প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰথমটো ‘পডকাষ্ট’ত উদ্যোগী নিখিল কামাথৰ সৈতে বাৰ্তালাপ কৰে
Posted On:
10 JAN 2025 8:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰথমটো ‘পডকাষ্ট’ত আজি বিভিন্ন বিষয় সন্দৰ্ভত উদ্যোগী তথা বিনিয়োগকাৰী নিখিল কামাথৰ সৈতে বাৰ্তালাপ কৰে। শৈশৱৰ বিষয়ে সোধা এক প্ৰশ্নত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰাৰম্ভিক জীৱনৰ অভিজ্ঞতাসমূহ সহভাগ কৰে আৰু উত্তৰ গুজৰাটৰ মেহছানা জিলাৰ সৰু চহৰ ভাড়নগৰত তেওঁৰ ল’ৰালিৰ দিনবোৰত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে গায়কৱাড় ৰাজ্যিক চহৰ ভাড়নগৰ পুখুৰী, ডাকঘৰ আৰু পুথিভঁৰালৰ দৰে অত্যাৱশ্যকীয় সা-সুবিধাৰ লগতে শিক্ষাৰ প্ৰতি থকা ইয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে জনাজাত আছিল। প্ৰধানমন্ত্ৰীয়ে গায়কৱাড় ৰাজ্যিক প্ৰাথমিক বিদ্যালয় আৰু ভাগৱতাচাৰ্য নাৰায়ণাচাৰ্য উচ্চ বিদ্যালয়ত তেওঁৰ বিদ্যালয়ৰ দিনবোৰৰ কথা স্মৰণ কৰে। তেওঁ এবাৰ ভাড়নগৰত এছোৱা গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰা চীনা দাৰ্শনিক জুৱানজং সম্পৰ্কীয় এখন চলচ্চিত্ৰৰ বিষয়ে চীনা দূতাবাসলৈ কেনেদৰে লিখিছিল সেই বিষয়ে তেওঁ এটা আকৰ্ষণীয় কাহিনী সহভাগ কৰে। তেওঁ ২০১৪ চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ এক অভিজ্ঞতাৰ কথাও উল্লেখ কৰে আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে জুৱানজং আৰু তেওঁলোকৰ দুয়োখন গৃহচহৰৰ মাজত এক ঐতিহাসিক সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি গুজৰাট আৰু ভাড়নগৰ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ কথা স্মৰণ কৰে। তেওঁ লগতে কয় যে এই সংযোগে দুয়োখন ৰাষ্ট্ৰৰ মাজত অংশীদাৰী ঐতিহ্য আৰু শক্তিশালী সম্পৰ্ককে আলোকপাত কৰিছে।
ছাত্ৰ জীৱনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে নিজকে এজন মধ্যমীয়া স্তৰৰ শিক্ষাৰ্থী বুলি অভিহিত কৰে যাক বিশেষভাৱে লক্ষ্য কৰা হোৱা নাছিল। তেওঁ তেওঁৰ শিক্ষক ভেলজীভাই চৌধুৰীৰ কথা উল্লেখ কৰে, যিয়ে তেওঁৰ ভিতৰত যথেষ্ট সম্ভাৱনা প্ৰত্যক্ষ কৰিছিল আৰু প্ৰায়ে মোদীৰ দেউতাকক তেওঁ কৰা প্ৰত্যাশা ব্যক্ত কৰিছিল। ভেলজীভায়ে উল্লেখ কৰিছিল যে মোদীয়ে বস্তুবোৰ সোনকালে বুজি পাইছিল যদিও পিচ পাকতে তেওঁ নিজৰ পৃথিৱীত হেৰাই গৈছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তেওঁৰ শিক্ষকসকল তেওঁৰ প্ৰতি অতি মৰমীয়াল আছিল, কিন্তু তেওঁ প্ৰতিযোগিতাত আগ্ৰহী নাছিল। তেওঁ বেছি পৰিশ্ৰম নকৰাকৈ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ পছন্দ কৰিছিল আৰু অন্যান্য কাৰ্যকলাপৰ প্ৰতিহে অধিক আগ্ৰহী আছিল। তেওঁ জোৰ দি কয় যে দ্ৰুততাৰে নতুন বস্তু তুলি লোৱা আৰু বিভিন্ন কাৰ্যকলাপত জড়িত হোৱাটো আছিল তেওঁৰ প্ৰকৃতি। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অনন্য যাত্ৰাৰ বিষয়েও বিভিন্ন কথা সহভাগ কৰে, তেওঁ তেনেই কম বয়সতে ঘৰ এৰি তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক হেৰুৱাৰ কথা জানিবলৈ দিয়ে। তেওঁ মন্তব্য কৰে যে যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈছিল, তেতিয়া তেওঁৰ কেইটামান ইচ্ছা আছিল, যাৰ ভিতৰত আছিল তেওঁৰ পুৰণি সহপাঠীসকলৰ সৈতে পুনৰ মিলিত হোৱা আৰু প্ৰায় ৩০-৩৫ জন বন্ধুক মুখ্যমন্ত্ৰী সদনলৈ নিমন্ত্ৰণ কৰা, কিন্তু তেওঁলোকে তেওঁক তেওঁলোকৰ পুৰণি বন্ধুজনৰ সলনি মুখ্যমন্ত্ৰী হিচাপেহে গণ্য কৰিছিল বুলি তেওঁ অনুভৱ ব্যক্ত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ শিক্ষাত অৱদান আগবঢ়োৱা সকলো শিক্ষকক ৰাজহুৱাভাৱে সন্মান জনোৱাটো তেওঁৰ ইচ্ছা আছিল। তেওঁ ৩০-৩২ গৰাকী শিক্ষকক সন্মান জনোৱাৰ বাবে এক বিশাল অনুষ্ঠানৰ আয়োজন কৰে, যাৰ ভিতৰত আছিল তেওঁৰ আটাইতকৈ পুৰণি শিক্ষক ৰাসবিহাৰী মণিহাৰ, যি সেই সময়ত ৯৩ বছৰীয়া আছিল। এই অনুষ্ঠানত ৰাজ্যপাল আৰু গুজৰাটৰ অন্যান্য সন্মানীয় ব্যক্তিসকলেও অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও তেওঁ তেওঁৰ সম্প্ৰসাৰিত পৰিয়ালক পুনৰ সংযোগ কৰিবলৈ আৰু ইজনে সিজনৰ সৈতে পৰিচয় কৰাবলৈ মুখ্যমন্ত্ৰী সদনলৈ আমন্ত্ৰণ জনায়। তেওঁ আৰএছএছ-ত তেওঁৰ প্ৰাৰম্ভিক দিনবোৰত তেওঁক আহাৰ প্ৰদান কৰা পৰিয়ালবোৰকো আমন্ত্ৰণ জনাইছিল। এই চাৰিটা ঘটনা তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল, যি তেওঁৰ কৃতজ্ঞতা আৰু তেওঁৰ শিপাৰ সৈতে সম্পৰ্কিত হৈ থকাৰ আকাংক্ষাক প্ৰতিফলিত কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তেওঁ কোনো পথ প্ৰদৰ্শনকাৰী দৰ্শনক অনুসৰণ কৰা নাছিল আৰু ভাল নম্বৰৰ বাবে চেষ্টা নকৰাকৈয়ে পৰীক্ষাত উত্তীৰ্ণ হৈ সন্তুষ্টি লভিছিল। প্ৰধানমন্ত্ৰীয়ে স্বতঃস্ফূৰ্তভাৱে বিভিন্ন কাৰ্যকলাপত জড়িত হোৱাৰ প্ৰৱণতাৰ কথা উল্লেখ কৰে, বিশেষ প্ৰস্তুতি অবিহনেই নাটকৰ দৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। তেওঁ তেওঁৰ শাৰীৰ-চৰ্চাৰ প্ৰশিক্ষণৰ শিক্ষক শ্ৰীযুত পাৰমাৰৰ বিষয়ে এটা কাহিনী সহভাগ কৰিছিল, যিয়ে তেওঁক নিয়মীয়াকৈ ‘মালখাম্ব’ আৰু ‘মল্লযুদ্ধ’ অনুশীলন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ প্ৰচেষ্টা স্বত্বেও তেওঁ এজন পেছাদাৰী খেলুৱৈ হোৱা নাছিল আৰু অৱশেষত এই কাৰ্যকলাপবোৰ বন্ধ কৰি দিছিল।
ৰাজনীতিত এজন ৰাজনীতিবিদৰ প্ৰতিভা হিচাপে কিহক বিবেচনা কৰিব পাৰি বুলি সোধাত শ্ৰী মোদীয়ে উত্তৰ দিয়ে যে ৰাজনীতিবিদ হোৱা আৰু ৰাজনীতিত সফল হোৱাটো দুটা পৃথক বিষয়। তেওঁ মন্তব্য কৰে যে ৰাজনীতিত সফলতাৰ বাবে মানুহৰ আনন্দ আৰু দুখৰ প্ৰতি নিষ্ঠা, প্ৰতিশ্ৰুতি আৰু সহানুভূতি অপৰিহাৰ্য। তেওঁ এজন অহংকাৰী নেতাৰ সলনি এটা ভাল দলৰ এজন ভাল খেলুৱৈ হোৱাত গুৰুত্ব আৰোপ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰসংগ উল্লেখ কৰি কয় যে ৰাজনীতিত প্ৰৱেশ নকৰাকৈয়ো বহুতো ব্যক্তিয়ে এই উদ্দেশ্যত অৱদান আগবঢ়াইছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে স্বাধীনতাৰ পিছৰ নেতাসকল স্বাধীনতা সংগ্ৰামৰ পৰা সমাজৰ প্ৰতি গভীৰ সমৰ্পণৰ অনুভূতিৰে উদ্ভৱ হৈছিল। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে "ভাল মানুহে উচ্চাকাংক্ষাৰ সৈতে নহয়, এক অভিযানৰ সৈতে ৰাজনীতিলৈ আহিব লাগে"। মহাত্মা গান্ধীৰ উদাহৰণ দাঙি ধৰি শ্ৰী মোদীয়ে কয় যে গান্ধীৰ জীৱন আৰু কাৰ্যকলাপে সমগ্ৰ দেশক অনুপ্ৰেৰণা যোগাইছিল। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে বাকপটু ভাষণতকৈ কাৰ্যকৰী যোগাযোগ অধিক গুৰুত্বপূৰ্ণ। তেওঁ গান্ধীৰ কাম-কাজ আৰু প্ৰতীকসমূহৰ জৰিয়তে, যেনে অহিংসাৰ পক্ষত যুক্তি প্ৰদৰ্শন কৰাৰ সময়ত জোৰকৈ আৰোপিত কৰাৰ পৰিৱৰ্তে শক্তিশালী বাৰ্তাৰে যোগাযোগ কৰাৰ সামৰ্থ্যত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কেৱল পেছাদাৰী দক্ষতা বা বাকপটুতাত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিষ্ঠা আৰু কাৰ্যকৰী যোগাযোগৰ জীৱন যাপনৰ পৰা ৰাজনীতিত প্ৰকৃত সফলতা আহে বুলি মন্তব্য কৰে।
শ্ৰী মোদীয়ে উচ্চাকাংক্ষাৰ পৰিৱৰ্তে একলাখ যুৱ ব্যক্তিয়ে মিছন-সঞ্চালিত দৃষ্টিভংগীৰে ৰাজনীতিত যোগদান কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। তেওঁ মন্তব্য কৰে যে যদিও উদ্যোগীসকলে বিকাশত গুৰুত্ব দিয়ে, ৰাজনীতিৰ বাবে আত্মত্যাগ আৰু দেশক প্ৰথম স্থান দিয়াৰ প্ৰয়োজন। তেওঁ উল্লেখ কৰিছে যে সমাজে তেওঁলোকক গ্ৰহণ কৰে যিসকলে ৰাষ্ট্ৰক প্ৰাথমিকতা প্ৰদান কৰে, আৰু ৰাজনৈতিক জীৱন কেতিয়াও সহজ নহয়। তেওঁ যোগ দি কয় যে ৰাজনীতিৰ জীৱন সহজ নাছিল। একাধিকবাৰ মন্ত্ৰী হোৱা স্বত্বেও সাধাৰণ জীৱন যাপন কৰা এজন সমৰ্পিত কৰ্মী অশোক ভট্টৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে এটা কাহিনী সহভাগ কৰে। তেওঁ লগতে কয় যে শ্ৰী ভট্ট সদায় সহায় আগবঢ়োৱাৰ বাবে উপলব্ধ আছিল, আনকি মাজনিশাও, আৰু ব্যক্তিগত লাভ অবিহনেই সেৱাৰ জীৱন যাপন কৰিছিল। তেওঁ কয় যে এই উদাহৰণে ৰাজনীতিত নিষ্ঠা আৰু নিস্বাৰ্থতাৰ গুৰুত্বকে প্ৰতীয়মান কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজনীতি কেৱল নিৰ্বাচনত যুঁজ দিয়াৰ বাবেই নহয়, বৰঞ্চ সাধাৰণ লোকৰ হৃদয় জয় কৰাৰ বাবেও, যাৰ বাবে তেওঁলোকৰ মাজত জীয়াই থাকিব লাগিব আৰু তেওঁলোকৰ জীৱনৰ সৈতে সংযোগ স্থাপন কৰিব লাগিব।
"মোৰ জীৱন মোৰ আটাইতকৈ ডাঙৰ শিক্ষক", পৰিস্থিতিৰ দ্বাৰা জীৱন কেনেদৰে গঢ় লৈ উঠিছে বুলি সোধাত শ্ৰী মোদীয়ে তেওঁৰ প্ৰত্যাহ্বানপূৰ্ণ শৈশৱক তেওঁৰ "প্ৰতিকূলতাৰ বিশ্ববিদ্যালয়" বুলি উল্লেখ কৰি কয়। তেওঁ মন্তব্য কৰে যে পানী আনিবলৈ কেবা কিলোমিটাৰ খোজ কাঢ়ি যোৱা তেওঁৰ ৰাজ্যৰ মহিলাসকলৰ সংগ্ৰামৰ সাক্ষী হোৱাৰ বাবেই স্বাধীনতাৰ পিছত পানীৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হবলৈ অনুপ্ৰাণিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে যদিও তেওঁ পৰিকল্পনাৰ মালিকীস্বত্ব দাবী নকৰে, তথাপিও তেওঁ নিজকে দেশক লাভান্বিত কৰা সপোনবোৰ বাস্তৱায়িত কৰিবলৈ সমৰ্পিত হোৱা বুলি উল্লেখ কৰে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ পৰা তেওঁৰ পথপ্ৰদৰ্শক নীতিসমূহ সহভাগ কৰে, সেয়া হৈছে: পৰিশ্ৰম কৰাত ত্ৰুটি নকৰা, নিজৰ বাবে একোকে নকৰা, আৰু ইচ্ছাকৃত অন্যায় পৰিহাৰ কৰা। তেওঁ স্বীকাৰ কৰে যে মানুহ মাত্ৰেই ভুল হয়, পিচে ইচ্ছাকৃতভাৱে মানুহে ভুল কৰা উচিত নহয়। ভাল উদ্দেশ্যৰে কাম কৰাতহে তেওঁ জোৰ দিয়ে। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দিয়া ভাষণৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে কঠোৰ পৰিশ্ৰম কৰাৰ পৰা তেওঁ কেতিয়াও আঁতৰি নাথাকিব, তেওঁ নিজৰ বাবে একোৱেই নকৰিব আৰু তেওঁ ইচ্ছাকৃতভাৱে তেওঁ কেতিয়াও ভুল নকৰিব, আৰু এই তিনিটা নিয়মক তেওঁৰ জীৱনৰ মন্ত্ৰ হিচাপে গণ্য কৰি আহিছে।
আদৰ্শবাদ আৰু আদৰ্শৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ পথপ্ৰদৰ্শক নীতি সদায়ে "ৰাষ্ট্ৰ প্ৰথম" হৈ আহিছে। তেওঁ মন্তব্য কৰে যে এই আদৰ্শই পৰম্পৰাগত আৰু আদৰ্শগত সীমা অতিক্ৰম কৰে, যাৰ ফলত নতুন ধাৰণা গ্ৰহণ কৰিব পাৰি আৰু পুৰণি ধাৰণাসমূহ কৰ্তন কৰিব পাৰি যদি সেইবোৰে ৰাষ্ট্ৰৰ স্বাৰ্থ পূৰণ কৰে। তেওঁ কয় যে তেওঁৰ অটল মানক হৈছে "নেশ্যন ফাৰ্ষ্ট"। তেওঁ উল্লেখ কৰে যে যদিও আদৰ্শ অপৰিহাৰ্য, অৰ্থপূৰ্ণ ৰাজনৈতিক প্ৰভাৱৰ বাবে আদৰ্শবাদ হৈছে অতিকে গুৰুত্বপূৰ্ণ। তেওঁ স্বাধীনতা আন্দোলনক এক উদাহৰণ হিচাপে উল্লেখ কৰে, য'ত বিভিন্ন মতাদৰ্শ স্বাধীনতাৰ উমৈহতীয়া লক্ষ্যৰ দিশে একত্ৰিত হৈছিল।
যুৱ ৰাজনীতিবিদসকলে ৰাজহুৱা জীৱনত ‘ট্ৰ'ল’ আৰু অবাঞ্ছিত সমালোচনাৰ মোকাবিলা কেনেদৰে কৰিব লাগিব বুলি সোধাত শ্ৰী মোদীয়ে ৰাজনীতিত সংবেদনশীল ব্যক্তিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে, যিসকলে আনক সহায় কৰাত আনন্দ পায়। তেওঁ মন্তব্য কৰে যে গণতন্ত্ৰত সকলো ব্যক্তিয়েই অভিযোগ আৰু প্ৰতি-অভিযোগ স্বীকাৰ কৰিবই লাগিব, কিন্তু যদি কোনোবা এগৰাকী শুদ্ধ হয়, আৰু তেওঁ কোনো ভুল কৰা নাই তেন্তে তেওঁৰ চিন্তা কৰাৰো কোনো প্ৰয়োজন নাই।
প্ৰাক-সামাজিক মাধ্যম আৰু সামাজিক মাধ্যমৰ পিছৰ ৰাজনীতি আৰু ৰাজনীতিবিদসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু যুৱ ৰাজনীতিবিদসকলক সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুসকলৰ সৈতে হোৱা এক বাৰ্তালাপৰ এটা আমোদজনক কাহিনী সহভাগ কৰে, য’ত প্ৰায় সংখ্যকেই তেওঁক ‘টিভি’ত ওলালে আৰু সমালোচনাৰ সন্মুখীন হ’লে কেনে অনুভৱ কৰে বুলি সুধিছিল।
অপমানে বিচলিত কৰা ব্যক্তি এজনৰ কাহিনী এটা বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে ব্যক্তি এজন যেতিয়ালৈকে সত্যনিষ্ঠ আৰু স্পষ্টভাৱে বিবেকবান হৈ থাকে তেতিয়ালৈকে তেওঁ সমালোচনাক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে। তেওঁৱো একে ধৰণৰ মানসিকতাকে গ্ৰহণ কৰিছে, তেওঁৰ কাম কৰাত গুৰুত্ব দিছে আৰু সত্যত আধাৰিত হৈ আছে বুলিও উল্লেখ কৰে। ৰাজহুৱা জীৱনত সংবেদনশীলতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ইয়াৰ অবিহনে এজন ব্যক্তিয়ে প্ৰকৃততে মানুহক সেৱা কৰিব নোৱাৰে। তেওঁ মন্তব্য কৰে যে ৰাজনীতি আৰু কৰ্মক্ষেত্ৰকে ধৰি প্ৰতিটো ক্ষেত্ৰতে সমালোচনা আৰু মতবিৰোধ হোৱাটো সচৰাচৰ দেখি থকা ঘটনা আৰু সেইবোৰ গ্ৰহণ আৰু চম্ভালি ল’বই লাগিব। প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰত সামাজিক মাধ্যমৰ পৰিৱৰ্তনশীল শক্তি সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে আগতে কেৱল কেইটামান উৎসইহে তথ্য প্ৰদান কৰিছিল, কিন্তু এতিয়া, মানুহে বিভিন্ন ‘চেনেল’ৰ জৰিয়তে সহজে তথ্য প্ৰমাণিত কৰিব পাৰে। "সামাজিক মাধ্যম গণতন্ত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ সঁজুলি হৈ উঠিছে, যাৰ ফলত ব্যক্তিসকলে সত্যৰ প্ৰৱেশঅনুকূলতা লাভ কৰিব পাৰে আৰু তথ্য প্ৰমাণিত কৰিব পাৰে", শ্ৰী মোদীয়ে কয়। তেওঁ লক্ষ্য কৰে যে আজিৰ যুৱক-যুৱতীসকলে সামাজিক মাধ্যমত, বিশেষকৈ মহাকাশ অন্বেষণৰ দৰে ক্ষেত্ৰসমূহত সক্ৰিয়ভাৱে তথ্য পৰীক্ষা কৰি আছে। তেওঁ লগতে কয় যে ‘চন্দ্ৰযান’ৰ সফলতাই যুৱপ্ৰজন্মৰ মাজত এক নতুন মনোভাৱৰ সৃষ্টি কৰিছে, যিসকলে ‘গগনযান অভিযান’ৰ দৰে উন্নয়নক আগ্ৰহেৰে অনুসৰণ কৰি আছে। "ছ'চিয়েল মিডিয়া হৈছে নতুন প্ৰজন্মৰ বাবে এক শক্তিশালী সঁজুলি", ‘ছ'চিয়েল মিডিয়া’ৰ উপযোগিতাসমূহ প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে। ৰাজনীতিত তেওঁৰ প্ৰাৰম্ভিক দিনবোৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে সামাজিক মাধ্যমৰ আগমনৰ আগতেই সমালোচনা আৰু ভিত্তিহীন অভিযোগ অনাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছিল। অৱশ্যে, তেওঁ লগতে কয় যে আজি বিভিন্ন ‘প্লেটফৰ্ম’ৰ উপলব্ধতাই সত্য বিচৰা আৰু প্ৰমাণীকৰণৰ বাবে এক বিস্তৃত সুযোগ প্ৰদান কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে সামাজিক মাধ্যমে গণতন্ত্ৰ আৰু যুৱপ্ৰজন্মক শক্তিশালী কৰি তুলিব পাৰে, যাৰ ফলত ই সমাজৰ বাবে এক মূল্যৱান সম্পদ হৈ উঠিব। উদ্বেগৰ বিষয়টো