উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
এনইআৰ বিকাশ
Posted On:
05 DEC 2024 4:04PM by PIB Guwahati
উত্তৰ-পূবাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ (PM-DevINE)ক কেন্দ্ৰীয় খণ্ডৰ নতুন আঁচনি হিচাপে ঘোষণা কৰা হয়, য’ত কেন্দ্ৰীয় বাজেট ২০২২-২৩ত ১০০% কেন্দ্ৰীয় পুঁজিৰে প্ৰাৰম্ভিক ব্যয় ১৫০০ কোটি টকা। কেন্দ্ৰীয় কেবিনেটে ২০২২ চনৰ ১২ অক্টোবৰত ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাবে ৬৬০০ কোটি টকা মুঠ ব্যয়ৰ সৈতে আঁচনিখনত অনুমোদন জনায়।
এই আঁচনিৰ লক্ষ্য হৈছে এনইআৰৰ দ্ৰুত আৰু সামগ্ৰিক বিকাশ ৰাজ্যসমূহে অনুভৱ কৰা প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত কৰি আন্তঃগাঁথনি আৰু সামাজিক উন্নয়ন প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰা । প্ৰধানমন্ত্ৰী-উত্তৰ পূব উন্নয়ন আঁচনিৰ উদ্দেশ্য হৈছে: (ক) প্ৰধানমন্ত্ৰী গতি শক্তিৰ ভাৱনাৰে আন্তঃগাঁথনিৰ বাবে একত্ৰিত ভাৱে পুঁজি যোগান ধৰা; (খ) এন.ই.আৰ.-ৰ অনুভৱ কৰা প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত কৰি সামাজিক উন্নয়ন প্ৰকল্প বোৰ সমৰ্থন কৰে; (গ) যুৱ আৰু মহিলাসকলৰ বাবে জীৱিকাৰ কাৰ্যকলাপ সক্ষম কৰা; আৰু (ঘ) বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ ব্যৱধান পূৰণ কৰে।
আঁচনিখনৰ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি, ২০২২-২৩ বৰ্ষৰ বাজেটত ঘোষণা কৰা সাতটা প্ৰকল্পকে ধৰি ৪৮৫৭.১১ কোটি টকাৰ মুঠ ৩৫ টা প্ৰকল্প ৩০.১১.২০২৪ চনলৈকে আঁচনিখনৰ অধীনত অনুমোদন জনোৱা হৈছে।
ভাৰত চৰকাৰে এনইআৰকে ধৰি দেশত ঔদ্যোগিকৰণৰ প্ৰসাৰৰ বাবে বিভিন্ন আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ পৰিপূৰক। ভাৰত চৰকাৰে ০১.০৪.২০১৭ তাৰিখে উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনি (এন.ই.আই.ডি.এছ.) আৰম্ভ কৰিছিল, যাক উত্তৰ-পূবৰ ৰাজ্যসমূহত ঔদ্যোগিকৰণৰ প্ৰচাৰৰ বাবে ১২.০৪.২০১৮ তাৰিখে জাননী দিয়া হৈছিল। আঁচনিখন ৩১.০৩.২০২২ তাৰিখে সমাপ্ত হৈছিল। আঞ্চলিক আন্তঃগাঁথনি বৃদ্ধি, নিযুক্তিৰ সুযোগ সৃষ্টি আৰু অঞ্চলটোত স্থিতিস্থাপকতা আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে উদ্যোগসমূহক সমৰ্থন আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে ২০২৪ চনৰ ৯ মাৰ্চ তাৰিখে উত্তৰ পূৰ্ব পৰিৱৰ্তনশীল ঔদ্যোগিকৰণ আঁচনি (ইউএনএনএটিআই) আৰম্ভ কৰিছিল। ইউএনএনএটিআই আঁচনিৰ অধীনত, ঔদ্যোগিক গোটবোৰক নিম্নলিখিত নিৰ্দিষ্ট সাহাৰ্য প্ৰদান কৰা হয়:
ক)কেপিটেল ইনভেষ্টমেণ্ট ইনচেণ্টিভ
খ)মূলধনৰ সূত ৰখা
গ)নিৰ্মাণ আৰু সেৱা সংযোজিত ইনচেণ্টিভ
সকলো ইনচেণ্টিভ নোপোৱা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ বাবে তেওঁলোকৰ বাৰ্ষিক মুঠ বাজেট আৱণ্টনৰ কমেও ১০% এনইআৰ বিকাশৰ বাবে নিৰ্ধাৰণ কৰাটো বাধ্যতামূলক। ২০১৯-২০ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ যোৱা ৫ বছৰত, ৰেহাই নোপোৱা মন্ত্ৰালয়/বিভাগসমূহে এনইআৰৰ উন্নয়নৰ বাবে ৩,৫৩,৪১২ কোটি টকাৰ অস্থায়ী ব্যয় কৰিছে।
আজি ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় উত্তৰ-পূবাঞ্চল উন্নয়ন ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে এই তথ্য প্ৰদান কৰে।
DS
(Release ID: 2081248)
Visitor Counter : 20