প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মোৰ বন্ধু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে এক সুন্দৰ মত-বিনিময় কৰিলোঁ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে পুনৰ এবাৰ ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। - প্ৰধানমন্ত্ৰী

Posted On: 06 NOV 2024 10:50PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে মত-বিনিময় কৰি তেওঁৰ উল্লেখনীয় বিজয়ৰ বাবে অভিনন্দন জনায়। শ্ৰী মোদীয়ে কয় যে তেওঁ পুনৰবাৰ একেলগে ঘনিষ্ঠভাৱে কাম কৰি বিভিন্ন খণ্ডত ভাৰত-আমেৰিকাৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আগ্ৰহী।

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

“মোৰ বন্ধু ৰাষ্ট্ৰপতি @realDonaldTrump ৰ সৈতে তেওঁৰ উল্লেখনীয় জয়ৰ বাবে অভিনন্দন জনাই এক সুন্দৰ মত-বিনিময় কৰিলোঁ। প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু আন কেইবাটাও খণ্ডত ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে পুনৰ এবাৰ ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।”

 

 

Had a great conversation with my friend, President @realDonaldTrump, congratulating him on his spectacular victory. Looking forward to working closely together once again to further strengthen India-US relations across technology, defence, energy, space and several other sectors.

— Narendra Modi (@narendramodi) November 6, 2024

 

**************

MJPS/SR


(Release ID: 2071670) Visitor Counter : 25