সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
মহাকুম্ভ-২০২৫ত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ‘ডিভাইন, গ্ৰেণ্ড এণ্ড ডিজিটেল’ পেভিলিয়ন উদ্বোধন
পেভিলিয়নৰ আকৰ্ষণ হৈছে সংবিধান টাচ-স্ক্ৰীণ ফ্লিপবুক, টিউলিপ ব্ৰেণ্ড পদক্ষেপ, ইয়াৰোপৰি মন্ত্ৰালয়ৰ মূল আৰ্থ-সামাজিক কল্যাণ আঁচনিসমূহৰ প্ৰচাৰ
Posted On:
16 JAN 2025 11:56AM by PIB Guwahati
কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে (M/o SJ&E) মহাকুম্ভ-২০২৫ত স্থাপন কৰা পেভিলিয়নটো ১৫ জানুৱাৰীত প্ৰয়াগৰাজৰ কৈলাশপুৰী মাৰ্গ (পশ্চিমি পত্ৰী)ৰ ছেক্টৰ ০৭ৰ নাগ বাছুকীত ইয়াৰ সচিব শ্ৰী অমিত যাদৱে উদ্বোধন কৰে। ইয়াত মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী অমিত কুমাৰ ঘোষকে প্ৰমুখ্য কৰি উচ্চপদস্থ বিষয়াসকলৰ লগতে মন্ত্ৰালয়ৰ অধীনস্থ নিগম এনএছএফডিচি আৰু এনবিচিএফডিচিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক শ্ৰী ৰাজন ছেহগলৰ উপস্থিতিত বন্তি প্ৰজ্জ্বলন কৰা হয়।
ইয়াত শ্ৰী অমিত যাদৱ আৰু আন-আন জ্যেষ্ঠ বিষয়াসকলে হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময়েৰে তেওঁলোকৰ প্ৰত্যাহ্বান, সুবিধা আৰু অভিজ্ঞতাৰ বুজ লয়। মন্ত্ৰালয়ৰ আঁচনিৰাজিৰপৰা লাভৱান হোৱা শিল্পীসকলে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰে, যিয়ে টিউলিপ (TULIP-Traditional Artisans Upliftment Livelihood Programme) ব্ৰেণ্ডৰ দৰে পদক্ষেপৰ ইতিবাচক প্ৰভাৱকে প্ৰতিফলিত কৰে। মহাকুম্ভ-২০২৫ত মন্ত্ৰালয়ৰ অংশগ্ৰহণে ইয়াৰ ধ্বজাবাহী আঁচনিসমূহ আৰু পদক্ষেপৰাজিৰ জৰিয়তে সামাজিক উত্থানক প্ৰোৎসাহিতকৰণৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। ‘ডিভাইন, গ্ৰেণ্ড এণ্ড ডিজিটেল’ বিষয়বস্তুক কেন্দ্ৰ কৰি এই পেভিলিয়নটোৰ ডিজাইন কৰা হৈছে, য’ত পৰম্পৰাগত প্ৰমূল্যবোধৰ সৈতে আধুনিক প্ৰযুক্তিক একত্ৰিতকৰণৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ দায়বদ্ধতা প্ৰদৰ্শিত হৈছে।
প্ৰান্তীয় শ্ৰেণীসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা বঞ্চিত ইকাই সমূহ আৰু ৱৰ্গন কী আৰ্থিক সহায়তা যোজনা (VISVAS) আৰু আৰ্থ-সামাজিকভাৱে প্ৰান্তীয় লোকসকলৰ দক্ষতা বিকাশত গুৰুত্ব আৰোপ কৰা পিএম-দক্ষ যোজনাকে প্ৰমুখ্য কৰি কেইবাখনো মূল আঁচনি সন্দৰ্ভত এই মণ্ডপত প্ৰচাৰ কৰা হৈছে। জ্যেষ্ঠ নাগৰিক কল্যাণ আঁচনি, নিচা মুক্তি ভাৰত অভিযান, নমস্তে আঁচনিকে প্ৰমুখ্য কৰি আন-আন আঁচনিসমূহৰ সম্পৰ্কে দৰ্শনাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে।
এই পেভিলিয়নৰ মূল আকৰ্ষণ হৈছে ভাৰতীয় সংবিধানখন সম্পৰ্কে দৰ্শকসকলক অৱগত কৰিবলৈ সংবিধান টাচ-স্ক্ৰীণ ফ্লিপবুক আৰু আকৰ্ষণীয় অভিজ্ঞতাৰ বাবে এআই-চালিত বৈশিষ্ট্যৰে ডিজিটেল চেলফি পইন্ট। পেভিলিয়নৰ আন এক আকৰ্ষণ হৈছে টিউলিপ ব্ৰেণ্ড ইনিচিয়েটিভ। ইয়াৰ জৰিয়তে হিতাধিকাৰী শিল্পীসকলক এই পদক্ষেপৰ অধীনত ষ্টল আবন্টন দিয়া হৈছে, ইয়াত তেওঁলোকৰ হস্তনিৰ্মিত সামগ্ৰীসমূহ প্ৰদৰ্শন আৰু বিক্ৰী কৰা হৈছে। এই কাৰ্য্যসূচীয়ে পৰম্পৰাগত শিল্পীসকলক মন্ত্ৰালয়ৰ ভিন্ন আঁচনিৰ জৰিয়তে অৰ্থনৈতিক অন্তৰ্ভুক্তিৰ সুযোগ প্ৰদান কৰি তেওঁলোকৰ উত্থান ঘটাইছে।
ইয়াত আলিমক’ (ALIMCO-Artificial Limbs Manufacturing Corporation of India)ৰ ষ্টলে যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াত বৃদ্ধ লোকসকলক সহায়ক সঁজুলি বিনামূলীয়াকৈ বিতৰণৰ বাবে টোকেন প্ৰদান কৰা হৈছে, যিয়ে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক সহায় কৰাৰ বাবে মন্ত্ৰালয়ৰ দায়বদ্ধতাক অধিক সুদৃঢ় কৰিছে। দৈনিক সাংস্কৃতিক অনুষ্ঠান, স্পন্দনশীল পৰিবেশন, পেনেল আলোচনা, সংগীত অনুষ্ঠান আৰু ডিজিটেল প্ৰদৰ্শনীয়ে পেভিলিয়নটোৰ এক গতিশীল আৰু তথ্যসমৃদ্ধ দিশ প্ৰশস্ত কৰে, যিয়ে দৰ্শনাৰ্থীৰ অভিজ্ঞতাক সমৃদ্ধ কৰিব। এই পেভিলিয়নত প্ৰৱেশ বিনামূলীয়া।
মহাকুম্ভ-২০২৫ত মন্ত্ৰালয়ৰ অংশগ্ৰহণে ইয়াৰ আঁচনিসমূহক ভিন্ন দৰ্শকৰ মাজলৈ নিয়াৰ অৰ্থে ইয়াৰ নতুন মনোভাৱক মূৰ্ত কৰি তুলিছে। সমগ্ৰ ভাৰত আৰু বিদেশৰ তীৰ্থযাত্ৰীসকলৰ আগমনৰ লগে-লগে এই পেভিলিয়নে সামাজিক ন্যায় আৰু সবলীকৰণৰ প্ৰতি মন্ত্ৰালয়ৰ নিষ্ঠাৰ মনোভাৱক প্ৰদৰ্শন কৰে।
*****
VM/SB
(Release ID: 2094497)
Visitor Counter : 30