নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

“১০+ মিলিয়ন টিইইউ ক্ষমতাৰে বিশ্বৰ শীৰ্ষ বন্দৰৰ লগতে ভাৰতৰ সৰ্ববৃহৎ বন্দৰ হিচাবে পৰিগণিত হৈছে জেএনপিএ”: সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰ ক্ষমতা বৃদ্ধিৰ বাবে ২,০০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰে

Posted On: 21 JAN 2025 7:16PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰৰ ক্ষমতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰায় ২০০০ কোটি টকাৰ একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন সৌৰ চালিত নাও, দুখন থলুৱাভাৱে নিৰ্মিত ৭০টি টাগ আৰু তিনিখন অগ্নিনিৰ্বাপক যানো  মুকলি কৰি বন্দৰটোৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰে।

শ্ৰী সোণোৱালে কয় যে, জৱাহৰলাল নেহৰু বন্দৰে  (জেএনপিএ) ২০২৫ চনৰ জানুৱাৰী মাহত ১০+ মিলিয়ন টিইইউ ক্ষমতা অতিক্ৰম কৰি  বিশ্বৰ শীৰ্ষ বন্দৰসমূহৰ ভিতৰত স্থান লাভ কৰাৰ লগতে  ভাৰতৰ সৰ্ববৃহৎ বন্দৰৰ হিচাবে পৰিগণিত হৈছে।  বন্দৰটোৱে  ২০২৭ চনৰ ভিতৰত সামগ্ৰীৰ পৰিবহনৰ  ক্ষেত্ৰত  ১০ মিলিয়ন টিইইউ  লাভ  কৰিবলৈ  কৰিবলৈ সাজু হৈছে।

২০২৪ চনত এই বন্দৰটোৰে সৰ্বাধিক কণ্টেইনাৰ ভলিউম ৭০.৫ মিলিয়ন টিইইউৰ সৰবৰাহ হৈছিল ।  যাৰ ফলত বন্দৰটোৰ ৯০ শতাংশতকৈ অধিক ক্ষমতাৰ ব্যৱহাৰ হৈছিল।  পূৰ্বৰ বৰ্ষৰ তুলনাত যোৱা বছৰত ইয়াৰ বাৰ্ষিক বৃদ্ধি ১১ শতাংশ  হৈছে । ২০২৫ চনৰ জানুৱাৰী মাহত ভাৰত মুম্বাই কণ্টেইনাৰ টাৰ্মিনেল (বিএমচিটি)ৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হোৱাৰ লগে লগে জেএনপিএৰ মুঠ ক্ষমতাত আৰু ২৪ লাখ টিইইউ সংযোজন  হৈছে। ২০২৫ চনত নভ শ্বেভা ফ্ৰীপ’ৰ্ট টাৰ্মিনেল (এন এছ এফ টিৰ) উন্নীতকৰণেও বন্দৰটোৰ  ক্ষমতা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বৰ্তমানৰ  এনে বৃদ্ধিৰ হাৰৰ  প্ৰক্ষেপণৰ লগে লগে বন্দৰটোৰ কণ্টেইনাৰ পৰিচালনা ক্ষমতা ১০.৪ মিলিয়ন টিইইউলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

বন্দৰটোৰ ক্ষেত্ৰত এনে  পূৰ্বাভাসসমূহৰ বিষয়ত  আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘জেএনপিএৰ লগতে সমগ্ৰ ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবেও এয়া এক উল্লেখযোগ্য কৃতিত্ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত আমাৰ সম্পদৰ সঠিক ব্যৱহাৰেৰে ইয়াৰ  মূল্য বুজি উঠাত সহায়ক হৈছে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিবলৈ  ঐক্যবদ্ধ প্ৰচেষ্টা চলোৱা হৈছে। একে সময়তে আমাৰ দলটোৱে অচল সম্পদৰ পৰা মূল্য সৃষ্টিৰ লগতে একে সময়তে ইয়াত  উদ্ভাৱনীমূলক মূল্য প্ৰস্তাৱৰ ক্ষমতা যোগ কৰাৰো কাম কৰি আহিছে। বৃহৎ জাহাজ চম্ভালিব পৰা ক্ষমতা সৃষ্টিকে ধৰি আন্তঃগাঁথনিৰ বিকাশৰ  লগে লগে জেএনপিএই ভাৰতৰ বিশ্ব বাণিজ্যৰ বাবে এক মূল দুৱাৰমুখ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু হৈছে। ভাৰতৰ বাণিজ্যৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে, উৎপাদনৰ দৰে বৈচিত্ৰ্যপূৰ্ণ খণ্ডৰ পৰা বস্ত্ৰশিল্পলৈকে, ইলেক্ট্ৰনিকছৰ পৰা কৃষিলৈকে, আমাৰ বন্দৰসমূহে সামৰ্থ্য বিকাশৰ লগতে বৃদ্ধি পোৱা কণ্টেইনাৰ  পৰিবহনক সমৰ্থন কৰিবলৈ দক্ষ পদ্ধতি   সৃষ্টি কৰাত আত্মনিয়োগ  কৰিছে। আমি বিশ্বাস কৰোঁ যে এক কোটি টিইইউ চম্ভালিব পৰা বিশ্বৰ কেইটামান বন্দৰৰ ভিতৰত জেএনপিএও এটা।  ২০১৪ চনৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ সামুদ্ৰিক খণ্ডক বিশ্বৰ  অন্যতম শীৰ্ষ সামুদ্ৰিক দেশ হিচাপে পৰিগণিত কৰাৰ দিশত যি প্ৰচেষ্টা চলাইছে তাৰ প্ৰমাণ  হৈছে এই বন্দৰৰ  উন্নীতকৰণ।"

