প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৪ আৰু ১৫ ডিচেম্বৰ, ২০২৪ত দিল্লীত অনুষ্ঠিতব্য ‘মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলন’ত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰীয়ে
সন্মিলনৰ সৰ্ব সমাৱেশী বিষয়বস্তু: 'জনসাংখ্যিক লভ্যাংশৰ সুযোগ গ্ৰহণেৰে উদ্যমশীলতা, নিযুক্তি আৰু দক্ষতাক উদগণি প্ৰদান'
আলোচনাৰ মুখ্য ক্ষেত্ৰসমূহৰ ভিতৰত আছে উৎপাদন, সেৱা, নৱীকৰণযোগ্য শক্তি, চক্ৰীয় অৰ্থনীতি
‘বিকশিত ভাৰত’ৰ বাবে সীমান্ত প্ৰযুক্তি, অৰ্থনৈতিক বিকাশ কেন্দ্ৰ হিচাপে চহৰ বিকাশ, ‘মিছন কৰ্মযোগী’-ৰ জৰিয়তে বিনিয়োগ আৰু বিকাশ আৰু সামৰ্থ্য বৰ্দ্ধনৰ বাবে ৰাজ্যসমূহত অৰ্থনৈতিক সংস্কাৰ সন্দৰ্ভত বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব
‘ক্ৰছ-লাৰ্ণিং’ক উৎসাহিত কৰিবলৈ সন্মিলনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহৰ উপস্থাপন কৰা হ’ব
Posted On:
13 DEC 2024 12:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ আৰু ১৫ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব লগা মুখ্য সচিবসকলৰ ‘চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলন’ত সভাপতিত্ব কৰিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত অংশীদাৰিত্ব আৰু অধিক বৃদ্ধি কৰাৰ দিশত এই সন্মিলন আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব।
প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰে সঞ্চালিত হোৱা মুখ্য সচিবসকলৰ সন্মিলনখনে সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়তাবাদক শক্তিশালী কৰা আৰু দ্ৰুত বিকাশ আৰু প্ৰগতি প্ৰাপ্ত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰিব। সন্মিলনখন যোৱা ৩ বছৰ ধৰি বছৰি অনুষ্ঠিত হৈ আহিছে। প্ৰথম ‘মুখ্য সচিব সন্মিলন’ ২০২২ চনৰ জুন মাহত ধৰ্মশালাত অনুষ্ঠিত হৈছিল, তাৰ পিছত ক্ৰমে জানুৱাৰী ২০২৩ আৰু ডিচেম্বৰ ২০২৩ ত নতুন দিল্লীত দ্বিতীয় আৰু তৃতীয় সন্মিলন অনুষ্ঠিত হৈছিল।
২০২৪ চনৰ ১৩ তাৰিখৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া তিনিদিনীয়া সন্মিলনখনত ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বত এক উমৈহতীয়া উন্নয়ন কাৰ্যসূচীৰ বিৱৰ্তন আৰু ৰূপায়ণ আৰু ৰূপৰেখা যুগুতোৱাত গুৰুত্ব আৰোপ কৰা হ'ব। ই উদ্যমশীলতাক উদগণি, দক্ষতা বৃদ্ধি আৰু গ্ৰাম্য আৰু নগৰীয়া দুয়োটা জনসংখ্যাৰ বাবে বহনক্ষম নিযুক্তিৰ সুযোগ সৃষ্টি কৰি ভাৰতৰ জনগাঁথনিগত লভ্যাংশ ব্যৱহাৰ কৰাৰ বাবে সহযোগিতামূলক পদক্ষেপৰ ভিত্তি স্থাপন কৰিব।
কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ, নীতি আয়োগ, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বিশেষক্ষেত্ৰসমূহৰ বিশেষজ্ঞসকলৰ মাজত হোৱা বিস্তৃত আলোচনা আধাৰিত কৰি চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে সৰ্বশ্ৰেষ্ঠ পদ্ধতি আৰু ৰণনীতি সামৰি 'উদ্যমশীলতা, নিযুক্তি আৰু দক্ষতা বৃদ্ধি কৰা' শীৰ্ষক বিষয়বস্তুত গুৰুত্ব দিয়া হ'ব।
এই গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ অধীনত ছটা ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব: উৎপাদন, সেৱা, গ্ৰাম্য অনা-কৃষি, নগৰ উন্নয়ন, নৱীকৰণযোগ্য শক্তি, আৰু চক্ৰীয় অৰ্থনীতি বিতং আলোচনাৰ বাবে চিনাক্ত কৰা হৈছে।
‘বিকশিত ভাৰত’ৰ বাবে সীমান্ত প্ৰযুক্তি, অৰ্থনৈতিক বিকাশ কেন্দ্ৰ হিচাপে চহৰবিকাশ, বিনিয়োগৰ বাবে ৰাজ্যসমূহত অৰ্থনৈতিক সংস্কাৰ আৰু ‘মিছন কৰ্মযোগী’-ৰ জৰিয়তে সামৰ্থ্য বৰ্দ্ধনৰ ক্ষেত্ৰতো চাৰিখন বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব।
ইয়াৰ উপৰিও, কৃষিক্ষেত্ৰত আত্মনিৰ্ভৰতা: খোৱা তেল আৰু মাহজাতীয় শস্য, বৃদ্ধ জনসংখ্যাৰ বাবে যত্ন অৰ্থনীতি, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ: বিনামূলীয়া বিজুলী যোজনা ৰূপায়ণ, আৰু ভাৰতীয় জ্ঞান পৰম্পৰা সন্দৰ্ভত গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব।
প্ৰতিটো বিষয়বস্তু সন্দৰ্ভত ৰাজ্যসমূহত ‘ক্ৰছ-লাৰ্ণিং’ক উদগনি দিয়াৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহো সন্মিলনত উপস্থাপন কৰা হ'ব।
মুখ্য সচিব, সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়া, বিশেষক্ষেত্ৰসমূহৰ বিশেষজ্ঞৰ লগতে অন্যান্যসকল সন্মিলনত উপস্থিত থাকিব।
***
MJPS/VJ
(Release ID: 2084159)
Visitor Counter : 21
Read this release in:
Telugu
,
Tamil
,
Kannada
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Malayalam