উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ বৃদ্ধিৰ বাবে একাধিক আঁচনি ৰূপায়ণ কৰিছে
উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ
Posted On:
04 DEC 2024 2:07PM by PIB Guwahati
ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ বৃদ্ধিৰ বাবে একাধিক আঁচনি ৰূপায়ণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত ঔদ্যোগীকৰণৰ বৰ্ধনৰ উদ্দেশ্যেৰে ইয়াত ০১-০৪-২০০৭ৰ পৰা ৩১-০৩-২০১৭লৈ উত্তৰ-পূব ঔদ্যোগিক আৰু বিনিয়োগ প্ৰোৎসাহন নীতি (NEIIPP), ২০০৭ ৰূপায়ণ কৰা হৈছিল। স্থানীয় অসুবিধা দূৰ কৰা আৰু পাহাৰীয়া, দুৰ্গম তথা প্ৰত্যন্ত অঞ্চলসমূহত ঔদ্যোগীকৰণৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ ঔদ্যোগিক ইউনিটসমূহক সেইসমূহৰ সামগ্ৰী আৰু কেঁচামালৰ পৰিবহণৰ অৰ্থে ৰাজসাহায্য প্ৰদানৰ ক্ষেত্ৰত পৰিবহণ ৰাজসাহায্য আঁচনি, ১৯৭১ৰ ঠাইত ২০১৩ত ফ্ৰেইট ৰাজসাহায্য আঁচনি (FSS) প্ৰৱৰ্তন কৰা হৈছিল। উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনি (NEIDS), ২০১৭ প্ৰৱৰ্তনেৰে উৎপাদন আৰু সেৱা খণ্ডসমূহক সামৰি লোৱা হয়। ইয়াৰ পিছত উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগৰ বিকাশ আৰু কৰ্মসংস্থাপন বৃদ্ধিৰ অৰ্থে ০৯-০৩-২০২৪ত কেন্দ্ৰীয় খণ্ডৰ আঁচনি উত্তৰ-পূব ৰূপান্তৰকাৰী ঔদ্যোগীকৰণ আঁচনি (UNNATI), ২০২৪ শীৰ্ষক নতুন ঔদ্যোগিক উন্নয়ন আঁচনিৰ শুভাৰম্ভ কৰা হয়।
ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সাধনৰ অৰ্থে একাধিক ধ্বজাবাহী কাৰ্য্যসূচী আৰু আঁচনি ৰূপায়ণ কৰি আছে। ভাৰত চৰকাৰৰ প্ৰচলিত নীতি অনুসৰি ৫৫ টা অ-মুক্ত কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগক কেন্দ্ৰীয় খণ্ড আৰু কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনিৰ বাবে সেইসমূহৰ মুঠ বাজেট সহায়ৰ (GBS) কমেও ১০% উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ অৰ্থে ব্যয় কৰিবলৈ কোৱা হৈছে। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়েও একাধিক আঁচনি ৰূপায়ণ কৰি আছে যেনেঃ উত্তৰ-পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (NESIDS), উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (PM-DevINE) আৰু উত্তৰ-পূব পৰিষদৰ আঁচনিসমূহ, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ অগ্ৰগতি সাধন কৰিছে।
আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে এই তথ্য প্ৰদান কৰে।
*****
SB/DP/ARJ
(Release ID: 2080691)