বাধৱন বন্দৰ প্ৰকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বৃহৎ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। ভিপিপিএল আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মাজত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি পিপিপি মডেলৰ অধীনত বাধৱন বন্দৰত ৫০ একৰ মাটিৰ লগতে লিকুইড জেটি আবণ্টন দিয়া হৈছে। এই বিনিয়োগৰ পৰিমাণ  ৬৪৫ কোটি  টকা  হ'ব বুলি অনুমান কৰা হৈছে আৰু ২০৩০ চনৰ ভিতৰত  বাধাৱনৰ প্ৰকল্পসমূহ   সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । আন্তঃগাঁথনি খণ্ডত সহযোগিতা গঢ়ি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভিপিপিএল আৰু হাডকোৰ মাজত এক শক্তিশালী  অংশীদাৰিত্ব গঢ়ি তোলা  হৈছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে সকলো পক্ষকে নিয়ন্ত্ৰণ কৰা সকলো প্ৰযোজ্য আইন, নিয়ম আৰু নিয়ম মানি চলি সমন্বয়, সহযোগিতা তথা  সম্পদৰ বিনিময় বৃদ্ধি কৰা। এই চুক্তিৰ অংশ হিচাপে মেছাৰ্ছ হাডকোৱে নতুন বন্দৰ আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) প্ৰকল্পৰ উন্নয়নৰ বাবে ২৫,০০০ কোটি টকা পৰ্যন্ত পুঁজি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই কৌশলগত মিত্ৰতাই বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত ভিপিপিএলৰ বিশেষজ্ঞতা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰভাৱশালী সমাধান প্ৰদান কৰিবলৈ হাডকোৰ বিত্তীয় বুদ্ধিমত্তাই প্ৰচুৰ সহায় কৰিব । এই অংশীদাৰিত্বই বহনক্ষম আন্তঃগাঁথনিমূলক  উন্নয়নক আগুৱাই নিয়াৰ বহল দৃষ্টিভংগীৰ সৈতে  খাপ খুৱাই  বন্দৰ উন্নয়ন আৰু অন্যান্য আনুষংগিক প্ৰকল্পসমূহৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ অনুঘটক হিচাপে কাম কৰিব৷ এনে প্ৰচেষ্টাই  ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি আৰু বিশ্ব প্ৰতিযোগিতামূলক ক্ষমতাক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

ভাষণ প্ৰসংগত শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আমাৰ উন্নয়নমূলক পদক্ষেপসমূহে বৰ্তমানৰ সম্পদৰ  ব্যৱহাৰক অনুকূল কৰি তোলা আৰু অচল সম্পদসমূহক বৃদ্ধিৰ চালকলৈ ৰূপান্তৰিত কৰি ইয়াৰ পৰা  মূল্য আদায় কৰাৰ  বিষয়ত গুৰুত্ব দিছে৷  । এয়া  আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি কৰা হৈছে৷  প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী হৈছে আমাৰ বন্দৰসমূহক ভাৰতৰ অৰ্থনৈতিক বিকাশৰ এক সুন্দৰ  কাহিনীৰ শক্তি বিন্দু হিচাপে সবলীকৰণ কৰা । উদ্ভাৱন, দক্ষতা, আৰু বহনক্ষমতাৰ সহায় লৈ আমি কেৱল আন্তঃগাঁথনি নিৰ্মাণ কৰাই নহয়, দেশৰ  বাবে সমৃদ্ধিৰ ইন্ধন যোগোৱা সুযোগ সৃষ্টি কৰিছো।”

