সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰয়াগৰাজঃ পৰম্পৰাৰ সৈতে আধুনিকতাৰ মিশ্ৰণ

২০২৫ মহাকুম্ভ মেলাই আধ্যাত্মিক অনুষ্ঠানৰ ক্ষেত্ৰত এক নতুন বিশ্বব্যাপী মানদণ্ড নিৰ্ধাৰণ কৰিব

Posted On: 12 DEC 2024 5:04PM by PIB Guwahati

আধ্যাত্মিক শুদ্ধি আৰু নবীকৰণৰ প্ৰতীক হিচাপে পবিত্ৰ নদীত গা ধুবলৈ অহা লাখ লাখ তীৰ্থযাত্ৰীক আকৰ্ষণ কৰা কুম্ভ মেলা বিশ্বৰ আটাইতকৈ ডাঙৰ শান্তিপূৰ্ণ সমাৱেশ। এই ঘটনা প্ৰতি ১২ বছৰৰ মূৰে মূৰে চাৰিবাৰকৈ সংঘটিত হয়, গংগা নদীৰ হৰিদ্বাৰ, শিপ্ৰাৰ উজ্জয়িনী, গোদাৱৰীত নাশিক আৰু গংগা, যমুনা আৰু সৰস্বতীৰ লগ হোৱা প্ৰয়াগৰাজৰ মাজত ক্ৰমাগতভাৱে অনুষ্ঠিত হৈ থাকে।

কুম্ভ মেলা কেৱল এক আধ্যাত্মিক সমাৱেশ নহয়; ই সংস্কৃতি, পৰম্পৰা আৰু ভাষাৰ এক সজীৱ অভিসৰণ, যিয়ে এক "মিনি-ইণ্ডিয়া"ৰ সৃষ্টি কৰে, য'ত লাখ লাখ লোকে আনুষ্ঠানিক আমন্ত্ৰণ অবিহনে গোট খায়। এই অনুষ্ঠানত তপস্বী, সাধু, কল্পবাসী, আৰু বিভিন্ন পটভূমিৰ সাধকসকলক একত্ৰিত কৰা হয়, ভক্তি, তপস্যা আৰু ঐক্যক সামৰি লোৱা হয়। ২০১৭ চনত ইউনেস্ক’ই অস্পষ্ট (intengible) সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি লাভ কৰা কুম্ভ মেলাৰ গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য্য আছে। প্ৰয়াগৰাজে ২০২৫ চনত পুনৰবাৰ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈকে এই বৃহৎ আৰু ভব্য অনুষ্ঠানটোৰ আয়োজন কৰিব, য’ত অনুষ্ঠান, সাংস্কৃতিক পৰিৱেশন, আৰু জ্যোতিৰ্বিজ্ঞানৰ তাৎপৰ্য্যৰ এক অনন্য মিশ্ৰণ আগবঢ়োৱা হ’ব।

মহা কুম্ভ মেলা ২০২৫: আধ্যাত্মিকতা আৰু উদ্ভাৱনৰ এক নতুন যুগ

২০২৫ চনত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাই প্ৰয়াগৰাজত আধ্যাত্মিকতা, সংস্কৃতি, ইতিহাসৰ উল্লেখযোগ্য সংমিশ্ৰণৰ প্ৰতিশ্ৰুতি বহন কৰে। ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈকে তীৰ্থযাত্ৰীসকলে কেৱল পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাই নহয়, শাৰীৰিক, সাংস্কৃতিক আৰু আধ্যাত্মিক সীমা অতিক্ৰম কৰা এক যাত্ৰাত নামি পৰিব। চহৰখনৰ প্ৰাণোচ্ছল পথ, ব্যস্ত বজাৰ, আৰু অনবদ্য সুস্বাদু স্থানীয় খাদ্যই এক মনোৰম সাংস্কৃতিক অভিজ্ঞতা প্ৰদান কৰে, আৰু লগতে আধ্যাত্মিকতাৰ সমাৱেশ বৃদ্ধি কৰে। আখৰা শিবিৰসমূহে এক অতিৰিক্ত আধ্যাত্মিক মাত্ৰা প্ৰদান কৰে, য’ত সাধু আৰু তপস্বীসকলে একত্ৰিত হৈ আলোচনা, ধ্যান আৰু প্ৰজ্ঞাৰ ভাগ-বতৰা কৰে। এই বৈচিত্ৰময় উপাদানসমূহে মহা কুম্ভ মেলা ২০২৫ক বিশ্বাস, সংস্কৃতি, আৰু ইতিহাসৰ এক অসাধাৰণ উদযাপন কৰি তোলে, যিয়ে উপস্থিত থকা সকলোৰে বাবে এক সঁচাকৈয়ে সমৃদ্ধিশালী অভিজ্ঞতা আগবঢ়ায়।

 


 