আলোচনা কৰি নিজৰ লগতে সকলোৱে ইয়াৰ অভিজ্ঞতা লাভ কৰে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে উদ্বেগ নিয়ন্ত্ৰণ কৰাটো ব্যক্তি ভেদে পৃথক হয়, আৰু প্ৰতিগৰাকী ব্যক্তিৰ ইয়াক নিয়ন্ত্ৰণ কৰাৰ নিজা শৈলী আৰু সামৰ্থ্য থাকে। প্ৰধানমন্ত্ৰীয়ে ২০০২ চনৰ গুজৰাট নিৰ্বাচন আৰু গোধৰাৰ ঘটনাকে ধৰি ব্যক্তিগত কাহিনীসমূহ সহভাগ কৰে আৰু প্ৰত্যাহ্বানপূৰ্ণ সময়ত তেওঁ কেনেদৰে তেওঁৰ আৱেগ আৰু দায়িত্বসমূহ নিয়ন্ত্ৰণ কৰে সেই সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ প্ৰাকৃতিক মানৱীয় প্ৰৱণতাসমূহৰ ওপৰলৈ উঠি নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ শিক্ষাৰ্থীসকলক অপ্ৰয়োজনীয় চাপ যোগ নকৰাকৈ তেওঁলোকৰ নিয়মীয়া কাৰ্যকলাপৰ অংশ বুলি গণ্য কৰিয়ে পৰীক্ষাৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে। তেওঁ তেওঁলোকক ইয়াক তেওঁলোকৰ জীৱনৰ নিয়মীয়া অংশ হিচাপে গণ্য কৰিবলৈ উৎসাহিত কৰে। আটাইতকৈ বেয়া পৰিস্থিতিৰ বিষয়ে অত্যাধিক চিন্তা নকৰা বুলি তেওঁৰ দৃষ্টিভংগী ব্যক্ত কৰি শ্ৰী মোদীয়ে কয় যে তেওঁৰ বৰ্তমানৰ স্থিতিত উপনীত হ'বলৈ তেওঁ কেতিয়াও পৰিকল্পনা কৰা নাছিল আৰু দায়িত্ববোৰ তেওঁ ভালদৰে পালন কৰাতহে গুৰুত্ব দি আহিছে বুলি মম্তব্য কৰে। তেওঁ জোৰ দি কয় যে সফলতা বা বিফলতাৰ চিন্তাক তেওঁৰ মনত প্ৰাধান্য বিস্তাৰ কৰিবলৈ তেওঁ কেতিয়াও নিদিয়ে।
বিফলতাৰ পৰা শিক্ষা লোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ‘চন্দ্ৰযান-২’ উৎক্ষেপণৰ বিফলতাৰ কথা উল্লেখ কৰে, য'ত তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল আৰু বিজ্ঞানীসকলক আশাবাদী হৈ থাকিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ ৰাজনীতিত প্ৰত্যাহ্বান গ্ৰহণ কৰা, যুৱ নেতাসকলক সমৰ্থন কৰা আৰু তেওঁলোকক ৰাষ্ট্ৰৰ হৈ কাম কৰিবলৈ উৎসাহিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ মন্তব্য কৰে যে ৰাজনীতিক সন্মান দিয়া আৰু ভাল লোকসকলক যোগদান কৰিবলৈ উৎসাহিত কৰাটো ইয়াৰ বিশুদ্ধতাৰ বাবেই অপৰিহাৰ্য। প্ৰধানমন্ত্ৰীয়ে যুৱ নেতাসকলক অজ্ঞতাৰ ভয় দূৰ কৰিবলৈ আহ্বান জনায় আৰু ভাৰতৰ ভৱিষ্যতৰ সফলতা তেওঁলোকৰ হাততেই আছে বুলি সঁকীয়াই দিয়ে। তেওঁ তেওঁলোকক ব্যক্তিগত লাভৰ বাবে নহয়, বৰঞ্চ দেশৰ বাবে কাম কৰিবলৈ আৰু গণতন্ত্ৰৰ মৰ্যাদা বৰ্তাই ৰাখিবলৈ উৎসাহিত কৰে।
ৰাজনীতিক "লেতেৰা ঠাই" বুলি অব্যাহত থকা ধাৰণাৰ বিষয়ে সোধাত শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে ৰাজনীতি কেৱল নিৰ্বাচন জিকা আৰু জয় বা পৰাজয়ক লৈয়ে নহয়, বৰঞ্চ নীতি নিৰ্ধাৰণ আৰু শাসনো ইয়াত অন্তৰ্ভুক্ত থাকে, যি হৈছে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ এক উপায়। ভাল নীতিৰ গুৰুত্ব আৰু পৰিৱৰ্তনশীল পৰিস্থিতিত সেইবোৰৰ কাৰ্যকৰীকৰণৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে আটাইতকৈ প্ৰান্তীয় জনজাতীয় সম্প্ৰদায়সমূহলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰ্দেশনাত বিকশিত এক আঁচনি ‘প্ৰধানমন্ত্ৰী জনমন’ যোজনাৰ এক উদাহৰণ দাঙি ধৰে। তেওঁ উল্লেখ কৰে যে যদিও এই পদক্ষেপে ৰাজনৈতিক লাভালাভ প্ৰদান নকৰিব পাৰে, তথাপিও ২৫০টা স্থানৰ ২৫ লাখ লোকৰ জীৱনত ইয়াৰ গভীৰ প্ৰভাৱ পৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ৰাজনীতিত সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ফলত যথেষ্ট ইতিবাচক পৰিৱৰ্তন সাধিত হ'ব পাৰে, যাৰ ফলত সন্তুষ্টি আৰু পৰিপূৰ্ণতাৰ অনুভূতি প্ৰদান কৰিব পাৰি।
শ্ৰী মোদীয়ে ব্যৰ্থতা আৰু বিফলতাবোৰৰ সৈতে তেওঁৰ অভিজ্ঞতা সহভাগ কৰে, তেওঁ তেওঁৰ শৈশৱত এখন সামৰিক বিদ্যালয়ত পঢ়াৰ আকাংক্ষাৰ কথা উল্লেখ কৰে, যিটো আৰ্থিক সীমাবদ্ধতাৰ বাবে বাস্তৱায়িত হোৱা নাছিল। তেওঁ সন্ন্যাসী জীৱন যাপনৰ আকাংক্ষাৰ কথাও ব্যক্ত কৰে, যিটো ‘ৰামকৃষ্ণ মিছন’ত যোগদানৰ প্ৰচেষ্টা স্বত্বেও অসম্পূৰ্ণ হৈ থাকি গৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিফলতা জীৱনৰ এক অংশ আৰু ই ব্যক্তিগত বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। তেওঁ ‘আৰএছএছ’-ত কটোৱা সময়খিনিৰ এটা ঘটনা সহভাগ কৰে, য'ত তেওঁ গাড়ী চলোৱাৰ সময়ত হোৱা এটা ভুলৰ পৰা কেনেকৈ শিকিছিল সেই কথা কয়, তেওঁ বিফলতাৰ পৰা শিকাত গুৰুত্ব আৰোপ কৰে। তেওঁ মন্তব্য কৰে যে তেওঁ সদায় তেওঁৰ আৰামৰ ক্ষেত্ৰখনৰ বাহিৰত বাস কৰি আহিছে, যিয়ে তেওঁৰ ব্যক্তিত্ব আৰু জীৱনৰ প্ৰতি দৃষ্টিভংগী গঢ়ি তুলিছে। তেওঁ বিশ্বাস কৰে যে প্ৰগতিৰ বাবে আৰামৰ ক্ষেত্ৰ পৰিহাৰ কৰাটো অত্যাৱশ্যকীয় আৰু সফলতা প্ৰাপ্ত কৰাৰ বাবে প্ৰত্যাহ্বান গ্ৰহণ কৰাটো হৈছে গুৰুত্বপূৰ্ণ। তেওঁ গুৰুত্ব আৰোপ কৰে যে আৰামে নিজৰ অন্তিম লক্ষ্য প্ৰাপ্ত কৰাত বাধা দিব পাৰে আৰু বিকাশ আৰু প্ৰগতিৰ বাবে আৰামদায়ক ক্ষেত্ৰৰ পৰা বাহিৰলৈ যোৱাটো প্ৰয়োজনীয়।
