সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাকুম্ভ- ২০২৫ত নমামি গংগা আৰু খাদী ইণ্ডিয়া পেভিলিয়নত পৰিৱৰ্তনশীল যাত্ৰাৰ প্ৰদৰ্শন

Posted On: 18 JAN 2025 9:04PM by PIB Guwahati

মহাকুম্ভ ২০২৫ত নমামি গংগা মণ্ডপ

দেশ তথা বিদেশৰ লাখ লাখ ভক্তৰ সমাগমেৰে আৰম্ভ হোৱা মহাকুম্ভ ২০২৫ত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ে স্থাপন কৰা  নমামি গংগা মণ্ডপত নমামি গংগা কাৰ্যসূচীক কেন্দ্ৰ কৰি এখন তথ্যসমৃদ্ধ প্ৰদৰ্শনী  অনুষ্ঠিত কৰা হৈছে। এই  প্ৰদৰ্শনীয়ে  গংগা নদীৰ সংৰক্ষণ আৰু নৈ খনক পুনৰুজ্জীৱিত কৰাৰ বাবে ব্যৱহাৰ কৰা  প্ৰযুক্তিৰ , বিভিন্ন সম্প্ৰদায়ৰ মাজত সংযোগ স্থাপনৰ বিষয়  আৰু বহনক্ষমতাৰ দিশটোক  সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে । স্থানীয় সম্প্ৰদায়সমূহৰ অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰাৰ সমান্তৰালভাৱে এক জটিল পৰিৱেশ তন্ত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত  এই কাৰ্যসূচীৰ প্ৰচেষ্টাক   জল শক্তি মন্ত্ৰালয়ৰ পেভিলিয়নত আলোকপাত কৰা হৈছে। এক কথাত ভাৰতৰ পবিত্ৰ নদীসমূহৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ লক্ষ্যৰে চৰকাৰে  গ্ৰহণ কৰা কৌশলগত পদক্ষেপসমূহ  বুজি উঠিবলৈ এই পেভিলিয়নে এক সুন্দৰ সুযোগ প্ৰদান কৰিছে।

বলুকা ভাস্কৰ্যৰে নিৰ্মাণ কৰা  ভগৱান শিৱৰ শক্তিশালী ভাস্কৰ্য , ইয়াত এফালে বিশুদ্ধ পানী আৰু আনটো ফালে  প্ৰদূষিত পানীক প্ৰতিনিধিত্ব কৰা দেখুওৱা হৈছে।  এই ভাস্কৰ্যই  পৰিৱেশৰ প্ৰতি থাকিবলগীয়া  দায়বদ্ধতা আৰু গংগা নদীক পৰিষ্কাৰ কৰি ৰখাৰ এক সজাগতামূলক বাৰ্তা বহন কৰিছে।

বাৰাণসীৰ ঐতিহ্যমণ্ডিত ঘাটসমূহৰ এক মনোমোহা ক্ষুদ্ৰ আৰ্হি, ইয়াত  নদীৰ পাৰ আৰু ইয়াৰ আশে-পাশে থকা অট্টালিকাসমূহ  প্ৰদৰ্শন কৰা হৈছে ।

নেচনেল বুক ট্ৰাষ্ট (এনবিটি)ৰ  এটা সৰু  পাঠাগাৰ,  ই গংগা নদী  আৰু ইয়াৰ তাৎপৰ্য্যৰ বিষয়ে জানিবলৈ আগ্ৰহী গ্ৰন্থপ্ৰেমী  তথা  দৰ্শনাৰ্থীক বিপুলভাবে  আকৰ্ষণ কৰিছে। 

হিমালয়ৰ উদ্ভিদৰ সৈতে এক সজীৱ প্ৰদৰ্শনী,  ইয়াত ৰঙীন পোহৰেৰে আলোকিত কৰি কৈলাশ পৰ্বতৰ ওপৰত অধিষ্ঠিত  হৈ থকা ভগৱান শিৱক প্ৰদৰ্শন কৰা হৈছে  ।

পেভিলিয়নত  “গংগাৰ বাঘ”  হিচাবে পৰিচিত গংগা নদীৰ ডলফিনৰ প্ৰতিৰূপ  গৌৰৱেৰে থিয় হৈ  থকাৰ লগতে  স্থানীয় বন্যপ্ৰাণীও প্ৰদৰ্শন কৰা হৈছে।

শিক্ষামূলক উদ্দেশ্য আৰু সংৰক্ষণৰ প্ৰচেষ্টা হিচাবে গংগা নদীৰ বৈচিত্ৰ্যময় মাছৰ প্ৰজাতি প্ৰদৰ্শন কৰা হৈছে।

পেভিলিয়নত “জল হি জীৱন হে” শ্লোগানেৰে  ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ  জল জীৱন মিছনৰ মৰ্মাৰ্থ সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে।

খাদী উৎসৱ

ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে (এম এছ এম ই) মহাকুম্ভ ২০২৫ত  স্থাপন  কৰা খাদী ইণ্ডিয়া পেভিলিয়নত খাদীৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি স্থানীয় শিল্প, বস্ত্ৰশিল্প আৰু থলুৱা উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ চহকী ঐতিহ্য প্ৰদৰ্শন কৰা হৈছে। এই পেভিলিয়নে পৰম্পৰা, বহনক্ষমতা আৰু কাৰুকাৰ্য্যৰ সংহতিৰ  বিষয়ত আলোকপাত কৰিছে।  এই পেভিলিয়নে  ঐক্যৰ পৰিবেশ  গঢ়ি তোলা আৰু সাংস্কৃতিক মূল্যবোধ সংৰক্ষণৰ ক্ষেত্ৰত খাদীৰ ভূমিকাৰ বিষয়তো গভীৰ দৃষ্টিভংগীক  আলোকিত কৰিছে। মহাকুম্ভ মেলাৰ ঐতিহাসিক পটভূমিত স্থাপন কৰা এই  পেভিলিয়নে স্থানীয় উদ্যোগ আৰু বহনক্ষম পদ্ধতিসমূহক প্ৰসাৰিত কৰাৰ বাবে  থকা ভাৰতৰ দায়বদ্ধতাৰ কথাকো প্ৰতিফলিত কৰিছে।

প্ৰয়াগৰাজৰ খাদী উৎসৱ প্ৰদৰ্শনীত ভাৰতৰ খাদীৰ প্ৰতি থকা প্ৰেম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, ‘ভোকেল ফৰ লোকেল’  আহ্বানৰ  আলমত  ভাৰতৰ পৰিৱৰ্তনশীল যাত্ৰাৰ এক সুন্দৰ আৰু সজীৱ  প্ৰদৰ্শন কৰা হৈছে।

 

স্থানীয় কাৰুকাৰ্য্য আৰু ঐতিহ্যক উদযাপন কৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে আয়োজন কৰা খাদী উৎসৱ প্ৰদৰ্শনীত  দৰ্শনাৰ্থীৰ সমাগম ।

খাদী উৎসৱ -২০২৫ত আত্মনিৰ্ভৰ ভাৰতৰ 'আত্মনিৰ্ভৰশীল' বিষয়বস্তুক আলোকপাত কৰি মহা মানৱ মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

খাদী উৎসৱৰ এখন  বিপনীত  খাদী বস্ত্ৰ  লিৰিকি-বিদাৰি চোৱা দৰ্শনাৰ্থীৰ নিচেই ওচৰৰ পৰা লোৱা ছবি।

 

ভাৰতৰ কালজয়ী ঐতিহ্য আৰু বহনক্ষমতাৰ লগতে  স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰীৰ প্ৰচাৰৰ প্ৰতি দেশৰ  দায়বদ্ধতাক সন্মান জনাই  ১৪ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈকে ইয়াত যোগদান কৰক। এই অনুষ্ঠানে বহনক্ষমতা আৰু সাংস্কৃতিক সংৰক্ষণৰ ধাৰাক অব্যাহত ৰখাৰ লগতে স্থানীয় উদ্যোগসমূহক উদগনি যোগোৱাৰ বাবে  দেশৰ সমৰ্পিত উদ্দেশ্যৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে ।

 

তথ্যসূত্ৰ

Department of Information and Public Relations (DPIR), Government of Uttar Pradesh

https://pib.gov.in/PressReleasePage.aspx?PRID=2093936

https://x.com/PIB_India/status/1880521177040580648


(Release ID: 2094472) Visitor Counter : 5