 

জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষ (জেএনপিএ)ত ২,০০০ কোটি টকাৰ ক্ষমতা বৃদ্ধি প্ৰকল্পৰ অংশ হিচাপে শ্ৰী সৰ্বানন্দ সোণোৱালে অত্যাধুনিক কৃষি প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ  বিকাশৰ কামো আৰম্ভ কৰে। ২৮৪ কোটি  টকা বিনিয়োগেৰে আৰম্ভ কৰা  এই অগ্ৰণী পদক্ষেপ ভাৰতৰ কৃষি বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত  হৈছে । বন্দৰ প্ৰকল্পৰ ভিতৰতে ২৭ একৰ মাটিত বিস্তৃত এই একক সুবিধাই কৃষি সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ আৰু পৰিবহণৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াব৷

 

 

 

বছৰি প্ৰায় ১২ লাখ টন সামগ্ৰীৰ পৰিবহন  চম্ভালিব পৰাকৈ আৰ্হি প্ৰস্তুত কৰা   এই সুবিধাই  খাদ্য সুৰক্ষা আৰু বাণিজ্যিক নিয়মসমূহ মানি চলাটো নিশ্চিত কৰিব৷ লগতে ই  প্ৰচেছিং, ​​ছৰ্টিং, পেকিং আৰু পৰীক্ষাগাৰৰ সুবিধাকে ধৰি বিস্তৃত সেৱা আগবঢ়াব। কেৱল মহাৰাষ্ট্ৰই নহয়, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ দৰে ৰাজ্যৰ কৃষি উৎপাদক আৰু ব্যৱসায়ীসকলকো সেৱা আগবঢ়াবলৈ কৌশলগতভাৱে  ইয়াক বিকশিত কৰা হৈছে৷  যাৰ ফলত কৃষি সামগ্ৰীৰ নিৰৱচ্ছিন্ন ৰপ্তানি-আমদানি আৰু ঘৰুৱা বাণিজ্যক প্ৰসাৰিত কৰা  সম্ভৱ হৈ উঠিব।

 

ক্ষমতা উন্নয়নৰ লগতে খালী হৈ পৰি থকা  মাটিক  অৰ্থনৈতিকভাবে সচল কৰিবলৈ   জেএনপিএৰ  বন্দৰ অঞ্চলত গুদামৰ সুবিধা স্থাপনৰ পথ প্ৰশস্ত কৰা হৈছে৷ ইয়াৰ বাবে  আন এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। এই পৰিৱেশ আৰু উষ্ণতা নিয়ন্ত্ৰিত গুদাম তথা  চিএফএছ সুবিধাসমূহৰ উন্নয়নৰ বাবে ৩০০ কোটি টকা  বিনিয়োগ  কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷  এয়া  সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’লে ই বছৰি ১,২০,০০০ টিইইউ’ৰ ক্ষমতা লাভ কৰিব৷

 

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে  কয়, ‘সামৰ্থ্য সম্প্ৰসাৰণৰ বাবে বিনিয়োগ কৰাটো  কেৱল আজিৰ প্ৰয়োজনীয়তা পূৰণেই  নহয়, এয়া হৈছে কাইলৈৰ বাবেও প্ৰস্তুতি চলোৱা। প্ৰধানমন্ত্ৰী মোদী জীৰ দৃষ্টিভংগী হৈছে ভাৰতৰ বন্দৰসমূহ যাতে ভৱিষ্যতৰ বাবে অধিক সক্ষম ৰূপত  সাজু হৈ উঠে , বৃদ্ধি পোৱা বাণিজ্যৰ পৰিমাণ আৰু বিকশিত বিশ্ব গতিশীলতাক চম্ভালিব পৰাকৈ বন্দৰসমূহ  সজ্জিত  হৈ উঠে। আমাৰ বন্দৰসমূহৰ সবলীকৰণ অৰ্থনীতিৰ বৃদ্ধিৰ চালক হিচাপে কাম কৰাৰ সম্পদেই  নহয়, ই আমাৰ দেশক বিশ্বৰ অন্যতম শীৰ্ষ সামুদ্ৰিক দেশখন হিচাবে  উত্থান ঘটাই কৌশলগত সুবিধা আহৰণ কৰাৰো সুযোগ প্ৰদান কৰিব৷  দেশৰ দীৰ্ঘম্যাদী লক্ষ্যৰ সৈতে সংগতি ৰাখি  আমি বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টি কৰাৰ লক্ষ্য  আগত ৰাখিছো , যিয়ে দেশৰ বাবে স্থায়ী মূল্য প্ৰদান কৰিব  আৰু আমাৰ অৰ্থনৈতিক আকাংক্ষাক আগুৱাই লৈ যাব।”