তেওঁৰ প্ৰত্যাহ্বান গ্ৰহণৰ সামৰ্থ্য আৰু সময়ৰ লগে লগে ই কেনেদৰে বিকশিত হৈছে সেই বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰত্যাহ্বান গ্ৰহণৰ তেওঁৰ সামৰ্থ্য অপৰিসীম, কিয়নো তেওঁ কেতিয়াও ব্যক্তিগত লাভক প্ৰথমিকতা প্ৰদান কৰা নাই আৰু এই নিৰ্ভীক মনোভাৱেই তেওঁক কোনো দ্বিধা নকৰাকৈ সিদ্ধান্ত ল'বলৈ অনুমতি প্ৰদান কৰি আহিছে। তেওঁ কয় যে তেওঁ নিজকে পৰক্ষী চাবলৈ আৰু একাত্ম হবলৈ দূৰ্গম ঠাইত অকলে সময় অতিবাহিত কৰিছিলগৈ, যিটো এতিয়া তেওঁ হেৰুৱাব লগা হৈছে। ১৯৮০ৰ দশকত মৰুভূমিত আছিলগৈ, য'ত তেওঁ আধ্যাত্মিক জাগৰণৰ অভিজ্ঞতা লাভ কৰিছিল, তেনে এক অভিজ্ঞতাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ইয়াৰ ফলত তেওঁ ‘ৰণ উৎসৱ’ অনুষ্ঠি কৰিবলৈ অনুপ্ৰাণিত হৈছিল, যিটো এতিয়া এক মুখ্য পৰ্যটন অনুষ্ঠান হৈ উঠিছে আৰু পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰাজনীতি আৰু উদ্যোগ দুয়োটা ক্ষেত্ৰতে বিকাশ আৰু প্ৰগতিৰ বাবে ব্যক্তিসকলে আৰামদায়ক ক্ষেত্ৰখনৰ পৰা ওলাই অহাটো হৈছে অপৰিহাৰ্য।
ব্যক্তিগত সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে অভিভাৱকক হেৰুওৱাৰ আৱেগৰ বিষয়ে তেওঁৰ মতামত ব্যক্ত কৰে। তেওঁ এইদৰে কয় যে কম বয়সতে ঘৰ এৰি যোৱাৰ পিছত তেওঁ পৰম্পৰাগত আসক্তিৰ অভিজ্ঞতা লাভ কৰা নাছিল, কিন্তু ১০০ সংখ্যক জন্মদিনত তেওঁৰ মাতৃয়ে তেওঁক এক মূল্যৱান পৰামৰ্শ দিছিল: "বুদ্ধিমত্তাৰে কাম কৰিবা, শুদ্ধ অন্তৰেৰে জীয়াই থাকিবা।" প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অশিক্ষিত হোৱা স্বত্বেও তেওঁৰ মাতৃয়ে গভীৰ জ্ঞান প্ৰদান কৰিছিল। তেওঁ মাতৃৰ সৈতে আন্তৰিক বাৰ্তালাপৰ সুযোগ হেৰুওৱাৰ কথা উল্লেখ কৰিছিল, আৰু প্ৰকাশ কৰিছিল যে তেওঁ সদায়ে তেওঁক তেওঁৰ কাম অব্যাহত ৰাখিবলৈ উৎসাহিত কৰাত গুৰুত্ব দিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে পিতৃ-মাতৃৰ বিয়োগে আৱেগৰ মিশ্ৰণ নিশ্চয় আনিছে, পিচে তেওঁলোকে প্ৰদান কৰা জ্ঞান আৰু মূল্যবোধসমূহ এক স্থায়ী সম্পদ হৈ আছে।
ৰাজনীতিক "লেতেৰা ঠাই" বুলি কৰি অহা ধাৰণাটোৰ সম্বোধন কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ৰাজনীতিবিদসকলৰ কাৰ্যকলাপেই ইয়াৰ ভাবমূৰ্তি কলুষিত কৰিব পাৰে। তেওঁ মন্তব্য কৰে যে পৰিৱৰ্তন আনিব বিচাৰা আদৰ্শবাদী ব্যক্তিসকলৰ বাবে ৰাজনীতি হৈছে এতিয়াও এক উপযুক্ত ঠাই। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শৈশৱৰ এজন স্থানীয় চিকিৎসকৰ বিষয়ে এটা কাহিনী সহভাগ কৰে যিয়ে নিম্নতম পুঁজিৰে এক স্বতন্ত্ৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু প্ৰদৰ্শন কৰিছিল যে সমাজে সত্য আৰু সমৰ্পণক স্বীকৃতি আৰু সমৰ্থন কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ৰাজনীতিত ধৈৰ্য্য আৰু প্ৰতিশ্ৰুতি অপৰিহাৰ্য আৰু ইয়াক কেৱল নিৰ্বাচনী লেন্সৰ জৰিয়তে চোৱা উচিত নহয়। তেওঁ সামূহিক কাম আৰু নীতি নিৰ্ধাৰণত জড়িত হোৱাৰ গুৰুত্বত আলোকপাত কৰে, যিয়ে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ উদাহৰণসমূহ সহভাগ কৰে, য'ত তেওঁ বিষয়াসকলক ভূমিকম্পৰ পিচৰ পৰিস্থিতিত পুনৰ্সংস্থাপনৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল আৰু পুৰণি নিয়ম সলনি কৰি প্ৰভাৱশালী সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে এক প্ৰচেষ্টাৰ অংশীদাৰ হয় য'ত তেওঁ আমোলাসকলক তেওঁলোকৰ গাঁওসমূহ পুনৰ দৰ্শন কৰি কেৰিয়াৰ আৰম্ভ কৰিবলৈ, গ্ৰাম্য জীৱনৰ বাস্তৱতাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ আৰু তেওঁলোকৰ কামৰ প্ৰভাৱ বুজিবলৈ উৎসাহিত কৰিছিল। শাসনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীত কঠোৰ শব্দ বা ভৰ্ৎসনা নকৰাকৈ তেওঁৰ দলক অনুপ্ৰেৰিত কৰাৰ লগতে পথ প্ৰদৰ্শনকো অন্তৰ্ভুক্ত কৰাত তেওঁ গুৰুত্ব আৰোপ কৰিছিল।
"ন্যূনতম চৰকাৰ, সৰ্বাধিক শাসন"ৰ ধাৰণাটোৰ বিষয়ে সোধাত প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি কয় যে ইয়াৰ অৰ্থ মন্ত্ৰী বা কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাই নহয়, ইয়াৰ পৰিৱৰ্তে ই প্ৰক্ৰিয়াবোৰ সুশৃংখলিত কৰা আৰু আমোলাতান্ত্ৰিক বোজা হ্ৰাস কৰাত গুৰুত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নাগৰিকসকলৰ ওপৰত বোজা হ্ৰাস কৰাৰ বাবে প্ৰায় ৪০,০০০ অনুপালন নাইকিয়া কৰা হৈছে। তেওঁ উল্লেখ কৰে যে প্ৰায় ১,৫০০ পুৰণি আইন বাতিল কৰা হৈছে আৰু অপৰাধীক আইনৰ সংস্কাৰ কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে শাসনব্যৱস্থা সৰল কৰা আৰু ইয়াক অধিক দক্ষ কৰি তোলাৰ লক্ষ্য আৰু এই প্ৰচেষ্টাসমূহ বৰ্তমান সফলতাৰে ৰূপায়ণ কৰা হৈছে।
