ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ
এনএইছআৰচি ভাৰতে মানৱ অধিকাৰৰ সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ মানৱ অধিকাৰৰ আয়োগৰ বাবে তিনিখন ক্ষমতা প্ৰতিষ্ঠা কাৰ্যসূচীৰ আয়োজন কৰে
অনুষ্ঠানৰ উদ্বোধন কৰি এনএইচআৰচি ভাৰতৰ সাধাৰণ সচিব শ্ৰী ভাৰত লালে কয় মানৱ অধিকাৰ ভংগ হোৱা বিষয়ৰ লগত মোকাবিলা কৰিবলৈ স্পৰ্শকাতৰ, তৎপৰ, প্ৰতিক্ৰিয়াশীল হোৱাতো দৰকাৰী।
এনএইছআৰচি আৰু এছএইছআৰচি হৈছে দেশত মানৱ অধিকাৰ সুৰক্ষিত আৰু প্ৰচাৰ কৰাৰ বাবে এক প্ৰতিষ্ঠানিক ব্যৱস্থা
এছএইছআৰচিৰ অৰুণাচল প্ৰদেশৰ কাৰ্যবাহী অধ্যক্ষ শ্ৰী বামঙ তাগোই কয় ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ক্ষমতা প্ৰতিষ্ঠাৰ বাবে এই অনুষ্ঠান মহত্ত্বপূৰ্ণ
Posted On:
18 NOV 2024 8:47PM by PIB Guwahati
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এনএইছআৰচি ), ভাৰতে মানৱ অধিকাৰ সন্দৰ্ভত অৰুণাচল আয়োগৰ ক্ষমতা প্ৰতিষ্ঠাৰ বাবে দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰে। ৰাজ্যিক মানৱ অধিকাৰ আয়োগে সকলোৰে মানৱ অধিকাৰ সুৰক্ষিত আৰু প্ৰচাৰ কৰাৰ বাবে ক্ষমতা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আয়োগে সহায় কৰাৰ বাবে এই কাৰ্যসূচী এক পদক্ষেপ। এনএইছআৰচি যে এছএইচআৰচি ৰ সৈতে আৰু অন্যান্য সংস্থাৰ সৈতে একেলগে কাম কৰি দেশত মানৱ অধিকাৰ সুৰক্ষিত আৰু প্ৰচাৰ কৰে।
এনএইছআৰচি ৰ সাধাৰণ সচিব শ্ৰী ভাৰত লালে তেওঁৰ আৰম্ভণি ভাষণত কয় মানৱ অধিকাৰ অধিকাৰ বিষয় আৰু হিংসাৰ সৈতে মোকাবিলা কৰিবলৈ স্পৰ্শকাতৰ, তৎপৰ, প্ৰতিক্ৰিয়াশীল হোৱাতো দৰকাৰী। মানৱ অধিকাৰ বিষয়ক উন্নীত কৰাৰ বাবে এনএইছআৰচি আৰু এছএইছআৰচি হৈছে দেশৰ এক ব্যৱস্থা। মুখামুখী আলোচনাৰ বাবেও এই অনুষ্ঠানে ব্যৱস্থা কৰিছে।
শ্ৰী লালে উল্লেখ কৰে মানৱ অধিকাৰ ভংগ হোৱা ভুক্তভোগীৰ বাবে তাৎক্ষণিক আৰু খৰতকীয়া নিবাৰণ ব্যৱস্হাৰে ন্যায় প্ৰদানৰ গুৰুত্বপূৰণ। ই গোটেই ব্যৱস্হাটোৰ ওপৰত মানুহৰ বিশ্বাস বৃদ্ধি কৰিব। এই তিনিদিনীয়া কাৰ্যসূচীয়ে বিষয়া সকলক ই কেনেকৈ কাম কৰে বুজিবলৈ সময় দিব। তেওঁ আশা প্ৰকাশ কৰে যে মানৱ অধিকাৰ সংৰক্ষণ আইন, ১৯৯৩ ৰ অধীনিয়মত এনএইছআৰচি ৰ দ্বাৰা সংৰক্ষিত কাৰ্যপ্ৰনালীৰ হৈ চিনা পৰিচয় হোৱাটো এপিএছএইছআৰচি ৰ বিষয়া সকলৰ বাবে উপযোগী হ'ব।
ইয়াৰ পূৰ্বে এপিএছএইছআৰচি ৰ কাৰ্যবাহী অধ্যক্ষই এই অনুষ্ঠানৰ আয়োজনৰ বাবে এনএইছআৰচি ক ধন্যবাদ জনায়। তেওঁ কয় এপিএছএইছআৰচি তুলনামূলকভাৱে এক নতুন এপিএছএইছআৰচি। গতিকে এই ক্ষমতা প্ৰতিষ্ঠা কাৰ্যসূচী মহত্বপূৰ্ণ বিষয়া সকলৰ বাবে। বিশেষকৈ তিনিটা দশক ধৰি গোচৰ মীমাংসা, পঞ্জীয়ন আৰু পৰিচালনা ক্ষেত্ৰত এনএইছআৰচি ৰ অভিজ্ঞতা শিকিব পৰাটো। তেওঁ আশা প্ৰকাশ কৰে যে এই প্ৰশিক্ষনে এছএইছআৰচি ক কেৱল এক সংস্থা হিচাপেই নহয়, অংশগ্ৰহণ কৰা প্ৰতিগৰাকীকে ব্যক্তিগতভাবে দেশত মানৱৰ গুৰুত্বতা আৰু অধিকাৰ সন্দৰ্ভত গভীৰভাবে বুজিবলৈ সহায় কৰিছে।
তিনিদিনীয়া কাৰ্যসূচীৰ আৰম্ভণিতে এনএইছআৰচি ৰ যুটীয়া সচিব শ্ৰী দেৱেন্দ্ৰ কুমাৰ নিময়ে কয় বিষয়া সকলে মানুহৰ অধিকাৰ সুৰক্ষিত কৰাত আৰু প্ৰচাৰ কৰাৰ দিশত বিষয়া সকলক এই কাৰ্যসূচীয়ে অধিক সক্ষম কৰি তুলিব। এনএইছআৰচি ৰ কামকাজৰ দ্বাৰা ইয়াৰ পৰিচয় য'ত গোচৰৰ পঞ্জীয়ন, সোধ-পোচ, পৰীক্ষণ, অনুসন্ধান, সংবাদমাধ্যম, প্ৰকাশন ইত্যাদি জড়িত হৈ আছে, তেওঁলোকক এই কাম অধিক নিপুনতা আৰু সঠিকভাবে কৰাত সহায় কৰিব পাৰে, যাৰ দ্বাৰা দেশত মানৱ অধিকাৰ সুৰক্ষা আৰু প্ৰচাৰৰ বাবে এক লক্ষ্য প্ৰতিষ্ঠা হব পাৰে।
NSK/DS
(Release ID: 2075814)
Visitor Counter : 22