গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভ উপলক্ষে ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ (ভিভিপি)ৰ গাঁৱৰ বিশিষ্ট অতিথিসকলৰ সৈতে নতুন দিল্লীত আন্তৰিক মত বিনিময় কৰে

‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ৰ জৰিয়তে ভৌতিক আৰু ডিজিটেল সংযোগৰ সমান্তৰালকৈ হৃদয়ৰ সংযোগো বৃদ্ধি পাইছে

মোদী জীয়ে লাডাখবাসীক শীতকালত ডিজেল গোট মৰাৰ সমস্যাৰ পৰা মুক্ত কৰিলে

‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি, সংস্কৃতি, পৰ্যটন, জীৱন আৰু অৰ্থনৈতিক উন্নয়নক দেশৰ বাকী অংশৰ দৰেই সজীৱ কৰি তোলা হ’ব

‘ভাইব্ৰেণ্ট ভিলেজ’ৰ পৰা অহা বিশেষ অতিথিসকলে নিজৰ গাঁৱত এই বাৰ্তা দিব লাগিব যে তেওঁলোকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ মনত যথেষ্ট মৰম আছে

‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ৰ অধীনত কৃষি, শিক্ষা, স্বাস্থ্য, শক্তি, সমবায় আৰু খাদী গ্ৰামোদ্যোগ আদিৰ ৫৫৬ কোটি টকা ব্যয় সাপেক্ষ আঁচনি প্ৰস্তুত কৰা হৈছে

Posted On: 25 JAN 2025 6:14PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে, নতুন দিল্লীত "ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম'ৰ গাঁওসমূহৰ পৰা অহা বিশিষ্ট অতিথিসকলৰ সৈতে আন্তৰিক মত বিনিময় কৰে। এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত জে পি নাড্ডা, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুত জুৱেল ওৰাৱঁ, কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, সীমা ব্যৱস্থাপনা বিভাগৰ সচিব ড° ৰাজেন্দ্ৰ কুমাৰ, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)ৰ সঞ্চালক প্ৰধানকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