‘ইণ্ডিয়া ষ্টেক’ উদ্যোগৰ বিষয়ে আলোচনা কৰি শ্ৰী মোদীয়ে ‘ইউপিআই’, ‘ইকেওৱাইচি’ আৰু ‘আধাৰ’ৰ দৰে ভাৰতৰ ‘ডিজিটেল পদক্ষেপ’সমূহৰ পৰিৱৰ্তনশীল প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে এই প্ৰযুক্তিসমূহে কৃষকৰ একাউণ্টলৈ পোনপটীয়াকৈ ধনৰ স্থানান্তৰ, দুৰ্নীতি দূৰ কৰা আৰু পুঁজি বিতৰণত থকা সুৰুঙা আঁতৰ কৰাত সহায় কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে আজিৰ প্ৰযুক্তি-চালিত শতিকাত প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰি ‘ইউপিআই’ এক গোলকীয় আশ্চৰ্য হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে টাইৱান ভ্ৰমণৰ এটা কাহিনী সহভাগ বতৰা কৰে, য'ত তেওঁ উচ্চ যোগ্যতাসম্পন্ন নেতাসকলৰ দ্বাৰা প্ৰভাৱিত হয়। তেওঁ ভাৰতীয় যুৱপ্ৰজন্মৰ বাবে একে ধৰণৰ উৎকৃষ্টতা অৰ্জন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ টাইৱানৰ এজন দোভাষীৰ সৈতে হোৱা বাৰ্তালাপৰ কথাও উল্লেখ কৰে, যিগৰাকী ব্যক্তিৰ ভাৰতক লৈ থকা ধাৰণা পুৰণি আছিল। প্ৰধানমন্ত্ৰীয়ে কৌতুকতাপূৰ্ণভাৱে ব্যাখ্যা কৰে যে যদিও ভাৰতৰ অতীত সাপ-নচুৱাৰে জড়িত আছিল, আজিৰ ভাৰত পিচে প্ৰযুক্তিৰে শক্তিসমৃদ্ধ, প্ৰতিটো শিশুৱেই কম্পিউটাৰৰ মাউচ ব্যৱহাৰ কৰাত পাৰদৰ্শী। তেওঁ গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ শক্তি এতিয়া ইয়াৰ প্ৰযুক্তিগত উন্নতিত নিহিত হৈ আছে আৰু চৰকাৰে উদ্ভাৱনক সমৰ্থন কৰিবলৈ পৃথক পুঁজি আৰু আয়োগ সৃষ্টি কৰিছে। তেওঁ যুৱক-যুৱতীসকলক প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে আৰু তেওঁলোকক আশ্বাস দিয়ে যে তেওঁলোক বিফল হ'লেও তেওঁলোকক সহযোগিতা আগবঢ়োৱা হ'ব।
ভাৰতৰ প্ৰতি বিশ্বজোৰা ধাৰণা উন্নত হোৱা সম্পৰ্কে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে এয়া কেৱল তেওঁৰে সাফল্য নহয়, বৰঞ্চ এয়া সকলো ভাৰতীয়ৰ সামূহিক প্ৰচেষ্টা। তেওঁ মন্তব্য কৰে যে বিদেশ ভ্ৰমণ কৰা প্ৰতিগৰাকী ভাৰতীয়ই দেশৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰে আৰু ইয়াৰ প্ৰতিচ্ছবিত অৰিহণা যোগায়। তেওঁ উল্লেখ কৰে যে নীতি আয়োগৰ গোলকীয় ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপনৰ উদ্দেশ্য আছে, তেওঁলোকৰ শক্তিক ব্যৱহাৰ কৰা। তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ আগতে বিস্তৃত ভ্ৰমণৰ অভিজ্ঞতা আৰু তেওঁ কেনেদৰে প্ৰবাসী ভাৰতীয়সকলৰ সম্ভাৱনাক স্বীকৃতি প্ৰদান কৰিছিল সেয়াও তেওঁ সহভাগ কৰে। তেওঁ লগতে কয় যে এই স্বীকৃতিয়ে ভাৰতৰ বাবে এক শক্তিশালী গোলকীয় পৰিচিতি গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰতীয়সকলৰ অপৰাধ প্ৰৱণতাৰ নিম্ন হাৰ, শিক্ষাৰ উচ্চ স্তৰ আৰু আইন মানি চলা প্ৰকৃতিয়ে এক ইতিবাচক বিশ্বজোৰা পৰিচিতি গঢ়ি তোলাত অৰিহণা যোগাইছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে উদ্যোগীসকলে সামূহিক শক্তিৰ ব্যৱহাৰ কৰি, এক ইতিবাচক প্ৰতিচ্ছবি বৰ্তাই ৰাখি আৰু শক্তিশালী নেটৱৰ্ক আৰু সম্পৰ্ক গঢ়ি তোলাত গুৰুত্ব দি এই পদ্ধতিৰ পৰা শিকিব পাৰে।
শ্ৰী মোদীয়ে উদ্যোগ আৰু ৰাজনীতি দুয়োটা ক্ষেত্ৰতে প্ৰতিযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ ২০০৫ চনৰ এটা কাহিনী সহভাগ কৰিছিল যেতিয়া মাৰ্কিন চৰকাৰে তেওঁক ভিছা প্ৰত্যাখ্যান কৰিছিল, যাক তেওঁ নিৰ্বাচিত চৰকাৰ আৰু ৰাষ্ট্ৰৰ প্ৰতি অপমান হিচাপে গণ্য কৰিছিল। তেওঁ মন্তব্য কৰে যে তেওঁ এনে এক ভৱিষ্যতৰ কল্পনা কৰিছিল য'ত বিশ্বই ভাৰতীয় ভিছাৰ বাবে শাৰী পাতিব আৰু আজি ২০২৫ চনত সেই দৃষ্টিভংগী বাস্তৱত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া কুৱেইট ভ্ৰমণৰ এক উদাহৰণ দাঙি ধৰি ভাৰতীয় যুৱ আৰু সাধাৰণ মানুহৰ আশা-আকাংক্ষাৰ কথা উল্লেখ কৰে। তেওঁ এজন শ্ৰমিকৰ সৈতে হোৱা কথোপকথনৰ কথা বৰ্ণনা কৰে যিয়ে তেওঁৰ জিলাখনত এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকাৰ সপোন দেখিছিল। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে এনে আকাংক্ষাই ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশে আগুৱাই লৈ যাব। তেওঁ মন্তব্য কৰে যে ভাৰতৰ যুৱপ্ৰজন্মৰ আবেগ আৰু উচ্চাকাংক্ষা হৈছে দেশৰ প্ৰগতিৰ মূল চাবিকাঠি।
