নৌ-পৰিবহন মন্ত্ৰালয়
আভ্যন্তৰীণ জলপথক অধিক সমৃদ্ধ কৰি তোলাৰ অৰ্থে ‘জলবাহক’ উদ্বোধন কৰিলে চৰকাৰে , ৰাষ্ট্ৰীয় জলপথ ১ , ৰাষ্ট্ৰীয় জলপথ ২ আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ত কাৰ্গোৰ চলাচল বৃদ্ধি কৰাৰ লক্ষ্য
কলকাতাৰ পৰা পাটনা, বাৰাণসী আৰু পাণ্ডুলৈ কাৰ্গো জাহাজৰ নিৰ্দিষ্ট সেৱাৰ শুভাৰম্ভ কৰিলে শ্ৰী সৰ্বানন্দ সোণোৱালে
“জলবাহকে” কাৰ্গো পৰিবহণৰ বাবে জলপথক অধিক সক্ৰিয় কৰি তুলিব , ৰাষ্ট্ৰীয় জলপথ ১ , ৰাষ্ট্ৰীয় জলপথ ২ আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ত বাণিজ্যিক সম্ভাৱনা বৃদ্ধি কৰিব : শ্ৰী সৰ্বানন্দ সোণোৱাল
মসৃণ, দক্ষ, বহনক্ষম আৰু অৰ্থনৈতিকভাবে সম্ভাৱনাপূৰ্ণ পৰিবহণৰ বাবে জলপথৰ প্ৰস্তুতিৰ কথা প্ৰতিফলিত কৰিবলৈ কাৰ্গো জাহাজৰ নিৰ্ধাৰিত সেৱাৰ আৰম্ভণি কৰা হৈছে: শ্ৰী সৰ্বানন্দ সোণোৱাল
আঁচনিসমূহৰ লক্ষ্য হৈছে ৯৫.৪ কোটি টকা বিনিয়োগেৰে ৮০০ মিলিয়ন টন কিলোমিটাৰৰ মডাল শ্বিফ্টক উৎসাহিত কৰা
Posted On:
15 DEC 2024 1:46PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্গো পৰিবহন অধিক বৃদ্ধি কৰাৰ বাবে এক বৃহৎ নীতি উন্মোচন কৰে, সেয়া হৈছে ‘জলবাহক’। ৰাষ্ট্ৰীয় জলপথ ১ (গংগা নদী)ৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ সামগ্ৰীৰ চলাচলৰ লগতে ৰাষ্ট্ৰীয় জলপথ ২ ( ব্ৰহ্মপুত্ৰ নদী) আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক নদী) ত এই ব্যৱস্থাই কাৰ্গো পৰিবহনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব ।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি কলকাতাৰ জি আৰ জেটীৰ পৰা এম ভি ত্ৰিশূল কাৰ্গো জাহাজ, এম ভি এ আই, এম ভি হোমি ভাবাৰ লগতে দুটা ডাম্ব বাৰ্জ ক্ৰমে অজয় আৰু দিখুৰ ফ্লেগ অফ কৰে। ইয়াৰ দ্বাৰা হালদিয়াৰ পৰা ৰাষ্ট্ৰীয় জলপথ ১ আৰু ৰাষ্ট্ৰীয় জলপথ ২ ৰে মালবাহী জাহাজৰ নিৰ্দিষ্ট অনুসূচিত সেৱা আৰম্ভ কৰা হয়।নিৰ্দিষ্ট দিনৰ অনুসূচিত পালতোলা সেৱাই ৰাষ্ট্ৰীয় জলপথ ১ ৰ কলকাতা - পাটনা - বাৰাণসী - পাটনা - কলকাতাৰ মাজত আৰু গুৱাহাটী- কলকাতা আৰু পাণ্ডুৰ মাজত জাহাজ চলাব । ভাৰত বাংলাদেশ প্ৰট'কল ৰুট (আই বি পি আৰ)ৰ জৰিয়তে ৰাষ্ট্ৰীয় জলপথ ২ত জাহাজ চলোৱা হব। অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিবহন ৰাজ্যিক মন্ত্ৰী দয়া শংকৰ সিঙো উপস্থিত থাকে।
