সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাকুম্ভ ২০২৫ৰ মকৰ সংক্ৰান্তি উপলক্ষে প্ৰথম অমৃত স্নানত আজি সন্ধিয়া ৫:৩০ বজালৈকে ৩.৫ কোটিৰো অধিক ভক্তই কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সংগমত ডুব মাৰে

মেলা ক্ষেত্ৰত ৫০ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োজিত; ঘাটসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ গংগা সেৱা দূত নিয়োজিত
মহাকুম্ভ ২০২৫ত অসমৰ পৰম্পৰাগত উৎসৱ ভোগালী বিহুৰ প্ৰথম উৎসৱ অনুষ্ঠিত হয়
আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণেৰে মহা কুম্ভই ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব মঞ্চত প্ৰচাৰ কৰে, যাৰ ফলত সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰৰ সাংস্কৃতিক ব্ৰেণ্ডিঙৰ প্ৰচাৰ হয়

Posted On: 14 JAN 2025 8:39PM by PIB Guwahati

মহাকুম্ভ ২০২৫ত ২০২৫ চনৰ ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ পৱিত্ৰ উপলক্ষত প্ৰথম ‘অমৃত স্নান’ত সন্ধিয়া ৫:৩০ বজালৈ ৩.৫ কোটিৰো অধিক ভক্তই গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলীত ডুব মাৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰি অনুষ্ঠানটোক বিশ্বাস, ঐক্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতীক বুলি অভিহিত কৰে।

এই অনুষ্ঠানত কেৱল ভাৰতীয় ভক্তই নহয়, বৰং ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰতি গভীৰভাৱে আপ্লুত হোৱা আমেৰিকা, ফ্ৰান্স, ইজৰাইল, ইৰাণ, পৰ্তুগালৰ দৰে দেশৰ আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীসকলেও ভাগ লয়।

উপস্থিতসকলৰ সুৰক্ষা আৰু সুখ-সুবিধা সুনিশ্চিত কৰিবলৈ প্ৰশাসনে আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু স্থানীয় নিৰাপত্তাৰক্ষীকে ধৰি ৫০ হাজাৰৰো অধিক সুৰক্ষা কৰ্মী নিয়োগ কৰিছে। ইয়াৰ উপৰিও, নদীৰ পৰা প্ৰসাদ আৰু অন্যান্য সামগ্ৰী তৎকালীনভাৱে আঁতৰাই পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ঘাটসমূহত ‘গংগা সেৱা দূত’ নিয়োগ কৰা হৈছে।

এইবাৰৰ কুম্ভত এক উল্লেখযোগ্য অনুষ্ঠান মেলা পৰিসৰত অসমৰ পৰম্পৰাগত উৎসৱ ভোগালী বিহু উদযাপন কৰা হয়। অসমৰ পৰা অহা সন্ত আৰু ভক্তসকলে পৰম্পৰাগত নৃত্য, ভজন পৰিবেশন কৰে আৰু চাউলৰ সুস্বাদু খাদ্য বিতৰণ কৰি উত্তৰ-পূব ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ আভাস দিয়ে।

মহাকুম্ভত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। ইয়াৰ অধীনত বিভিন্ন ৰাজ্যৰ শিল্পী আৰু ভক্তসকলে পৰম্পৰাগত নৃত্য-সংগীত উপস্থাপন কৰি ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰে। প্ৰশাসনে উপস্থিত সকলো লোকৰ বাবে আৰামদায়ক অভিজ্ঞতা সুনিশ্চিত কৰিবলৈ বিনামূলীয়া চিকিৎসা সেৱা, খোৱাপানী আৰু যাতায়তৰ দৰে সুবিধা প্ৰদান কৰে।

আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ আৰু অনুষ্ঠানৰ ভব্যতাই বিশ্ব মঞ্চত ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক প্ৰচাৰ কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে, যাৰ ফলত সমগ্ৰ বিশ্বতে দেশৰ সাংস্কৃতিক ব্ৰেণ্ডিং বৃদ্ধি পাইছে।

মুঠতে মহাকুম্ভ ২০২৫ বিশ্বাস, ঐক্য আৰু বৈচিত্ৰ্যৰ প্ৰতীক, যি বিশ্ববাসীক ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ ভব্যতাৰ আভাস দিয়ে।

**********

AD/VM


(Release ID: 2094438) Visitor Counter : 24