নিজৰ ভাষণত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম হৈছে পদক্ষেপ আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ এটা আৰম্ভণি। এই কাৰ্যসূচী ভাইব্ৰেণ্ট ভিলেজ আৰু দিল্লীৰ মাজত হৃদয়ৰ দূৰত্ব সমাপ্ত কৰাৰ কাৰ্যসূচী আৰু দুৰ্গম আৰু সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা গাঁৱৰ ৰাইজৰ মনত এই অনুভূতিৰ সৃষ্টি কৰে যে আমি সকলো ভাৰতৰে অংশ আৰু সমগ্ৰ ভাৰতবৰ্ষই আমাৰ চিন্তা কৰে। তেওঁ কয় যে যেতিয়া দেশৰ প্রধানমন্ত্রীয়ে দেশৰ প্রথম গাঁৱত বসবাস কৰা প্রতিজন ব্যক্তিলৈ নিমন্ত্ৰণ পঠিয়াই দেশৰ ৰাষ্ট্ৰীয় উৎসৱলৈ মাতে আৰু তেওঁলোকৰ আতিথ্য কৰে, তেতিয়া মনৰ অনুভূতিৰে অন্তৰৰ দূৰত্ব শেষ হৈ যায়৷ শ্ৰী শ্বাহে কয় যে যোৱা ৪ বছৰ ধৰি অবিৰতভাৱে ৰাষ্ট্ৰীয় উৎসৱত বেলেগ বেলেগ গাঁৱৰ প্ৰতিনিধিক ইয়ালৈ আমন্ত্ৰণ জনোৱা হয়। তেওঁ কয় যে প্ৰতি বছৰে ইয়ালৈ অহা লোকসকলে দেশৰ প্ৰধানমন্ত্ৰী জীৰ বিশেষ অতিথি হিচাপে সন্মানসহ ৰাষ্ট্ৰীয় উদযাপনত অংশগ্ৰহণ কৰাৰ সুযোগ পায়। এয়া দেশৰ প্ৰথম গাঁওসমূহৰ প্ৰতি পৰিৱৰ্তিত দৃষ্টিকোণৰ পৰিচায়ক।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনত শ্ৰী নৰেন্দ্ৰ মোদী জী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দেশৰ উন্নয়নৰ এক সৰ্বস্পৰ্শী আৰু সৰ্বাংগীন পৰিকল্পনা অস্তিত্বলৈ আহে, যাৰ অধীনত এনেদৰে উন্নয়ন হ’ব লাগে যাতে দেশৰ প্ৰতিজন নাগৰিক আৰু অঞ্চলক স্পৰ্শ কৰে। তেওঁ উদাহৰণ দি কয় যে লাডাখৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল শীতকালত ডিজেল গোট মৰা। প্ৰধানমন্ত্ৰী মোদী জীৰ নিৰ্দেশত ভাৰত চৰকাৰৰ তেল কোম্পানীসমূহক গোট নমৰা (নন ফ্ৰীজিং) ডিজেলৰ গৱেষণা আৰু অনুসন্ধানৰ বাবে বাজেট দিয়া হৈছিল। আজি লাডাখত গোট নমৰা ডিজেল উপলব্ধ কৰোৱা হৈছে। তেওঁ কয় যে এয়া তেতিয়াহে হ’ব পাৰে যেতিয়া এই অঞ্চলসমূহৰ সমস্যাৰ প্ৰতি কোনোবাই মনোযোগ দিয়ে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৭ চনত এটা সিদ্ধান্ত লোৱা হৈছিল যে সেনাবাহিনীকে ধৰি সকলো নিৰাপত্তা বাহিনীয়ে গাখীৰ, কণী, মাছ আৰু শাক-পাচলি কেৱল সীমান্তৱৰ্তী গাঁৱৰ পৰাহে ক্ৰয় কৰিব, যাৰ ফলত তাত কৰ্মসংস্থাপনৰ সুযোগ উপলব্ধ হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম হৈছে সামগ্ৰিক উন্নয়নৰ এক বহুমাত্ৰিক আৰু বহুখণ্ডীয় কাৰ্যসূচী। গাঁওসমূহৰ আন্তঃগাঁথনি, সংস্কৃতি, পৰ্যটন, জীৱন আৰু অৰ্থনৈতিক উন্নয়নো দেশৰ বাকী অংশৰ দৰেই সজীৱ হ’ব লাগে। তেওঁ কয় যে যেতিয়া আমি সম্পূৰ্ণ বিকাশৰ সৈতে আগবাঢ়ি যাম, তেতিয়া কেৱল বৰ্তমানেই সজীৱ হৈ নাথাকে, বৰং ভৱিষ্যৎ প্ৰজন্মইও ভাল পৰিৱেশত জীয়াই থাকিব পাৰিব।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে ২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীত এই কাৰ্যসূচী ঘোষণা কৰিছিল আৰু দেশৰ উত্তৰ সীমান্তৰ ৪৬টা ব্লকৰ ৬৬২খন গাঁও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল। পৰিকল্পনা প্ৰস্তুত হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ ২২ জনতকৈ অধিক মন্ত্ৰীয়ে ৮খন জিলা আৰু ২৬খন গাঁও পৰিদৰ্শন কৰে আৰু তাৰ স্থানীয় অসুবিধা আৰু ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা ভূমিস্তৰৰ সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ইয়াৰ উপৰিও, ৯২জন জ্যেষ্ঠ বিষয়াই ২৫৯খন গাঁও পৰিদৰ্শন কৰিছে আৰু এইদৰে প্ৰায় প্ৰতিখন গাঁও স্পৰ্শ কৰাৰ প্ৰয়াস কৰা হৈছে।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী ৰূপায়ণৰ বাটত অহা ৬৬২খন গাঁৱৰ সমস্যাসমূহ চোৱাৰ পিছত ইয়াৰ প্ৰতিবেদন গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হয়। এই প্ৰতিবেদনৰ ভিত্তিত ৬২৬টা প্ৰকল্প নিৰ্মাণ কৰা হয়। একেদৰে নিয়োগ সম্পৰ্কীয় ৯০১টা প্ৰকল্প আৰম্ভ কৰা হয়। এইবোৰৰ সমান্তৰালকৈ কৃষি, শিক্ষা, স্বাস্থ্য, শক্তি, সমবায় আৰু খাদী গ্ৰামোদ্যোগ আদিৰ বাবে ৫৫৬ কোটি টকা ব্যয় সাপেক্ষ আঁচনি নিৰ্মাণ কৰা হয়। শ্ৰী শ্বাহে কয় যে, ২৪০০ কোটি টকা ব্যয়েৰে ১১৩টা পথ আৰু ৮খন ল'ব ছাস্পেনশ্যন ব্ৰীজ নিৰ্মাণ কৰা হৈছে আৰু ২০২৫ চনৰ জুন মাহৰ ভিতৰত ৩৬২খন গাঁৱত ৪জি সংযোগ উপলব্ধ হ’ব। তেওঁ কয় যে ৬৬২খন গাঁৱৰ ভিতৰত ৪৭৪খন গাঁৱত অন গ্ৰীড বিদ্যুৎকৰণ আৰু ১২৭খন গাঁৱত অফ গ্ৰীড বিদ্যুৎকৰণ হৈছে আৰু ২৩৮ কোটি টকা ব্যয়েৰে ৪৩টা নতুন বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৪৮ কোটি টকা ব্যয়েৰে ১০২টা প্ৰকল্পৰ জৰিয়তে ভিউ পইণ্ট, এডভেঞ্চাৰ টুৰিজিম, ইক’ৰজৰ্ট আৰু টুৰিষ্ট চেণ্টাৰ গঢ়ি তোলা হৈছে। ইয়াৰ পূৰ্বে ৬৬২খন গাঁৱৰ ভিতৰত ৫৭০খন গাঁৱত বেংক নাছিল, মোদী চৰকাৰে এনে গাঁৱক বেংকৰ সৈতে সংযোগ কৰাৰ কামো কৰে।

শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে ভাইব্ৰেণ্ট ভিলেজত বসবাস কৰা লোকসকলৰ উন্নত জীৱনৰ বাবে সকলো মৌলিক সা-সুবিধা প্ৰদানৰ বাবে কাম কৰিছে। প্ৰধানমন্ত্ৰী মোদী জীৰ নেতৃত্বত তলৰ পৰা ওপৰলৈ দৃষ্টিভংগীৰে চৰকাৰী আঁচনিসমূহৰ ১০০ শতাংশ পৰিপূৰকতা লাভ কৰাৰ লগতে ভৌতিক, ডিজিটেল আৰু হৃদয়ৰ সংযোগক সংযুক্ত কৰাৰ এক আন্তৰিক প্ৰচেষ্টা চলোৱা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে ভাইব্ৰেণ্ট ভিলেজৰ পৰা অহা অতিথিসকলক কয় যে তেওঁলোকে নিজৰ গাঁৱলৈ উভতি গৈ এই বাৰ্তা দিব লাগিব যে তেওঁলোকে নিৰ্বাচিত কৰা প্ৰধানমন্ত্ৰী মোদীজীৰ মনত ভাইব্ৰেণ্ট ভিলেজৰ জনসাধাৰণৰ প্ৰতি বহুত মৰম আছে।

**********

Raj / Vivek / Priyabhanshu / Pankaj


(Release ID: 2096241) Visitor Counter : 31