অনুষ্ঠানত ভাষণআগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত চৰকাৰে আমাৰ আভ্যন্তৰীণ জলপথৰ চহকী নেটৱৰ্কৰ প্ৰবল সম্ভাৱনাক বাস্তৱায়িত কৰাৰ বাবে এক সংহত প্ৰচেষ্টা হাতত লৈছে। অৰ্থনৈতিক তথা পৰিৱেশগতভাৱে সুস্থ আৰু কাৰ্যক্ষম পৰিবহণৰ ব্যৱস্থা থকাৰ সুবিধাৰ বাবে আমি জলপথৰ জৰিয়তে সামগ্ৰীৰ পৰিবহন বৃদ্ধি কৰিব বিচাৰো, ৰে'লপথ আৰু স্থলপথৰ ভিৰ এনে পদক্ষেপ্ বহু পৰিমাণে হ্ৰাস কৰিব৷ । জলবাহক আঁচনিয়ে ৰাষ্ট্ৰীয় জলপথ ১ , ৰাষ্ট্ৰীয় জলপথ ২ আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ত দীৰ্ঘ দূৰত্বৰ জলপথেৰে সামগ্ৰী পৰিবহনক উদগনি যোগাব৷ ই বাণিজ্যিক স্বাৰ্থত অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা জলপথৰ জৰিয়তে সামগ্ৰীৰ পৰিবহনক ত্বৰান্বিত কৰিব৷ তদুপৰি কলকাতাৰ পৰা আৰম্ভ হোৱা নিয়মীয়া নিৰ্ধাৰিত মালবাহী জাহাজৰ সেৱাই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সামগ্ৰী পৰিবহণ আৰু সামগ্ৰী সময়মতে পোৱাটো নিশ্চিত কৰিব। ইয়াৰ ফলত আমাৰ সেৱা ব্যৱহাৰকাৰীসকলৰ মাজতো দক্ষ, অৰ্থনৈতিক আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধ পৰিবহণ পদ্ধতিত মালবাহী সামগ্ৰীৰ নিয়মীয়া পৰিবহণৰ বাবে ৰাষ্ট্ৰীয় জলপথৰ প্ৰস্তুতিৰ বিষয়েও এখন ছবি উন্মোচিত হ'ব । এই উদগনিমূলক আঁচনিৰ দ্বাৰা আমাৰ জাহাজ পৰিচালনা কৰাসকলে সবল পদ্ধতিৰে আমাৰ ব্যৱসায়িক উদ্যোগসমূহক নিৰাপদ তথা সময়োপযোগী সামগ্ৰী যোগান ধৰাৰ নিশ্চিতি প্ৰদান কৰিব পাৰিব৷ বিকশিত ভাৰতৰ হোৱাৰ দিশত আগবাঢ়ি যোৱাৰ সময়তে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ দৃষ্টিভংগীত এয়া এক অৰ্থপূৰ্ণ সংযোগ ।”
আজি এই শুভাৰম্ভনিৰ পিছতে প্ৰথমখন জাহাজ - এম ভি ত্ৰিশূল, দুখন ডাম্ব বাৰ্জ ক্ৰমে অজয় আৰু দিখু কলকাতাৰ জি আৰ জেটীৰ পৰা ইণ্ডো বাংলাদেশ প্ৰট’কল ৰুট (আই বি পি আৰ) হৈ গুৱাহাটীৰ পাণ্ডুলৈ ১৫০০ টন চিমেণ্ট কঢ়িয়াই লৈ যাত্ৰা আৰম্ভ কৰে। দ্বিতীয়খন জাহাজ - এম ভি আই -এ ১০০০ টন জিপচাম কঢ়িয়াই পাটনালৈ যাত্ৰা কৰাৰ বিপৰীতে তৃতীয়খন জাহাজ - এম ভি হোমি ভাবা -ই বাৰাণসীলৈ ২০০ টন কয়লা কঢ়িয়াই যাত্ৰা আৰম্ভ কৰে।
কাৰ্গো প্ৰমোচন আঁচনিৰ অধীনত কাৰ্গো মালিকসকলক ৩০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বাবে অন্তৰ্দেশীয় জলপথৰ জৰিয়তে সামগ্ৰী পৰিবহণ কৰিবলৈ প্ৰত্যক্ষ উদগনি প্ৰদান কৰা হৈছে । দেশৰ জলপথ উন্নয়নৰ ন’ডেল এজেন্সী ইনলেণ্ড ৱাটাৰৱেজ অথ'ৰিটি অৱ ইণ্ডিয়া (আই ডব্লিউ এ আই)ৰ লগতে ভাৰতীয় জাহাজ নিগমৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ইনলেণ্ড এণ্ড ক’ষ্টেল শ্বিপিং লিমিটেড (আই চি এছ এল)ৰ যৌথ প্ৰচেষ্টা শ্বিপিং কৰ্পৰেছন অব ইণ্ডিয়া লিমিটেড (SCIL)আদি ইয়াৰ সৈতে জডড়িত হৈ আছে। ‘জলবাহক’ আঁচনিখনে লজিষ্টিক খৰচ হ্ৰাস কৰা, পথ আৰু ৰে’লপথক ভিৰৰ পৰা মুক্ত কৰা আৰু বহনক্ষম পৰিবহণৰ পদ্ধতিৰ সৈতে খাপ খুৱাবলৈ সকলোকে উৎসাহিত কৰিছে।
‘জলবাহক’ আঁচনিখনে ভাৰত বাংলাদেশ প্ৰট’কল (আই বি পি) পথৰ জৰিয়তে ৰাষ্ট্ৰীয় জলপথ ১ (গংগা নদী), ৰাষ্ট্ৰীয় জলপথ ২ (ব্ৰহ্মপুত্ৰ নদী) আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক নদী)ত জলপথৰ জৰিয়তে সামগ্ৰী পৰিবহণৰ সময়ত হোৱা মুঠ পৰিচালনা ব্যয়ৰ ৩৫ % পৰ্যন্ত পৰিশোধৰ সুবিধা প্ৰদান কৰিব। জাহাজ পৰিচালকসকলৰ ব্যৱসায়িক প্ৰস্তাৱক উৎসাহিত কৰিবলৈ এই আঁচনিখনে মালবাহী জাহাজৰ মালিকসকলক আই ডব্লিউ এ আই বা আই চি এছ এলৰ বাহিৰেও আন সংস্থাৰ মালিকানাধীন বা পৰিচালিত জাহাজ ভাড়াত ল’বলৈ উৎসাহিত কৰিব । এই উদগনিমূলক আঁচনিখন প্ৰধান জাহাজ কোম্পানী, মালবাহী জাহাজ , বাণিজ্যিক সংস্থা আৰু বাল্ক আৰু কণ্টেইনাৰযুক্ত সামগ্ৰী পৰিচালনা কৰা সংস্থাসমূহৰ বাবে সহায়ক হৈ পৰিব। আঁচনিখনে তেওঁলোকক তেওঁলোকৰ যোগান শৃংখল নেটৱৰ্কক উন্নত কৰাৰ সুযোগ প্ৰদান কৰিব। এই আঁচনিখন প্ৰথমতে ৩ বছৰৰ বাবে কাৰ্যকৰী কৰা হ'ব৷ ।
নিৰ্দিষ্ট দিনৰ অনুসূচিত জাহাজ সেৱা আৰম্ভ কৰাৰ লক্ষ্য হৈছে সামগ্ৰী পৰিবহণৰ বাবে এক কাৰ্য্যক্ষম, অৰ্থনৈতিক আৰু পৰিৱেশগতভাৱে দায়বদ্ধ বিকল্প হিচাপে জলপথৰ প্ৰস্তুতিৰ কথা প্ৰতিফলিত কৰা। আইচিএছএলৰ দ্বাৰা পৰিচালিত হ’বলগীয়া এই সেৱা আৰম্ভ কৰা হৈছে ৰাষ্ট্ৰীয় জলপথ ১ (গংগা নদী), ৰাষ্ট্ৰীয় জলপথ ২ (ব্ৰহ্মপুত্ৰ নদী) আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক নদী)ত৷ সামগ্ৰী পৰিবহণ আৰু সামগ্ৰী যোগানৰ বাবে নিৰ্দিষ্ট সময়সীমাৰে এয়া আৰম্ভ কৰা হৈছে । পাটনা হৈ কলকাতা আৰু বাৰাণসীৰ মাজৰ ৰাষ্ট্ৰীয় জলপথ ১ ত কলকাতাৰ পৰা পাটনাৰ বাবে ৭ দিন, পাটনাৰ পৰা বাৰাণসীলৈ ৫ দিন আৰু কলকাতাৰ পৰা বাৰাণসীলৈ ১৪ দিন ট্ৰেনজিট সময় নিৰ্ধাৰণ কৰা হৈছে। একেদৰে আই বি পি আৰৰ জৰিয়তে ৰাষ্ট্ৰীয় জলপথ ২ ত কাৰ্গো ট্ৰেনজিটৰ বাবে কলকাতাৰ পৰা পাণ্ডুলৈ ১৮ দিনৰ সময় নিৰ্ধাৰণ কৰাৰ বিপৰীতে পাণ্ডুৰ পৰা কলকাতালৈ ১৫ দিন নিৰ্ধাৰণ কৰা হৈছে। প্ৰথম অৱস্থাত এই আঁচনি ৩ বছৰৰ বাবে কাৰ্যকৰী কৰা হ’ব।
ইয়াৰ উপৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীৰ গতিশীল নেতৃত্বত ২০১৪ চনৰ পৰা জলপথৰ চহকী আন্তঃজাল সজীৱ হৈ উঠিছে ৷ জলপথৰ ক্ষেত্ৰত আমি এক উল্লেখযোগ্য পৰিৱৰ্তন আশা কৰিছো ৷ কাৰণ এই আঁচনিসমূহৰ লক্ষ্য হৈছে ৮০০ মিলিয়নৰ মডাল শ্বিফ্ট টন কিলোমিটাৰ আৰু ২০২৭ চনৰ ভিতৰত ৯৫.৪ কোটি টকাৰ বিনিয়োগ।এই ৰাষ্ট্ৰীয় জলপথত বৰ্তমানৰ ৪৭০ কোটি টন কিলোমিটাৰ সামগ্ৰীৰ পৰিবহন হৈ আছে, এয়া হৈছে প্ৰায় ১৭%। জলপথৰ বিশাল সম্ভাৱনাক উপলব্ধি কৰাৰ আৰু ২০১৪ চনলৈকে অৱহেলিত হৈ থকা নীলা অৰ্থনীতিৰ মূল্য বুজি উঠিবলৈ গ্ৰহণ কৰা এক আন্তৰিক প্ৰচেষ্টা হৈছে এই আঁচনিসমূহ।”
শ্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “পুনৰুজ্জীৱিত কৰি তোলা ৰাষ্ট্ৰীয় জলপথে নিজৰ প্ৰদৰ্শন যথেষ্ট বৃদ্ধি কৰিছে৷ কাৰণ ইয়াৰ দ্বাৰা পৰিবহণ কৰা মুঠ সামগ্ৰীৰ পৰিমাণ ২০১৩-১৪ চনত ১৮.০৭ মিলিয়ন মেট্ৰিক টনৰ পৰা ২০২৩-২৪ চনত ১৩২.৮৯ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাইছে৷ যিয়ে অধিক বৃদ্ধিৰ কথাই প্ৰতীয়মান কৰিছে৷ এই বৃদ্ধি হৈছে প্ৰায় হৈছে ৭০০%। আমি ২০৩০ চনৰ ভিতৰত জলপথৰ জৰিয়তে ২০ কোটি মেট্ৰিক টন সামগ্ৰী পৰিবহণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।২০৪৭ চনলৈ সামগ্ৰী পৰিবহণৰ বাবে এক কাৰ্য্যকৰী বিকল্প হিচাপে অভ্যন্তৰীণ জলপথৰ সংখ্যা বৃদ্ধিৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হৈছে৷ ইয়াৰ বাবে আমি ৫০ কোটি মেট্ৰিক টনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ এইক্ষেত্ৰত অৰ্থপূৰ্ণভাবে অৰিহণা যোগাইছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বিষয়টোৱে ।”
