তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
লেফ্ট আনছেইড: ৫৫ তম আইএফএফআইত বিশ্ব প্ৰিমিয়াৰ হৃদয়স্পৰ্শী চুটী ছবিখনৰ
"আইএফএফআইত অংশগ্ৰহণ কৰাটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি মই লেটিন আমেৰিকা আৰু মোৰ অঞ্চলৰ কাহিনীক প্ৰতিনিধিত্ব কৰি গৌৰৱান্বিত": পৰিচালক ৰিকাৰ্ডো ভেলেনজুৱেলা পিনিলা
"১৯৯৪ চনেই হওঁক বা ২০২৪ চনেই, প্ৰযুক্তিৰ যুগত মানৱ সংযোগৰ আকাংক্ষা একেই আছে": ৰিকাৰ্ডো ভেলেনজুৱেলা পিনিলা
৫৫তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'চিনেমা অফ দ্য ৱৰ্ল্ড' শাখাৰ অধীনত চলচ্চিত্ৰ নিৰ্মাতা ৰিকাৰ্ডো ভালেনজুৱেলা পিনিলাৰ পৰ্তুগীজ চলচ্চিত্ৰ 'লেফ্ট আনছেইড' (লো কুই নো চে দিজো)ৰ বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হয়। এই হৃদয়স্পৰ্শী চলচ্চিত্ৰখনে মোবাইল প্ৰযুক্তিৰ আগমনৰ মাজত আন্তঃব্যক্তিগত যোগাযোগৰ জটিলতাৰ ওপৰত আলোকপাত কৰে। আই.এফ.এফ.আই.ৰ সংবাদমেলত পৰিচালক ৰিকাৰ্ডো পিনিলাই তেওঁৰ প্ৰথম ফিচাৰ ফিল্মৰ বিষয়ে আলোচনা কৰে।
১৯৯৪ চনত দক্ষিণ চিলিত স্থাপিত 'লেফ্ট আনছেইড'ত মাৰ্গাৰিটা নামৰ এগৰাকী অকলশৰীয়া মাতৃয়ে মোবাইল ফোন বিক্ৰেতা হিচাপে নিজৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত লাভ কৰা তেওঁৰ তিক্ত সম্পৰ্কৰ সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰিছে। তেওঁৰ পেছাৰ সম্পৰ্ক, সংযোগৰ মাধ্যম আৰু মাতৃৰ সৈতে সংযোগ স্থাপন কৰিবলৈ তেওঁৰ নিজৰ অক্ষমতাই ছবিখনক আৱেগিক কৰি তুলিছে।
কাহিনী সম্পৰ্কত পিনিলাই কয়, "এই কাহিনীটো মোৰ নিজৰ জীৱনৰ কাহিনী।মুখ্য চৰিত্ৰটো মোৰ মাৰ দ্বাৰা অনুপ্ৰাণিত, যি ১৯৯০ ৰ দশকত একে কাম কৰিছিল, মানুহক ভ্ৰাম্যমাণ প্ৰযুক্তিৰ সৈতে পৰিচয় কৰাবলৈ গ্ৰাম্য অঞ্চললৈ ভ্ৰমণ কৰিছিল। সেয়া আছিল প্ৰত্যাহ্বানজনক এক সময়।''
পিনিলাই কয়, "আমি কিছু সৰু কৰ্মচাৰী আৰু কলাকুশলীৰ সৈতে কাম কৰিছিলো, যাৰ বেছিভাগেই স্থানীয় লোক আছিল।" "এয়া কঠিন কিন্তু আছি্ল লাভজনক প্ৰক্ৰিয়া। বাজেটৰ সীমাবদ্ধতাৰ বাবে এই ছবিখন চুটী ছবি অথচ হৃদয়স্পৰ্শী।
চলচ্চিত্ৰখনৰ লেখক আৰু সংগীত ৰচনাকাৰীও পিনিলাই। ছবিখনৰ অন্তৰ্নিহিত বাৰ্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আধুনিক যোগাযোগৰ ধাৰণাটোৰ বিৰোধিতা কৰে। তেওঁ কয়, "এয়া বিড়ম্বনাৰ বিষয় যে আমি স্মাৰ্টফোন আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে আগতকৈ অধিক সংযুক্ত হৈ আছোঁ, যদিও আমাৰ পাৰস্পৰিক সম্পৰ্কৰ অৱনতি ঘটিছে।"
২০১৩ চনত স্থাপিত ডেলাভিদা ফিল্মছৰ প্ৰতিষ্ঠাপক হিচাপে, পিনিলা স্বাধীন লেটিন আমেৰিকান চলচ্চিত্ৰ উন্নত কৰাৰ বাবে উৎসাহী। "মোৰ দেশত কোনো প্ৰতিষ্ঠিত চলচ্চিত্ৰ উদ্যোগ নাই, কিন্তু সহযোগিতাৰ জৰিয়তে, কলম্বিয়াৰ সৈতে লগ হৈ আমি সহ-প্ৰযোজনাৰ ক্ষেত্ৰত আমি আগবাঢ়িছো। এই ক্ষেত্ৰত আইএফএফআইত অংশগ্ৰহণ কৰাটো এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। মই লেটিন আমেৰিকা আৰু মোৰ অঞ্চলৰ কাহিনীক প্ৰতিনিধিত্ব কৰি গৌৰৱান্বিত।"
শেষত তেওঁ কয় 'লেফ্ট আনছেইড' সংযোগৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত এক কালজয়ী প্ৰতিফলন। "১৯৯৪ বা ২০২৪ চনতেই হওঁক, আভ্যন্তৰীণ যুদ্ধ একেই আছে। প্ৰযুক্তিৰ বিকাশ হ'ব পাৰে, কিন্তু প্ৰকৃত সংযোগৰ বাবে মানুহৰ আকাংক্ষা এতিয়াও একেই আছে।"
(Release ID: 2080714)