প্ৰধানমন্ত্ৰীয়ে নিৰন্তৰ শান্তিৰ বাবে ওকালতি কৰি ভাৰতে বিশ্বব্যাপী লাভ কৰা বিশ্বাসযোগ্যতা আৰু বিশ্বাসৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰে। তেওঁ মন্তব্য কৰে যে ভাৰত নিৰপেক্ষ নহয়, দৃঢ়ভাৱে শান্তিৰ পক্ষত আছে আৰু এই স্থিতি ৰাছিয়া, ইউক্ৰেইন, ইৰাণ, পেলেষ্টাইন আৰু ইজৰাইলকে ধৰি সকলো জড়িত পক্ষক জনোৱা হৈছে। তেওঁ সংকটৰ সময়ত ভাৰতৰ সক্ৰিয় প্ৰচেষ্টা, যেনে ভাৰতীয়সকলৰ লগতে চুবুৰীয়া দেশৰ নাগৰিকসকলক ক’ভিড-১৯ মহামাৰীৰ সময়ত স্থানান্তৰ কৰাৰ প্ৰসংগত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতীয় বায়ু সেনাৰ কৰ্মীসকলে নাগৰিকসকলক ওভতাই অনাৰ দৰে বিপজ্জনক কামত স্বেচ্ছাই আগভাগ লৈ আহিছে আৰু ই জনসাধাৰণৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰদৰ্শন কৰিছে। তেওঁ লগতে নেপালৰ ভূমিকম্পৰ সময়ত সংঘটিত এক ঘটনাৰ বিষয়ে উল্লেখ কৰে, য'ত নাগৰিকসকলক উদ্ধাৰ আৰু ঘূৰাই অনাৰ বাবে ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাক এজন চিকিৎসকে প্ৰশংসা কৰিছিল যিয়ে এনে জীৱন ৰক্ষাকাৰী অভিযানত কৰমূল্য উপলব্ধি কৰিছিল। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে বিশ্বৰ নাগৰিকসকলক সেৱা আগবঢ়োৱা কথাটোৱে কল্যাণ আৰু পাৰস্পৰিক সহৃদয়তাৰ অনুভূতি জাগৃত কৰে। তেওঁ লগতে ইছলামিক দেশ আবু ধাবিত মন্দিৰ নিৰ্মাণৰ বাবে ভূমিৰ বাবে জনোৱা অনুৰোধ সফল হোৱাৰ কথা উল্লেখ কৰে, যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে লাভ কৰা সন্মান আৰু বিশ্বাসৰ গুৰুত্বকে প্ৰতিফলিত কৰে। এই প্ৰচেষ্টাই লাখ লাখ ভাৰতীয়ৰ বাবে অপৰিসীম আনন্দ কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীয়ে আশ্বস্ত কৰি কয় যে বিশ্বব্যাপী ইয়াৰ নাগৰিকসকলৰ বাবে শান্তি আৰু সমৰ্থনৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা অটুট আছে আৰু বিশ্বৰ মঞ্চত দেশৰ বিশ্বাসযোগ্যতা বৃদ্ধি হৈ আছে।
খাদ্যৰ পছন্দ সন্দৰ্ভত মত ব্যক্ত কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ খাদ্যৰ প্ৰতি উৎসাহী নহয় আৰু বিভিন্ন দেশত তেওঁক যি পৰিৱেশন কৰা হয় সেয়া উপভোগ কৰে। তেওঁ উল্লেখ কৰে যে সংগঠনত কাম কৰাৰ সময়ত তেওঁ প্ৰায়ে স্বৰ্গীয় শ্ৰী অৰুণ জেটলীৰ ওপৰত নিৰ্ভৰ কৰিছিল, যি সমগ্ৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট আৰু ব্যঞ্জনসমূহৰ বিষয়ে ভালদৰে অৱগত আছিল।
বিগত বছৰবোৰত তেওঁৰ স্থিতিৰ পৰিৱৰ্তনৰ ধাৰণাক স্পৰ্শ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যদিও পৰিস্থিতি আৰু ভূমিকা সলনি হৈছে, তেওঁ কিন্তু একেজন ব্যক্তিয়েই হৈ আছে আৰু তেওঁ কোনো বেলেগ অনুভৱ নকৰে আৰু তেওঁ মানুহটোৰ কোনো সলনি হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে স্থিতি আৰু দায়িত্বৰ পৰিৱৰ্তনে তেওঁৰ মূল মূল্যবোধ আৰু নীতিসমূহক প্ৰভাৱিত কৰা নাই। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁ নিজৰ স্থিতিৰ পৰিৱৰ্তনৰ দ্বাৰা আধাৰিত আৰু অপ্ৰভাৱিত হৈ আছে, তেওঁৰ কামৰ প্ৰতি একে নম্ৰতা আৰু সমৰ্পণ বৰ্তাই ৰাখিছে।
প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা ভাষণৰ প্ৰসংগত নিজৰ মত ব্যক্ত কৰি আত্ম-অভিজ্ঞতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে। তেওঁ মন্তব্য কৰে যে যেতিয়া মানুহে তেওঁলোকৰ নিজৰ অভিজ্ঞতাৰ পৰা কথা কয়, তেতিয়া তেওঁলোকৰ কথা, অভিব্যক্তি আৰু বৰ্ণনা স্বাভাৱিকতেই প্ৰভাৱশালী হৈ উঠে। তেওঁ উল্লেখ কৰে যে গুজৰাটী হোৱা স্বত্বেও তেওঁৰ সাবলীলভাৱে হিন্দী কোৱাৰ সামৰ্থ্য ৰে'ল ষ্টেশ্যনত চাহ বিক্ৰী কৰা আৰু বিভিন্ন অঞ্চলৰ লোকৰ সৈতে বাৰ্তালাপ কৰাৰ দৰে তেওঁৰ প্ৰাৰম্ভিক জীৱনৰ অভিজ্ঞতাৰ পৰা উদ্ভৱ হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকিলে কাৰ্যকৰী যোগাযোগত সহায় কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ভাল ভাষ্যৰ সাৰাংশ হৃদয়ৰ পৰা কথা কোৱা আৰু প্ৰকৃত অভিজ্ঞতা সহভাগ কৰাত নিহিত থাকে।
শ্ৰী মোদীয়ে ভাৰতত ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ বিৱৰ্তন প্ৰসংগত আলোকপাত কৰে। ভাৰতৰ যুৱশক্তিৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ প্ৰথমখন ষ্টাৰ্টআপ সন্মিলনৰ এটা কাহিনী সহভাগ কৰে, য'ত কলকাতাৰ এগৰাকী যুৱতীয়ে ষ্টাৰ্টআপৰ প্ৰাৰম্ভিক ধাৰণাক বিফলতাৰ পথ হিচাপে বৰ্ণনা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ষ্টাৰ্টআপসমূহে সন্মান আৰু বিশ্বাসযোগ্যতা লাভ কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ভাৰতত উদ্যোগী মনোভাৱ ডাঙৰ সপোন আৰু আকাংক্ষাৰ দ্বাৰা পৰিচালিত আৰু দেশৰ যুৱপ্ৰজন্মই এতিয়া পৰম্পৰাগত চাকৰি বিচৰাতকৈ নিজৰ উদ্যোগ আৰম্ভ কৰিবলৈহে অধিক আগ্ৰহী।
চৰকাৰৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয়টো কাৰ্যকালৰ পাৰ্থক্যৰ বিষয়ে সোধাত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উন্নয়নৰ বাবে তেওঁৰ বিকশিত দৃষ্টিভংগী দাঙি ধৰে। তেওঁ মন্তব্য কৰে যে তেওঁৰ প্ৰথমটো কাৰ্যকালত তেওঁ আৰু জনসাধাৰণ দুয়ো ইজনে সিজনক বুজিবলৈ চেষ্টা কৰি আছিল, আৰু তেওঁ দিল্লীকো বুজিবলৈ চেষ্টা কৰি আছিল। তেওঁৰ প্ৰথম আৰু দ্বিতীয়টো কাৰ্যকালত, তেওঁ অতীতৰ সাফল্যৰ তুলনা কৰা আৰু নতুন লক্ষ্য নিৰ্ধাৰণ কৰাত গুৰুত্ব দিছিল। অৱশ্যে, তেওঁৰ তৃতীয়টো কাৰ্যকালত তেওঁৰ দৃষ্টিভংগী যথেষ্ট সম্প্ৰসাৰিত হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ বাবে এক স্পষ্ট দৃষ্টিভংগীৰে তেওঁৰ সপোন আৰু উচ্চাকাংক্ষা বৃদ্ধি পাইছে।
তেওঁ মন্তব্য কৰে যে তেওঁৰ তৃতীয়টো কাৰ্যকালত তেওঁৰ দৃষ্টিভংগী যথেষ্ট পৰিৱৰ্তন হৈছে, ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত নিৰ্মাণত অধিক গুৰুত্ব আৰোপ কৰিছে। তেওঁ প্ৰতিগৰাকী নাগৰিকক শৌচালয়, বিদ্যুৎ আৰু নলযোগে পানীৰ যোগানৰ দৰে মৌলিক সুবিধাসমূহৰ ১০০% বিতৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি কয় যে এইবোৰ অধিকাৰহে, বিশেষাধিকাৰ নহয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰকৃত সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষতা হৈছে প্ৰতিগৰাকী ভাৰতীয়ই যাতে কোনো বৈষম্য নোহোৱাকৈ লাভান্বিত হয় সেয়া নিশ্চিত কৰাটোহে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চালিকা শক্তি হৈছে "উচ্চাকাংক্ষী ভাৰত", আৰু ২০৪৭ চনৰ ভিতৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰাৰ লক্ষ্যৰে তেওঁৰ বৰ্তমানৰ মনোযোগ ভৱিষ্যতৰ ওপৰত। তেওঁ উল্লেখ কৰে যে তেওঁৰ তৃতীয়টো কাৰ্যকাল উচ্চাকাংক্ষা আৰু দৃঢ়তাৰ এক উচ্চ অনুভূতিৰ সৈতে পূৰ্বৱৰ্তী কাৰ্যকালতকৈ যথেষ্ট পৃথক।
প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী প্ৰজন্মৰ নেতাসকলক গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে আৰু মন্তব্য কৰে যে গুজৰাটত তেওঁৰ কাৰ্যকালত তেওঁ পৰৱৰ্তী ২০ বছৰৰ বাবে সম্ভাৱ্য নেতাসকলক প্ৰশিক্ষণ দিয়াত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ আলোকপাত কৰে যে তেওঁৰ সফলতা ভৱিষ্যতৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ তেওঁ তেওঁৰ দলটোক কিমান ভালদৰে প্ৰস্তুত কৰে তাৰ দ্বাৰা জোখা হওঁক। ভৱিষ্যতৰ বাবে এক শক্তিশালী আৰু সক্ষম নেতৃত্ব নিশ্চিত কৰাৰ বাবে যুৱ প্ৰতিভাৰ প্ৰতিপালন আৰু বিকাশৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাৰ্থী হোৱাৰ অৰ্হতা আৰু এজন সফল ৰাজনীতিবিদ হোৱাৰ অৰ্হতাৰ মাজৰ পাৰ্থক্য সন্দৰ্ভতো অভিমত ব্যক্ত কৰে। তেওঁ মন্তব্য কৰে যে যদিও প্ৰাৰ্থিত্বৰ বাবে মৌলিক প্ৰয়োজনীয়তা নিম্নতম, এজন সফল ৰাজনীতিবিদ হোৱাৰ বাবে ব্যতিক্ৰমী গুণাগুণৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এজন ৰাজনীতিবিদ নিৰন্তৰ নিৰীক্ষণত থাকে আৰু এটা ভুল পদক্ষেপে বহু বছৰৰ কঠোৰ পৰিশ্ৰমকো ক্ষতিগ্ৰস্ত কৰি পেলাব পাৰে। তেওঁ বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰৰ জৰিয়তে আহৰণ কৰিব নোৱাৰা ২৪/৭ চেতনা আৰু নিষ্ঠাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ জোৰ দি কয় যে প্ৰকৃত ৰাজনৈতিক সাফল্যৰ বাবে অতুলনীয় প্ৰতিশ্ৰুতি আৰু সততাৰ প্ৰয়োজন।
বাৰ্তালাপৰ সামৰণি মাৰি শ্ৰী মোদীয়ে দেশৰ যুৱপ্ৰজন্ম আৰু মহিলাসকলক সম্বোধন কৰি ৰাজনীতিত নেতৃত্ব আৰু অংশগ্ৰহণৰ প্ৰয়োজনীয়াত গুৰুত্ব আৰোপ কৰে আৰু যুৱতীসকলক স্থানীয় শাসনত ৫০%ৰ লগতে বিধান সভা আৰু সংসদত প্ৰস্তাৱিত ৩৩% সংৰক্ষণৰ সুবিধা ল'বলৈ আৰু নেতৃত্বৰ ভূমিকা গ্ৰহণৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মক ৰাজনীতিক নেতিবাচক দৃষ্টিভংগীৰে নচাবলৈ আৰু মিছন-চালিত দৃষ্টিভংগীৰে ৰাজহুৱা জীৱনত জড়িত হ'বলৈ আহ্বান জনায়। তেওঁ সৃষ্টিশীল, সমাধানমুখী আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ প্ৰতি সমৰ্পিত নেতাসকলৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে ২০৪৭ চনৰ ভিতৰত আজিৰ যুৱপ্ৰজন্ম গুৰুত্বপূৰ্ণ পদত স্থলাভিষিক্ত হ’ব আৰু দেশখনক উন্নয়নৰ দিশে আগুৱাই নিব। তেওঁ স্পষ্ট কৰি দি কয় যে যুৱপ্ৰজন্মৰ অংশগ্ৰহণৰ বাবে তেওঁৰ আহ্বান কেৱল কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলতে সীমাবদ্ধ নহয়, বৰং সকলো ৰাজনৈতিক দললৈকে নতুন দৃষ্টিভংগী আৰু শক্তি অনাৰ লক্ষ্যৰে কৰা হৈছে। তেওঁ দেশৰ বিকাশৰ বাবে যুৱ নেতাসকলৰ গুৰুত্ব আৰু ভাৰতৰ বাবে এক উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।
***
MJPS/SR/KB
(Release ID: 2093478)
Visitor Counter : 19
Read this release in:
English
,
Malayalam
,
Tamil
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada