিয়োগৰ সুযোগ প্ৰসাৰ কৰা।
৪/ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ বাবে পাঠ্যক্ৰম এনেদৰে ডিজাইন কৰা হ’ব যাতে ইয়াত লঘু দক্ষতা, আইটি জ্ঞান আৰু উপস্থাপন দক্ষতা অন্তৰ্ভুক্ত কৰা হয়।
৫/ গ্ৰাহকে প্ৰডাক্টৰ আঁৰৰ কাহিনী কিনে, গ্ৰাহকক আকৰ্ষণ কৰিবলৈ প্ৰডাক্ট নিৰ্মাণৰ আঁৰৰ কাহিনী আলোকপাত কৰিব পাৰি।
৬/ আনুষ্ঠানিক শিক্ষাৰ অংশ হিচাপে হস্ততাঁত বয়নক অন্তৰ্ভুক্ত কৰা।

*****
Dhanya Sanal K/AA
(ৰিলিজ আই ডি : 2097817)
অতিথি কক্ষ : 54