প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ উমৰাংচুত আৱদ্ধ খনিকৰ্মীসকলক উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ ভাৰতীয় নৌসেনাৰ দল নিয়োজিত কৰা হৈছে

Posted On: 08 JAN 2025 12:50PM by PIB Guwahati

সহায়ৰ বাবে জৰুৰী অনুৰোধৰ সঁহাৰি স্বৰূপে, ভাৰতীয় নৌসেনাই অসমৰ ডিমা হাচাও জিলাৰ দূৰৱৰ্তী ঔদ্যোগিক চহৰ উমৰাংচুত আৱদ্ধ খনিকৰ্মীসকলক উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ এক বিশেষ দল নিয়োজিত কৰিছে। এগৰাকী বিষয়া আৰু এঘাৰজন নাবিকক লৈ গঠিত দলটোত গভীৰ পানীত ডাইভিং আৰু পুনৰুদ্ধাৰ অভিযানত দক্ষ উচ্চ প্ৰশিক্ষিত ক্লিয়াৰেন্স ডাইভাৰ অন্তৰ্ভুক্ত আছে আৰু তেওঁলোক ঘটনাস্থলীত উপস্থিত হৈছে।

দলটোৱে এই গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল অভিযানৰ বাবে সম্পূৰ্ণৰূপে সজ্জিত হৈ অহাৰ লগতে অনুসন্ধান তথা উদ্ধাৰৰ বাবে গভীৰ ডাইভিং গিয়াৰ আৰু পানীৰ তলত দূৰৱৰ্তীভাৱে পৰিচালিত বাহনৰ (আৰ ও ভি) দৰে বিশেষ সঁজুলি কঢ়িয়াই আনিছে।

তাৎক্ষণিক আৰু কাৰ্যকৰী সঁহাৰি নিশ্চিত কৰাৰ বাবে ভাৰতীয় সেনা, এনডিআৰএফ আৰু স্থানীয় অসামৰিক প্ৰশাসনৰ সৈতে এই প্ৰচেষ্টা চলাই থকা হৈছে।

বিশাখাপট্টমৰ ভাৰতীয় নৌসেনাৰ দলটো ভাৰতীয় বায়ু সেনাৰ এখন বিমানযোগে ৭ জানুৱাৰীত ঘটনাস্থলীত উপস্থিত হয়।

অনুসন্ধান আৰু উদ্ধাৰ অভিযান তীব্ৰগতিত চলি থাকিবলৈ এই অভিযানৰ লগত জড়িত সকলো সংস্থাৰ সৈতে নিয়মীয়া তথ্য বিনিময় কৰি থকা হৈছে।

জৰুৰীকালীন অৱস্থাত জীৱন সুৰক্ষিত কৰা আৰু ৰাষ্ট্ৰক সমৰ্থন কৰাৰ সংকল্প প্ৰদৰ্শন কৰি সংকটৰ সময়ত তাৎক্ষণিক সহায়ৰ বাবে ভাৰতীয় নৌসেনা সদায় প্ৰতিশ্ৰুতিবদ্ধ।

******

VM/SPS/MK/ID


(Release ID: 2091156) Visitor Counter : 34