ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাকুম্ভ ২০২৫ত ৬০০০ বৰ্গমিটাৰত প্ৰদৰ্শিত হৈছে অ’ডিঅ’পি প্ৰদৰ্শনী

প্ৰয়াগৰাজত দেশৰ শিল্পীসকলৰ বাবে এক অনন্য বজাৰ, ইয়াৰ পৰা প্ৰায় ৩৫ কোটি টকাৰ ব্যৱসায়িক সুযোগৰ আশা কৰা হৈছে

Posted On: 19 JAN 2025 5:52PM by PIB Guwahati

 

দেশৰ বিভিন্ন প্ৰান্তৰ শিপিনীসকলৰ বাবে মহাকুম্ভ-২০২৫ এক সোণালী সুযোগ হিচাপে চিহ্নিত হৈছে। প্ৰয়াগৰাজৰ সংগমস্থলীত অনুষ্ঠিত এই মহান অনুষ্ঠানত ৬০০০ বৰ্গমিটাৰত বিস্তৃত ‘এক জিলা, এক উৎপাদন’ (অ’ডিঅ’পি)ৰ আকৰ্ষণীয় প্ৰদৰ্শনী স্থাপন কৰা হৈছে। কাৰ্পেট, জাৰি-জৰ্দোছি, ফিৰোজাবাদৰ কাঁচৰ খেলনা, বাৰাণসীৰ কাঠৰ খেলনা, আৰু অন্যান্য হস্তশিল্পৰ সামগ্ৰী ভক্তসকলৰ বাবে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

প্ৰয়াগৰাজ সংমণ্ডল উদ্যোগৰ যুটীয়া আয়ুক্ত শাৰদ টেণ্ডনে উল্লেখ কৰে যে ২০১৯ চনত কুম্ভ মেলাই ৪.৩০ কোটি টকাৰ ব্যৱসায়ৰ সৃষ্টি কৰিছিল আৰু এইবাৰ ব্যৱসায় ৩৫ কোটি টকা পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা ব্যৱসায় আৰু চাকৰি সৃষ্টিৰ নতুন পথৰ সৃষ্টি হ’ব। ফ্লিপকাৰ্টে মহাকুম্ভত এটা ষ্টলো স্থাপন কৰিছে, য’ত উদ্যোগীসকলে তেওঁলোকৰ সামগ্ৰীসমূহ তেওঁলোকৰ প্লেটফৰ্মত বিনামূলীয়াকৈ বিক্ৰী কৰাৰ সুযোগ প্ৰদান কৰিছে। ফ্লিপকাৰ্টৰ ষ্টলত ক্ৰেতা আৰু দৰ্শনাৰ্থীৰ বিপুল ভিৰ দেখা গৈছে।

ফিৰোজাবাদ, কুশনগৰ আৰু কাশীৰ পৰা ক্ৰাফ্ট আৰু জি আই প্ৰডাক্টৰ প্ৰদৰ্শন

কাশী(বাৰানসী)ৰ শিল্পীসকলে এই প্ৰদৰ্শনীত সামগ্ৰী উপস্থাপন কৰিছে, য’ত আছে কাঠৰ খেলনা, বানাৰসী ব্ৰকেড, ধাতুৰ ৰিপ’ছে, আৰু ধাতুৰ ঢালাই। ভৌগোলিক সূচক বিশেষজ্ঞ ড০ ৰজনীকান্তই উল্লেখ কৰে যে অ’ডিঅ’পি আঁচনিৰ অধীনত উত্তৰ প্ৰদেশৰ ৭৫টা জিআই সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে, ইয়াৰে ৩৪টা সামগ্ৰী কেৱল কাশী অঞ্চলৰ। ইয়াৰ ভিতৰত বাৰাণসীৰ ৰঙা মৰিচা, বানাৰসী শাৰী, সুৰখা পেঁপা, প্ৰতাপগড়ৰ আমলা, মিৰ্জাপুৰৰ পিতলৰ বাচন, গোৰখপুৰৰ টেৰাকোটা সামগ্ৰী। কুশনগৰৰ কাৰ্পেট, ফিৰোজাবাদৰ কাঁচৰ খেলনা আৰু বাচন-বৰ্তনো এই প্ৰদৰ্শনীৰ মূল আকৰ্ষণ। ইয়াৰ জৰিয়তে বানাৰসী থাণ্ডাই, লাল পেড়া, বানাৰসী তবলা, আৰু দেৱাল চিত্ৰ আদি অনন্য সৃষ্টিক বিশ্বজুৰি চৰ্চালৈ অনাৰ প্ৰচেষ্টা চলোৱা হৈছে।

মহাকুম্ভত নিয়োগ আৰু উদ্ভাৱনৰ প্ৰসাৰঃ

এই অ’ডিঅ’পি পদক্ষেপ হস্তশিল্প আৰু কুটিৰ উদ্যোগক প্ৰসাৰিত কৰাৰ এক অভূতপূৰ্ব প্ৰচেষ্টা। মহাকুম্ভ ২০২৫ কেৱল আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিচয়ক শক্তিশালী কৰাই নহয় উদ্যোগীসকলৰ বাবেও এক বিশাল মঞ্চত পৰিণত হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে শিল্পীসকলৰ সামগ্ৰীসমূহ প্ৰত্যক্ষ কৰি প্ৰশংসা কৰিছে আৰু এইবোৰ ক্ৰয় কৰিছে।

*****

AD/VM/MS


(Release ID: 2095030) Visitor Counter : 32