২০২৫ চনৰ মহা কুম্ভ মেলাই অত্যাধুনিক সা-সুবিধা আৰু আন্তঃগাঁথনিৰে ভক্তসকলৰ সেৱা কৰিবলৈ সাজু হৈছে, যাৰ ফলত সকলো অংশগ্ৰহণকাৰীৰ বাবে এক নিৰৱচ্ছিন্ন, নিৰাপদ, আৰু অধিক ঐকান্তিক অংশগ্ৰহণ নিশ্চিত হৈছে। উন্নীত অনাময় ব্যৱস্থা, সম্প্ৰসাৰিত পৰিবহণ নেটৱৰ্ক, আৰু উন্নত সুৰক্ষা ব্যৱস্থাই এটা মসৃণ, সুৰক্ষিত আৰু অধিক সমৃদ্ধ অভিজ্ঞতা প্ৰদান কৰিব। উদ্ভাৱনীমূলক সমাধানসমূহ একত্ৰিত কৰি ২০২৫ চনৰ মহা কুম্ভ মেলাৰ লক্ষ্য হৈছে এনে অপৰিসীম পৰিসৰ আৰু তাৎপৰ্যৰ আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ বাবে নতুন বিশ্ব মানদণ্ড নিৰ্ধাৰণ কৰা।

প্ৰয়াগৰাজ - সময়ৰ মাজেৰে যাত্ৰা

বৎস ৰাজ্যই কৌশম্বীক ৰাজধানী হিচাপে লৈ সাম্ৰাজ্য আৰম্ভ কৰা কালৰে পৰাই অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৬০০ চনৰ পৰাই আৰম্ভ হৈছিল চহকী ঐতিহাসিক ঐতিহ্যৰে গঠিত প্ৰয়াগৰাজ। গৌতম বুদ্ধই তেওঁৰ জীৱনকালত কৌশম্বী ভ্ৰমণ কৰিছিল বুলি জনশ্ৰুতি আছে। পিছলৈ মৌৰ্য যুগত সম্ৰাট অশোকে নিজৰ বিখ্যাত একক স্তম্ভবোৰ এৰি এই অঞ্চলটোক প্ৰাদেশিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। সুংগা, কুশান, গুপ্তসকলৰ শাসনে চহৰখনৰ ইতিহাস আৰু অধিক সমৃদ্ধ কৰি তুলিছে, যাৰ শিলালিপিবোৰে অঞ্চলটোৰ সজীৱ অতীতৰ সাক্ষ্য বহন কৰি আহিছে।

সপ্তম শতিকাত চীনা ভ্ৰমণকাৰী জুয়ানজাং (Hiuen Tsang) এ প্ৰয়াগৰাজক ইয়াৰ শক্তিশালী ব্ৰাহ্মণ্যবাদৰ পৰম্পৰাক প্ৰৌজ্জ্বল কৰি তোলা বাবে "মূৰ্তিপূজাৰীৰ মহান চহৰ" বুলি অভিহিত কৰিছিল। অঞ্চলটোৰ মাজেৰে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰা শ্বেৰ শ্বাহ ছুৰীৰ অধীনত চহৰখনৰ তাৎপৰ্য্য আৰু অধিক বৃদ্ধি পাইছিল। ষোড়শ শতিকাত সম্ৰাট আকবৰে ইয়াৰ নাম সলনি কৰি ‘ইলাহাবাছ’ ৰাখি ইয়াক এটা দুৰ্গম সাম্ৰাজ্যিক কেন্দ্ৰ আৰু এটা গুৰুত্বপূৰ্ণ তীৰ্থস্থানলৈ ৰূপান্তৰিত কৰি আধুনিক যুগত ইয়াৰ অবিৰত প্ৰাসংগিকতাৰ ভেটি স্থাপন কৰে।

প্ৰয়াগৰাজৰ মূল ঠাইবোৰ আৰু আধ্যাত্মিক স্থান

গংগা, যমুনা, আৰু ৰহস্যময় সৰস্বতীৰ লগ পোৱা পবিত্ৰ সংগমস্থলী ত্ৰিবেণী সংগম। অদৃশ্য হ’লেও সৰস্বতী কুম্ভমেলাৰ সময়ত জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰতীক হিচাপে প্ৰকাশ পায় বুলি বিশ্বাস কৰা হয়। ভক্তসকলে নিজৰ পাপ পৰিষ্কাৰ কৰিবলৈ এই পবিত্ৰ স্থানলৈ ভিৰ কৰে, যাৰ ফলত ই ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ এক ভৱিষ্যৎ উদযাপন কুম্ভ মেলাৰ আধ্যাত্মিক হৃদয় হিচাপে পৰিগণিত হয়।

