তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
0 3

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সকলে ৫৫ সংখ্যক আইএফএফআই ত বিশ্ব চিনেমাৰ ভৱিষ্যত আৰু চলচ্চিত্ৰ মহোৎসৱৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোচনা কৰে

"কাহিনী আমাতকৈ ডাঙৰ, আমাতকৈ ডাঙৰ কিছুমান বিষয়ৰ লগত আমাক সংযোগ কৰাৰ বাবে চিনেমাৰ এক শক্তি থাকে": কেমেৰণ বেইলি

"চিনেমা কিছু পৰিমানে জটিল, ই ৰকেট চাইন্স নহয়, কিন্তু ই বেছি ব্যক্তিগতও নহয়":জীয়'না নাজাৰ'

"প্ৰযুক্তি নিজৰ মাজতে শত্ৰু নহয়, ইয়াৰ দ্বাৰা চলচ্চিত্ৰৰ কলাত্মক দিশৰ উন্নতি হোৱা প্ৰয়োজন": এম্মা বৌ

গোৱাত আয়োজিত  ৫৫ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অংশ হিচাপে  আয়োজিত সত্ৰ আলোচনা ৩৬০ ডিগ্ৰী চিনেমা: চলচ্চিত্ৰ মহোৎসৱৰ পৰিচালকৰ ঘূৰণীয়া মেজমেল"ত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সকলে বিশ্বত চিনেমাক উদগনি দিয়াৰ বাবে আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ সন্দৰ্ভত আলোচনা কৰে। আলোচনা সত্ৰ গঠন কৰা হয় তৰণটো ইন্টাৰনেচনেল ফিল্ম ফেছটিভেল (টিআইএফএফ) ৰ চিইঅ' কেমেৰুন বেইলি, লোকৰানো ফ্লিম ফেষ্টিভেলৰ কলাত্মক পৰিচালক জীয়'না নাজাৰ, ইডেনবাৰ্গ ফ্লিম ফেষ্টিভেলৰ মহোৎসৱ প্ৰযোজক ইম্মা বৌ। এই অনুষ্ঠান আঁতধৰে প্ৰখ্যাত ভাৰতীয় ছবি নিৰ্মাতা আৰু আইএফএফআই ৰ মহোৎসৱ পৰিচালক শেষৰ কাপোৰে। 

চলচ্চিত্ৰ জগতত প্ৰযুক্তিৰ ভূমিকা আৰু প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰা হয়। পেনেলিষ্ট সকলে আলোচনা কৰে যে ই থিয়েটাৰক স্তব্ধ কৰিছে অথবা পাৰম্পৰিক চিনেমাৰ বাবে সুবিধা আনিছে নেকি। কেমেৰুণ বেইলি যে তাৎক্ষণিক ভাৱে এই কথা স্বীকাৰ কৰে যে ডিজিটেল ফ্লিম মেকিং তোল আৰু ভাৰছুৱেল মাধ্যমে স্তৰী টেলিঙৰ বাবে এক সমান্তৰাল পৰিসৰ বৃদ্ধি কৰিছে। কিন্ত তেওঁ এই কথাও উল্লেখ কৰে যে কোনো ধৰণৰ প্ৰযুক্তিৰ উত্থানে থিয়েটাৰত ছবি চোৱাৰ পাৰম্পৰিক অভিজ্ঞতাৰ বিকল্প হ'ব নোৱাৰে। 

জিয়াঅ' নাজাৰে বিশ্বৰ চিনেমতিক ক্ষেত্ৰভাৰতীয় চিনেমাৰ অনন্য ভূমিকা সন্দৰ্ভত ৰেখাপাত কৰে। তেওঁ ভাৰতীয় তাৰকাৰ আন্তঃৰাষ্ট্ৰীয় আকৰ্ষণ বাখ্যা কৰে। তেওঁ এই সন্দৰ্ভত আলোকপাত কৰে যে কি দৰে ভাৰতীয় চিনেমাই নিজৰ সমৃদ্ধিশালী কাহিনী আৰু সৰ্বজনিক বিষয়েৰে বিশ্বৰ দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান ৰাখি আহিছে। 

আলোচনাত অংশ লোৱা সকলে আলোচনা কৰে যে কেনেকৈ উৎসৱসমূহে প্ৰভাৱশালী আখ্যানক প্ৰত্যাহ্বান জনোৱা কণ্ঠক বৃদ্ধি কৰাৰ বাবে সমালোচনাত্মক মঞ্চ হিচাপে কাম কৰে। ছবিৰ প্ৰদৰ্শনৰ পৰা আৰম্ভ কৰি, উৎসৱে সাংস্কৃতিক আদান প্ৰদানত উৎসাহ জনায়, যাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ চলচ্চিত্ৰ নির্মাত সকল দৰ্শকৰ সৈতে সংযুক্ত হোৱাৰ সুবিধা লাভ কৰে। যি খাম মুখ্যধাৰাৰ চিনেমা সমূহে সততে কৰিব নোৱাৰে। এই আদান প্ৰদান এক কলা হিচাপে আৰু সাংস্কৃতিক অনুভৱ দুয়োটা ৰূপতে চিনেমাৰ বিকাশ আৰু সংৰক্ষণৰ বাবে মহত্ত্বপূৰ্ণ।

পেনেলিষ্ট সকলে চিনেমাৰ প্ৰতি ভাৰতৰ গভীৰ আস্থাকো শলাগ লয়। কেমেৰুণ বেইলিয়ে কয়- পৃথিৱীৰ বহু কেইখন মোৰ ভাল লগা ঠাইৰ ভিতৰত এইখন এখন। চিনেমাৰ প্ৰতি সৰ্বাধিক আগ্ৰহ থকা দেশ  ভাৰত আৰু এই কলাৰ ক্ষেত্ৰত সফলতাত লাভ কৰিছে। জীয়ান' নাজাৰে কয়- প্ৰত্যেক বছৰেই মই ভাৰত হোৱা অসাধাৰণ কাম সমূহ দেখি আচৰিত হৈ পৰো। মই ইয়ালৈ আহি বহুত সুখী অনুভৱ কৰোঁ। ইম্মা বৌ যি ইয়াৰ পূৰ্বে কেইবাবাৰো ভাৰতলৈ আহিছে আৰু পুৰণা সম্বন্ধ সম্পৰ্কত কয়- সদায়ে এনেকুৱা লাগে মই ঘৰলৈ ঘূৰি আহিছো। এইয়া মোৰ ষষ্ঠ বাৰ, মই আচৰিত হওঁ যে সকলোৱে চিনেমা সন্দৰ্ভত ইমান গুৰুত্বপূৰ্ণ ভাবে কথা পাতে।


আলোচনা সত্ৰই ২১ শতিকাত বিশ্ব চিনেমাই সন্মূখীন হ'বা লগা প্ৰত্যাহ্বান আৰু ইয়াৰ সন্দৰ্ভত বিশ্লেষণাত্ম পৰীক্ষন প্ৰস্তুত কৰে। যি দৰে উদ্যোগৰ বিকাশ হৈছে সেইদৰে চিনেমাৰ কলা সংৰক্ষিত কৰিবলৈ, সাংস্কৃতিক আদান প্ৰদানক উদগনি দিবলৈ আৰু সাৰ্থক কাহিনী সমূহক বিশ্বৰ দৰ্শকৰ ওচৰ পোৱাবলৈ আইএফএফআই ৰ দৰে মহোৎসৱৰ মহত্ব পূৰ্বৰ দৰেই গুৰুত্বপূৰ্ণ হৈ আছে।

 

PIB IFFI CAST AND CREW | Rajith/Monika /Ashwani/Darshana | IFFI 55 - 35/DS

iffi reel

(Release ID: 2075808) Visitor Counter : 5