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰে কয় যে, বিশেষকৈ বংগৰ বাবে জলপথ পৰিবহণ পুনৰুজ্জীৱিত কৰি তোলাৰ কথাটো এক ঐতিহাসিক মুহূৰ্ত হিচাবে পৰিগণিত হৈছে । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ প্ৰেৰণাদায়ক নেতৃত্বত জলপথ পৰিবহণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন হৈছে । এই আঁচনিসমূহৰ জৰিয়তে বিশেষকৈ পূব ভাৰতত জলপথ খণ্ডই লজিষ্টিক পৰিবহনৰ আন্দোলনত এক ঐতিহাসিক পৰিৱৰ্তনৰ কথা লিপিবদ্ধ কৰিব পাৰিব। অৰ্থনৈতিকভাবে ফলপ্ৰসূ, কাৰ্যক্ষম আৰু পৰিৱেশ অনুকূল পৰিবহণ পদ্ধতিয়ে সামগ্ৰী আৰু যাত্ৰীৰ চলাচলৰ ক্ষেত্ৰত এক নতুন লক্ষ্যণীয় পৰিৱৰ্তন সাধন কৰাৰ প্ৰতিশ্ৰুতি দিছে।”
উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিবহণ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব ) দয়া শংকৰ সিঙে কয়, ‘প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত আভ্যন্তৰীণ জলপথসমূহে অৰ্থনৈতিক পৰিৱৰ্তনৰ এক নতুন যুগ উন্মোচন কৰিছে। এই বৈপ্লৱিক পদক্ষেপে কেৱল সামগ্ৰী আৰু যাত্ৰী চলাচলৰ বাবেই এক বহনক্ষম আৰু কাৰ্যক্ষম বিকল্প প্ৰদান কৰা নাই , ই গংগাৰ কাষৰীয়া লোকসকলৰ জীৱনকো উন্নীত কৰিছে৷ তেওঁলোকে আগতে কেতিয়াও লাভ নকৰা সমৃদ্ধি আৰু সংযোগৰ সাক্ষী হৈ পৰিছে।”
অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰন; বিজয় কুমাৰ, আই এ এছ, অধ্যক্ষ, ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষ (আই ডব্লিউ এ আই), কেপ্তেইন বি কে ত্যাগী, অধ্যক্ষ আৰু পৰিচালন সঞ্চালক, ভাৰতীয় জাহাজ নিগম (এছ চি আই), ৰাথেন্দ্ৰ ৰমন, অধ্যক্ষ, শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ, আদি ব্যক্তিসকলৰ লগতে অন্যান্য বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।
ভাৰতে নদী, খাল, জলাশয় আদিকে ধৰি অভ্যন্তৰীণ জলপথৰ এক বিস্তৃত নেটৱৰ্কক লৈ আজি গৌৰৱ কৰিব পৰা হৈছে । দেশৰ জলপথৰ মুঠ ২০,২৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভিতৰত ১৭,৯৮০ কিলোমিটাৰ নদীৰে গঠিত, ২,২৫৬ কিলোমিটাৰ খালৰে গঠিত । কিন্তু দেশত এতিয়াও আমেৰিকা, চীন, ইউৰোপীয় সংঘ আদিৰ তুলনাত জলপথৰ জৰিয়তে সামগ্ৰী পৰিবহণ যথেষ্ট কম হৈয়েই আছে। কিন্তু এতিয়া কেন্দ্ৰীভূত উন্নয়নৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰীয় জলপথসমূহ ৰাষ্ট্ৰৰ জীৱনৰেখা হ’বলৈ সাজু হৈছে, যাৰ ফলত দক্ষ পৰিবহণৰ সুবিধাৰো সৃষ্টি হৈছে।
(Release ID: 2084646)
Visitor Counter : 16