ত্ৰিবেণী সংগমলৈ অহা তীৰ্থযাত্ৰীসকলেও প্ৰয়াগৰাজৰ কেইবাটাও পূজনীয় মন্দিৰ অন্বেষণ কৰাৰ সুযোগ পায়। সন্ত সমৰ্থ গুৰু ৰামদাসজীয়ে প্ৰতিষ্ঠা কৰা দৰগাঞ্জৰ শ্ৰী লেটে হুৱে হনুমান জী মন্দিৰত শিৱ-পাৰ্বতী, গণেশ, ভৈৰৱ, দুৰ্গা, কালি, নৱগ্ৰহৰ মূৰ্তি আছে। ওচৰতে শ্ৰী ৰাম-জাংকি আৰু হৰিত মাধৱ মন্দিৰে আধ্যাত্মিক পৰিৱেশ আৰু অধিক বৃদ্ধি কৰে। শ্ৰী আলোপশংকৰী দেৱীৰ প্ৰতি উৎসৰ্গিত আলোপ শংকৰী মন্দিৰ আৰু সৰ্প দেৱতাৰ প্ৰতি উৎসৰ্গিত নাগভাসুকী মন্দিৰও তাৎপৰ্যপূৰ্ণ। মহা কুম্ভ মেলা ২০২৫ৰ প্ৰস্তুতিৰ বাবে নাগভাসুকী মন্দিৰ বিশেষভাৱে পুনৰ নিৰ্মাণ কৰা হৈছে।

১৩০ ফুট উচ্চতাৰ দক্ষিণ ভাৰতীয় শৈলীৰ উচ্চ মন্দিৰ শংকৰ বিমান মন্দপামত আদি শংকৰাচাৰ্য, কামাক্ষী দেৱী, তিৰুপতী বালাজীৰ মূৰ্তি আছে। প্ৰয়াগৰাজৰ বাৰটা মাধৱ মন্দিৰৰ ভিতৰত অন্যতম শ্ৰী ভেনি মাধৱ মন্দিৰ প্ৰয়াগ তীৰ্থযাত্ৰা সম্পূৰ্ণ কৰাৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। ইয়াৰ ওচৰতে এলাহাবাদ দুৰ্গৰ ওচৰত অৱস্থিত অক্ষয়বত গছ আৰু পাতালপুৰী মন্দিৰৰ পৌৰাণিক গুৰুত্ব অতি বেছি, অক্ষয়বত হিন্দু শাস্ত্ৰত উল্লেখ কৰা পবিত্ৰ ডিমৰু গছ। আন উল্লেখযোগ্য মন্দিৰসমূহ হ’ল মানকামেশ্বৰ মন্দিৰ, দশশ্বমেধ মন্দিৰ, আৰু তক্ষকেশ্বৰ নাথ মন্দিৰ। ইয়াৰ উপৰিও সৰস্বতী কূপৰ ঐতিহাসিক আৰু সাংস্কৃতিক উত্তৰাধিকাৰ ৰক্ষাৰ বাবে মহা কুম্ভ মেলা ২০২৫ৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছে। ৰাম ঘাটত সন্ধিয়া গংগা আৰতি হৈছে নদী দেৱীক সন্মান জনোৱা এক মন্ত্ৰমুগ্ধকৰ অনুষ্ঠান, যিটো প্ৰকৃতিৰ পাঁচটা উপাদানৰ প্ৰতীক হিচাপে দৈনিক জপ, প্ৰদীপ, আৰু ভক্তিৰে পৰিবেশন কৰা হয়।

১৮৮৭ চনৰ ২৩ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা ভাৰতৰ চতুৰ্থ পুৰণি বিশ্ববিদ্যালয় এলাহাবাদ বিশ্ববিদ্যালয়ো প্ৰয়াগৰাজত অৱস্থিত।ইয়াৰ শিপা ১৮৭৩ চনৰ ৯ ডিচেম্বৰত ছাৰ উইলিয়াম মুইৰে প্ৰতিষ্ঠা কৰা মুইৰ চেণ্ট্ৰেল কলেজৰ পৰাই আৰম্ভ হয়।১৮৬৪ চনত স্থাপিত প্ৰয়াগৰাজৰ ৰাজহুৱা পুথিভঁৰাল আৰু ১৮৭৮ চনত ইয়াৰ বৰ্তমানৰ ভৱনলৈ স্থানান্তৰিত হয়, ইয়াত বিৰল পাণ্ডুলিপি আৰু কিতাপ আছে, যিয়ে অৰিহণা যোগাইছে চহৰখনৰ সাংস্কৃতিক ঐতিহ্যলৈ। ১৮৮৭ চনত ৰাজ্যখনৰ প্ৰথমখন বিধান পৰিষদৰ বৈঠকৰ স্থান হিচাপেও এই পুথিভঁৰালটোৱে ঐতিহাসিক তাৎপৰ্য লাভ কৰিছে।

