প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অযোধ্যাত ৰাম লাল্লাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জনায়

प्रविष्टि तिथि: 11 JAN 2025 9:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰামলাল্লাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে শতিকাজোৰা ত্যাগ, তপস্যা আৰু সংগ্ৰামৰ অন্তত নিৰ্মিত এই মন্দিৰটো আমাৰ সংস্কৃতি আৰু আধ্যাত্মিকতাৰ এক মহান ঐতিহ্য।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে,

"অযোধ্যাত ৰাম লাল্লাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শতিকাজোৰা ত্যাগ, তপস্যা আৰু সংগ্ৰামৰ মাজেৰে নিৰ্মিত এই মন্দিৰটো আমাৰ সংস্কৃতি আৰু আধ্যাত্মিকতাৰ এক মহান ঐতিহ্য। মোৰ বিশ্বাস যে এই ঐশ্বৰিক আৰু ভব্য ৰাম মন্দিৰটোৱে উন্নত ভাৰতৰ সংকল্প সাধনৰ ক্ষেত্ৰত এক বৃহৎ প্ৰেৰণা হিচাপে পৰিগণিত হ'ব।"

***

MJPS/VJ/MS


(रिलीज़ आईडी: 2094479) आगंतुक पटल : 29
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam