উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত অষ্টলক্ষ্মী মহোৎসৱত “ক্ৰেতা-বিক্ৰেতা সন্মিলন” সম্পন্ন
ক্ৰেতা-বিক্ৰেতা সন্মিলনে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ ব্যৱসায়িক যোগাযোগৰ সুবিধা প্ৰশস্ত কৰে
এই সন্মিলনত বস্ত্ৰশিল্প-ৰেচমশিল্প আৰু হস্ততাঁত-হস্তশিল্প, ৰত্ন-গহনা, কৃষি-উদ্যান শস্য আৰু পৰ্যটনকে প্ৰমুখ্য কৰি চাৰিটা মূল খণ্ডত গুৰুত্ব আৰোপ কৰা হয়
Posted On:
09 DEC 2024 10:01AM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত স্পন্দনশীল অষ্টলক্ষ্মী মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিক্ৰেতা আৰু দেশৰ ভিন্ন প্ৰান্তৰ ক্ৰেতাসকলক একত্ৰিত কৰা এক বিশেষ ক্ৰেতা-বিক্ৰেতা সন্মিলন অনুষ্ঠিত হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এই অনুষ্ঠানৰ লক্ষ্য আছিল উত্তৰ-পূব ভাৰতৰ শিল্পী আৰু ক্ৰেতাৰ মাজত দীৰ্ঘ-ম্যাদী ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলা।
ক্ৰেতা-বিক্ৰেতা সন্মিলনে বস্ত্ৰশিল্প-ৰেচমশিল্প আৰু হস্ততাঁত-হস্তশিল্প, ৰত্ন-গহনা, কৃষি-উদ্যান শস্য আৰু পৰ্যটনকে প্ৰমুখ্য কৰি চাৰিটা মূল খণ্ডত উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰেতা আৰু বিক্ৰেতাসকলৰ মাজত প্ৰত্যক্ষ ব্যৱসায়িক যোগাযোগৰ সুবিধা প্ৰশস্ত কৰে। এই মঞ্চই অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন বৃদ্ধিৰ বাবে বাল্ক অৰ্ডাৰ, দীৰ্ঘ-ম্যাদী ব্যৱসায়িক সম্পৰ্ক আৰু তাৎক্ষণিক বাণিজ্যিক চুক্তিক উৎসাহিত কৰে।
ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় (MDoNER), উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড (NEHHDC), ডিজিটেল কমাৰ্চৰ বাবে মুকলি নেটৱৰ্ক (ONDC)ৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।
মুকলি অধিৱেশনত এনইএইচএইচডিচিৰ উপদেষ্টাই উত্তৰ-পূৰ্বাঞ্চলৰ সুবিধা আৰু অঞ্চলটোত বিনিয়োগৰ বাবে উপলব্ধ সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। অ’এনডিচিৰ মুখ্য ব্যৱসায়িক বিষয়াই উল্লেখ কৰে যে মুক্ত-উৎস নিৰ্দিষ্টকৰণৰ ওপৰত ভিত্তিৰে মুক্ত প্ৰট’কলৰ জৰিয়তে ই-কমাৰ্চ সক্ষমকৰণেৰে দেশত ই-কমাৰ্চৰ কাম-কাজৰ ধৰণ ৰূপান্তৰিত কৰিবলৈ এটি টেক-ভিত্তিক পদক্ষেপেই হৈছে অ’এনডিচি। এই পদক্ষেপে ই-কমাৰ্চৰ দ্ৰুত অভিযোজনাত সহায় কৰাই নহয়, বৰঞ্চ ভাৰতত ষ্টাৰ্টআপৰ বিকাশ সাধনৰো বৰ্ধন ঘটাব আৰু সুদৃঢ় কৰিব। মুক্ত প্ৰট’কলৰ জৰিয়তে স্কেলেবল আৰু ব্যয়-সাশ্ৰয়ী ই-কমাৰ্চৰ সুবিধা প্ৰদানেৰে অ’এনডিচিয়ে ষ্টাৰ্টআপসমূহক সহযোগিতামূলকভাৱে বৃদ্ধিৰ বাবে সবলীকৰণ কৰিব। তেওঁ লগতে কয় যে অ’এনডিচিয়ে এনইএইচএইচডিচিৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী/তাঁতী/বিক্ৰেতাসকলক তেওঁলোকৰ মঞ্চত অনবৰ্ডিঙেৰে তেওঁলোকৰ বজাৰ সংযোগ বৃদ্ধি কৰিছে। এনইএইচএইচডিচিৰ পৰিচালন সঞ্চালকে ড’নাৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপৰাজিৰ শলাগ লৈ কয় যে এনেধৰণৰ পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা সামগ্ৰীসমূহক প্ৰোৎসাহিতকৰণত সহায় কৰাই নহয়, বৰঞ্চ অঞ্চলটোৰ স্থানীয় শিল্পী/তাঁতী/বিক্ৰেতাসকলৰ অৰ্থনৈতিক সমৃদ্ধিৰ ক্ষেত্ৰতো সহায় কৰিব।
ইয়াত ড’নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিবে কয় যে উত্তৰ-পূৰ্বাঞ্চল বিকাশৰ বাবে আত্মবিশ্বাসী, কৌশলগত বিনিয়োগেৰে ভিন্ন খণ্ডত আগশাৰীৰ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে পদক্ষেপ/আঁচনিসমূহৰ জৰিয়তে অঞ্চলটোত বিনিয়োগৰ বাবে এক অনুকূল পৰিবেশ সৃষ্টি কৰা বুলি তেওঁ উল্লেখ কৰে। লগতে উল্লেখ কৰে যে অঞ্চলটোৰ আঠোখন ৰাজ্যই বিনিয়োগকাৰীসকলক অঞ্চলটোত বিনিয়োগৰ বাবে অনন্য সুযোগ প্ৰদান কৰিছে। ড’নাৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যই অঞ্চলটোত বিনিয়োগৰ বাবে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ অংগীকাৰবদ্ধ।
এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিক্ৰেতাসকলে ভিন্ন প্ৰান্তৰ ক্ৰেতাসকলৰ সৈতে মত-বিনিময় কৰে।
*****
SB/ARJ/SB
(Release ID: 2082421)
Visitor Counter : 27