কুম্ভ মেলা ২০১৯ৰ মাইলৰ খুঁটি: এক যাউতিযুগীয়া অনুষ্ঠান

প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলা ২০১৯ এক ঐতিহাসিক অনুষ্ঠান, ২৪ কোটি তীৰ্থযাত্ৰীক আকৰ্ষণ কৰাৰ লগতে ইয়াৰ ব্যতিক্ৰমী সংগঠনৰ বাবে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। ৭০ গৰাকী মিছন মুৰব্বী আৰু ৩২০০ প্ৰবাসী ভাৰতীয় অংশগ্ৰহণকাৰীকে ধৰি ১৮২ খন দেশৰ নেতাই এই অনুষ্ঠানৰ ব্যৱস্থাক প্ৰশংসা কৰে। মেলাই তিনিটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ডো স্থাপন কৰিছিল: সৰ্ববৃহৎ বাছ পেৰেড, "পেইণ্ট মাই চিটি" অভিযানৰ অধীনত সৰ্ববৃহৎ ৰাজহুৱা পেইন্টিং ড্ৰাইভ, আৰু সৰ্ববৃহৎ অনাময় ব্যৱস্থা, যিয়ে ইতিহাসত ইয়াৰ স্থান আৰু অধিক চিমেণ্টেৰে দৃঢ় কৰি তুলিছিল।

সংগমৰ ওচৰৰ ৩২০০ হেক্টৰ মাটিত বিস্তৃত কুম্ভ মেলা ২০১৯য়ে নিখুঁত পৰিকল্পনাৰে নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ অস্থায়ী চহৰখনৰ সৃষ্টি কৰে। বিস্তৃত সৌন্দৰ্য্যৰ প্ৰচেষ্টাৰ ভিতৰত আছিল ২ লাখ গছপুলি ৰোপণ, বিষয়ভিত্তিক গেট নিৰ্মাণ, প্ৰয়াগৰাজৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পথৰ উন্নতি। ১০০০ৰো অধিক কেমেৰা, ৬২টা আৰক্ষী আউটপোষ্ট, আৰু ১০ লাখ কল্পবাসীৰ বাবে নিবেদিত ৰেচন ব্যৱস্থাৰে নিৰাপত্তা বৃদ্ধি কৰা হৈছিল। সামগ্ৰিকভাৱে কুম্ভ মেলা ২০১৯য়ে পৰম্পৰাক আধুনিকতাৰ সৈতে নিৰৱচ্ছিন্নভাৱে মিহলাই প্ৰয়াগৰাজক বৃহৎ পৰিসৰৰ ইভেণ্ট মেনেজমেণ্টৰ বাবে আৰ্হি হিচাপে স্থান দিছিল।

সামৰণি

২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া মহা কুম্ভ মেলাটো এক ল্যাণ্ডমাৰ্ক ইভেণ্ট হিচাপে পৰিগণিত হ’ব, য’ত পূৰ্বৰ সংস্কৰণসমূহৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভাৱনীমূলক উন্নতি সাধন কৰা হ’ব। প্ৰয়াগৰাজৰ চহকী ঐতিহাসিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ সৈতে অত্যাধুনিক সুবিধাৰ সংমিশ্ৰণে তীৰ্থযাত্ৰীসকলক বিশ্বাস, ঐক্য আৰু ভক্তিৰ এক অতুলনীয় অভিজ্ঞতা প্ৰদান কৰিব। নিখুঁত পৰিকল্পনা আৰু পৰম্পৰাৰ সৈতে আধুনিক প্ৰযুক্তিৰ নিৰৱচ্ছিন্ন সংহতিৰ জৰিয়তে ২০২৫ চনৰ মহা কুম্ভ মেলাই অনুষ্ঠানটোক নতুন উচ্চতালৈ উন্নীত কৰিব, বৃহৎ পৰিসৰৰ আধ্যাত্মিক আৰু সাংস্কৃতিক সমাৱেশ আয়োজনৰ বাবে এক বিশ্বব্যাপী মানদণ্ড নিৰ্ধাৰণ কৰিব। সংগমত পুনৰ লাখ লাখ লোকৰ সমাগম হোৱাৰ লগে লগে ২০২৫ চনৰ মহা কুম্ভ মেলা ভাৰতৰ চিৰস্থায়ী আধ্যাত্মিক ঐতিহ্য আৰু ইয়াৰ বৈচিত্ৰ্য আৰু সমন্বয়ৰ উদযাপনৰ এক শক্তিশালী প্ৰতীক হিচাপে থিয় দিব।

প্ৰাসঙ্গিক লিংকবোৰ

PDF টো ইয়াত ক্লিক কৰি ডাউনলোড কৰক

***

Santosh Kumar/ Sheetal Angral/ Aswathy Nair/ Saurabh Kalia


(Release ID: 2094463) Visitor Counter : 51