প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আইচিএ বিশ্ব সমবায় সন্মিলন ২০২৪’ উদ্বোধন কৰে

প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫’ ৰ শুভাৰম্ভ ঘোষণা কৰে

সমবায় আন্দোলনৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক স্বৰূপে প্ৰধানমন্ত্ৰীয়ে এটি স্মাৰক ডাক টিকট মুকলি কৰে

ভাৰতৰ বাবে সমবায় হৈছে সংস্কৃতিৰ আধাৰ, জীৱনশৈলীৰ এক উপায়: প্ৰধানমন্ত্ৰী

ভাৰতত সমবায়সমূহে ধাৰণাৰ পৰা আন্দোলনলৈ, আন্দোলনৰ পৰা বিপ্লৱলৈ আৰু বিপ্লৱৰ পৰা সৱলীকৰণলৈ পৰিভ্ৰমণ কৰিছে: প্ৰধানমন্ত্ৰী

আমি সমবায়ৰ জৰিয়তে সমৃদ্ধিৰ মন্ত্ৰ অনুসৰণ কৰি আছোঁ: প্ৰধানমন্ত্ৰী

ভাৰতে ইয়াৰ ভৱিষ্যতৰ বিকাশত সমবায়ৰ এক বৃহৎ ভূমিকা প্ৰত্যক্ষ কৰিছে: প্ৰধানমন্ত্ৰী

সমবায় খণ্ডত মহিলাৰ ভূমিকা হৈছে বিশাল: প্ৰধানমন্ত্ৰী

সমবায়সমূহে বিশ্বজোৰা সহযোগিতাক নতুন শক্তি প্ৰদান কৰিব পাৰে ভাৰতে বিশ্বাস কৰে: প্ৰধানমন্ত্ৰী

Posted On: 25 NOV 2024 6:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ‘আইচিএবিশ্ব সমবায় সন্মিলন ২০২৪  উদ্বোধন কৰে। সমবেত সকলক সম্বোধন কৰি শ্ৰী মোদীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী মহামান্য দাশো শ্বেৰিং টবগে, ফিজিৰ উপ-প্ৰধানমন্ত্ৰী মহামান্য মনোয়া কামিকামিকা, কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ, ভাৰতস্থ ৰাষ্ট্ৰসংঘৰ আৱাসিক সমন্বয়ক শ্ৰী যুম্বি শ্বাৰ্প, ‘আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁট’ৰ অধ্যক্ষ শ্ৰী এৰিয়েল গুয়াৰ্কো, বিভিন্ন দেশৰ বিশিষ্ট প্ৰতিনিধিসকল, ভদ্ৰ মহিলা আৰু সজ্জনসকল আইচিএ বিশ্ব সমবায় সন্মিলন ২০২৪লৈ আদৰণি জনাইছোঁ।

শ্ৰী মোদীয়ে কয় যে এই আদৰণি কেৱল তেওঁৰ পৰাই নহয়, হাজাৰ হাজাৰ কৃষক, পশুপালনকাৰী, মাছমৰীয়া, ৮ লাখতকৈয়ো অধিক সমবায় সমিতি, আত্ম-সহায়ক গোটৰ সৈতে জড়িত ১০ কোটি মহিলা আৰু সমবায়ৰ সৈতে প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা তৰুণ-তৰুণীসকলৰ পৰাও জনোৱা হৈছে। তেওঁ কয় যে ভাৰতত সমবায় আন্দোলনৰ সম্প্ৰসাৰণ হোৱাৰ সময়তে ভাৰতত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ গোলকীয় সমবায় সন্মিলন আয়োজন কৰা হৈছিল। তেওঁ বিশ্বাস ব্যক্ত কৰে যে ভাৰতৰ সহযোগিতামূলক যাত্ৰাৰ ভৱিষ্যতে গোলকীয় সমবায় সন্মিলনৰ পৰা প্ৰয়োজনীয় অন্তৰ্দৃষ্টি লাভ কৰিব। তেওঁ লগতে কয় যে ইয়াৰ বিনিময়ত বিশ্বজোৰা সমবায় আন্দোলনে ভাৰতৰ সমবায়ৰ সমৃদ্ধ অভিজ্ঞতাৰ পৰা একবিংশ শতিকাৰ এক নতুন মনোভাৱ আৰু শেহতীয়া উপকৰণ লাভ কৰিব। ‘২০২৫ বৰ্ষক আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ’ হিচাপে ঘোষণা কৰাৰ বাবে শ্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘক ধন্যবাদ জ্ঞাপন কৰে।

শতিকা পুৰণি সংস্কৃতিত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "বিশ্বৰ বাবে সমবায়সমূহ এক আৰ্হি কিন্তু ভাৰতৰ বাবে ই হৈছে সংস্কৃতিৰ আধাৰ, ই হৈছে জীৱনশৈলী।" ভাৰতৰ শাস্ত্ৰৰ শ্লোকসমূহ আবৃত্তি কৰি শ্ৰী মোদীয়ে কয় যে আমাৰ বেদত কোৱা হৈছে যে আমি সকলোৱে একেলগে খোজ কাঢ়িব লাগিব আৰু একেলগে কথা পাতিব লাগিব, আনহাতে আমাৰ উপনিষদে আমাক শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ কয়, আমাক সহাৱস্থানৰ গুৰুত্ব শিকায়, যিটো ভাৰতীয় পৰিয়ালৰ বাবেও অপৰিহাৰ্য আৰু একেদৰে সমবায়ৰ উৎপত্তিৰ সৈতেও অপৰিহাৰ্য।

আনকি ভাৰতৰ স্বাধীনতা সংগ্ৰামো সমবায়সমূহৰ দ্বাৰাই অনুপ্ৰাণিত হৈছিল বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই কেৱল অৰ্থনৈতিক সৱলীকৰণেই নহয়, স্বাধীনতা সংগ্ৰামীসকলৰ বাবে এক সামাজিক মঞ্চও প্ৰদান কৰিছিল। তেওঁ লগতে কয় যে মহাত্মা গান্ধীজীৰ গ্ৰাম স্বৰাজ আন্দোলনে সম্প্ৰদায়সমূহৰ অংশগ্ৰহণক নতুন গতি প্ৰদান কৰে আৰু খাদী আৰু গ্ৰামোদ্যোগৰ সমবায়ৰ সহায়ত এক নতুন বিপ্লৱ আৰম্ভ কৰে। শ্ৰী মোদীয়ে আনন্দিত হয় যে আজি সমবায়সমূহে খাদী আৰু গ্ৰামোদ্যোগসমূহক প্ৰতিযোগিতাত ডাঙৰ ব্ৰেণ্ডসমূহতকৈ আগবাঢ়ি যোৱাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰ্দাৰ পেটেলে দুগ্ধ সমবায়সমূহক ব্যৱহাৰ কৰি কৃষকসকলক একত্ৰিত কৰে আৰু স্বাধীনতা সংগ্ৰামক এক নতুন দিশ প্ৰদান কৰিছিল। "ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সামগ্ৰী আমূল হৈছে বিশ্বৰ শীৰ্ষ খাদ্যদ্ৰব্য ব্ৰেণ্ডসমূহৰ ভিতৰৰ অন্যতম", শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে ভাৰতৰ সমবায়সমূহে ধাৰণাৰ পৰা আন্দোলনলৈ, আন্দোলনৰ পৰা বিপ্লৱলৈ আৰু বিপ্লৱৰ পৰা সৱলীকৰণলৈ পৰিভ্ৰমণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি আমি সমবায়ৰ সৈতে শাসনব্যৱস্থাক একত্ৰিত কৰি ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰি আছোঁ। "আজি ভাৰতত ৮ লাখ সমবায় সমিতি আছে, অৰ্থাৎ বিশ্বৰ প্ৰতি চতুৰ্থখন সমিতি আছে ভাৰতত," তেওঁ কয় যে সেইসমূহৰ পৰিসৰ সেইসমূহৰ সংখ্যাৰ দৰেই বৈচিত্ৰ্যপূৰ্ণ আৰু বিস্তৃত। শ্ৰী মোদীয়ে উল্লেখ কৰে যে সমবায়সমূহে ভাৰতৰ প্ৰায় ৯৮ শতাংশ গ্ৰাম্য অঞ্চলক সামৰি লৈছে। তেওঁ কয়, "প্ৰায় ৩০ কোটি (তিনিশ নিযুত) লোক, অৰ্থাৎ প্ৰতি পাঁচগৰাকী ভাৰতীয়ৰ ভিতৰত এগৰাকী সমবায় খণ্ডৰ সৈতে জড়িত।" ভাৰতত নগৰ আৰু গৃহ নিৰ্মাণ সমবায় দুয়োটা দেশৰ যথেষ্ট সম্প্ৰসাৰণ হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে চেনী, সাৰ, মীনপালন আৰু দুগ্ধ উৎপাদন উদ্যোগত সমবায়সমূহে এক বৃহৎ ভূমিকা পালন কৰে আৰু লগতে কয় যে দেশত প্ৰায় ২ লাখ (দুই লাখ) গৃহ নিৰ্মাণ সমবায় সমিতি আছে। ভাৰতৰ সমবায় বেংকিংখণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ সমবায় বেংকসমূহত এতিয়া ১২ লাখ কোটিতকৈয়ো অধিক টকা জমা কৰা হৈছে, যি এই প্ৰতিষ্ঠানসমূহৰ ওপৰত বৰ্ধিত বিশ্বাসকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰে সমবায় বেংকিং ব্যৱস্থা বৃদ্ধিৰ বাবে কেবাটাও সংস্কাৰ কাৰ্যকৰী কৰিছে, যাৰ ভিতৰত আছে তেওঁলোকক ভাৰতীয় ৰিজাৰ্ভ বেংক(আৰবিআই)ৰ অধীনলৈ অনা আৰু প্ৰতিগৰাকী জমাকৰ্তাৰ বাবে জমা বীমাৰ আৱৰণ ৫ লাখ টকালৈকে বৃদ্ধি কৰা।" শ্ৰী মোদীয়ে লগতে অধিক প্ৰতিযোগিতামূলকতা আৰু স্বচ্ছতাৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি কয় যে এই সংস্কাৰে ভাৰতীয় সমবায় বেংকসমূহক অধিক সুৰক্ষিত আৰু দক্ষ বিত্তীয় প্ৰতিষ্ঠান হিচাপে স্থান দিয়াত সহায় কৰিছে।

"ভাৰতে ইয়াৰ ভৱিষ্যত বিকাশত সমবায়ৰ এক বৃহৎ ভূমিকা প্ৰত্যক্ষ কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয়। সেয়েহে, তেওঁ লগতে কয় যে বিগত বছৰবোৰত চৰকাৰে একাধিক সংস্কাৰৰ জৰিয়তে সমবায় সম্পৰ্কীয় সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ পৰিৱৰ্তনৰ বাবে কাম কৰিছে। তেওঁ লগতে কয় যে সমবায় সমিতিসমূহক বহুমুখী কৰি তোলাৰ বাবে চৰকাৰৰ প্ৰয়াস আছিল। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰে এই লক্ষ্য সাৰোগত কৰিয়েই এক পৃথক সমবায় মন্ত্ৰালয় গঠন কৰিছে। তেওঁ লগতে কয় যে সমবায় সমিতিসমূহক বহুমুখী কৰি তুলিবলৈ নতুন আৰ্হি উপ-আইন প্ৰণয়ন কৰা হৈছে। তেওঁ লগতে কয় যে চৰকাৰে সমবায় সমিতিসমূহক তথ্য প্ৰযুক্তি-সক্ষম পৰিস্থিতিতন্ত্ৰৰ সৈতে সংযুক্ত কৰিছে, য'ত সমবায়সমূহ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সমবায় বেংকিং প্ৰতিষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। তেওঁ উল্লেখ কৰে যে এই সমবায় সমিতিসমূহ ভাৰতৰ কৃষকসকলক স্থানীয় সমাধান প্ৰদান কৰা, পেট্ৰ'ল আৰু ডিজেলৰ খুচুৰা বিপনী পৰিচালনা কৰা, জল ব্যৱস্থাপনাৰ দৰে কাম-কাজৰ চোৱাচিতা কৰাত জড়িত আছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আৱৰ্জনাৰ পৰা শক্তিৰ মন্ত্ৰৰ জৰিয়তে আজি সমবায় সমিতিয়েও ‘গোবৰ্ধন আঁচনি’ত সহায় আগবঢ়াইছে। তেওঁ লগতে কয় যে সমবায় সমিতিয়ে এতিয়া গাওঁসমূহত উমৈহতীয়া সেৱা কেন্দ্ৰ হিচাপে ডিজিটেল সেৱা আগবঢ়াইছে। তেওঁ লগতে কয় যে চৰকাৰৰ প্ৰচেষ্টা হৈছে সমবায়ক শক্তিশালী কৰা আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ সদস্যসকলৰ উপাৰ্জন বৃদ্ধি কৰা।

শ্ৰী মোদীয়ে জনায় যে চৰকাৰে ২ লাখ গাঁৱত বহুমুখী সমবায় সমিতি গঠন কৰি আছে য'ত বৰ্তমান কোনো সমাজ নাই। তেওঁ লগতে কয় যে সমবায়সমূহ উৎপাদনৰ পৰা সেৱাখণ্ডলৈ সম্প্ৰসাৰিত কৰা হৈছে। "আজি ভাৰতে সমবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ আঁচনিৰ ওপৰত কাম কৰি আছে", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে সমবায়সমূহৰ দ্বাৰা সম্পাদন কৰা এই আঁচনিখনত সমগ্ৰ ভাৰততে গুদাম নিৰ্মাণ কৰা হৈছে য'ত কৃষকসকলে তেওঁলোকৰ শস্য সংৰক্ষণ কৰিব পাৰে যাৰ ফলত ক্ষুদ্ৰ কৃষকসকল আটাইতকৈ বেছি লাভান্বিত হ'ব।

‘কৃষক উৎপাদক সংগঠন’ (এফপিঅ') গঠনৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলক সহায় কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আমি আমাৰ ক্ষুদ্ৰ কৃষকসকলক এফপিঅ'ত সংগঠিত কৰিছোঁ আৰু এই সংগঠনসমূহক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় বিত্তীয় সাহায্য প্ৰদান কৰিছোঁ।" শ্ৰী মোদীয়ে উল্লেখ কৰে যে খেতিপথাৰৰ পৰা পাকঘৰ আৰু বজাৰলৈকে কৃষি সমবায়ৰ বাবে এক শক্তিশালী যোগান আৰু মূল্য শৃংখলা গঢ়ি তোলাৰ লক্ষ্যৰে ইতিমধ্যে প্ৰায় ৯,০০০ এফপিঅ' স্থাপন কৰা হৈছে। তেওঁ লগতে কয়, "আমাৰ প্ৰয়াস হৈছে কৃষিজাত সামগ্ৰীৰ বাবে এক নিৰৱচ্ছিন্ন সংযোগ সৃষ্টি কৰা, দক্ষতা বৃদ্ধিৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা।" এই সমবায়সমূহৰ প্ৰসাৰত বিপ্লৱ আনিবলৈ ডিজিটেল প্লেটফৰ্মৰ ভূমিকাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে সমবায়সমূহক তেওঁলোকৰ সামগ্ৰীসমূহ ‘অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ’ (অ'এনডিচি)ৰ দৰে ৰাজহুৱা ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে বিক্ৰী কৰিবলৈ সক্ষম কৰি তুলিছে, যিয়ে নিশ্চিত কৰিব যে সামগ্ৰীবোৰ পোনপটীয়াকৈ গ্ৰাহকসকলৰ ওচৰত অতি সুলভ মূল্যত উপলব্ধ হ'ব। শ্ৰী মোদীয়ে চৰকাৰী ‘ই-মাৰ্কেটপ্লেচ’ (জিইএম)ক সমবায়ক বজাৰত উপস্থিতি সম্প্ৰসাৰিত কৰাৰ বাবে এক নতুন চেনেল প্ৰদান কৰাৰ কৃতিত্ব দিয়ে। তেওঁ লগতে কয়, "এই পদক্ষেপসমূহে কৃষিৰ আধুনিকীকৰণ আৰু কৃষকসকলক প্ৰতিযোগিতামূলক, ডিজিটেল অৰ্থনীতিত বিকাশৰ বাবে প্ৰয়োজনীয় সঁজুলিৰে শক্তিশালী কৰাত চৰকাৰে প্ৰদান কৰা গুৰুত্বকে প্ৰতিফলিত কৰিছে।"

এই শতিকাত বিশ্বজোৰা বিকাশৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ এক মুখ্য কাৰক হ'ব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এখন দেশ বা সমাজে মহিলাসকলক যিমানে অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰিব সিমানেই দেশ আৰু সমাজে দ্ৰুতগতিত প্ৰগতি কৰিব পাৰিব। তেওঁ লগতে কয় যে আজি ভাৰতত মহিলা নেতৃত্বাধীন উন্নয়নৰ যুগ চলিছে আৰু সমবায় খণ্ডতো মহিলাসকলে এক ডাঙৰ ভূমিকা পালন কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে আজি ভাৰতৰ সমবায়খণ্ডৰ শক্তি হিচাপে মহিলাসকলে বহুতো মহিলা নেতৃত্বাধীন সমবায়ৰ সৈতে ৬০ শতাংশতকৈয়ো অধিক অংশগ্ৰহণ কৰিছে। "আমাৰ প্ৰচেষ্টা হৈছে সমবায় পৰিচালনাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰা", শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে চৰকাৰে এই দিশত বহু ৰাজ্যিক সমবায় সমিতি আইন সংশোধন কৰিছে আৰু বহু-ৰাজ্যিক সমবায় সমিতিৰ পৰিষদত মহিলা পৰিচালক থকাটো বাধ্যতামূলক কৰিছে। তেওঁ লগতে কয় যে দুখীয়া শ্ৰেণীৰ অংশগ্ৰহণ আৰু সমাজসমূহক অধিক অন্তৰ্ভুক্ত কৰাৰ বাবেও সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

আত্ম-সহায়ক গোটৰ ৰূপত মহিলা সৱলীকৰণৰ জৰিয়তে মহিলা সৱলীকৰণৰ ব্যাপক আন্দোলনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে আত্ম-সহায়ক গোটৰ সদস্য হিচাপে ভাৰতৰ ১০ কোটি বা ১০০ নিযুত মহিলা আছে। তেওঁ লগতে কয় যে চৰকাৰে যোৱা দশকত এই আত্ম-সহায়ক গোটসমূহক ৯ লাখ কোটি টকা বা ৯ ট্ৰিলিয়ন টকাৰ সস্তীয়া ঋণ প্ৰদান কৰিছিল। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ইয়াৰ ফলত আত্ম-সহায়ক গোটসমূহে গাঁওসমূহত বৃহৎ সম্পদ সৃষ্টি কৰিছে। তেওঁ লগতে কয় যে ইয়াক বিশ্বৰ বহুতো দেশৰ বাবে মহিলা সৱলীকৰণৰ এক বৃহৎ আৰ্হি হিচাপে অনুকৰণ কৰিব পাৰি।

একবিংশ শতিকাত বিশ্বৰ সমবায় আন্দোলনৰ দিশ নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তাত জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, "সমবায়সমূহৰ বাবে সহজ আৰু স্বচ্ছ বিত্তীয় যোগান নিশ্চিত কৰাৰ বাবে আমি এক সহযোগিতামূলক বিত্তীয় আৰ্হিৰ কথা ভাবিব লাগিব। শ্ৰী মোদীয়ে ক্ষুদ্ৰ আৰু আৰ্থিক ভাৱে দুৰ্বল সমবায়সমূহক সহায় কৰাৰ বাবে বিত্তীয় সম্পদ একত্ৰিত কৰাত গুৰুত্ব আৰোপ কৰে। এনে অংশীদাৰী বিত্তীয় মঞ্চবোৰে বৃহৎ প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰা আৰু সমবায়সকলক ঋণ প্ৰদান কৰাত এক অত্যাৱশ্যকীয় ভূমিকা পালন কৰিব পাৰে। তেওঁ লগতে ক্ৰয়, উৎপাদন আৰু বিতৰণ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগান শৃংখলা বৃদ্ধিত সমবায়ৰ সম্ভাৱনাৰ সন্দৰ্ভতো আলোকপাত কৰে।

বিশ্বগোলকীয় বিত্তীয় প্ৰতিষ্ঠান গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে আইচিএ-ক ইয়াৰ বৃহৎ ভূমিকাৰ বাবে প্ৰশংসা কৰে আৰু কয় যে ভৱিষ্যতে ইয়াৰ বাহিৰলৈকো আগবাঢ়ি যোৱাটো অতি প্ৰয়োজনীয় হব। তেওঁ লগতে কয় যে বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিয়ে সমবায় আন্দোলনৰ বাবে এক ডাঙৰ সুযোগ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে সমবায়সসমূহক বিশ্বত অখণ্ডতা আৰু পাৰস্পৰিক সন্মানৰ ধ্বজাবাহক কৰাৰ প্ৰয়োজন আছে। ইয়াৰ বাবে তেওঁ লগতে কয় যে নীতি উদ্ভাৱন আৰু ৰণনীতি প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে। সমবায়সমূহক জলবায়ু স্থিতিস্থাপক কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকক চক্ৰীয় অৰ্থনীতিৰ সৈতে সংযুক্ত কৰা উচিত আৰু সমবায়সমূহত ষ্টাৰ্ট-আপৰ উত্সাহ প্ৰদানৰ তাৎক্ষণিক প্ৰয়োজনীয়তা আছে। "ভাৰতে বিশ্বাস কৰে যে সমবায়সমূহে বিশ্বজোৰা সহযোগিতাক নতুন শক্তি প্ৰদান কৰিব পাৰে", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে সমবায়সমূহে বিশেষকৈ গোলকীয় দক্ষিণৰ দেশসমূহক তেওঁলোকৰ প্ৰয়োজনীয় বিকাশপ্ৰাপ্তিৰ বাবে সহায় কৰিব পাৰে। সেয়েহে, তেওঁ কয়, আজি সমবায়ৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে নতুন উপায় উদ্ভাৱন কৰাটো প্ৰয়োজনীয় আৰু আজিৰ এই গোলকীয় সন্মিলন যথেষ্ট সহায়ক হ'ব পাৰে।

 

সামগ্ৰিক বিকাশৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্থাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰত আজি দ্ৰুতগতিত বিকশিত অৰ্থনীতি আৰু আমাৰ লক্ষ্য হৈছে এই বিকাশৰ লাভালাভ দৰিদ্ৰতম লোকৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰা।" শ্ৰী মোদীয়ে ভাৰত আৰু বিশ্বজোৰা মানৱ কেন্দ্ৰিক দৃষ্টিকোণৰ পৰা বিকাশক চোৱাৰ গুৰুত্বত আলোকপাত কৰি কয়, "আমাৰ সকলো কামতে মানৱ কেন্দ্ৰিক অনুভূতি বিৰাজ কৰা উচিত।" বিশ্বজোৰা ‘ক’ভিড-১৯’ সংকটৰ সময়ত ভাৰতৰ সঁহাৰিৰ কথা উল্লেখ কৰি তেওঁ স্মৰণ কৰে যে ভাৰতে কেনেদৰে বিশ্বৰ সৈতে থিয় দিছিল, বিশেষকৈ বিশ্ব দক্ষিণ-ৰ দেশসমূহৰ সৈতে অত্যাৱশ্যকীয় ঔষধ আৰু প্ৰতিষেধক সহভাগ কৰি। সংকটৰ সময়ত সহানুভূতি আৰু সংহতিৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "যদিও অৰ্থনৈতিক যুক্তিয়ে পৰিস্থিতিৰ সুযোগ লোৱাৰ পৰামৰ্শ দিছিল, তথাপিও আমাৰ মানৱতাবোধে আমাক সেৱাৰ পথ বাছনি কৰিবলৈ প্ৰেৰিত কৰিছিল।"

 

সমবায়সমূহৰ গুৰুত্বত আলোকপাত কৰি কেৱল গাঁথনি, নিয়ম-কানুনৰ বিষয়েই নহয়, শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁলোকৰ পৰা প্ৰতিষ্ঠান গঠন কৰিব পাৰি, যি অধিক বিকাশ আৰু সম্প্ৰসাৰণ কৰিব পাৰে। তেওঁ লগতে কয় যে সমবায়ৰ মনোভাৱ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এই সহযোগিতামূলক মনোভাৱ আছিল এই আন্দোলনৰ জীৱনশক্তি আৰু ই সহযোগিতাৰ সংস্কৃতিৰ পৰা আহিছে। সমবায়সমূহৰ সফলতা সেইবোৰৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰে, বৰং সমবায়সমূহৰ সদস্যসকলৰ নৈতিক বিকাশৰ ওপৰতহে নিৰ্ভৰ কৰে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে যেতিয়া নৈতিকতা থাকে, তেতিয়া মানৱতাৰ স্বাৰ্থত সঠিক সিদ্ধান্ত লোৱা হয়। ভাষণৰ সামৰণি মাৰি শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষত এই অনুভূতি শক্তিশালী কৰাৰ বাবে অব্যাহত ভাবে কাম কৰা হ'ব।

 

পটভূমি

 

বিশ্ব সমবায় আন্দোলনৰ মুখ্য সংস্থা ‘আন্তৰ্জাতিক সমবায় মিত্ৰজোঁট’ (আইচিএ)ৰ ১৩০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত আইচিএ বিশ্ব সমবায় সন্মিলন আৰু আইচিএ-ৰ সাধাৰণ সভা আনুষ্ঠিত কৰা হৈছে। ‘ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেড’ (ইফকো)ৰ সৌজন্যত আৰু ভাৰত চৰকাৰৰ সহযোগত ভাৰতীয় সমবায় ‘আমুল’ আৰু ‘ক্ৰিভকো’ৰ সহযোগিতাত আয়োজিত এই সন্মিলন ২৫ ৰ পৰা ৩০ নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব।

 

 

সন্মিলনৰ বিষয়বস্তু, "সমবায়সমূহে সকলোৰে বাবে সমৃদ্ধি গঢ়ি তোলে"-ই ভাৰত চৰকাৰৰ "সহকাৰ চে সমৃদ্ধি" (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি)ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিছে। অনুষ্ঠানটোত আলোচনা, পেনেল অধিৱেশন আৰু কৰ্মশালা অনুষ্ঠিত হ'ব, ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত সমবায়সমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ বিশেষকৈ দৰিদ্ৰতা দূৰীকৰণ, লিংগ সমতা আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ দৰে ক্ষেত্ৰত মোকাবিলা কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হব ।

প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫’ ৰ শুভাৰম্ভ কৰে, য'ত সামাজিক অন্তৰ্ভুক্তি, অৰ্থনৈতিক সৱলীকৰণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সমবায়সমূহে পালন কৰা পৰিৱৰ্তনশীল ভূমিকাত গুৰুত্ব আৰোপ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ এছডিজি-য়ে সমবায়সমূহক বহনক্ষম উন্নয়নৰ গুৰুত্বপূৰ্ণ চালক হিচাপে স্বীকৃতি দিয়ে, বিশেষকৈ বৈষম্য হ্ৰাস কৰা, উপযুক্ত কামৰ প্ৰচাৰ কৰা, আৰু দৰিদ্ৰতা দূৰ কৰা। ২০২৫ বৰ্ষটো বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত সমবায় উদ্যোগসমূহৰ শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে এক বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে সমবায় আন্দোলনৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক স্বৰূপে এক স্মাৰক ডাক টিকটও মুকলি কৰে। এই ডাকটিকেটত শান্তি, শক্তি, স্থিতিস্থাপকতা আৰু বিকাশৰ প্ৰতীক হিচাপে এটি পদুমফুল প্ৰদৰ্শন কৰা হৈছে, যি স্থিৰতা আৰু সামূহিক বিকাশৰ সহযোগিতামূলক মূল্যবোধক প্ৰতিফলিত কৰে। পদুমৰ পাঁচটা পাহিয়ে প্ৰকৃতিৰ পাঁচটা উপাদান (পঞ্চতত্ব)ক প্ৰতিনিধিত্ব কৰে, যি পৰিৱেশ, সামাজিক আৰু অৰ্থনৈতিক স্থিৰতাৰ প্ৰতি সমবায়ৰ প্ৰতিশ্ৰুতিবদ্ধতাত আলোকপাত কৰে। এই আৰ্হিত কৃষি, দুগ্ধজাত সামগ্ৰী, মীন পালন, উপভোক্তা সমবায় আৰু গৃহ নিৰ্মাণৰ দৰে খণ্ডসমূহো অন্তৰ্ভুক্ত কৰা হৈছে, য'ত কৃষিক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ভূমিকাৰ প্ৰতীক হিচাপে এটা ড্ৰোন সন্নিৱিষ্ট কৰা হৈছে।

MJPS/SR/BM/RT/KB


(Release ID: 2080622) Visitor Counter : 30