 

ব্যৱসায়িক সুবিধা কেন্দ্ৰৰ লগতে গুদামৰ সুবিধা, বন্দৰ সুবিধা কেন্দ্ৰৰ উন্নয়নৰ বাবেও বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। শ্ৰী সোণোৱালে শিক্ষাৰ জৰিয়তে সম্প্ৰদাসমূহৰ  উন্নয়নৰ বাবে বন্দৰ চৌহদৰ ভিতৰত চিবিএছই বিদ্যালয় ভৱন এটা গঢ়ি তোলাৰ বাবেও ভূমি পূজন কৰে।

ভাৰতৰ প্ৰথমটো বন্দৰভিত্তিক কাৰ্যকৰী বহু-উৎপাদন ছেইজেড জেএনপিএ বিশেষ অৰ্থনৈতিক মণ্ডলে ঔদ্যোগিক উন্নয়নত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ২৭৭.৩৮ হেক্টৰ  লীজত দিব পৰা ভূমিত  বিস্তৃত জেএনপিএ চেজ জলপথ, স্থলপথ ৰে'ল, আৰু আকাশী পথেৰে সংযুক্ত৷  ইয়াৰে  ১৬৩ হেক্টৰ লিজযোগ্য মাটিৰ ভিতৰত ১২৪ হেক্টৰ মাটি ইতিমধ্যে ৫৪টা গোটক  আবণ্টন দিয়া হৈছে, য’ত ১০টা গোট  আৰু এটা ফ্ৰী ট্ৰেড ৱেৰহাউছিং জ’ন (এফ টি ডব্লিউ জেড) ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে। এই কাৰ্য্যকৰী গোটসমূহ গুদাম, খাদ্য প্ৰক্ৰিয়াকৰণ, উৎপাদন আৰু ব্যৱসায়ৰ দৰে বিভিন্ন খণ্ডত নিয়োজিত হৈ আছে । বিদ্যুতৰ বাবে বিশেষ পৰিকল্পনা কৰ্তৃপক্ষ (এছপিএ) আৰু বৈদ্যুতিক বিতৰণ অনুজ্ঞাপত্ৰধাৰী হিচাপে জেএনপিএ এছইজে এনে গোটসমূহৰ বাবে প্ৰয়োজনীয় অনুমোদন  নিশ্চিত কৰিছে আৰু বিনিয়োগকাৰীৰ বাবে অনুমোদন প্ৰক্ৰিয়া সুশৃংখলিত কৰিছে। ছেইজ ভূমিৰ ৬০ বছৰৰ পট্টাৰ বাবে স্বচ্ছ ই-টেণ্ডাৰ সহ ই-নিলাম প্ৰক্ৰিয়াই বিনিয়োগকাৰীক  আকৰ্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। জে এন পি এ এছ ই জেডৰ মাটি লাভ কৰাসকলৰ ভিতৰত আছে ৱেলছপান ৱান, ডি পি ৱৰ্ল্ড আৰু ফাইন অৰ্গেনিক্সৰ দৰে আগশাৰীৰ  ঔদ্যোগিক গোট। কাৰ্য্যকৰী ভূমিৰ  দ্বাৰা বৰ্তমানৰ বিনিয়োগ ৬২৩ কোটি আৰু ভূমি লাভ কৰাসকলৰ প্ৰস্তাৱিত বিনিয়োগ ১,৭০০ কোটি টকা  হৈছে৷ যিয়ে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত জেএনপিএ ছেজত এক্সিম ট্ৰেড আছিল ৮০৫১ টিইইউ আৰু ১৩,৯৩৯ কোটি আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত এয়া  ১৩৯০৬ টিইইউ আৰু ৭,৩১৪ কোটি টকালৈ বৃদ্ধি পাইছে (২০২৪ চনৰ ডিচেম্বৰলৈকে), যিয়ে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰ খনত  একেসময়তে নতুন অভিলেখ গঢ়িছে৷


(Release ID: 2095175) Visitor Counter : 23


Read this release in: Marathi , English , Hindi , Urdu