নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

নৱবৰ্ষৰ পহিলা দিনটো শিশুৰ সৈতে উদযাপন কৰিলে সৰ্বানন্দ সোণোৱালে; ভাৰতৰ উন্নয়নৰ মাইলৰ খুঁটিস্বৰূপ বিষয়সমূহত কৰিলে আলোকপাত

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষৰ পৰ্যালোচনা কৰে নতুন চিন্তা-চেতনাৰে আগন্তুক বছৰৰ আকাংক্ষিত বিষয়সমূহ সন্দৰ্ভত আলোকপাত কৰে

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়ত আলোকপাত কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অঞ্চলটোৱে অভূতপূৰ্ব বিকাশ আৰু ৰূপান্তৰৰ যুগৰ মাজেৰে যাত্ৰা কৰিছে

Posted On: 01 JAN 2025 7:32PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ প্ৰেৰণা শিশু গৃহত শিশুসকলৰ  সৈতে ২০২৫ বৰ্ষৰ পহিলা দিনটো উদযাপন কৰে। শিশুসকলৰ সৈতে সময় কটোৱাৰ সময়ত ডিব্ৰুগড়ৰ সাংসদ  শ্ৰী সোণোৱালে কয়, ‘শিশুৰ নিৰ্মল  আৰু নিৰ্দোষ হাঁহিয়ে অতুলনীয় আনন্দ তথা  সুখ কঢ়িয়াই আনে। তেওঁলোকে জীৱনত আগবাঢ়ি যাওঁক  আৰু সফলতা লাভ কৰক, সেয়াই  আন্তৰিকতাৰে কামনা কৰিলোঁ। লগতে সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত বছৰটোৰ  পৰ্যালোচনা কৰি নতুন  চিন্তা-চেতনাৰে আগন্তুক বছৰটোত আগুৱাই যাবলৈ   আকাংক্ষিত পৰিকল্পনাৰ বিষয়েও প্ৰকাশ কৰে।   তেওঁ কয়, ‘নতুন বছৰে নতুন আশা, আকাংক্ষা, সুযোগ  আৰু কৃতিত্ব লাভৰ পথ সুগম কৰিছে’।  তেওঁ লগতে কয়, ‘২০২৪ বৰ্ষটোক  বিদায় দিয়াৰ সময়ত আমি এনে এক প্ৰগতিৰ বছৰ উদযাপন কৰিছো যিয়ে অসম, উত্তৰ-পূৰ্বাঞ্চল  আৰু সামগ্ৰিকভাৱে দেশ খনৰ উন্নয়ন ত্বৰান্বিত কৰিছে ।’

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অঞ্চলটোত  অভূতপূৰ্ব বিকাশ  আৰু ৰূপান্তৰৰ যুগ চলি আছে বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়তো  আলোকপাত কৰে। তেওঁ কয়, ‘শক্তিমান ব্ৰহ্মপুত্ৰ কেৱল জনজীৱনৰ জীৱনৰেখা হিচাপেই নহয়, জনসাধাৰণৰ সীমাহীন শক্তিৰ প্ৰতীক হিচাপেও এই নদ  বৈ আছে,  উদীয়মান নতুন ভাৰতৰ নতুনকৈ অৰ্জিত  আত্মবিশ্বাসক মূৰ্ত কৰি তুলিছে। মোদী জীৰ প্ৰেৰণাদায়ক নেতৃত্বত আমি ২০১৪ চনৰ পৰা এক দক্ষ আৰু ফলপ্ৰসূ সুশাসনৰ বাবে অনুভূত  হোৱা ‘বিকশিত  ভাৰত’ৰ দিশত,  ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে  অপৰিসীম সম্ভাৱনাক ব্যৱহাৰ কৰাৰ দিশত কাম কৰি আছো।”

শ্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা উন্নয়ন, বিশেষকৈ সামুদ্ৰিক খণ্ডত লাভ কৰা মাইলৰ খুঁটিস্বৰূপ উন্নয়নৰ বিষয়তো  আলোকপাত কৰে। তেওঁ কয়, ‘মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত ২০২৪ চনটো ভাৰতৰ সামুদ্ৰিক উচ্চাকাংক্ষাৰ বাবে এক উল্লেখনীয় বৰ্ষ হিচাবে পৰিগণিত হৈছে।  তেওঁ কয় “দেশৰ ত্ৰয়োদশ আৰু সৰ্ববৃহৎ বৃহৎ বন্দৰৰ ভেটি স্থাপনৰ পৰা আৰম্ভ কৰি নতুন বিশ্ব বাণিজ্যিক পথ মুকলি কৰালৈকে আমি ভাৰতক বিশ্বৰ শীৰ্ষ ১০ খন সামুদ্ৰিক ৰাষ্ট্ৰৰ ভিতৰৰে এখন হিচাবে  প্ৰতিষ্ঠা কৰাত  উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছো।”

তেওঁ ২০২৪ চনত ভাৰতৰ অগ্ৰগতিৰ বিষয়ত  আৰু অধিক গুৰুত্ব আৰোপ কৰে।  এই বৰ্ষটোতে  বিশ্ব মঞ্চত ভাৰতৰ উন্নতিৰ শিখৰত আৰোহণৰ   কথা স্বীকৃত হোৱা বুলিও তেওঁ কয়।  শ্ৰী শোণোৱালে কয়  ‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত আমি বিশ্বৰ অন্যতম শক্তিশালী দেশ হোৱাৰ আকাংক্ষাৰে পৰিচালিত হোৱাৰ  পথ গঢ়ি তুলিছো। আমাৰ সাগৰসমূহত  সম্ভাৱনাৰ উত্থান ঘটিছে  আৰু সামুদ্ৰিক খণ্ডই—ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যতৰ মূল স্তম্ভ হিচাবে পৰিগণিত হৈছে —সাগৰসমূহে আমাক বিশ্বৰ সৈতে সংযোগ কৰি সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিছে।’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০২৪ বৰ্ষটোক  এক উল্লেখযোগ্য বৰ্ষ বুলি অভিহিত কৰি বছৰটোৰ ইতিবাচক দিশসমূহৰ পৰ্যালোচনা  কৰে। তেওঁ কয়, ‘২০২৪ চনটো মোৰ বাবে গুৰুত্বপূৰ্ণ বছৰ  আছিল, কিয়নো এই বছৰটোৱে  জনসাধাৰণৰ পৰা মৰম আৰু আশীৰ্বাদৰ ঢৌ কঢ়িয়াই আনিছিল, মোক নতুন  উৎসাহ আৰু নিষ্ঠাৰে দেশৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। নতুন অভিজ্ঞতা লাভ কৰাৰ বছৰো আছিল ২০২৪ বছৰটো, ইয়াৰ  বাবে মই সকলো শ্ৰেণীৰ লোকৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিম ।”

শ্ৰী সৰ্বানন্দ সোণোৱালে ২০২৫ চনৰ  আৰম্ভনিৰ দিনটোতে  সামূহিক সমৰ্পণৰ আহ্বান জনাই সকলোকে দেশ গঠনৰ কামত দায়বদ্ধ হ’বলৈ কয় । তেওঁ কয় “আহক আমি ২০২৫ চনত ঐক্য আৰু দৃঢ়তাৰে কাম কৰি আত্মনিৰ্ভৰশীল, উন্নত, আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ সংকল্প লওঁ। ভাৰতে বিশ্বব্যাপী—অৰ্থনৈতিক, সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে অদ্ৰদূতৰ ভূমিকা গ্ৰহণ কৰাত আমাৰ প্ৰত্যেকৰে ভূমিকা আছে। আমাৰ চহকী ঐতিহ্য আৰু এটা  উজ্জ্বল কাইলৈৰ বাবে আমি একেলগে এনে এখন ভাৰত গঢ়ি তোলোঁ আহক,  যত ভাৰতে  নিজৰ ‘অমৃত কাল’ৰ জড়িয়তে  শিৰ উন্নত কৰি  থিয় দিব পাৰে ।’

 শ্ৰী  সোণোৱালে আশাৰ বাৰ্তাৰে তেওঁৰ ভাষণৰ সামৰণি মাৰে।  ভাষণৰ সামৰণিত তেওঁ কয়  “এই শুভ অনুষ্ঠানত আগন্তুক  সমৃদ্ধিশালী, শান্তিপূৰ্ণ, আৰু আশাব্যঞ্জক বছৰ এটাৰ  বাবে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এই পবিত্ৰ সময়তে সকলোলৈ ২০২৫ নৱবৰ্ষৰ শুভেচ্ছা জনালো! নতুন বছৰটোৱে  সকলোৰে বাবে অন্তহীন সুখ, শান্তি, সমৃদ্ধি, আশা কঢ়িয়াই আনক”।

আজিৰ অনুষ্ঠানত সৰ্বানন্দ সোণোৱালৰ সৈতে ডিব্ৰুগড়ৰ পৌৰ নিগমৰ উপ-মেয়ৰ শ্ৰী উজ্জ্বল ফুকন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ সোণোৱাল, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী কাজল গোহাঁইকে ধৰি অন্যান্য  গণ্য-মান্য ব্যক্তিসকলে  অংশগ্ৰহণ কৰে।

 

GDH/THR/DM


(Release ID: 2089431) Visitor Counter : 46


Read this release in: English , Urdu , Hindi , Punjabi