প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঝান্সী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
16 NOV 2024 8:23AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ ঝান্সী চিকিৎসা মহাবিদ্যালয়ত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে।
এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ
"হৃদয় বিদাৰক! উত্তৰপ্ৰদেশৰ ঝান্সীৰ চিকিৎসা মহাবিদ্যালয়ত সুত্ৰপাত হোৱা অগ্নিকাণ্ডই মন ব্যথিত কৰি তুলিছে। এই ঘটনাত যিসকলে তেওঁলোকৰ নিৰীহ সন্তানক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেওঁলোকক এই অপৰিসীম দুঃখ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰে। স্থানীয় প্ৰশাসনে ৰাজ্য চৰকাৰৰ তত্বাৱধানত সাহায্য আৰু উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলাই আছেঃ প্ৰধানমন্ত্ৰী @narendramodi.
উত্তৰপ্ৰদেশৰ ঝান্সী চিকিৎসা মহাবিদ্যালয়ত সুত্ৰপাত হোৱা অগ্নিকাণ্ডত মৃত্যু হোৱাসকলৰ প্ৰত্যকৰে নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব। তেওঁ লগতে কয় যে আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়(পিএমঅ’)ৰ এক্স পোষ্টত কয়ঃ
“প্ৰধানমন্ত্ৰী @narendramodiয়ে উত্তৰপ্ৰদেশৰ ঝান্সী চিকিৎসা মহাবিদ্যালয়ত সুত্ৰপাত হোৱা অগ্নিকাণ্ডত মৃত্যু হোৱাসকলৰ প্ৰত্যকৰে নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2074190)
आगंतुक पटल : 40
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam